সমললৈ যাওক

বেগা বেগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেগা বেগম
মোগল সম্ৰাজ্ঞী

প্ৰথম কাল ১৫৩০-১৫৪০
পূৰ্বসূৰী মাহাম বেগম
দ্বিতীয় কাল ১৫৫৫-১৫৫৬
উত্তৰসূৰী হামিদা বানু বেগম
দাম্পত্য সঙ্গী হুমায়ুন (বি. ১৫২৭; d. ১৫৫৬)
সন্তান
বাসগৃহ টিমুৰিড, (বিবাহসূত্ৰে)
পিতৃ য়াদগাৰ বেগ
সমাধিস্থল হুমায়ুন ট’ম্ব, দিল্লী
ধৰ্ম ইছলাম

বেগা বেগম (ইংৰাজী: Bega Begum) (১৫১১-১৭ জানুৱাৰী ১৫৮২) মোগল সাম্ৰাজ্যৰ সম্ৰাট হুমায়ুনৰ প্ৰথম পত্নী হিচাপে জান-ই-কালান [1][2][3][4] নামেৰে জনাজাত আছিল আৰু হজলৈ যোৱাৰ পিছত তেওঁ হাজী বেগম নামেৰেও পৰিচিত হৈছিল।[5] ষোড়শ শতিকাৰ শেষৰ ফালে তেওঁৰ স্বামী হুমায়ুনৰ সমাধিস্থল হুমায়ুন ট’ম্ব নিৰ্মাণৰ দায়িত্ব পোৱাৰ পিছৰ পৰা বেগা বেগমে মোগল সাম্ৰাজ্যত কীৰ্তিচিহ্ন নিৰ্মাণৰ পৰম্পৰা আৰম্ভ কৰিছিল। ইছলামিক ভাৰতৰ এই প্ৰথমটো বিশাল কীৰ্তিচিহ্ন সমাধিক্ষেত্ৰক প্ৰাৰম্ভিক কীৰ্ত্তিচিহ্ন বুলিব পাৰি, যাৰ নিৰ্মাণ শৈলীয়ে পৰৱৰ্তী কালৰ মোগল স্থাপত্যৰ শ্ৰেষ্ঠ কীৰ্তিস্তম্ভ তাজমহলৰ আৰ্হি নিৰ্মাণত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল।[1][6][7][8][9][10][11]

প্ৰাথমিক জীৱন আৰু বিবাহ[সম্পাদনা কৰক]

বেগা বেগম খুৰাছানৰ এজন পাৰ্চী আছিল[12] আৰু হুমায়ুনৰ মাতৃৰ ফালৰ পৰা ককাক(টাঘাই) য়াদগাৰ বেগৰ কন্যা আছিল।[2] য়াদগাৰ বেগ কামৰান মিৰ্জাৰ পত্নী গুলৰুখ বেগমৰ পিতৃ চুলতান আলী মিৰ্জাৰ ভাতৃ আছিল। বেগা আছিল এগৰাকী জ্ঞানী, সুশিক্ষিত মহিলা আৰু চিকিৎসা আৰু চিকিৎসাৰ বিষয়েও গভীৰ জ্ঞান আছিল।

১৫২৭ চনত বেগা বেগমে তেওঁৰ প্ৰথম ভটিজা ৰাজকুমাৰ নাছিৰ উদ্-দিন[13](পিছলৈ তেওঁ ৰাজপাটত বহাৰ সময়ত “হুমায়ুন’’ নামেৰে জনাজাত হয়)ক বিয়া কৰায়। প্ৰদেশখনৰ শাসনকৰ্তা হিচাপে (১৫২৭-১৫২৯) হুমায়ুনে বদক্ষানত থকাৰ সময়তে তেওঁলোকৰ এই বিবাহ হয়। ১৫২৮ চনৰ নৱেম্বৰ মাহত তেওঁ হুমায়ুনৰ প্ৰথম সন্তান শ্বাহজাদা আল-আমান মিৰ্জানামৰ পুত্ৰৰ জন্ম দিয়ে। সম্ৰাট পৰিয়ালৰ এই দম্পতীহালক সম্ৰাট বাবৰে এজন উত্তৰাধিকাৰী জন্ম দিয়াৰ বাবে উষ্ণ অভিনন্দন জনায়, যদিও ৰাজকুমাৰৰ নামৰ অৰ্থ, 'আল-আমান',ক তেওঁ অশুভ বুলি গণ্য কৰিছিল। শিশু অৱস্থাতে ৰাজকুমাৰৰ মৃত্যু হয়।[14]

সম্ৰাজ্ঞী[সম্পাদনা কৰক]

