সমললৈ যাওক

বেকী নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেকী নৈত সূৰ্য্যাস্ত

বেকী নদী যাক ভূটানত কুৰিশ্বু নদী বুলিও জনা যায়, মহান ব্ৰহ্মপুত্ৰ নদীৰ সোঁপাৰৰ অন্যতম উপনৈ,[1] যি ভূটান অঞ্চলৰ পৰা তললৈ বৈ আহিছে যদিও ইয়াৰ বৃহৎ অংশ অসমৰ মাজেৰে বৈ যায়। ই ভূটানৰ পৰা মথংগুৰি, নাৰংগুৰি, খুছৰাবাৰী, ভলাগুৰি, মাইনামাতা, উদালগুৰি, বৰপেটা ৰোড, নিচুখা, সৰভোগ, কলগাছিয়া, বলাইপথাৰ, খাৰবাল্লী, বৰদংগা, কামাৰপাৰা, শ্ৰীৰামপুৰ, দৌকমাৰী, জনীয়া, চানপুৰ, ৰুবি,চাওপুৰ, গোবিন্দপুৰ, মইনবাৰী আৰু বালিকুৰি স্পৰ্শ কৰি বৈ গৈছে। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত দলংবোৰৰ পৰা নদীখন আৰু ইয়াৰ চৌপাশৰ দৃশ্য দেখা যায়।[2]

বেকী শব্দৰ মূল বড়ো শব্দ বেংখী, যাৰ অৰ্থ বেঁকাৰ স্ত্ৰীলিঙ্গ ৰূপ বেকী।

উৎপত্তি

[সম্পাদনা কৰক]

ভূটানত কুৰিশ্বু নদী বুলিও জনাজাত বেকী নদী ২৬° ২০' ০০" উত্তৰ; ৯০° ৫৬' ০০" পূবৰ মাজত অৱস্থিত যি হিমালয়ৰ হিমবাহৰ পৰা বৈ আহিছে। ভূটানহিমালয়ৰ পৰা দ্ৰুতগতিত বৈ যোৱা কেইবাখনো প্ৰধান নদী আছে যিবোৰ উত্তৰ ভূটানৰ হিমবাহৰ দ্বাৰা পৰিপুষ্ট হয়। দক্ষিণলৈ বৈ গৈ ভাৰতৰ ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকাত মিলি যায়। ব্ৰহ্মপুত্ৰ বাংলাদেশলৈ বৈ যায় আৰু বংগোপসাগৰলৈ গৈ মিলিত হয়।[3]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Brahmaputrap; Water Resources Information System of India". India-WRIS. http://www.india-wris.nrsc.gov.in/wrpinfo/index.php?title=Brahmaputra আহৰণ কৰা হৈছে: 13 May 2017.
  2. "Beki River (in Bhutaneese: Kurissu river)". Wikimapia. http://wikimapia.org/20448756/Beki-River-in-Bhutaneese-Kurissu-river আহৰণ কৰা হৈছে: 13 May 2017.
  3. Kalita, Gaurab; Sarma, Pradip (23 January 2015). "Ichthyofaunal diversity, status and Anthropogenic stress of Beki River, Barpeta, Assam". International Journal of Fisheries and Aquatic Studies 2015; 2(4): 241–248. http://www.fisheriesjournal.com/archives/2015/vol2issue4/PartE/2-4-68.pdf আহৰণ কৰা হৈছে: 13 May 2017.