সমললৈ যাওক

ভাৰতীয় চুক্তি আইন ১৮৭২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতীয় চুক্তি আইন ১৮৭২
ভাষ্য Act No. 9 of 1872

ভাৰতবৰ্ষত চুক্তি সম্পৰ্কীয় আইন ভাৰতীয় চুক্তি আইন ১৮৭২ (ইংৰাজী: Indian Contract Act, 1872) ত সন্নিৱিষ্ট কৰা হৈছে। এই আইনখন ইংৰাজ শাসনৰ সময়ত অনুমোদিত আৰু ই ইংৰাজ সাধাৰণ আইনৰ (British Common Law) নীতিসমূহৰ ওপৰত আধাৰিত। জম্মু আৰু কাশ্মীৰৰ বাদে সমগ্ৰ ভাৰততে ভাৰতীয় চুক্তি আইনখন প্ৰযোজ্য। এই আইনখনে কোনবোৰ পৰিস্থিতিত কোনো কামৰ বাবে দুটা দলৰ হোৱা চুক্তি আইনমতে পালনীয় হ'ব তাক নিৰ্ণয় কৰে। প্ৰত্যেকজন লোকেই প্ৰতিদিনে বিভিন্ন চুক্তিত জড়িত হৈ পৰে। এই চুক্তিসমূহৰ পৰা কিছুমান অধিকাৰ আৰু কৰ্ত্তব্যৰ সৃষ্টি হয়। ভাৰতীয় চুক্তি আইনে ভাৰতত এই অধিকাৰ আৰু কৰ্ত্তব্যসমূহৰ সুৰক্ষা তথা পালনৰ বিষয় সামৰি লয়।

১৮৬১ চনত ইংৰাজ শাসনকালত চেয়াৰমেন ছাৰ জন ৰমিলিৰ (Sir John Romilly) তত্তাৱধানত ছাৰ এডৱাৰ্ড ৰিয়ান, আৰ. ল'ৱ, জে. এম. মেকলইড, ছাৰ ডব্লিউ. আৰলি আৰু জাষ্টিছ ৱিলছক প্ৰাৰম্ভিক সদস্য হিচাপে লৈ গঠন কৰা তৃতীয় আইন আয়োগে (The Third Law commission) ভাৰতৰ বাবে চুক্তি আইনৰ এক প্ৰতিবেদন খচৰা হিচাপে দাখিল কৰে। এই খচৰা ১৮৭২ চনৰ ২৫ এপ্ৰিলত সেই বৰ্ষৰ নৱম আইন হিচাপে গৃহীত হয় আৰু ১৮৭২ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় চুক্তি আইনখন কাৰ্যকৰী হয়।

ভাৰতীয় চুক্তি আইন ১৮৭২ গৃহীত হোৱাৰ আগলৈকে ভাৰতত চুক্তিৰ বাবে কোনো সংগঠিত আইন নাছিল। দেশখনৰ মুখ্য নগৰসমূহ অৰ্থাৎ মাদ্ৰাজ, বম্বে আৰু কলিকতাত বিভিন্ন চুক্তিসমূহ ৰজা ১ম জৰ্জে ১৭২৬ চনত ইষ্ট ইণ্ডিয়া কোম্পানীলৈ অনুমোদন কৰা এক চনদমতে সম্পন্ন হৈছিল। ইয়াৰ পিছত ১৭৮১ চনত ইংৰাজ চৰকাৰ নিষ্পত্তি আইন বলৱৎ কৰে। নিষ্পত্তি আইন অনুসৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ে চুক্তি সম্পৰ্কীয় বিষয়সমূহৰ সোধা-পোছা কৰিছিল। পক্ষৰ ধৰ্ম অনুসৰি বিবাদসমূহৰ মীমাংসা হিন্দু আইন নাইবা মুছলিম আইনমতে হৈছিল। আন ধৰ্মৰ ক্ষেত্ৰত পদকীয়া আইন প্ৰযোজ্য আছিল। মূল নগৰকেইখনৰ বাহিৰৰ চুক্তিসমূহ ইংৰাজ চুক্তি আইনসমূহৰ মতে সম্পন্ন কৰা হৈছিল।

ক্ৰমবিকাশ

[সম্পাদনা কৰক]

গৃহীত হোৱাৰ সময়ত আইনখনৰ ২৬৬টা ধাৰা আছিল। আইনখন যথেষ্ট বহল পৰিসৰৰ আছিল আৰু ই নিম্নলিখিত বিষয়সমূহ সামৰি লৈছিল।

