ভাঁৱৰী দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাঁৱৰী দেৱী বা বাহ্বেৰী দেৱী ৰাজস্থানৰ ভাটেৰীৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী, যিগৰাকীক ১৯৯২ চনত তেওঁলোকৰ পৰিয়ালত বাল্যবিবাহ ৰোধ কৰাৰ প্ৰচেষ্টাত ক্ষুব্ধ পুৰুষে দলবদ্ধ ধৰ্ষণ কৰিছিল। পৰৱৰ্তী সময়ত আৰক্ষীৰ দ্বাৰা তেওঁৰ ব্যৱহাৰ আৰু অভিযুক্তক আদালতে দোষমুক্ত কৰাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ব্যাপক দৃষ্টি আকৰ্ষণ কৰিছিল আৰু ভাৰতৰ নাৰী অধিকাৰ আন্দোলনৰ ই এক উল্লেখযোগ্য পৰিঘটনাত পৰিণত হৈছিল। [1][2][3]

জীৱনী[সম্পাদনা কৰক]

ভাঁৱৰী দেৱী জাতত কুমাৰ(মৃৎশিল্পী) পৰিয়ালৰ অন্তৰ্গত আৰু ৰাজ্যখনৰ ৰাজধানী জয়পুৰৰ পৰা ৫৫ কিলোমিটাৰ(৩৪ মাইল) দূৰত্বত অৱস্থিত ভাৰতৰাজস্থানৰ এখন গাঁও ভাটেৰীত বাস কৰিছিল। গাঁৱৰ অধিকাংশ লোকেই ভাঁৱৰীৰ তুলনাত জাতিগত স্তৰত উচ্চ স্থানত থকা গুৰ্জৰ সম্প্ৰদায়ৰ গোৱাল আছিল। নব্বৈৰ দশকত গাঁওখনত বাল্যবিবাহ সাধাৰণ কথা আছিল আৰু জাতি ব্যৱস্থাই প্ৰধান আছিল। ভাঁৱৰীৰ বিয়া হৈছিল মোহন লাল প্ৰজাপতৰ লগত প্ৰায় পাঁচ-ছয় বছৰ বয়সত আৰু স্বামীৰ বয়স আঠ-ন বছৰ।[4] কিশোৰ বয়সৰ আৰম্ভণিতে ভাটেৰীত থাকিবলৈ আহিছিল। তেওঁলোকৰ একেলগে চাৰিটা সন্তান আছে; দুগৰাকী কন্যা আৰু দুজন পুত্ৰ। ডাঙৰ কন্যা অশিক্ষিত, তেওঁৰ দুজন পুত্ৰ জয়পুৰত থাকে আৰু কাম কৰে, আনহাতে সৰু কন্যা ৰামেশ্বৰীয়ে শিক্ষাত স্নাতক ডিগ্ৰী লাভ কৰি এখন বিদ্যালয়ত ইংৰাজী ভাষা পঢ়ায়।[5]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৮৫ চনত ভাঁৱৰী দেৱী ৰাজস্থান চৰকাৰৰ দ্বাৰা পৰিচালিত মহিলা উন্নয়ন প্ৰকল্প (WDP)ৰ অংশ হিচাপে নিয়োজিত তৃণমূল পৰ্যায়ৰ শ্ৰমিক সাথী(অসমীয়া উচ্চাৰণ চাথী, বন্ধু) হয়। চাকৰিৰ অংশ হিচাপে তেওঁ মাটি, পানী, সাক্ষৰতা, স্বাস্থ্য, ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু দুৰ্ভিক্ষ সাহায্য আদি কামত নূন্যতম মজুৰি প্ৰদানৰ সৈতে জড়িত বিষয়সমূহ চোৱাচিতা কৰিছিল।[6] ১৯৮৭ চনত চুবুৰীয়া গাঁৱৰ এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টাৰ এটা ডাঙৰ বিষয় লৈছিল। এই সকলোবোৰ কামতে তেওঁ গাঁৱৰ সদস্যসকলৰ সম্পূৰ্ণ সমৰ্থন পাইছিল। কিন্তু ১৯৯২ চনত ভাঁৱাৰীয়ে অকলশৰীয়া হৈ পৰিছিল, যেতিয়া তেওঁ বাল্যবিবাহৰ বিষয়টো গ্ৰহণ কৰিছিল,[6] যিটো অবৈধ হোৱাৰ পিছতো ভাৰতত এতিয়াও বহুলভাৱে চলি আছে।[7] ১৯৯২ চনত ৰাজস্থানৰ ৰাজ্য চৰকাৰে আখা তীজ উৎসৱৰ আগৰ পষেকত বাল্যবিবাহৰ বিৰুদ্ধে এক অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লয়, যিটো দিন বিবাহৰ বাবে শুভ তাৰিখ হিচাপে গণ্য কৰা হৈছিল। এই উৎসৱৰ সময়ত বহুতো বাল্যবিবাহ হয়।[8] ডব্লিউ ডি পিৰ সদস্যসকলৰ দ্বাৰা স্থানীয় গাঁৱৰ লোকসকলক বাল্য বিবাহ নকৰাবলৈ পতিয়ন নিওৱাৰ দায়িত্ব দিয়া হৈছিল, যিটো কাম ভাঁৱৰীয়ে প্ৰচেতা আৰু জিলা মহিলা উন্নয়ন সংস্থাৰ (ডি ডব্লিউ ডি এ) সদস্যসকলৰ সৈতে গ্ৰহণ কৰিছিল। এই অভিযানক গাঁওবাসীয়ে বহুলাংশে আওকাণ কৰিছিল আৰু গাঁওবুঢ়া বা প্ৰধানকে ধৰি স্থানীয় নেতাসকলৰ অসন্তুষ্টিৰ সম্মুখীন হ'বলগীয়া হৈছিল।[9]

