বুৰুণ্ডী
| অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
বুৰুণ্ডী (ইংৰাজী: Burundi), আনুষ্ঠানিকভাৱে বুৰুণ্ডী প্ৰজাতন্ত্ৰ, হ'ল পূব আফ্ৰিকাৰ এখন ভূমিবেষ্টিত ৰাষ্ট্ৰ। এই দেশখন আফ্ৰিকীয় বৃহৎ হ্ৰদ অঞ্চল আৰু দক্ষিণ-পূব আফ্ৰিকাৰ সংযোগস্থলত অৱস্থিত মহাভাৰসাম্য উপত্যকাত অৱস্থিত। ইয়াৰ জনসংখ্যা প্ৰায় ১৪ নিযুততকৈও অধিক।[1] বুৰুণ্ডীৰ উত্তৰে ৰুৱাণ্ডা, পূবে আৰু দক্ষিণ-পূবে তাঞ্জানিয়া আৰু পশ্চিমে কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ অৱস্থিত; ইয়াৰ দক্ষিণ-পশ্চিম সীমান্তত টাংগানিকা হ্ৰদ অৱস্থিত। দেশখনৰ ৰাজনৈতিক ৰাজধানী হ'ল গিতেগা আৰু অৰ্থনৈতিক ৰাজধানী তথা আটাইতকৈ ডাঙৰ চহৰখন হ'ল বুজুম্বুৰা।[2]
ত্বা, হুটু আৰু টুট্চি জনগোষ্ঠীৰ লোকসকলে বুৰুণ্ডীত কমেও ৫০০ বছৰ ধৰি বসবাস কৰি আহিছে। ইয়াৰে প্ৰায় ২০০ বছৰতকৈও অধিক সময় বুৰুণ্ডী এখন স্বাধীন ৰাজ্য হিচাপে আছিল। ১৮৮৫ চনত ই জাৰ্মান পূব আফ্ৰিকাৰ অংশ হৈ পৰে।[3] প্ৰথম বিশ্বযুদ্ধ আৰু জাৰ্মানীৰ পৰাজয়ৰ পিছত, লীগ অৱ নেচন্ছ-এ বুৰুণ্ডী আৰু ৰুৱাণ্ডাৰ ভূখণ্ডক বেলজিয়ামৰ হাতত অৰ্পণ কৰে, যাক সন্মিলিতভাৱে ৰুৱাণ্ডা-উৰুণ্ডী বুলি জনা গৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত, এই অঞ্চলটো ৰাষ্ট্ৰসংঘৰ ন্যাস ভূখণ্ডলৈ ৰূপান্তৰিত হয়।
১৯৬২ চনত বুৰুণ্ডীয়ে স্বাধীনতা লাভ কৰে আৰু প্ৰথম অৱস্থাত ইয়াত ৰাজতন্ত্ৰ বাহাল আছিল। অৱশ্যে ১৯৬৬ চনৰ এক সামৰিক অভ্যুত্থানৰ ফলত ৰাজতন্ত্ৰৰ অৱসান ঘটি এখন একদলীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হয়। ইয়াৰ পিছৰ ২৭ বছৰ ধৰি বুৰুণ্ডীত কেইবাজনো টুট্চি একনায়কতন্ত্ৰীয়ে শাসন চলাইছিল আৰু ১৯৭২ চনত দেশখনে হুটু জনসংখ্যাৰ এক ভয়াৱহ নৰসংহাৰৰ সন্মুখীন হৈছিল। ১৯৯৩ চনত দেশৰ প্ৰথম বহুদলীয় ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত মেলচিয়ৰ নদাদায়ে বুৰুণ্ডীৰ প্ৰথমজন হুটু সম্প্ৰদায়ৰ ৰাষ্ট্ৰপতি হয়। মাত্ৰ তিনি মাহ পিছত এক সামৰিক অভ্যুত্থানৰ প্ৰচেষ্টাত তেওঁক হত্যা কৰা হয়, যাৰ ফলত ১২ বছৰ জোৰা বুৰুণ্ডীৰ গৃহযুদ্ধৰ সূচনা হয়। ২০০০ চনত 'আৰুছা চুক্তি' গ্ৰহণ কৰা হয়, যাক ২০০৫ চনৰ নতুন সংবিধানত অন্তৰ্ভুক্ত কৰা হয়। ২০০৫ চনৰ যুদ্ধোত্তৰ নিৰ্বাচনৰ পৰা দেশখনত হুটু নেতৃত্বাধীন গণতন্ত্ৰ প্ৰতিৰক্ষাৰ ৰাষ্ট্ৰীয় পৰিষদ – গণতন্ত্ৰ প্ৰতিৰক্ষাৰ বাবে বাহিনী (CNDD–FDD) প্ৰধান দল হিচাপে আছে, যাৰ ওপৰত একনায়কতন্ত্ৰী শাসন চলোৱা আৰু মানৱ অধিকাৰ উলংঘা কৰাৰ অভিযোগ আছে।
বুৰুণ্ডী মূলতঃ এখন গ্ৰাম্য সমাজ, য'ত ২০১৯ চনৰ তথ্য অনুসৰি মাত্ৰ ১৩.৪% লোক চহৰ অঞ্চলত বাস কৰে।[4] দেশখন ঘন জনবসতিপূৰ্ণ আৰু সংস্থাপনৰ সন্ধানত বহু যুৱক-যুৱতী অন্য দেশলৈ প্ৰব্ৰজন কৰে। দেশৰ জনসংখ্যাৰ প্ৰায় ৮১% হুটু মূলৰ, ১৮% টুট্চি আৰু ১% তকৈও কম ত্বা জনগোষ্ঠীৰ। বুৰুণ্ডীৰ চৰকাৰী ভাষাসমূহ হ'ল কিৰুণ্ডী, ফৰাচী আৰু ইংৰাজী; ইয়াৰে কিৰুণ্ডী ভাষাক একমাত্ৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে চৰকাৰী স্বীকৃতি দিয়া হৈছে।[5]