  • চুক্তি আইনৰ প্ৰাথমিক নীতিসমূহ (ধাৰা ১-৭৫)
  • সামগ্ৰী বিক্ৰীৰ সৈতে জড়িত চুক্তি (ধাৰা ৭৬-১২৯)
  • বিশেষ প্ৰকাৰৰ চুক্তি (ক্ষতিপূৰণ, নিশ্চিতি, জামিন আৰু বন্ধক অন্তৰ্ভুক্ত) (ধাৰা ১২৫-২৩৮)
  • অংশীদাৰী ব্যৱসায়ৰ সৈতে জড়িত চুক্তি (ধাৰা ২৩৯-২৬৬)

ভাৰতীয় চুক্তি আইনে সামগ্ৰী বিক্ৰয় আৰু অংশীদাৰী ব্যৱসায় সম্পৰ্কীয় সৰল আৰু প্ৰাথমিক নীতিসমূহ সামৰি লৈছিল। বাণিজ্য ক্ষেত্ৰখনৰ প্ৰগতিৰ ফলত উদ্ভৱ হোৱা নতুন নিয়ম-নীতিসমূহ সামৰি ল'বলৈ চুক্তি আইনখন যথেষ্ট নাছিল। গতিকে ১৯৩০ আৰু ১৯৩২ চনত সামগ্ৰী বিক্ৰয় আৰু অংশীদাৰী ব্যৱসায়ৰ বাবে দুখন নতুন আইন ক্ৰমে সামগ্ৰী বিক্ৰয় আইন ১৯৩০ আৰু অংশীদাৰী ব্যৱসায় আইন ১৯৩২ গৃহীত কৰা হয়।

বৰ্তমান সময়ত ভাৰতীয় চুক্তি আইনে নিম্নলিখিত বিষয়সমূহ সামৰিছে।

  • চুক্তি আইনৰ প্ৰাথমিক নীতিসমূহ (ধাৰা ১-৭৫)
  • বিশেষ প্ৰকাৰৰ চুক্তি (ক্ষতিপূৰণ, নিশ্চিতি, জামিন আৰু বন্ধক অন্তৰ্ভুক্ত) (ধাৰা ১২৫-২৩৮)[1]

আইনখনৰ ধাৰা ২(এইচ) মতে "আইনমতে বলৱৎ হোৱা যিকোনো বন্দৱস্তই"চুক্তি। অৰ্থাৎ বৈধ চুক্তিৰ বাবে এক বন্দৱস্ত আৰু থকাটো আৰু ই আইনমতে বলৱৎ হোৱাটো প্ৰয়োজনীয়।[2]

ধাৰা ২(ই) মতে "পৰস্পৰৰ বাবে লাভৰ সৃষ্টি কৰা সকলো অংগীকাৰ আৰু অংগীকাৰৰ সকলো সমষ্টি" বন্দৱস্ত।[2]

ধাৰা ২(বি) মতে "যেতিয়া এজক লোকে তেওঁক দিয়া প্ৰস্তাৱত মান্তি হয় তেতিয়া প্ৰস্তাৱটো গৃহীত হোৱা বুলি কোৱা হয়। যেতিয়া এটা প্ৰস্তাৱ গৃহীত হয় তেতিয়া ই এক অংগীকাৰ হৈ পৰে। "[2]

বৈধ চুক্তিৰ বাবে প্ৰয়োজনীয় চৰ্ত্ত

[সম্পাদনা কৰক]

ধাৰা ১০ অনুসৰি, "সকলোধৰণৰ বন্দৱস্তই চুক্তি, যদিহে এইসমূহ দুয়োপক্ষৰ মুকলি সন্মতি, চুক্তিৰ বাবে যোগ্যতাৰে, এক ন্যায্য সামগ্ৰীৰ সৈতে ন্যায্য লাভৰ বাবে হয়, আৰু যদি ইয়াক প্ৰকাশ্যে অবৈধ বুলি স্বীকৃত দিয়া নহয়। "

প্ৰস্তাৱ

[সম্পাদনা কৰক]

ভাৰতীয় চুক্তি আইন ১৮৭২ ধাৰা ২(এ) ত প্ৰস্তাৱৰ সংজ্ঞা এনেদৰে দিয়া হৈছে, "যেতিয়া এজন ব্যক্তিয়ে আন এজনৰ সন্মতি বিচাৰি কোনো এক কাম কৰাৰ বা কামটো কৰাৰ পৰা আঁতৰি থকাৰ ইচ্ছা আনজনক ব্যক্ত কৰে, তেতিয়া তেওঁক এটা প্ৰস্তাৱ দিয়া বুলি কোৱা হয়। " এইদৰেই এক ন্যায্য প্ৰস্তাৱ হ'বলৈ হ'লে কামটো কৰা বা নকৰাৰ ইচ্ছাৰ বিষয়ে ব্যক্ত কৰাটো জৰুৰী। কিন্তু কেৱল ইচ্ছা ব্যক্ত কৰিলেই ই ন্যায্য প্ৰস্তাৱ নহ'ব। এই ইচ্ছাৰ কথা প্ৰস্তাৱ পাওঁতাজনক তেওঁৰ সন্মতি বিচাৰি পোনপটীয়াকৈ জনাব লাগিব আৰু এই প্ৰস্তাৱত এন কোনো চৰ্ত্ত থাকিব নোৱাৰিব যিটো পূৰ্ণ নহ'লে প্ৰস্তাৱ গৃহীত হ'ল বুলি ধৰা যায়।

