সমললৈ যাওক

ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড
ধৰণ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ
উদ্যোগ ৰাসায়নিক সাৰ উৎপাদন
স্থাপিত ১ জানুৱাৰী ১৯৬৯; ৫৫ বছৰ আগত (1969-01-01) (নামৰূপ ফাৰ্টিলাইজাৰ কমপ্লেক্স হিচাপে)
৫ এপ্ৰিল ২০০২; ২২ বছৰ আগত (2002-04-05) (ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড)
মুখ্য কাৰ্যালয় নামৰূপ
নেতৃস্থানীয় ব্যক্তিত্ব প্ৰদীপ চন্দ্ৰ বণিক (পৰিচালন সঞ্চালক)
পণ্য ইউৰিয়া
স্বত্বাধিকাৰী ভাৰত চৰকাৰ (১০০%)
মূল প্ৰতিষ্ঠান ৰসায়ন আৰু সাৰ মন্ত্ৰালয়, ভাৰত চকাৰ
ৱেবছাইট bvfcl.com

ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড (ইংৰাজী: Brahmaputra Valley Fertilizers Corporation Limited) ভাৰত চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনৰ ৰাজহুৱা খণ্ডৰ ৰাসায়নিক সাৰ উৎপাদন কৰা উদ্যোগ। এই সাৰ কাৰখানা ডিব্ৰুগড় জিলানামৰূপত অৱস্থিত। প্ৰাকৃতিক গেছৰ পৰা ইউৰিয়া উৎপাদন কৰা এই উদ্যোগ ১৯৬৯ চনৰ ১ জানুৱাৰী তাৰিখে উৎপাদন আৰম্ভ কৰিছিল। পূৰ্বতে ই হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেডৰ নামৰূপ ফাৰ্টিলাইজাৰ কমপ্লেক্সৰ অংশ আছিল। ২০০২ চনৰ ৫ এপ্ৰিল তাৰিখে হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বনৰ পৰা নামৰূপ ফাৰ্টিলাইজাৰ কমপ্লেক্স বিভক্ত হয় আৰু ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড নামৰ নতুন কোম্পানীটো গঠন কৰা হৈছিল। ই হৈছে ভাৰতৰ সমগ্ৰ উত্তৰ-পূব আৰু পূব অঞ্চলৰ একমাত্ৰ ইউৰিয়া উৎপাদন কৰা কোম্পানী।

ইতিহাস[সম্পাদনা কৰক]

হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড চৰকাৰী মালিকানাধীন ৰাসায়নিক সাৰ উৎপাদক কোম্পানী। ভাৰত চৰকাৰৰ সিদ্ধান্ত অনুসৰি ১৯৭৮ চনৰ আৰম্ভণিতে ভাৰতীয় সাৰ নিগমৰ পুনৰ সংগঠনৰ পিছত ইয়াক এক পৃথক এককলৈ পৰিণত কৰা হৈছিল।[1] ভাৰত চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ মালিকানাধীন এই কোম্পানীয়ে মুখ্যতঃ ইউৰিয়া উৎপাদন কৰে। কোম্পানীটোৱে মতি ইউৰিয়া ব্ৰেণ্ড নামৰ অধীনত প্ৰচাৰ আৰু বিতৰণ কৰে। আৰম্ভণিতে ইয়াত তিনিটা নিৰ্মাণ কাৰখানা আছিল। ১৯৬৯ চনৰ ১ জানুৱাৰী তাৰিখে উৎপাদন আৰম্ভ কৰা নামৰূপ ফাৰ্টিলাইজাৰ কমপ্লেক্স ইয়াৰ অন্যতম মুখ্য কাৰখানা আছিল। নামৰূপ-১ নামৰ প্লাণ্টৰ প্ৰথম গোটটোত এটা ছালফিউৰিক এচিড (২×১২৫ টিপিডি), এটা এমোনিয়াম ছালফেট (৩×১০১ টিপিডি) আৰু 1969 চনৰ জানুৱাৰীত আৰম্ভ কৰা ১৬৭ টিপিডি ইউৰিয়া-এমোনিয়া প্ৰকল্প আছিল। অইল ইণ্ডিয়া লিমিটেডৰ ওচৰৰ তৈলক্ষেত্ৰত গেছৰ উপলব্ধতা বৃদ্ধি হোৱাৰ বাবে ভাৰত চৰকাৰে নামৰূপ সাৰ প্ৰকল্পৰ দ্বিতীয় একক স্থাপন কৰি এই সম্পৰ্কিত প্ৰাকৃতিক গেছ লাভজনকভাৱে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰকল্পটো ১৯৭৬ চনৰ ১ অক্টোবৰত বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছিল গৈছিল। প্ৰকল্পটো ৭৪.৬০ কোটি টকা ব্যয়েৰে স্থাপন কৰা হৈছিল আৰু বাৰ্ষিক উৎপাদন ক্ষমতা ৩,৩০,০০০ মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ আছিল। প্ৰাকৃতিক গেছৰ কম যোগানৰ বাবে ১৯৯৪ চনত কোম্পানীটোৱে নামৰূপ-২ গোটটো বন্ধ কৰিছিল।[2][3] ২০০২ চনৰ ৫ এপ্ৰিল তাৰিখে হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বনৰ পৰা নামৰূপ ফাৰ্টিলাইজাৰ কমপ্লেক্স বিভক্ত হয় আৰু ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড নামৰ নতুন কোম্পানীটো গঠন কৰা হয়।

ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড অসমৰ ডিব্ৰুগড় জিলাৰ দক্ষিণ-পশ্চিম সীমান্তত দিল্লি নদীৰ পাৰত অৱস্থিত। নাইট্ৰজেনযুক্ত সাৰ উৎপাদনৰ বাবে প্ৰাকৃতিক গেছক মৌলিক কেঁচা মাল হিচাপে ব্যৱহাৰ কৰা ই ভাৰতৰ প্ৰথম সাৰ কাৰখানা। ইয়াৰ বাবে প্ৰয়োজনীয় কেঁচামাল মুখ্যতঃ অইল ইণ্ডিয়া লিমিটেডে যোগান ধৰে।

বৰ্তমান স্থিতি[সম্পাদনা কৰক]

নামৰূপ-১ গোটোতো বৰ্তমান সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। নামৰূপ-২ গোটটোৱো প্ৰাকৃতিক গেছৰ কম যোগানৰ বাবে বন্ধ কৰা হৈছিল। নাহৰকটীয়া-মৰাণ আৰু লাকুৱা তৈলক্ষেত্ৰত উদ্বৃত্ত প্ৰাকৃতিক গেছৰ উপলব্ধতাৰ বাবে ২৮৫.৫৫ কোটি টকা ব্যয় সাপেক্ষে নামৰূপ সাৰ উদ্যোগৰ ৩য় ইউনিট সংযোজন কৰা হয়। ১৯৮৭ চনত এই উদ্যোগটোৱে বাৰ্ষিক ৩,৮৫,০০০ মেট্ৰিক টন ইউৰিয়াৰ ক্ষমতাৰে বাণিজ্যিক উৎপাদন আৰম্ভ কৰে। নামৰূপ-তৃতীয় উদ্যোগ দেশৰ ভিতৰত বিকশিত কৰা সম্পূৰ্ণ থলুৱা ইউৰিয়া প্ৰক্ৰিয়া প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

বৰ্তমান চলি থকা দুটা ইউনিট নামৰূপ-২ আৰু নামৰূপ-৩ এমোনিয়া, ইউৰিয়া আৰু ইউটিলিটিজ প্লাণ্টেৰে গঠিত। নামৰূপ-দ্বিতীয় এমোনিয়া উদ্যোগৰ ক্ষমতা প্ৰতিদিনে ৪৮০ মেট্ৰিক টন আৰু ইউৰিয়া উদ্যোগ দুটা ধাৰাত ৮০০ মেট্ৰিক টন (৪০০×২) ইউৰিয়া। নামৰূপ-তৃতীয়ৰ এমোনিয়া প্লাণ্ট আৰু ইউৰিয়া প্লাণ্টৰ ক্ষমতা ক্ৰমে ৫৫৮ মেট্ৰিক টন আৰু প্ৰতিদিনে ৯০০ মেট্ৰিক টন। ১৫ মেগাৱাটকৈ ক্ষমতাসম্পন্ন দুটা সংখ্যক গেছ টাৰ্বাইনে শক্তিৰ চাহিদা পূৰণ কৰিবলৈ বিদ্যুৎ উৎপাদন কৰে আৰু কমপ্লেক্সত ব্যৱহাৰৰ বাবে ভাপ বৃদ্ধি কৰে।

উৎপাদিত সামগ্ৰী[সম্পাদনা কৰক]

ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেডে উৎপাদন কৰা মুখ্য সামগ্ৰীবিধ হৈছে– প্ৰিল কৰা নিম কোটেড ইউৰিয়া। ‘মুক্তা’ ব্ৰেণ্ড নামেৰে এই ইউৰিয়া বিক্ৰী কৰা হয়। এই কমপ্লেক্সটো ৰেল/পথৰ সৈতে ভালদৰে সংযুক্ত আৰু উত্তৰ-পূব, পশ্চিম বংগ আৰু বিহাৰ ৰাজ্যত পণ্য প্ৰেৰণ কৰি বিক্ৰী কৰা হয়। দুয়োটা ইউনিটে চৰকাৰী নিৰ্দেশনা অনুসৰি ১০০% নিম আৱৰণযুক্ত ইউৰিয়া উৎপাদন কৰি আছে। ইউৰিয়া উৎপাদনৰ সমান্তৰালকৈ জৈৱ সাৰ আৰু কেঁচুসাৰ বা ভাৰ্মিকম্পোষ্ট প্ৰস্তুত কৰি বৰ্তমানৰ ডিলাৰ নেটৱৰ্কৰ জৰিয়তে কৃষকক বিক্ৰী কৰা হয়। বজাৰত গ্ৰহণযোগ্যতা বৃদ্ধি কৰিবলৈ কোম্পানীটোৱে বীজ, কীটনাশক আৰু সাৰ এমঅ'পি (MoP), ডিএপি (DAP), এছএছপি (SSP), ৰক ফছফেট (Rock Phosphate) আৰু সূক্ষ্ম পোষকদ্ৰব্যৰ ব্যৱসায়িক ব্যৱসায়ত সোমাই পৰিছে।

নতুন প্ৰকল্পসমূহ[সম্পাদনা কৰক]

২০১৫ চনৰ ২১ মে' তাৰিখে ভাৰতৰ কেবিনেট বৈঠকত ইয়াৰ বৰ্তমানৰ চৌহদত বছৰি ৮.৬৪৬ লাখ মেট্ৰিক টন ক্ষমতা থকা নতুন ব্ৰাউন ফিল্ড এমোনিয়া-ইউৰিয়া কমপ্লেক্স (নামৰূপ-চতুৰ্থ প্ৰকল্প) স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজহুৱা/ব্যক্তিগত সত্তাৰ পৰা নিবিদা আমন্ত্ৰণ কৰি প্ৰতিযোগিতামূলক নিবিদাৰ জৰিয়তে ৪৮% ইকুইটি অংশগ্ৰহণৰ সৈতে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব মোড (পিপিপি)ৰ অধীনত যৌথ উদ্যোগৰ জৰিয়তে ১.৭২ এমএমএছচিএমডি ক্ষমতা সম্পন্ন উদ্যোগ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

তদুপৰি, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগ গঠন কৰি মনোনয়ন পথৰ জৰিয়তে বছৰি ৮.৬৪৬ লাখ মেট্ৰিক টনৰ পৰিৱৰ্তে বছৰি ১২.৭০ লাখ মেট্ৰিক টন ক্ষমতাৰে মানক আকাৰৰ গেছ ভিত্তিক এমোনিয়া-ইউৰিয়া প্লাণ্ট স্থাপনৰ কথা বিবেচনা কৰা হৈছিল। এই প্ৰকল্পত ৰৰাষ্ট্ৰীয় কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ্ছ লিমিটেড, মুম্বাইৰ ৫২% ইকুইটি থাকিব পি এছ ইউ পথৰ জৰিয়তে বছৰি ১২.৭০ লাখ মেট্ৰিক টন ক্ষমতা থকা উদ্যোগটো স্থাপনৰ প্ৰস্তাৱৰ অনুমোদন বিচৰাৰ বাবে কেন্দ্ৰীয় কেবিনেট সিদ্ধান্ত (৫২% আৰচিএফলৈ, ২৬% অইল, ১১% বিভিএফচিএললৈ আৰু ১১% অসম চৰকাৰলৈ) বৰ্তমান সাৰ বিভাগৰ বিবেচনাধীন।

প্ৰশাসন[সম্পাদনা কৰক]

ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেডৰ প্ৰশাসন ভাৰত চৰকাৰে মনোনীত কৰা বোৰ্ড অফ ডাইৰেক্টৰে চলায়। প্ৰদীপ কুমাৰ বণিক বৰ্তমান ইয়াৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Chemical fertilizer Industry in India". Jagranjosh.com. 2015-11-28. https://www.jagranjosh.com/general-knowledge/chemical-fertilizer-industry-in-india-1448701639-1। আহৰণ কৰা হৈছে: 2022-07-29. 
  2. Dayal, Raghubir; Zachariah, Peter; Rajpal, Kireet (1996). Management information and electronic support system. Mittal Publications. পৃষ্ঠা. 281–. ISBN 9788170996521. https://books.google.com/books?id=1ZFO8XMJuwgC&pg=PA281। আহৰণ কৰা হৈছে: 18 May 2013. 
  3. "Shut for 30 years, PM Modi to inaugurate ₹8,600-cr Gorakhpur fertiliser plant" (en ভাষাত). Hindustan Times. 2021-12-07. https://www.hindustantimes.com/india-news/shut-for-30-years-pm-modi-to-inaugurate-rs-8-600-cr-gorakhpur-fertiliser-plant-101638857806540.html। আহৰণ কৰা হৈছে: 2022-07-27. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]