আফ্ৰিকাৰ আটাইতকৈ সৰু দেশসমূহৰ ভিতৰত অন্যতম বুৰুণ্ডীৰ সৰহভাগ ভূমি জীৱন-নিৰ্বাহী কৃষি আৰু পশুচাৰণৰ বাবে ব্যৱহাৰ কৰা হয়। বনাঞ্চল ধ্বংসকৰণ, মৃত্তিকা খহনীয়া আৰু প্ৰাকৃতিক বাসস্থানৰ বিলুপ্তি দেশখনৰ প্ৰধান পাৰিপাৰ্শ্বিক চিন্তাৰ বিষয়।[6] ২০০৫ চনৰ তথ্য অনুসৰি দেশখনৰ বনাঞ্চল প্ৰায় সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছিল। ইয়াৰ ভূমিৰ মাত্ৰ ৬% তকৈও কম অংশ গছ-গছনিৰে আবৃত আছিল, যাৰ আধা অংশই আছিল বাণিজ্যিক বাগিচা।[7] নামমাত্ৰ জনমূৰি জিডিপি অনুসৰি বুৰুণ্ডী পৃথিৱীৰ আটাইতকৈ দৰিদ্ৰ দেশ আৰু ই অন্যতম নূন্যতম বিকশিত দেশ।[8][9] দেশখনে ব্যাপক দৰিদ্ৰতা, দুৰ্নীতি, ৰাজনৈতিক অস্থিৰতা আৰু একনায়কতন্ত্ৰৰ সন্মুখীন হৈ আহিছে। বুৰুণ্ডী আফ্ৰিকীয় ইউনিয়ন, পূব আৰু দক্ষিণ আফ্ৰিকাৰ উমৈহতীয়া বজাৰ, ৰাষ্ট্ৰসংঘ, পূব আফ্ৰিকীয় সম্প্ৰদায়, আন্তঃৰাষ্ট্ৰীয় ফ্ৰাঙ্কোফোনি সংগঠন আৰু গোষ্ঠী-নিৰপেক্ষ আন্দোলনৰ এক সক্ৰিয় সদস্য।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Burundi Population (2024) – Worldometer" (en ভাষাত). www.worldometers.info. https://www.worldometers.info/world-population/burundi-population/। আহৰণ কৰা হৈছে: 2024-10-23.
- ↑ "Loi n°1/04 du 04 février 2019 portant Fixation de la Capitale Politique et de la Capitale Economique du Burundi". 13 February 2019. https://www.presidence.gov.bi/2019/02/13/loi-n104-du-04-fevrier-2019-portant-fixation-de-la-capitale-politique-et-de-la-capitale-economique-du-burundi/। আহৰণ কৰা হৈছে: 24 February 2019.
- ↑ Strizek, Helmut (2006). Geschenkte Kolonien: Ruanda und Burundi unter deutscher Herrschaft. প্ৰকাশক Berlin: Ch. Links Verlag. ISBN 978-3-86153-390-0. https://archive.org/details/geschenktekoloni0000stri.
- ↑ "Burundi" (en ভাষাত), The World Factbook (Central Intelligence Agency), 2024-01-31, archived from the original on 2021-01-22, https://web.archive.org/web/20210122232849/https://www.cia.gov/the-world-factbook/countries/burundi/, আহৰণ কৰা হৈছে: 2024-02-05
- ↑ Les approches bi-plurilingues d'enseignement-apprentissage: autour du programme Écoles et langues nationales en Afrique (ELAN-Afrique). Archives contemporaines. 1 October 2016. ISBN 978-2-8130-0195-5. https://books.google.com/books?id=2OA9DQAAQBAJ&q=langues+officielles+au+burundi+kirundi+fran%C3%A7ais+anglais&pg=PA104। আহৰণ কৰা হৈছে: 10 April 2018.
- ↑ Bermingham, Eldredge, Dick, Christopher W. and Moritz, Craig (2005). Tropical Rainforests: Past, Present, and Future. Chicago, Illinois: University of Chicago Press, p. 146. আই.এচ.বি.এন. 0-226-04468-8
- ↑ Butler, Rhett A. (2006). "Burundi". Mongabay. https://rainforests.mongabay.com/20burundi.htm.
- ↑ United Nations (May 5, 2025) (en ভাষাত). Specific country data: Burundi (Report). United Nations. https://hdr.undp.org/data-center/specific-country-data.
- ↑ "GDP per capita" (en ভাষাত). Our World in Data. https://ourworldindata.org/grapher/gdp-per-capita-worldbank। আহৰণ কৰা হৈছে: 2026-05-21.