সমললৈ যাওক

ভাৰতীয় পেনোৰামা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতীয় পেনোৰামাৰ কাহিনীচিত্ৰ শাখাৰ উদ্বোধনী মঞ্চত অসমীয়া কথাছবি বান্ধোনৰ প্ৰদৰ্শনীৰ আগমুহূৰ্তত ছবিখনৰ পৰিচালক জাহ্নু বৰুৱাৰ বক্তব্য, ২০১২ চনত গোৱাৰ পানাজীত অনুষ্ঠিত ৪৩তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱস্থলীত (IFFI-2012)

ভাৰতীয় পেনোৰামা (ইংৰাজী: Indian Panorama) হৈছে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই)ৰ এক মূল উপাদান; যাৰ উদ্যোগত শ্ৰেষ্ঠ হিচাপে বিবেচিত ভাৰতীয় ছবিসমূহক ছবিকলাৰ প্ৰচাৰৰ বাবে নিৰ্বাচিত কৰা হয়।[1]

সংক্ষিপ্ত ইতিহাস

[সম্পাদনা কৰক]

ভাৰতীয় পেনোৰামাৰ জন্ম হৈছিল ১৯৭৮ চনত। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এক অংশ হিচাপেই পেনোৰামাক পৰিচয় কৰোৱা হৈছিল। ভাৰতীয় ছবি আৰু ভাৰতৰ সমৃদ্ধিশালী সংস্কৃতি তথা ঐতিহ্যক ছবিসমূহৰ মাধ্যমেৰে প্ৰচাৰ-প্ৰসাৰ কৰাটোৱেই আছিল পেনোৰামাৰ মূল উদ্দেশ্য। তেতিয়াৰ পৰাই পেনোৰামাই বছৰটোৰ শ্ৰেষ্ঠ ভাৰতীয় ছবিসমূহ প্ৰদৰ্শনৰ দিহা কৰি আহিছে।[1]

বাছনি প্ৰক্ৰিয়া

[সম্পাদনা কৰক]

ভাৰতীয় পেনোৰামাৰ সংগঠক হৈছে ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ চলচ্চিত্ৰ মহোৎসৱ দপ্তৰ। তেওঁলোকৰ উদ্যোগত ভাৰতীয় পেনোৰামাই প্ৰত্যেক বছৰৰ শ্ৰেষ্ঠ ছবিসমূহক কাহিনী আৰু অ-কাহিনী শাখা দুটাত শ্ৰেণীভুক্ত কৰে। এই ছবিসমূহত চলচ্চিত্ৰীয়, বিষয়বস্তুগত আৰু নান্দনিক উৎকৃষ্টতা থাকিব লাগিব। ছবিসমূহৰ প্ৰদৰ্শনী অ-লাভজনক অৰ্থাৎ Non-profit Screening। শেহতীয়া নিয়ম অনুসৰি, কাহিনীমূলক শাখাত ২৬খন ছবি আৰু অ-কাহিনীমূলক শাখাত সৰ্বমুঠ ২১খন ছবি বাছনি হয়। কাহিনী আৰু অকাহিনীমূলক দুয়োটা শাখাত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শ্ৰেষ্ঠ ভাৰতীয় ছবিখনো সন্নিৱিষ্ট হৈ থাকে। বাছনি হোৱা এই ছবিসমূহ পেনোৰামাই তাৰপিছত ভাৰত আৰু অন্য দেশত অনুষ্ঠিত হোৱা ছবি মহোৎসৱবোৰত প্ৰদৰ্শন কৰে।[1]

প্ৰদৰ্শনী

[সম্পাদনা কৰক]

ছবিসমূহ নিম্নোক্ত স্থলীসমূহত প্ৰদৰ্শিত হ'ব পাৰে-

  • ভাৰতৰ বাহিৰে-ভিতৰে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত,
  • দ্বি-পাক্ষিক সংস্কৃতি-বিনিময় কাৰ্যসূচীৰ অধীনস্থ ভাৰতীয় ছবি সপ্তাহত,
  • সাংস্কৃতিক বিনিময় প্ৰট'কলৰ বাহিৰত অনুষ্ঠিত বিশেষ ভাৰতীয় ছবি মহোৎসৱত,
  • ভাৰতত অনুষ্ঠিত হোৱা বিশেষ ভাৰতীয় পেনোৰামা মহোৎসৱত।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "Indian Panorama". http://www.dff.gov.in/IndianPanorama.aspx আহৰণ কৰা হৈছে: 11 October 2020.