প্ৰস্তাৱৰ ভাগসমূহ: ১. সাধাৰণ প্ৰস্তাৱ : সকলোৰে বাবে। ২. বিশেষ প্ৰস্তাৱ : নিৰ্দিষ্ট লোকৰ বাবে। ৩. বিপৰীতমুখী প্ৰস্তাৱ : দুইপক্ষই পৰস্পৰক দিয়া একে প্ৰস্তাৱ। ৪. পৰিৱৰ্ত্তিত প্ৰস্তাৱ : মূল প্ৰস্তাৱৰ শুধৰণি। ৫. স্থিত প্ৰস্তাৱ : কোনো বিশেষ সময়লৈকে থকা প্ৰস্তাৱ।

প্ৰস্তাৱ গ্ৰহণ

[সম্পাদনা কৰক]

ধাৰা ২(বি) মতে "যেতিয়া এজন লোকে তেওঁক দিয়া প্ৰস্তাৱত মান্তি হয় তেতিয়া প্ৰস্তাৱটো গৃহীত হোৱা বুলি কোৱা হয়। যেতিয়া এটা প্ৰস্তাৱ গৃহীত হয়। "

ন্যায্য প্ৰস্তাৱ গ্ৰহণৰ নিয়মসমূহ:

১. প্ৰস্তাৱ গ্ৰহণ পোনপটীয়া আৰু খাটাং হ'ব লাগিব।

২. প্ৰস্তাৱ দিওঁতাক সন্মতিৰ বিষয়ে পোটপটীয়াকৈ জনাব লাগিব।

৩. প্ৰস্তাৱটো নিৰ্ধাৰিত উপায়েৰে গ্ৰহণ কৰিব লাগিব।

8. নিৰ্দিষ্ট কৰি দিয়া নাইবা এক যুক্তিসংগত সময়ৰ ভিতৰত প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব।

৫. মৌনতাক প্ৰস্তাৱ গ্ৰহণ হিচাপে ধৰা নহয়।

৬. দুয়োপক্ষ বিষয়টোত সন্মত হ'ব লাগিব।

ধাৰা ২(ডি) ত সংজ্ঞা অনুসৰি, "when at the desire of the promisor, the promisee or any other person, has done or abstained from doing, or does or abstains from doing, or promises to do or abstain from doing, something, such act or abstinence or promise is called a consideration for the promise."[3]

বন্দৱস্ত এটা দুয়োপক্ষৰে একোটা ন্যায়সংগত লাভৰ (consideration) বাবে হ'ব লাগিব।

সেই লাভ আইনসংগত নহ'ব যদিহে ই:

  1. আইনৰদ্বাৰা নিষিদ্ধ।
  2. এনে প্ৰকৃতিৰ, যাক অনুমোদন জনালে কোনো আইন ভংগ হয়।
  3. এক জালিয়াতি, অথবা কোনো ব্যক্তি তথা আনৰ সম্পত্তিৰ অনিষ্ট সাধন কৰে।
  4. ন্যায়ালয়ে ইয়াক নীতিবিৰুদ্ধ, অথবা জনগণৰ নীতিৰ বিপক্ষে যায়, আৰু
  5. লাভ বিভিন্ন ৰূপৰ যেন টকা, সামগ্ৰী, সেৱা, বিবাহৰ অংগীকাৰ, ভৱিষ্যতে কাৰ্য পালনৰ অংগীকাৰ আদি হ'ব পাৰে।

সংশ্লিষ্ট পক্ষৰ যোগ্যতা

[সম্পাদনা কৰক]

আইধখনৰ ধাৰা ১১ অনুসৰি এক বৈধ চুক্তিৰ বাবে পক্ষসমূহৰ নিম্নলিখিত যোগ্যতা থাকিব লাগিব।

  1. তেওঁ নাবালক হ'ব নালাগিব। ভাৰতীয় প্ৰাপ্তবয়স্ক আইন ১৮৭৫ মতে ১৮ বছৰৰ অনূৰ্ধ্ব্বজনেই নাবালক।
  2. চুক্তিৱদ্ধ হোৱাৰ সময়ত তেওঁ মানসিকভাৱে সুস্থ অৱস্থাত থাকিব লাগিব।
  3. তেওঁ এনে এজন ব্যক্তি হ'ব নালাগিব যাক আইনে ব্যক্তিগতভাৱে অযোগ্য ঘোষণা কৰিছে।