১৫৩০ চনৰ ডিচেম্বৰ মাহত সম্ৰাট বাবৰৰ মৃত্যুৰ পিছত হুমায়ুনে তেত্ৰিশ বছৰ বয়সত সিংহাসনত আৰোহণ কৰে, আনহাতে সম্ৰাজ্ঞী হোৱাৰ সময়ত বেগাৰ বয়স আছিল মাত্ৰ ঊনৈশ বছৰ। ইয়াৰ পিছত স্বামীৰ লগত তেওঁ প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছিল। বেগাক গোটেই জীৱন হুমায়ুনে অতিশয় সন্মান কৰিছিল আৰু মৃত্যুৰ আগলৈকে তেওঁৰ প্ৰিয়তমা হৈ থকাৰ লগতে তেওঁৰ মুখ্য পত্নীও হৈয়ে আছিল।[15][16]

১৫৩১ চনত বেগাই কাবুলৰ পৰা আগ্ৰাত উপস্থিত হোৱাৰ সময়ত সম্ৰাট পৰিয়ালৰ আগত তেওঁ দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণ কৰাৰ কথা ঘোষণা কৰে। ইয়াতেই তেওঁৰ শেষ সন্তান হিচাপে জ্ঞাত আকিকা চুলতান বেগম নামৰ কন্যা সন্তানৰ জন্ম হয়।[17] ১৫৩৯ চনত বেগাই স্বামীৰ সৈতে বংগৰ চৌছালৈ যায় আৰু তাত শ্বেৰ শ্বাহৰ সেনা-বাহিনীয়ে মোগল সাম্ৰাজ্যৰ পৰিসীমাত সুপৰিকল্পিতভাবে আকস্মিক আক্ৰমণৰ কৰে আৰু শ্বেৰ শ্বাহ ছুৰীয়ে তেওঁক বন্দী কৰি লৈ যায়।[14] নিকোলাও মানুচিৰ মতে, তেওঁ আছিল একমাত্ৰ মোগল সম্ৰাজ্ঞী যাক বন্দী কৰি ৰখা হৈছিল।[18]

আনহাতে, ১৫৩৯ চনৰ ২৬ জুন তাৰিখে পুৱা হুমায়ুনে তাইৰ বন্দীত্বৰ কথা জানিব পাৰি লগে লগে ঘোঁৰাত উঠি টাৰ্দি বেগ, বাবা বেগ, কোচ বেগ আৰু মিষ্টাৰ বাচকা বাহাদুৰ নামৰ চাৰিজন সম্ভ্ৰান্ত লোকৰে গঠিত এজন সৰু প্ৰহৰী বাহিনী গঠন কৰিলে। সম্ৰাজ্ঞীক বচাবলৈ চেষ্টা কৰি তেওঁলোকে আফগান সৈন্যশক্তিৰ সৈতে যুঁজিবলৈ চেষ্টা কৰে আৰু তেনে কৰাৰ সময়ত টাৰ্ডি বেগৰ বাহিৰে সকলোকে প্ৰতিপক্ষই কাটি পেলায়। তেওঁ অকলে হুমায়ুনৰ ওচৰলৈ উভতি আহিল। তাজকিৰাত-উল-উমাৰদত এজন মিৰ পেহলৱান বদাক্ষীৰ মৃত্যুৰ কথা উল্লেখ আছে। প্ৰথম অৱস্থাত দুজন বিশ্বাসী বিষয়া - বাবা জুলেয়াৰ আৰু কিউ বেগ - ঈৰ্ষাপৰায়ণতাৰে সম্ৰাটৰ আদেশ কাৰ্যকৰী কৰাৰ বাবে উদ্যমীভাৱে চেষ্টা কৰি থাকোঁতে " মহামহিমৰ দৰবাৰত শ্বহীদৰ শ্ৰদ্ধাঞ্জলি"ৰ আদৰণি পৰ্বত ব্যক্তিগত তম্বুৰ প্ৰৱেশদ্বাৰত টাৰ্ডি বেগক হত্যা কৰা হয়।[14]