বাল্য বিবাহৰ ব্যৱস্থা কৰা এটা পৰিয়ালৰ ৰাম কৰণ গুৰ্জাৰ, যিয়ে নিজৰ ন-মহীয়া ছোৱালীজনীক বিয়া দিবলৈ পৰিকল্পনা কৰিছিল।[4] ভাঁৱৰীয়ে পৰিয়ালটোক তেওঁলোকৰ বিয়াৰ পৰিকল্পনা বন্ধ কৰাৰ কথা বুজাবলৈ চেষ্টা কৰিছিল। যিহেতু বহু গুৰ্জৰ পৰিয়ালে বাল্যবিবাহ চলাই নিবলৈ দৃঢ়প্ৰতিজ্ঞ যেন লাগিছিল, সেয়েহে মহকুমা বিষয়া(এছ ডি অ’) আৰু উপ-আৰক্ষী অধীক্ষকে (ডি এছ পি) গাঁওখনত ঘূৰি ফুৰিবলৈ ধৰিলে। ৫ মে’ত আখা তীজৰ দিনা, ৰাম কৰণ গুৰ্জৰৰ কেঁচুৱা কন্যাৰ বিবাহ বন্ধ কৰিবলৈ উপ-আৰক্ষী অধীক্ষক (ডি এছ পি) আৰু এছ ডি অ’ ভাটেৰী গাঁৱলৈ যায়। আখা তীজৰ দিনা বিবাহ হোৱাত বাধা দিবলৈ তেওঁলোকে সফল হ’লেও পিছদিনা দিনৰ ২ বজাত বিয়াখন সম্পন্ন হৈছিল। ইয়াৰ বিৰুদ্ধে কোনো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নকৰিলে। অৱশ্যে গাঁৱৰ ৰাইজে ভাঁৱৰী দেৱীৰ এই প্ৰচেষ্টাৰ সৈতে আৰক্ষীৰ ভ্ৰমণৰ সম্পৰ্কৰ যোগসূত্ৰ উলিয়াইছিল। ইয়াৰ ফলত ভাঁৱৰী আৰু তেওঁৰ পৰিয়ালক সামাজিক আৰু অৰ্থনৈতিক বৰ্জন কৰা হয়। গাঁওবাসীয়ে পৰিয়ালটোক গাখীৰ বিক্ৰী কৰা বা তেওঁলোকে সজা মাটিৰ পাত্ৰ কিনা বন্ধ কৰি দিলে। মালিকক অসন্তুষ্ট কৰাৰ ফলত ভাঁৱৰীয়ে চাকৰি এৰিবলৈ বাধ্য হয়; আনহাতে স্বামীক আন এজন গুৰ্জৰে মাৰপিট কৰে।[6]

ধৰ্ষণ[সম্পাদনা কৰক]

