বৰযদুমণিদেৱ
বৰযদুমণিদেৱ অসমৰ এজন বৈষ্ণৱ অনুগামী, সত্ৰ প্ৰতিষ্ঠাতা, গোপালদেৱে পতা বাৰজন বৈষ্ণৱ বা বাৰ আতাৰ অন্যতম ৷
বংশ পৰিচয়
[সম্পাদনা কৰক]‘বৰ আতা’ নামেৰে খ্যাত যদুমণিদেৱৰ ১৪৮৪ শক (১৫৬২ খ্ৰীঃ)-ত সোমদিৰি নৈৰ তীৰৰ পোগোভিৰ বা ভটিয়াপাৰ নামৰ ঠাইত জন্ম হয়। তেওঁৰ পিতৃদত্ত নাম আছিল গোপাল। গোপালৰ পিতামহৰ নাম নিবৰ ভূঞা। তেওঁ গোৰাকুছিত বাস কৰিছিল। পিতৃৰ নাম বৈকুণ্ঠ (ওৰফে টাঁৰৈ) আৰু মাতৃৰ নাম ৰূপৱন্তী ।
শিক্ষা আৰু বৈষ্ণৱ ধৰ্মত দীক্ষালাভ
[সম্পাদনা কৰক]গোপালে (বৰযদুমণিদেৱে) উপযুক্ত বয়সত খৰংগা নামৰ ঠাইত গুৰু গৃহত থাকি বিদ্যা শিক্ষা কৰে। শিক্ষা-বিদ্যা সমাপ্ত কৰি তেওঁ বংশীগোপালদেৱৰ ডেবেৰাপাৰ সত্ৰলৈ যায়। ইয়াতে তেওঁ শ্ৰীৰাম আতাক লগ পায় আৰু দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠে। বংশীগোপালদেৱেও গোপাল অৰ্থাৎ যদুমণিদেৱক বৰ ভাল পাইছিল। এবাৰ বংশীগোপাল দেৱে নানা বস্তু বাহনিসহ তেওঁক কামৰূপলৈ পঠালে। গোপালেও জনিয়া, পোৰাভিঠা, পাটবাউসী, মধুপুৰ, ভৱানীপুৰ, ছমৰীয়া আদি সত্ৰত সোমাই যাক যেনেকৈ দিব লাগে, সেইমতে বংশীগোপালদেৱে দি পঠোৱা উপহাৰ-উপঢৌকন আদি দিলে। কামৰূপত থকা কালতে তেওঁ শ্ৰীৰাম আতাৰ সৈতে ভটিয়াই গৈ পোৰাভিঠা পায়গৈ। পোৰাভিঠাত কিছুকাল থকাৰ পিছত, তেওঁ ভৱানীপুৰীয়া গোপালদেৱৰ ওচৰত আশ্ৰয় লয়। গোপাল আতাই তেওঁক শৰণ দি যদুমণি নাম দিয়ে। বৰযদুমণিদেৱ গোপাল আতাৰ সংগত বাৰ বছৰ কাল আছিল। এইছোৱা সময়ৰ ভিতৰতে তেওঁ গুৰুৰ প্ৰিয় শিষ্য ৰূপে পৰিগণিত হয়। যদুমণিয়ে গোপাল আতাক ‘তুমি নিজ পিতৃ গুৰু ইষ্টদেৱ’ বুলি ভাৱি সেৱা-শুশ্ৰূষা কৰিছিল আৰু তেওঁৰ প্ৰতি সন্তুষ্ট হৈ আতায়ো তেওঁক ‘বৰপুত্ৰ’ বুলি অভিহিত কৰিছিল।
সত্ৰ স্থাপন আৰু ধৰ্মপ্ৰচাৰ