বন্দী হৈ থকাৰ সময়ত সম্ৰাজ্ঞীগৰাকীক শ্বেৰ শ্বাহে অতি সৌজন্যমূলক আৰু সন্মানসহকাৰে ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ আটাইতকৈ বিশ্বাসযোগ্য জেনেৰেল খোৱাছ খানৰ সহায়ত তেওঁক হুমায়ুনৰ ওচৰলৈ ওভোতাই পঠিয়াইছিল।[7][19] দুৰ্ভাগ্যজনকভাৱে চৌছাত হোৱা এই ঘটনাৰ ফলত ২৭ জুনত তেওঁৰ আঠ বছৰীয়া কন্যা আকিকা চুলতান বেগমৰ মৃত্যু হয়।[20] এই ঘটনাত হুমায়ুন অত্যন্ত ভাগি পৰিল আৰু প্ৰথমতে কেতিয়াও নিজৰ ছোৱালীক চৌছালৈ নিয়াৰ বাবে অনুশোচনা কৰিলে। তেওঁ নিজকে দোষাৰোপ কৰি কনিষ্ঠ ভাতৃ হিন্দল মিৰ্জাৰ আগত স্বীকাৰোক্তি দিছিল যে, ‘আগৰ অশান্তিত আকিকা বিবি [তেওঁৰ কন্যা] নোহোৱা হৈ গৈছিল আৰু তাৰ বাবে মই চিৰন্তন অনুশোচনাত ভুগিছিলো যে, তাতকৈ মই নিজে কিয় হত্যা তাইক কৰা নাছিলো’ [শেষত তাই শত্ৰুৰ হাতত পৰিছিল], এটা আৱেগ, যিটো তেওঁৰ ভায়েকে সম্পূৰ্ণৰূপে সমৰ্থন কৰিছিল।[21][22] ছাফাৱী বংশৰ দৰবাৰত পাৰস্যত দীৰ্ঘদিনীয়া নিৰ্বাসনৰ সময়ছোৱাত হুমায়ুনৰ সৈতে বেগাও আছিল।[23] ৰাজকীয় কাম-কাজৰ প্ৰতিও তাই সক্ৰিয় আগ্ৰহ প্ৰকাশ কৰিছিল। বেগা বেগমৰ দেওৰেক জাহিদ বেগক বংগৰ গৱৰ্ণৰ নিযুক্তি দিয়াৰ ক্ষেত্ৰত বেগা তেওঁৰ পক্ষত আছিল। পিছত ইয়াৰ পৰা তেওঁক প্ৰত্যাহাৰ কৰা হৈছিল। হুমায়ুনে তেওঁক শাস্তি দিব খোজাত বেগাই মধ্যস্থতা কৰি সম্ৰাটৰ পৰা ক্ষমা বিচাৰিবলৈ বৃথা চেষ্টা কৰিছিল।[24]

বিধৱা সম্ৰাজ্ঞী[সম্পাদনা কৰক]

১৫৫৬ চনত যেতিয়া হুমায়ুনৰ মৃত্যু হয়, তেতিয়া বেগা বেগমে স্বামীৰ মৃত্যুত ইমানেই শোক প্ৰকাশ কৰিছিল যে তেতিয়াৰ পৰাই তেওঁ নিজৰ জীৱনটো এটা মাত্ৰ উদ্দেশ্যৰ বাবে উৎসৰ্গা কৰিছিল; যমুনা নদীৰ পাৰত পৰলোকগত সম্ৰাটৰ স্মৃতিচাৰণৰ বাবে সাম্ৰাজ্যৰ আটাইতকৈ বিশাল সমাধিস্থল নিৰ্মাণ কাৰ্যত।[6] ১৫৬৪ চনত বেগা বেগমে হজ কৰিবৰ বাবে মক্কা আৰু মদিনালৈ তীৰ্থযাত্ৰা কৰিছিল, কিন্তু তাৰ আগতে তেওঁৰ তিনি বছৰৰ বাবে দৰবাৰত অনুপস্থিতি থাকিবলগীয়া সময়ছোৱাত সমাধিস্থল নিৰ্মাণৰ কাম নিজৰ খৰচত হোৱাৰ সকলো ব্যৱস্থা কৰিছিল।[25] ১৫৬৭ চনত হজৰ পৰা উভতি আহি[26] তাৰ পিছত দিল্লীত অৱসৰী জীৱন যাপন কৰে আৰু প্ৰকল্পটোৰ কামৰ তদাৰক কৰে।[3]

সম্ৰাজ্ঞীগৰাকীয়ে সমাধিস্থল নিৰ্মাণৰ বাবে স্থপতি হিচাপে বাছনি কৰিছিল পাৰ্চী স্থপতিবিদ, মিৰাক মিৰ্জা ঘিয়াছক।[27] বেগা বেগমে শিক্ষা বিস্তাৰৰ পৃষ্ঠপোষকতা কৰিছিল আৰু সেয়েহে তেওঁ সমাধিস্থলৰ ওচৰতে এখন মাদ্ৰাছা স্থাপন কৰা হৈছিল। সমাধিৰ ওচৰত আৰব চৰাই নিৰ্মাণৰ দায়িত্বও তেৱেঁই লৈছিল।[28]