ভাঁৱৰী দেৱীৰ মতে, ১৯৯২ চনৰ ২২ ছেপ্টেম্বৰৰ দিনা গধূলি সময়ত তেওঁৰ স্বামী আৰু তেওঁ নিজৰ পথাৰত কাম কৰি থকাৰ সময়ত তেওঁলোকৰ গাঁৱৰ পৰা অহা প্ৰধান আৰু ধনী গুৰ্জৰ জাতিৰ পাঁচজন লোকে তেওঁৰ স্বামীক লাঠিৰে আক্ৰমণ কৰি অচেতন কৰি পেলায়।[4] আৰক্ষীৰ ওচৰত কৰা অভিযোগনামাত তেওঁ পাঁচজন লোকৰ নাম উল্লেখ কৰিছে; ভাতৃদ্বয় ৰাম সুখ গুৰ্জৰ, গ্যাৰ্ছা গুৰ্জৰ আৰু ৰাম কৰণ গুৰ্জৰ, পিছৰজনৰ কন্যাৰ বাল্যবিবাহ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল, লগতে তেওঁলোকৰ ককাক বদ্ৰী গুৰ্জৰৰ লগতে শ্ৰৱণ শৰ্মা নামৰ আন এজন লোক। তেওঁ অভিযোগ কৰে যে, ৰাম সুখে তেওঁক ধৰি ৰাখিছিল আৰু বদ্ৰী আৰু গ্যাৰ্ছাই পাল পাতি ধৰ্ষণ কৰিবলৈ উদ্যত হৈছিল। লগতে কয় যে, উক্ত কাণ্ড সংঘটিত হোৱাৰ কিছু সময়ৰ পিছতে ধৰ্ষণ সংঘটিত হয়।[10] গুৰ্জৰ জাতিৰ অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰি আদালতত বিচাৰ কৰা হৈছিল যদিও তেওঁলোকক সমৰ্থন কৰিছিল স্থানীয় বিধায়ক ধনৰাজ মীনাই। মীনাই অভিযুক্তৰ পক্ষ ল’বলৈ পুৰোহিত নামৰ এজন অধিবক্তা নিয়োগ কৰিছিল।

আৰক্ষী আৰু চিকিৎসকৰ কৰ্ম[সম্পাদনা কৰক]

ভাঁৱৰীয়ে এই বিষয়ে প্ৰচেতা (ব্লক পৰ্যায়ৰ কৰ্মী) ৰচিলা শৰ্মাক জনাইছিল, যিয়ে তেওঁক বাছি থানালৈ এফআইআৰ দাখিল কৰিবলৈ লৈ গৈছিল। প্ৰাথমিক অনুসন্ধানৰ পিছত আৰক্ষীয়ে এফআইআৰ গ্ৰহণ কৰিছিল, যিটো পৰিঘটনাৰ সম্মুখীন হৈছে বিশ্বত কেইবাগৰাকীও ধৰ্ষণৰ অভিযোগকাৰী। পণ্ডিত সাবিত্ৰী গুনেচেকেৰে লক্ষ্য কৰিছে যে, সমগ্ৰ দক্ষিণ এছিয়াতে আৰক্ষীয়ে ধৰ্ষণৰ গোচৰ লিপিবদ্ধ কৰিবলৈ অনিচ্ছুক আৰু ধৰ্ষণৰ অভিযোগ থকা মহিলাসকলৰ প্ৰতি নিৰ্দয়তা আৰু উদাসীনতা প্ৰদৰ্শন কৰে।[11] থানাত ভাঁৱৰীক প্ৰমাণ হিচাপে তেওঁৰ "লেহাংগা"(দীঘল স্কাৰ্ট)টো জমা দিবলৈ কোৱা হৈছিল। পিছত স্বামীৰ তেজৰ দাগ লগা ছাফা(পাগুৰি)ৰে নিজকে ঢাকি ৩কিলোমিটাৰ পথ খোজ কাঢ়ি ওচৰৰ সাথিনৰ গাঁও খেৰপুৰীয়ালৈ যাব লগা হৈছিল, ৰাতি প্ৰায় ১ বজাত।[12]

