সমললৈ যাওক

ভাৰতত মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইন্দিৰা গান্ধী ১৯৬৬ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হয়; গান্ধী আছিল প্ৰথম—আৰু এতিয়ালৈকে একমাত্ৰ মহিলা—যি এই পদত অধিষ্ঠিত হৈছিল

‘ৰাজনৈতিক অংশগ্ৰহণ’ শব্দটোৰ অৰ্থ অতি বহল। ই কেৱল ‘ভোটাধিকাৰ’ৰ সৈতে জড়িত নহয়৷ সমান্তৰালভাৱে ইয়াৰ সৈতে জড়িত হৈ আছে:সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া, ৰাজনৈতিক সক্ৰিয়তা, ৰাজনৈতিক চেতনা ইত্যাদি। ভাৰতত মহিলাসকলে ভোটদানত অংশগ্ৰহণ কৰে আৰু ৰাজহুৱা কাৰ্যালয় তথা নিম্নস্তৰৰ ৰাজনৈতিক দলৰ নিৰ্বাচনত পুৰুষতকৈ অধিক সংখ্যক হাৰত অৱতীৰ্ণ হয়। ৰাজনৈতিক সক্ৰিয়তা আৰু ভোটদান হৈছে মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণৰ আটাইতকৈ শক্তিশালী ক্ষেত্ৰ। ৰাজনীতিত লিংগ বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত চৰকাৰে স্থানীয় চৰকাৰৰ আসনৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে।

ভাৰতৰ সংসদীয় সাধাৰণ নিৰ্বাচনৰ সময়ত মহিলাৰ ভোটদানৰ হাৰ ৬৫.৬৩%, পুৰুষৰ ভোটদানৰ হাৰ ৬৭.০৯%। সংসদত মহিলাৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত ভাৰত তলৰ পৰা ২০ নম্বৰ স্থানত আছে।[1][2]ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ পদৰ লগতে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী পদতো মহিলা অধিষ্ঠিত হৈ আহিছে। ভাৰতীয় ভোটাৰসকলে বহু দশক ধৰি অসংখ্য ৰাজ্যিক বিধানসভা আৰু ৰাষ্ট্ৰীয় সংসদলৈ মহিলাসকলক নিৰ্বাচিত কৰি আহিছে।

মহিলাৰ অংশগ্ৰহণৰ প্ৰতি প্ৰত্যাহ্বান

[সম্পাদনা কৰক]

ৰাজনীতিত মহিলাৰ অংশগ্ৰহণৰ স্তৰ আৰু ৰূপসমূহ বহুলাংশে গঢ় লৈ উঠে হিংসা, বৈষম্য আৰু নিৰক্ষৰতাৰ ৰূপত অহা সাংস্কৃতিক আৰু সমাজৰ বাধা।

যৌন হিংসা

[সম্পাদনা কৰক]

মাৰ্থা নুছবামে মহিলাসকলে ৰাজনীতিত অংশগ্ৰহণ কৰাৰ ক্ষমতাত হোৱা এক উল্লেখযোগ্য বাধাক হিংসাৰ ভাবুকি বুলি আলোকপাত কৰিছিল।[3] শিক্ষা আৰু বিবাহৰ সমস্যাই ভাৰতত যৌন হিংসা আৰু অধিক ভয়াৱহ কৰি তুলিছে। নাৰীক যৌন নিৰ্যাতন কৰা হয়। বাল্য বিবাহ, ঘৰুৱা হিংসা আৰু কম সাক্ষৰতাৰ হাৰে ভাৰতীয় মহিলাৰ অৰ্থনৈতিক সুযোগ হ্ৰাস কৰিছে আৰু ভাৰতত যৌন হিংসাত অৰিহণা যোগাইছে।[4] ২০১১ চনৰ এক অধ্যয়নত দেখা গৈছে, "২৪% ভাৰতীয় পুৰুষে জীৱনৰ কোনো এটা সময়ত যৌন হিংসা সংঘটিত কৰিছে, ২০% পুৰুষে নিজৰ সংগীক তেওঁলোকৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছে আৰু ৩৮% পুৰুষে স্বীকাৰ কৰিছে যে তেওঁলোকে নিজৰ সংগীক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল।"[5]

ভাৰতৰ সংবিধানে জাতি আৰু লিংগৰ মাজত লিংগ বৈষম্য দূৰ কৰিলেও বৈষম্য মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণৰ ক্ষেত্ৰত ব্যাপক বাধা হৈয়েই আছে। ২০১২ চনত ৩,০০০ ভাৰতীয় মহিলাৰ মাজত সম্পন্ন হোৱা এক অধ্যয়নত নিৰক্ষৰতা, ঘৰুৱা কামৰ বোজা আৰু নেত্ৰী হিচাপে মহিলাৰ প্ৰতি বৈষম্যমূলক মনোভাৱকেই ৰাজনৈতিক অংশগ্ৰহণৰ ক্ষেত্ৰত মূল বাধা হিচাপে গণ্য কৰা হৈছে।[6]

নিৰক্ষৰতা

[সম্পাদনা কৰক]

