সমললৈ যাওক

ব্ৰজ সাহিত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ব্ৰজ সাহিত্য ব্ৰজ ভাষাত ৰচিত সাহিত্য। এই ভাষা ১৫ শতিকাৰ সময়ছোৱাত ভক্তি আন্দোলনৰ কৃষ্ণৰ প্ৰশংসাৰ ভক্তিমূলক গীতৰ ৰূপ হিচাপে বিকশিত হোৱা পশ্চিমীয়া হিন্দী ভাষাসমূহৰ ভিতৰত অন্যতম সাহিত্যিক ভাষা। ই প্ৰায়ে ৰহস্যময় প্ৰকৃতিৰ, ঈশ্বৰৰ সৈতে মানুহৰ আধ্যাত্মিক মিলনৰ সৈতে জড়িত, কাৰণ প্ৰায় সকলো ব্ৰজ কবিকে ঐশ্বৰিক গুণসম্পন্ন সন্ত বুলি গণ্য কৰা হৈছিল আৰু এইদৰে তেওঁলোকৰ কথাক ঐশ্বৰিক উৎসৰ পৰা উদ্ভৱ হোৱা বুলি গণ্য কৰা হয়। উত্তৰ ভাৰতীয় পৰম্পৰাগত সাহিত্যৰ বহুখিনিয়েই এই কৃষ্ণকেন্দ্ৰিক। ইয়াৰ সাহিত্য পৰম্পৰাও কৃষ্ণৰ গুণানুকীৰ্তন।[1][2] ব্ৰজ অঞ্চলৰ এক চহকী ঐতিহ্য আছে আৰু ইয়াৰ চালিকাশক্তি আছিল মূলতঃ সুৰদাস, তুলসীদাস, আচাৰ্য ৰাম চন্দ্ৰ শুক্লা, ৰাষ্খান, আমিৰ খশ্ৰু আদি কবিসকলৰ সাহিত্যিক সৃষ্টিৰাজি।[3]

ব্ৰজ ভাষাই কৃষ্ণকেন্দ্ৰিক ধৰ্মৰ বাবেই প্ৰচুৰ সাহিত্যিক জনপ্ৰিয়তা লাভ কৰে, কবিয়ে কৃষ্ণৰ শৈশৱৰ চঞ্চল আৰু গভীৰ দৃষ্টান্তৰ আশে-পাশে ঘূৰি থকা কবিতা ৰচনা কৰে, যাক তেওঁলোকৰ প্ৰিয় প্ৰভুৰ ব্ৰজ অঞ্চলৰ জীৱনৰ লীলা বুলি কোৱা হয়।

ব্ৰজভাষাৰ সাহিত্য কৃতি

[সম্পাদনা কৰক]

ব্ৰজভাষাত ৰচিত কেইখনমান উল্লেখযোগ্য সাহিত্য হ’ল:-

  • স্বামী শ্ৰী শ্ৰীভট্ট দেৱাচাৰ্যৰ যুগল শতক; ৰাধা কৃষ্ণ পূজাৰ নিম্বৰ্ক সম্প্ৰদয় পৰম্পৰাৰ অংশ হিচাপে খ্ৰীষ্টীয় চতুৰ্দশ শতিকাত ৰচনা কৰা ব্ৰজ ভাষাৰ প্ৰথমখন ‘বাণী’ গ্ৰন্থ হিচাপে পৰিচিত।
  • তুলসীদাসৰ বিনয় পত্ৰিকা
  • কবি সুৰদাসৰ সুৰ সাগৰ[4]
  • আচাৰ্য ৰাম চন্দ্ৰ শুক্লাৰ বুদ্ধ চৰিত
  • আমিৰ খশ্ৰুৰ চুফী কবিতা [উদ্ধৃতিৰ প্ৰয়োজন]
  • কবি ভূষণৰ প্ৰশংসা
  • কিশনগড়ৰ শাসকৰ দৰবাৰ কবি বৃন্দৰ দ্বাৰা বৃন্দ সাতসাই(১৬৪৩ - ১৭২৩)[5]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. IANS (13 December 2013). "Tagore focus of Taj literature fest". Firstpost. https://www.firstpost.com/fwire/tagore-focus-of-taj-literature-fest-1286455.html আহৰণ কৰা হৈছে: 7 April 2019.
  2. "No memorial for Ghalib at his birthplace, Agra-India News - IBNLive Mobile". Archived from the original on 2014-01-01. https://web.archive.org/web/20140101100342/http://m.ibnlive.com/news/no-memorial-for-ghalib-at-his-birthplace-agra/441946-3-242.html আহৰণ কৰা হৈছে: 2024-06-22.
  3. "Now, a literature festival in Taj city - Hindustan Times". Archived from the original on 2014-03-02. https://web.archive.org/web/20140302023038/http://www.hindustantimes.com/lifestyle/books/now-a-literature-festival-in-taj-city/article1-966906.aspx আহৰণ কৰা হৈছে: 2014-02-04.
  4. Hindi Literature
  5. Sujit Mukherjee (1998). A Dictionary of Indian Literature: Beginnings-1850. Orient Blackswan. পৃষ্ঠা. 425–. ISBN 978-81-250-1453-9. https://books.google.com/books?id=YCJrUfVtZxoC&pg=PA425.