মুক্ত সন্মতি

[সম্পাদনা কৰক]

ধাৰা ১৩ অনুসৰি, দুজন বা ততোধিক ব্যক্তিক তেতিয়াই সন্মত হোৱা বুলি কোৱা হয় যেতিয়া তেওঁলোকে কোনো এক বিষয়ত একে অৰ্থত একমত হয়।[4]

সন্মতি এটা তেতিয়াই মুক্ত হয় যেতিয়া ই বাধ্যকৰণ (ধাৰা ১৫), দমনীয় প্ৰভাৱ (ধাৰা ১৬), জাল (ধাৰা ১৭), অপবৰ্ণনা (ধাৰা ১৮) আৰু ভুলৰদ্বাৰা (ধাৰা ১৯) প্ৰভাৱিত নহয়।

চুক্তিৰ প্ৰকাৰ

[সম্পাদনা কৰক]

চুক্তিৰ নিৰ্বাহ বা বাতিলকৰণ

[সম্পাদনা কৰক]

চুক্তি এটা নিম্নলিখিত ধৰণে নিৰ্বাহ অথবা ৰদ কৰা হ'ব পাৰে।

১. একমত যোগে নিৰ্বাহ (ধাৰা ৬২, ৬৩)

দুয়োপক্ষৰ মুক্ত সন্মতি থাকিলে চুক্তি এটা নিৰ্বাহ কৰিব পৰা যায়।[5]

২. ৰূপায়ণৰ যোগে নিৰ্বাহ (ধাৰা ৩৭, ৩৮)

চুক্তি অনুসৰি কাৰ্য সমাপন হ'লেই সেই চুক্তি নিৰ্বাহ হয়।[6]

৩. আইনী প্ৰক্ৰিয়াৰ যোগে নিৰ্বাহ

চুক্তিৱদ্ধ ব্যক্তিৰ মৃত্যু হ'লে অথবা তেওঁ দেউলীয়া অৱস্থাত পৰিলে আইনে হস্তক্ষেপ কৰি চুক্তিখন বাতিল কৰে। কোনো ক্ষেত্ৰত যদি পূৰ্বৰ অধিকাৰ নতুন অধিকাৰৰ মাজত বিলীন হৈ যায় তেন্তে পূৰ্বৰ অধিকাৰ সম্বন্ধীয় চুক্তি বাতিল হৈ যায়।[7]

৪. চুক্তি ভংগকৰণৰ যোগে নিৰ্বাহ (ধাৰা ৩৯)

কোনো পক্ষই চুক্তি অনুসাৰে কাৰ্য নকৰিলে সেই চুক্তি বাতিল হয়। এইক্ষেত্ৰত ক্ষতিগ্ৰস্ত আনটো পক্ষই প্ৰথম পক্ষৰ বিপক্ষে আইনৰ কাষ চাপিব পাৰে।[8]

৫. ৰূপায়ণ কৰাৰ সম্ভাৱনাহীনতাৰ যোগে (ধাৰা ৫৬)

চুক্তি এটা ৰূপায়ণ কৰাটো প্ৰকৃতপক্ষে অসম্ভৱ হৈ পৰিলে ই নিৰ্বাহ হয়।[9]

৬. সময় উকলাৰ ফলত

চুক্তি ৰূপায়ণৰ সময় উকলি গ'লে ই বাতিল হৈ যায়। ম্যাদ আইন ১৯৪০ (The Limitation Act 1940) অনুসৰি এটা চুক্তি নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়িত কৰিব লাগে।[10]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Business Regulatory Framework by Garg K. C., Sareen V. K., Sharma Mukesh, Chawla R. C. Kalyani Publishers (fifth edition 2008). Page 4-5. ISBN 978-81-272-3584-0
  2. 2.0 2.1 2.2 Business Regulatory Framework by Garg K. C., Sareen V. K., Sharma Mukesh, Chawla R. C. Kalyani Publishers (fifth edition 2008). Page5. ISBN 978-81-272-3584-0
  3. Business Regulatory Framework by Garg K. C., Sareen V. K., Sharma Mukesh, Chawla R. C. Kalyani Publishers (fifth edition). Page35. ISBN 978-81-272-3584-0
  4. Business Regulatory Framework. pg 3 (U2)
  5. Business Regulatory Framework. pg 5 (U2)
  6. Business Regulatory Framework. pg 5-6 (U2)
  7. Business Regulatory Framework. pg 6-7 (U2)
  8. Business Regulatory Framework. pg 7-8 (U2)
  9. Business Regulatory Framework. pg 11-12 (U2)

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]