ভক্তি প্ৰদীপ
অৱয়ব
ভক্তি-প্ৰদীপ গ্ৰন্থখনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক ৰচনাৰ অন্যতম পুথি। এই শাস্ত্ৰখনি গুৰুজনাই গৰুড় পুৰাণৰ আধাৰত বিৰচন কৰিছিল আৰু গ্ৰন্থখনত মুঠ আঠটা অধ্যায় আছে। পুথিখনৰ কলেৱৰ সূক্ষ্ম হোৱা সত্ত্বেও ভাগৱতীয় বৈষ্ণৱ ধৰ্মৰ শ্ৰৱণ ,কীৰ্তন,নাম তথা ভক্তিৰ মহিমা আদি সকলোবোৰ তত্ত্ব বিতংকৈ বৰ্ণন হৈছে। ভক্তি প্ৰদীপ গ্ৰন্থখনি মহাপুৰুষে আদি বয়সতে বিৰচন কৰিছিল বুলি ঠাৱৰ কৰা হৈছে। গুৰুচৰিতৰ মতে, "তৈতে গড়ুৰ পুৰাণ চাই ভকতি প্ৰদীপ কৰিলে, হৰিবংশৰ পৰা ৰুক্মিণী হৰণ কৰিছে। " কিন্তু কোনো কোনো সমালোচকে ক'ব খোজে যে শংকৰদেৱে এই পুথিখন ৰচনা কৰা নাই; আন কোনোবা লোকে ৰচনা কৰি শংকৰদেৱৰ নামত চলাই দিছে।[1] গ্ৰন্থখনৰ ৫ম অধ্যায়ত শ্ৰীকৃষ্ণৰ শতনাম বৰ্ণন কৰা হৈছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ শৰ্মা নবীন (২০০৩). ভক্তি প্ৰদীপ. প্ৰকাশক অসম: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ১০২.