একেই উদাসীনতা বাছিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো (পি এইচ চি) অব্যাহত আছিল, য’ত পুৰুষ চিকিৎসকজনে ভাঁৱৰীক শাৰীৰিক পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰিছিল, আনহাতে কোনো মহিলা চিকিৎসকো উপস্থিত নাছিল। পি এইচ চিৰ চিকিৎসকে তেওঁক জয়পুৰৰ ছাৱাই মান সিং (এছ এম এছ) হাস্পতাললৈ ৰেফাৰ কৰে যদিও তেওঁৰ ৰেফাৰেলত লিখিছিল যে, “ভুক্তভোগীৰ বয়স নিশ্চিত কৰা”ৰ বাবে তেওঁক পৰীক্ষা কৰিবলৈ পঠিওৱা হৈছে।[12]

জয়পুৰৰ মেডিকেল চিকিৎসকজনে দণ্ডাধীশৰ নিৰ্দেশ অবিহনে কোনো ধৰণৰ পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰিছিল; দণ্ডাধীশে সেইদিনা আদেশ দিবলৈ অস্বীকাৰ কৰি পিছদিনালৈ ৰাখিছিল, কাৰণ তেওঁৰ সেইদিনা কৰ্মৰ সময় পাৰ হৈ গৈছিল।[12] ফলত, পেপ টেষ্ট ৪৮ ঘণ্টাৰো অধিক সময়ৰ পিছতহে লোৱা হৈছিল, যদিও ভাৰতীয় আইনমতে ২৪ ঘণ্টাৰ ভিতৰত এই কাম কৰিব লাগিছিল।[12][13]তেওঁৰ শৰীৰৰ আঁচোৰ আৰু ঘাঁবোৰ লিপিবদ্ধ কৰা হোৱা নাছিল আৰু তেওঁৰ শাৰীৰিক অস্বস্তিৰ অভিযোগবোৰক আওকাণ কৰা হৈছিল।[4]

সংবাদ মাধ্যমত[সম্পাদনা কৰক]

১৯৯২ চনৰ ২৫ ছেপ্টেম্বৰত ৰাজস্থান পত্ৰিকা নামৰ এখন প্ৰধান স্থানীয় বাতৰি কাকতত ভটেৰী গাঁৱৰ এগৰাকী মহিলাই বাছি থানাত (আৰক্ষী থানা)ত দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি এফআইআৰ পঞ্জীয়ন কৰা বুলি লিখা হৈছিল।[6] ইয়াৰ পিছতে স্থানীয় কেইবাখনো হিন্দী দৈনিক কাকতৰ লগতে ৰাষ্ট্ৰীয় দৈনিক কাকতেও এই ঘটনাৰ বাতৰি প্ৰকাশ কৰে। ২ অক্টোবৰত ৰাজস্থান পত্ৰিকাত এই ঘটনাক গৰিহণা দি সম্পাদকীয় প্ৰবন্ধ ক্ৰূৰ দুৰ্ঘটনা("Brutal Incident") নামে প্ৰকাশ কৰিছিল। ইয়াৰ পিছত কিছুদিন পিছতে জয়পুৰৰ বহু মহিলা গোট আৰু অন্যান্য সামাজিক সংগঠনে এই বিষয়ে অনুসন্ধান কৰিবলৈ ধৰিলে। কিন্তু ধৰ্ষণকাৰী আৰু তেওঁলোকৰ সমৰ্থকসকলে সমগ্ৰ কাণ্ডটো ভাঁৱৰী দেৱীয়ে ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁ গাঁৱত ৰাজহুৱা অপমানৰ সম্মুখীন হৈছিল।[6] ভাঁৱৰী দেৱীয়ে এনে অভিযোগক নিৰুৎসাহিত কৰিবলৈ আৰ্থিক ক্ষতিপূৰণ দিবলৈ অস্বীকাৰ কৰিছিল।[14]

আদালতত[সম্পাদনা কৰক]

প্ৰমাণৰ সাৰাংশ[সম্পাদনা কৰক]

আদালতৰ গোচৰৰ প্ৰমাণৰ সাৰাংশত কোৱা হৈছে যে:[15]

  • পাঁচজন ভিন্ন পুৰুষৰ বীৰ্য সঁচাকৈয়ে ভানৱাৰীৰ যোনিৰ ছোৱাবত আৰু তাইৰ লেহেংগাৰ ওপৰত পোৱা গৈছিল৷[15]
  • এই পাঁচটা বীৰ্যৰ লগত পাঁচজন অভিযুক্তৰ কোনো এজনৰ বীৰ্যৰ মাজত মিল নাছিল (য'ত তাইক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰা দুজন আৰু তাইক হেঁচা মাৰি পেলোৱাৰ অভিযোগ উত্থাপন কৰা তিনিজনো আছিল)।[15]
  • ভাঁৱৰীৰ স্বামীৰ বীৰ্য যোনিৰ ছোৱাবত পোৱা নগ'ল (পাঁচটা বীৰ্যৰ লেখ-জোখৰ কোনোটোৱেই তেওঁৰ নাছিল)।[15]