২০১৪ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই ভাৰতৰ সকলো প্ৰাপ্তবয়স্কৰ ২৫.৬ শতাংশ নিৰক্ষৰ বুলি প্ৰকাশ কৰিছে।[7] ভাৰতীয় মহিলাৰ সাক্ষৰতাৰ হাৰ হৈছে ৬৫.৪৬%, যিটো পুৰুষৰ সাক্ষৰতা হাৰ ৮২.১৪%তকৈ বহু কম।[8]নিৰক্ষৰতাই মহিলাসকলৰ ৰাজনৈতিক ব্যৱস্থা আৰু বিষয়সমূহ বুজি পোৱাৰ ক্ষমতা সীমিত কৰি পেলায়। শোষণৰ সমস্যা, যেনে: মহিলাসকলক ভোটাৰ তালিকাৰ পৰা আঁতৰাই ৰখাৰ কথা প্ৰতিবেদনত সন্নিৱিষ্ট কৰা হৈছে৷ কাৰণ নিৰক্ষৰতাই মহিলাসকলৰ ৰাজনৈতিক অধিকাৰসমূহ ব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ ক্ষমতা সীমিত কৰি পেলায়।[9]

অংশগ্ৰহণৰ ক্ষেত্ৰত থকা বাধাসমূহ অতিক্ৰম কৰা

[সম্পাদনা কৰক]

বৈষম্য আৰু হিংসাৰ বিষয়সমূহ দূৰ কৰিবলৈ মহিলা সংগঠনসমূহে ভাৰতীয় মহিলাৰ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সৱলীকৰণ পৰিয়ালৰ সমৰ্থন আৰু পৰিয়ালৰ ভিতৰত উন্নত মৰ্যাদাৰ সৈতে জড়িত, যিটো ঘৰুৱা আৰু যৌন হিংসাৰ ভাবুকিৰ ফলত ক্ষতিগ্ৰস্ত হয়।[6] দৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ দৰে আৰ্থ-সামাজিক অৱস্থাই মহিলাসকলক ৰাজহুৱা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাত, আনকি ভোটদানতো বাধা প্ৰদান কৰে। পঞ্চায়ত ৰাজৰ নিয়ম বুজিব নোৱাৰাৰ ফলত ৰাজহুৱা পদবীত অংশগ্ৰহণৰ আত্মবিশ্বাস ক্ষতিগ্ৰস্ত হয়।[10]ভাৰতীয় মহিলাসকলৰ সৱলীকৰণ "শিক্ষাৰ ব্যৱধান দূৰ কৰা, লিংগ ভূমিকাৰ পুনৰালোচনা, লিংগ শ্ৰম বিভাজন আৰু পক্ষপাতদুষ্ট মনোভাৱৰ সৈতে মোকাবিলা কৰা"ৰ সৈতেও জড়িত হ'ব পাৰে।[6] মহিলাসকলক পৰিয়ালৰ দ্বাৰাও অংশগ্ৰহণ কৰিবলৈ ক্ষমতা প্ৰদান কৰিব পাৰি৷ পাৰিবাৰিক সমৰ্থন পালে তেওঁলোক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা বেছি।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. The Global Gender Gap Report 2012, World Economic Forum, Switzerland, page 16
  2. The Global Gender Gap Report 2013, World Economic Forum, Switzerland, Table 3b and 5, page 13 and 19
  3. Nussbaum, Martha C. (July 2005). "Women's Bodies: Violence, Security, and Capabilities". Journal of Human Development খণ্ড 6 (2): 173–174. doi:10.1080/14649880500120509. 
  4. Nussbaum, Martha C. (Winter 2002). "Sex, laws, and inequality: what India can teach the United States". American Academy of Arts and Sciences. Archived from the original on 15 January 2014. https://web.archive.org/web/20140115061953/http://www.amacad.org/publications/winter2002/Nussbaum.pdf। আহৰণ কৰা হৈছে: 27 March 2014. 
  5. "Indian men most sexually violent, says survey of six developing nations". Infochange Women. March 2011. Archived from the original on 27 June 2016. https://web.archive.org/web/20160627181853/http://infochangeindia.org/women/news/indian-men-most-sexually-violent-says-survey-of-six-developing-nations.html। আহৰণ কৰা হৈছে: 27 March 2014. 
  6. 6.0 6.1 6.2 6.3 International Center for Research on Women; UN Women (2012). Opportunities and Challenges of Women's Political Participation in India: A Synthesis of Research Findings from Select Districts in India. Archived from the original on December 16, 2013. https://web.archive.org/web/20131216110759/http://www.icrw.org/files/publications/India%20governance%20report%20synthesis%202013.pdf। আহৰণ কৰা হৈছে: 27 March 2014. 
  7. "India tops in adult illiteracy: U.N. report". The Hindu. 29 January 2014. http://www.thehindu.com/features/education/issues/india-tops-in-adult-illiteracy-un-report/article5629981.ece। আহৰণ কৰা হৈছে: 23 April 2014. 
  8. Census of India. "Literacy and Level of Education". Government of India. http://censusindia.gov.in/Census_And_You/literacy_and_level_of_education.aspx। আহৰণ কৰা হৈছে: 23 April 2014. 
  9. D.P., D.P.. "Impact of 73rd Amendment Act on Women's Leadership in the Punjab". Punjab University, Patiala. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304084424/http://www.vri-online.org.uk/ijrs/April2008/Impact%20of%2073rd%20Amendment%20Act%20India%20on%20Women.pdf। আহৰণ কৰা হৈছে: 23 April 2014. 
  10. Rai, Pragya. "Political Representation and Empowerment: Women in Local Government Institutions in Bihar, India". Stockholm University, Department of Political Science. http://www.statsvet.su.se/polopoly_fs/1.134674.1368528430!/menu/standard/file/Pragya%20Rai%20Report%20Forum.pdf। আহৰণ কৰা হৈছে: 9 April 2014.