মৃত্যু[সম্পাদনা কৰক]

বেগা বেগমৰ তদাৰকীত নিৰ্মিত হুমায়ুন ট’ম্ব, য’ত তেওঁক সমাধিস্থ কৰা হৈছিল।

১৫৮২ চনত দিল্লীত কিছুদিন অসুস্থতাৰ অন্তত বেগা বেগমৰ মৃত্যু হয় আৰু তেওঁৰ সতিনীৰ-সন্তান সম্ৰাট আকবৰে, যাৰ লগত তেওঁৰ অত্যন্ত ঘনিষ্ঠ সম্পৰ্ক আছিল, শেষ কৃত্য সম্পন্ন কৰিছিল। আকবৰ আচলতে তেওঁৰ প্ৰতি ইমানেই আকৃষ্ট আছিল যে, আকবৰে নিজেই নিশ্চিত কৰা মতে বহুতে তেওঁক নিজৰ প্ৰকৃত মাতৃ বুলি ভুল কৰি জৈৱিক মাতৃ হামিদা বানু বেগমৰ লগত খেলিমেলি কৰিছিল। `আব্দ আল-কাদিৰ বদাউনী (বদাউনী)-এ বেগা বেগমক “সম্ৰাট আকবৰৰ দ্বিতীয় মাতৃ’’ বুলি অভিহিত কৰিছিল।[29] আকবৰে তেওঁৰ মৃতদেহক সমাধিস্থ কৰিবলৈ হুমায়ুনৰ সমাধিলৈ লৈ গৈছিল।[11]

উত্তৰাধিকাৰ[সম্পাদনা কৰক]