জিলা আদালতৰ ৰায়দান[সম্পাদনা কৰক]

জয়পুৰৰ জিলা আৰু অধিবেশন আদালতে ১৯৯৫ চনৰ ১৫ নৱেম্বৰত দিয়া ৰায়দানত গোচৰটো খাৰিজ কৰি পাঁচোজন অভিযুক্তক দোষমুক্ত কৰে।[1] পাঁচজন ন্যায়াধীশ সলনি কৰা হয় আৰু ষষ্ঠজন ন্যায়াধীশে অভিযুক্তক দোষী নহয় বুলি ৰায় দিয়ে; অন্যান্য বিষয়ৰ লগতে কোৱা হয় যে, ভাঁৱৰীৰ স্বামীয়ে নিজৰ পত্নীক দলবদ্ধ ধৰ্ষণ হোৱাটো নিষ্ক্ৰিয়ভাৱে চাই থাকিব নোৱাৰিলেহেঁতেন।[14]

মহিলা গোটৰ হেঁচাত ৰাজ্য চৰকাৰে এই ৰায়ৰ বিৰুদ্ধে আপীল কৰাৰ সিদ্ধান্ত লয়। এই ৰায়দানৰ ফলত ভাঁৱৰী দেৱীৰ ন্যায়ৰ বাবে দেশজুৰি অভিযান চলোৱা হয়।[14] কিন্তু ২০০৭ চনলৈকে, এই কাণ্ডৰ ১৫ বছৰৰ পাছত, ৰাজস্থান উচ্চ ন্যায়ালয়ে এই গোচৰৰ ওপৰত মাত্ৰ এটা শুনানি অনুষ্ঠিত কৰে আৰু ইতিমধ্যে অভিযুক্তসকলৰ দুজনৰ মৃত্যু হয়।[14]

ৰায়দানৰ সমালোচনা[সম্পাদনা কৰক]

গোচৰটোত দিয়া কিছুমান ন্যায়িক মন্তব্যক সমালোচনা কৰিছিল মহিলা কৰ্মীসকলে। ৰায়দানত উল্লেখ কৰা হৈছে যে, ভাঁৱৰীৰ স্বামীয়ে নিজৰ পত্নীক দলবদ্ধ ধৰ্ষণ হোৱাটো নিষ্ক্ৰিয়ভাৱে চাব নোৱাৰিলেহেঁতেন। ইয়াক একপক্ষীয় আৰু পক্ষপাতিত্ব হিচাপে লৈছিল মহিলা গোটবোৰে। অভিযুক্তসকলৰ ভিতৰত আছিল ককা-ভতিজাৰ এক যুটি আৰু ন্যায়াধীশে কয় যে, ভাৰতীয় গাঁৱৰ এজন আদবয়সীয়া লোকে নিজৰ ভতিজাৰ উপস্থিতিত দলবদ্ধ ধৰ্ষণত সম্ভৱ অংশগ্ৰহণ কৰিব নোৱাৰে।[14]

পৰিণতি[সম্পাদনা কৰক]

ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ৰাজ্যিক বিধায়ক কানহাইয়া লাল মীনাই ৰাজ্যৰ ৰাজধানী জয়পুৰত আদালতে দোষমুক্ত ঘোষণা কৰা পাঁচজন অভিযুক্তৰ বাবে বিজয় সমাৱেশৰ আয়োজন কৰে আৰু তেওঁৰ ৰাজনৈতিক দলৰ মহিলা শাখাই ভাঁৱৰীক মিছলীয়া আখ্যা দিবলৈ এই সমাৱেশত অংশগ্ৰহণ কৰে৷[16][13]

সামাজিক বৰ্জন[সম্পাদনা কৰক]

