বেলুন ফুল
বেলুন ফুল | |
---|---|
![]() | |
বেলুন ফুলৰ চিত্ৰ | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Gentianales |
পৰিয়াল: | Apocynaceae |
গণ: | Gomphocarpus |
প্ৰজাতি: | physocarpus |
বৈজ্ঞানিক নাম | |
Gomphocarpus physocarpus E.Mey. | |
সমাৰ্থক[1] | |
|
বেলুন ফুল (বৈজ্ঞানিক নাম: Gomphocarpus physocarpus) ইংৰাজীত সাধাৰণতে হেয়াৰি বলছ্ (hairy balls), বেলুনপ্লাণ্ট (balloonplant), বেলুন কটন−বুশ্ব (balloon cotton-bush), বিছপ্ছ বলছ্ (bishop's balls), নেইলহেড (nailhead), বা ছোৱান প্লাণ্ট (swan plant), জনা যায়। ই হৈছে মিল্কৱিডৰ এটা প্ৰজাতি। ই দক্ষিনপূৱ আফ্ৰিকাৰ থলুৱা প্ৰজাতি যদিও বৰ্তমান পৃথিৱীৰ প্ৰায়বোৰ অঞ্চলতেই আলংকাৰিক উদ্ভিদ হিচাপে ৰোপন কৰা দেখা যায়। ইয়াৰ বেলুনৰ দৰে ফলটোৰ ভিতৰত বীজ পৰিপূৰ্ণ হৈ থাকে।
বিৱৰণ[সম্পাদনা কৰক]
Gomphocarpus physocarpus প্ৰায় ছয় ফুট পৰ্যন্ত ওখ হয়। গ্ৰীষ্মকালত ইয়াৰ ফুল ফুলে সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ২৮০০ৰ পৰা ৫০০০ ফুট উচ্চতাত এই উদ্ভিদ গজে। কিছু সেমেকা অঞ্চল, বালিয়া আৰু পানী জমা নোহোৱা ৰ’দ ঘাই ঠাই এই উদ্ভিদৰ বাবে উপযুক্ত।
ফুলবোৰ বগা আৰু প্ৰায় ১ ছেমিমান হয়। ফলবোৰ সেউজ−হালধীয়া, ফোপোলা আকৃতিৰ প্ৰায় ৩ ছেমি ব্যাসাৰ্ধৰ হয়। ফলবোৰত সৰু সৰু নোম থাকে। পাতবোৰ পাতল সেউজীয়া, ৩ৰ পৰা ৪ ছেমি দীঘল আৰু ১.২ ছেমি বহল। ফলৰ ভিতৰত বীজ থাকে।[2][3]
এই উদ্ভিদক Gomphocarpus fruticosusৰ সৈতে বৰ্ণসংকৰ কৰা হৈছে।[4]
পখিলা[সম্পাদনা কৰক]
Gomphocarpus physocarpus হৈছে monarch butterflyকে ধৰি Danaus গণৰ অন্তৰ্গত পখিলাৰ পলুৰ খাদ্যৰ উৎস।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "The Plant List: A Working List of All Plant Species". http://www.theplantlist.org/tpl1.1/record/kew-2828854.
- ↑ Llamas, Kirsten Albrecht (2003). Tropical Flowering Plants: A Guide to Identification and Cultivation. Timber Press. পৃষ্ঠা. 73. ISBN 0-88192-585-3.
- ↑ Iremonger, Susan (2002). A Guide to the Plants of the Blue Mountains of Jamaica. The University of West Indies Press. পৃষ্ঠা. 47. ISBN 976-640-031-8. https://books.google.com/books?id=tkTKtH77KpoC&pg=PA47.
- ↑ Gurib-Fakim, A. (2011). "Gomphocarpus fruticosus (L.) W.T.Aiton". In Schmelzer, G.H.; Gurib-Fakim, A.. Prota 11(2): Medicinal plants/Plantes médicinales 2. প্ৰকাশক Wageningen, Netherlands: PROTA. http://database.prota.org/PROTAhtml/Gomphocarpus%20fruticosus_En.htm.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত Gomphocarpus physocarpus সম্পৰ্কীয় মিডিয়া ফাইল আছে। |