[সম্পাদনা কৰক]বৰযদুনণিদেৱ গোপালদেৱৰ মৃত্যুৰ পিছত তেলাহী মুদৈৰ নাৱত উঠি উজাই আহিল আৰু বন্দুলা নামৰ ঠাইত হেঙুলীয়া ভূঞাৰ আশ্ৰয়ত ঘৰ-বাৰী সাজি থাকিবলৈ ল'লে। তেওঁ হেঙুলীয়া ভূঞাৰ আশ্ৰয়ত থাকোঁতেই গুণমুগ্ধসকলে তেওঁলৈ এটি কন্যা বিয়া পাতি দিয়ে। তেওঁ ইয়াত বেছিদিন থাকিব নোৱাৰিলে। কিবা কাৰণত ৰাজৰোষৰ ভয়ত তাৰ পৰা পলাই আহি তেওঁ বিহালীৰ ওচৰৰ বাংশবাৰীত সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কাৰ্যত ব্ৰতী হয়। বৰযদুমণিদেৱে বাৰ আতাৰ দ্বাৰা প্ৰতিষ্ঠিত সত্ৰসমূহ সঘনে ভ্ৰমণ কৰিছিল। এই কাৰণতে তেওঁ উজনি অসমৰ অনেক লোকক ভক্তি ধৰ্ম দীক্ষিত কৰাৰ সুযোগ পাইছিল। তেওঁ ছকুৰি হাজাৰ লোকক ভগৱতমুখী কৰাই বুলি যদুমণিদেৱৰ বংশাৱলীত আছে। মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক অনিৰুদ্ধদেৱৰ সৈতে তেওঁৰ সখিত্ব ভাৱ আছিল। সেয়ে, ইজন-সিজনৰ প্ৰায়েই এৰা-এৰি নহৈছিল।[1] অনিৰুদ্ধদেৱৰ বংশাৱলীত আছে:
‘দিহিঙৰ যদুমণি আতাৰ সহিত।
দুয়োজন আছিলন্ত হুয়া এক প্ৰীতি॥
যেন বুলি উদ্ধৱক সখি বুলি আতি।
সততে লগত লৈয়া ফুৰে কৃষ্ণে মাতি॥
সেহিমতে যদুমণিদেৱ সংগে কৰি।
থাকা আদ্যমূৰ্ত্তি মহা ধৰ্মক আচৰি॥২
মৃত্যুৰ সময়তো তেওঁ বাংশবাৰী সত্ৰৰ পৰা উজাই আহি অনিৰুদ্ধদেৱৰ নাহৰআটি থানৰ কাষৰে কন্দলি পুখুৰী নামৰ ঠাইত আছিলহি। ইয়াতে ১৫৫৩ শকৰ ফাগুণ মাহৰ শুক্লা একাদশী তিথিত বৰআতা যদুমণিদেৱৰ পৰলোক প্ৰাপ্তি হয়।[2] যদুমণিদেৱে অনিৰুদ্ধ, কাণাই আৰু অনুপাম নামৰ তিনিজন ভক্তক ধৰ্ম প্ৰচাৰ কৰিবলৈ আজ্ঞা দিছিল। অনিৰুদ্ধই কাংশপাৰ সত্ৰ, কাণায়ে জুৰকটা আৰু অনুপামে মহৰিয়াল সত্ৰ পাতে। যদুমণিদেৱৰ তিনিগৰাকী পুত্ৰৰ সনাতনদেৱ জ্যেষ্ঠ, ৰতিকান্ত মাজু আৰু শ্ৰীকান্ত কনিষ্ঠ আছিল। সনাতনদেৱে দিহিং নৈৰ সমীপত শিলিখাতল আৰু মূলাতলী সত্ৰ পাতিছিল। ৰতিকান্তদেৱে লেংদি সত্ৰ আৰু শ্ৰীকান্তই ন-মাটি সত্ৰ স্থাপন কৰিছিল।
সাহিত্য চৰ্চা
[সম্পাদনা কৰক]যদুমণিদেৱে ‘ফল্গুযাত্ৰা’, ‘শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা’ আৰু ‘ব্ৰজ-বিহাৰ’ নামৰ তিনিখন নাট আৰু বহুসংখ্যক গীত-পদ ৰচনা কৰিছিল। তাৰে কিছু সংখ্যক গীত ‘গীত-মন্দাকিনী’ নামেৰে পুথি আকাৰে প্ৰকাশ হৈছে।