ভাঁৱৰী আৰু তেওঁৰ পৰিয়ালক ভাটেৰীৰ গাঁৱৰ মানুহ আৰু আন ঠাইত বাস কৰা নিজৰ জাতিৰ লোকে বৰ্জন কৰিছিল। মাকৰ মৃত্যুৰ সময়ত ককায়েক আৰু আন লোকে তাইক অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ নিদিলে। এই ঘটনাৰ পিছত ভাঁৱৰীয়ে প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ পৰা লাভ কৰা ২৫,০০০ টকাৰ ধনৰাশি তেওঁলোকৰ হাতত গতাই দিলে। তেওঁৰ ভাতৃদ্বয়ে এই ধন খৰচ কৰিছিল কুমাৰ জাতিৰ পঞ্চায়তৰ আয়োজনত, য'ত মানুহক তেওঁক পুনৰ সমাজত গ্ৰহণ কৰিবলৈ কোৱা হৈছিল। এই প্ৰচেষ্টাৰ পিছতো সমাজত তেওঁৰ গ্ৰহণযোগ্যতা নামমাত্ৰ হৈয়েই থাকিল আৰু তেওঁৰ পুত্ৰ মুকেশে নিজৰ ছোৱালীক বিয়া দিবলৈ মনোমত পৰিয়াল এটা বিচাৰি পোৱাত অসুবিধা পাইছিল।[14]

দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ সাংবাদিক সুখমণি সিঙে ২০০১ চনত ভাঁৱৰীৰ সাক্ষাৎকাৰ লৈ ৰিপ'ৰ্ট কৰিছিল: "উজ্জ্বল, স্পষ্টবাদী, জন্মগতভাৱে অতিথিপৰায়ণ, তেওঁ মুকলিকৈ মহিলা গোট আৰু চৰকাৰ উভয়ৰে বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল, যিসকলৰ সকলোৱে তেওঁক কাঠপুতলাৰ দৰেই বছৰ বছৰ ধৰি চাই আহিছে৷[17] তেওঁ আৰু লিখিছিল যে, ইমান বছৰৰ পিছত তাই "ক্লান্ত,তিক্ত আৰু বিৰক্ত" হৈ পৰিছে। ভাঁৱৰীয়ে ভাটেৰী এৰি যাব বিচাৰিছিল, কিন্তু তাৰ সামৰ্থ্য নাছিল বুলিও তেওঁ কৈছিল। তেওঁৰ উপাৰ্জনৰ একমাত্ৰ উৎস আছিল এটা ম'হ, কিয়নো তিনি বছৰৰ খৰাং পৰিস্থিতিৰ বাবে তেওঁৰ দুবিঘা মাটি অনুৎপাদনশীল হৈ পৰিছিল। ১৯৯৪ চনত নীৰ্জা ভানোট স্মৃতি বঁটাৰ অংশ হিচাপে লাভ কৰা ধনৰ অধিকাংশই মহিলাক সহায় কৰিবলৈ এটা ট্ৰাষ্টত জমা কৰি ৰখা হৈছিল।[18]

সন্মান[সম্পাদনা কৰক]

ভাঁৱৰীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিছিল। বেইজিংত ৰাষ্ট্ৰসংঘৰ মহিলাৰ চতুৰ্থ বিশ্ব সন্মিলনত অংশ ল'বলৈ তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল। ১৯৯৪ চনত তেওঁৰ "অসাধাৰণ সাহস, দৃঢ়তা আৰু দায়বদ্ধতাৰ" বাবে তেওঁক ১ লাখ নগদ ধন পুৰস্কাৰ হিচাপে থকা “নীৰ্জা ভানোট’’ স্মৃতি বঁটা প্ৰদান কৰা হয়।[19] ২০০২ চনত তেতিয়াৰ ৰাজস্থানৰ মুখ্যমন্ত্ৰী, অশোক গেহলটে ভাঁৱৰী দেৱীক আৱাসিক মাটি আবণ্টন দিয়ে আৰু সেই মাটিত ঘৰ নিৰ্মাণৰ বাবে ৪০,০০০ টকাৰ অনুদান ঘোষণা কৰে। লগতে তেওঁৰ পুত্ৰৰ শিক্ষাৰ বাবে অতিৰিক্ত ধন ১০,০০০ টকা অনুমোদন জনায়।[20]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Dalrymple, William (2004). "The sad tale of Bahveri Devi". The Age of Kali: Indian Travels and Encounters. Penguin Books India. পৃষ্ঠা. 97–110. ISBN 978-0-14-303109-3. https://books.google.com/books?id=psbFzupTAR8C&pg=FA97. 
  2. Mathur, Kanchan (10 October 1992). "Bhateri Rape Case: Backlash and Protest". Economic and Political Weekly খণ্ড 27 (41): 2221–2224. 
  3. Vij, Shivam (13 October 2007). "A Mighty Heart". Tehelka. http://archive.tehelka.com/story_main34.asp?filename=hub131007A_MIGHTY.asp. 
  4. 4.0 4.1 4.2 4.3 Pandey, Geeta (17 March 2017). "Bhanwari Devi: The rape that led to India's sexual harassment law". BBC. https://www.bbc.com/news/world-asia-india-39265653। আহৰণ কৰা হৈছে: 28 January 2018. 
  5. Rashme Sehgal, Rashme (19 February 2016). "Why we must join Bhanwari Devi in her fight for justice". Rediff.com. http://www.rediff.com/news/special/why-we-must-join-bhanwari-devi-in-her-fight-for-justice/20160219.htm. 
  6. 6.0 6.1 6.2 6.3 6.4 Kanchan Mathur (10 October 1992). "Bhateri Rape Case: Backlash and Protest". Economic and Political Weekly খণ্ড 27 (41): 2221–2224. 
  7. "Handbook on the Prohibition of Child Marriage Act, 2006". Ministry of Women and Child Development, Government of India; UNICEF; HAQ. Archived from the original on 21 October 2014. https://web.archive.org/web/20141021064048/http://www.unicef.org/india/Child_Marriage_handbook.pdf। আহৰণ কৰা হৈছে: 25 June 2014. 
  8. "Rajasthan govt issues advisory against child marriage". Times of India. 4 May 2014. http://timesofindia.indiatimes.com/india/Rajasthan-govt-issues-advisory-against-child-marriage/articleshow/34613271.cms। আহৰণ কৰা হৈছে: 25 June 2014. 
  9. Mathur, Kanchan (10 October 1992). "Bhateri Rape Case: Backlash and Protest". Economic and Political Weekly খণ্ড 27 (41): 2221–2224. 
  10. "ভাঁৱৰী". https://www.oneindia.com/2011/11/14/cbi-on-lookout-for-bhanwari-devi-cd-distributor.html। আহৰণ কৰা হৈছে: 6 March 2024. 
  11. Goonesekere, Savitri (2004). Violence, Law and Women's Rights in South Asia. SAGE. পৃষ্ঠা. 97–99. ISBN 9780761997962. 
  12. 12.0 12.1 12.2 12.3 Taisha Abraham (2002). "The Politics of Patriarchy and Sathin Bhanwari's Rape". Women and the politics of violence. Har-Anand Publications. পৃষ্ঠা. 277–279. ISBN 9788124108475. 
  13. 13.0 13.1 Pinki Virani (4 March 2001). "Long wait for justice". The Hindu. http://www.thehindu.com/2001/03/04/stories/13040611.htm. [সংযোগবিহীন উৎস]
  14. 14.0 14.1 14.2 14.3 14.4 14.5 Shivam Vij (13 October 2007). "A Mighty Heart". Tehelka. Archived from the original on 27 May 2012. https://web.archive.org/web/20120527074809/http://www.tehelka.com/story_main34.asp?filename=hub131007A_MIGHTY.asp. 
  15. 15.0 15.1 15.2 15.3 [The Age of Kali by William Dalrymple, p.136-38]
  16. Basu, Amrita (2015). Violent Conjectures in Modern India. Cambridge University Press. পৃষ্ঠা. 270. ISBN 978-1107089631. 
  17. Smriti Ananth (28 December 2001). "A film album supervised by Vishwamohan Bhatt". The Music Magazine. http://www.themusicmagazine.com/bhawandar.html। আহৰণ কৰা হৈছে: 7 April 2010. 
  18. Sukhmani Singh (23 November 2001). "Rape victim enters Bollywood filmscript but stays an outcast". Indian Express. http://www.ambedkar.org/News/News112701.htm. 
  19. "A Defiant Dalit Woman's Fight for Justice". PUCL Bulletin Vol. XIV No. 10. People's Union for Civil Liberties. October 1994. Archived from the original on 16 July 2011. https://web.archive.org/web/20110716082719/http://www.hrsolidarity.net/mainfile.php/1994vol01no01/1935/। আহৰণ কৰা হৈছে: 7 April 2010. 
  20. "Government extends financial help to Bhanwari Devi". Rediff.com. 10 January 2002. http://www.rediff.com/news/2002/jan/10rajas.htm.