মোগল যুগত (ষোড়শৰ পৰা ঊনবিংশ শতিকা)বেগা বেগমৰ প্ৰচেষ্টাত হুমায়ুনৰ সমাধি নিৰ্মাণৰ পিছৰ পৰাই কীৰ্তিচিহ্ন নিৰ্মাণৰ প্ৰথাই অনুপ্ৰেৰণা লাভ কৰিছিল। ইছলামিক ভাৰতৰ এই প্ৰথমটো বিশাল কীৰ্তিচিহ্ন সমাধিক্ষেত্ৰক প্ৰাৰম্ভিক বিশাল কীৰ্ত্তিচিহ্ন বুলি ক’ব পাৰি, যিয়ে পিছৰ মোগল স্থাপত্যৰ শ্ৰেষ্ঠতম নিদৰ্শন তাজমহলৰ আৰ্হিক নিৰ্ণায়কভাৱে প্ৰভাৱিত কৰিব পাৰিছিল। এই সমাধিস্থলটো মূলতঃ পাৰ্চী স্থাপত্যৰ শব্দভাণ্ডাৰৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল, যদিও ইয়াক চতুৰতাৰে ভাৰতীয়কৰণ কৰা হৈছিল। চাৰিওফালৰ বাগিচাখনেই আছিল ভাৰতত পাৰ্চী ‘চাহাৰ বাগ’ (চতুৰ্থাংশ উদ্যান)ৰ ৰূপৰ প্ৰথম অদ্ভুত বাস্তু-জ্ঞান। এই সমাধিক্ষেত্ৰ অতীতৰ মোগল সাম্ৰাজ্যৰ অধীনৰ ভাৰতৰ ৰাজধানী (দিল্লী)ৰ শ্ৰেষ্ঠ স্মৃতিসৌধৰ প্ৰতিনিধিস্বৰূপ।[27]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Annemarie Schimmel; Burzine K. Waghmar (2004). The Empire of the Great Mughals: History, Art and Culture. Reaktion Books. পৃষ্ঠা. 149. ISBN 9781861891853. https://archive.org/details/empireofgreatmug00anne. 
  2. 2.0 2.1 Banerji, S.K. (1938). Humayun Badshah. Oxford University Press. পৃষ্ঠা. 97, 232. https://archive.org/details/in.ernet.dli.2015.511547. 
  3. 3.0 3.1 Neeru Misra; Tanay Misra (2003). The garden tomb of Humayun: an abode in paradise. Aryan Books International. পৃষ্ঠা. 1. 
  4. Nath, R. (1982). History of Mughal architecture (1. publ. সম্পাদনা). প্ৰকাশক Atlantic Highlands, N.J.: Humanities Press. ISBN 9780391026506. 
  5. "Humayun's Tomb". http://www.indfy.com/delhi/tourist-places-to-visit/forts-and-monuments/humayuns-tomb.html। আহৰণ কৰা হৈছে: 31 January 2013. 
  6. 6.0 6.1 Kamiya, Takeo. "HUMAYUN'S TOMB in DELHI". UNESCO. http://www.kamit.jp/02_unesco/12_humayun/hum_eng.htm। আহৰণ কৰা হৈছে: 12 July 2013. 
  7. 7.0 7.1 Burke, S. M. (1989). Akbar, the Greatest Mogul. Munshiram Manoharlal Publishers. পৃষ্ঠা. 191. 
  8. Eraly, Abraham (2007). The Mughal world: Life in India's Last Golden Age. Penguin Books. পৃষ্ঠা. 369. ISBN 9780143102625. 
  9. Smith, Vincent Arthur (1919). Akbar: The Great Mogul 1542-1605. Clarendon Press. পৃষ্ঠা. 125. 
  10. Henderson, Carol E. (2002). Culture and Customs of India. Greenwood Press. পৃষ্ঠা. 90. ISBN 9780313305139. 
  11. 11.0 11.1 "Mausoleum that Humayun never built". The Hindu. April 28, 2003. Archived from the original on December 6, 2007. https://web.archive.org/web/20071206210414/http://www.hindu.com/thehindu/mp/2003/04/28/stories/2003042800730200.htm. 
  12. Bhalla, A. S. (2015). Monuments, Power and Poverty in India: From Ashoka to the Raj. I.B.Tauris. পৃষ্ঠা. 74. ISBN 978-1784530877. 
  13. Lal, K.S. (1988). The Mughal harem. প্ৰকাশক New Delhi: Aditya Prakashan. পৃষ্ঠা. 19. ISBN 9788185179032. 
  14. 14.0 14.1 14.2 Lal, Muni (1978). Humayun. Vikas Publ. House. পৃষ্ঠা. 81, 212. ISBN 9780706906455. 
  15. B. P. Saha (1997). Begams, Concubines, and Memsahibs. Vikas Pub. House. পৃষ্ঠা. 7. 
  16. Fazl, Abul (1907). Akbar Nama, Volume 1. The Asiatic Society. পৃষ্ঠা. 340. 
  17. Gulbadan Begam; Beveridge, Annette S (1902). The History of Humayun (Humayun-Nama). Billing and Sons. পৃষ্ঠা. 14, 112. 
  18. Indian woman. প্ৰকাশক Delhi: Indian Publishers Distributors. 2001. পৃষ্ঠা. 247. ISBN 9788173412127. 
  19. Erskine, William. A History of India Under the Two First Sovereigns of the House of Taimur, Báber and Humáyun, Volume 2. প্ৰকাশক 1854: Longman, Brown, Green, and Longmans. পৃষ্ঠা. 445. 
  20. Royal Asiatic Society of Great Britain and Ireland (1917). Journal of the Royal Asiatic Society of Great Britain & Ireland. Cambridge University Press for the Royal Asiatic Society. পৃষ্ঠা. 552. 
  21. Mukhia, Harbans (2007). The Mughals of India.. প্ৰকাশক Chichester: John Wiley & Sons. পৃষ্ঠা. 69. ISBN 9780470758151. 
  22. Gulbadan Begum (1902). The History of Humāyūn. Royal Asiatic Society. পৃষ্ঠা. 143. 
  23. Edward James Rap; son, Sir Wolseley Haig, Sir Richard Burn (1968). The Cambridge History of India, Volume 5. Cambridge University Press Archive. "The tomb was built by Humayun's widow, Haji Begum, who shared his long exile at the court of the Safavids." 
  24. Sharma, Sudha (2016) (en ভাষাত). The Status of Muslim Women in Medieval India. SAGE Publications India. পৃষ্ঠা. 184. ISBN 9789351505679. 
  25. Smith, Vincent Arthur (1919). Akbar: The Great Mogul 1542-1605. Clarendon Press. পৃষ্ঠা. 75. 
  26. Lal, Ruby (2005). Domesticity and power in the early Mughal world. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 212. ISBN 9780521850223. 
  27. 27.0 27.1 Helland, Janice (2005). Cherry, Deborah. ed. Local/global : Women Artists in the Nineteenth Century. Ashgate. পৃষ্ঠা. 70. ISBN 9780754631972. 
  28. Capper, John (1997). Delhi, the capital of India. (AES reprint. সম্পাদনা). প্ৰকাশক New Delhi: Asian Educational Services. পৃষ্ঠা. 81. ISBN 9788120612822. 
  29. Sharma, Sudha (2016). The Status of Muslim Women in Medieval India. SAGE Publications India. পৃষ্ঠা. 65. ISBN 9789351505679.