ভুৱন মোহন দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

ড৹ ভুবন মোহন দাস (১৯৩১−) হৈছে অসমৰ এজন আৱয়বিক নৃতত্ত্ব গৱেষক। তেখেত উত্তৰ-পূৱ ভাৰতৰ এগৰাকী আন্তজাৰ্তিক খ্যাতিসম্পন্ন নৃতত্ত্ববিদ।[1]

জন্ম[সম্পাদনা কৰক]

১৯৩১ চনত ছিপাঝাৰত জন্মগ্ৰহণ কৰা ভুবন মোহন দাস জন্মসূত্ৰেই গৱেষণাৰ প্ৰতি আকৃষ্ট হোৱা যেন লাগে বুলি ড৹ অনিমা গুহে অনুভৱ কৰিছে।

বংশ পৰিচয়[সম্পাদনা কৰক]

দেশ-বিদেশৰ নৃতত্ত্ববিদসকলৰ মাজত স্থান পাবলৈ সক্ষম হোৱা ড৹ ভুবন মোহন দাসৰ পিতৃ হৰমোহন দাস এগৰাকী ভাল শিক্ষক আছিল। তেখেতে হাইস্কুলীয়া কিতাপ সংগ্ৰহ আৰু প্ৰণয়ন কৰিছিল।

শিক্ষা[সম্পাদনা কৰক]

ড৹ ভুবন মোহন দাসে কটন কলেজত অধ্যনৰত অৱস্থাত কলেজৰ নৃতত্ব বিভাগে আকৰ্ষণ কৰে। পৰবৰ্তী সময়ত ১৯৫১ চনত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি কলিকতা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত নৃতত্ত্ব অধ্যনৰ এখন বহল ক্ষেত্ৰত ভৰি থ'লে। ১৯৫৩ চনত এম.এছ.চিত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ কটন কলেজৰ নৃতত্ত্ববিদৰ প্ৰবক্তা হিচাপে যোগদান কৰিলে। ১৯৫৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক ড এছ. এছ .সৰকাৰৰ নিৰ্দেশত আৱয়বিক নৃতত্ত্ববিদ্যাৰ গৱেষণা কৰি "Somantic variability among some populations of South Goalpara,Assam" শীৰ্ষক গৱেষণা গ্ৰন্থ লিখি পি .এইচ. ডি. ডিগ্ৰী লাভ কৰে। ১৯৫৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ববিদ্যা বিভাগত প্ৰবক্তাৰূপত যোগদান কৰি পৰৱৰ্তী সময়ত অধ্যাপক পদলৈ উন্নীত হয়। ১৯৯৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰি ১৯৭৩-৭৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মূৰব্বী অধ্যাপক আৰু ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

কৰ্মৰাজি[সম্পাদনা কৰক]

ড৹ ভুবন মোহন দাস একাধাৰে আন্তজাৰ্তিক নৃতত্ত্ববিদ,নৃতত্ত্ববিষয়ক পাঠ্যপুথিৰ লেখক,বিজ্ঞান সাহিত্যৰ লেখক,প্ৰবন্ধকাৰ,সংকলক ইত্যাদি। ড৹ ভুবন মোহন দাসৰ ৰচনাৰাজীৰ ভিতৰত:

  1. গৱেষণা গ্ৰন্থ:
    1. Somantic variability among some populations of South Goalpara,Assam(1959)
  2. ৰাভা জনগোষ্ঠী বিষয়ক গ্ৰন্থ:
    1. Ethnic Affinities of the Rabhas
  3. বিজ্ঞান সাহিত্য বিষয়ক গ্ৰন্থ:
    1. বিৱৰ্তনৰ পথত মানৱ(১৯৬৭),
    2. অসমৰ মানুহঃ প্ৰজাতি আৰু সংস্কৃতি-এটি দৃষ্টিপাত(১৯৮৬)
    3. নৃত্ত্বৰ চমু আভাষ(১৯৭৭)
    4. অসমীয়া সংস্কৃতিঃ নৃতাত্ত্বিক বিচাৰ(২০০০)[2]
    5. অসমীয়া মানুহৰ নৃবৈজ্ঞানিক পৰিচয়(২০০৩)
  4. নৃতত্ত্ববিষয়ক পাঠ্যপুথি:
    1. The outline of physical Anthropology
  5. খাচীসকলৰ আৱয়বিক চৰিত্ৰৰ সমলেৰে জাৰ্মানিত প্ৰচলিত আধুনিক পদ্ধতিৰে বিশ্লেষণ কৰি ডি.এছ.চি.ডিগ্ৰীৰ বাবে কলিকতা বিশ্ববিদ্যালয়ত জমা দিয়ে আৰু সেই থেছিছ গুৱাহাটীৰ 'দত্তবৰুৱা এণ্ড কোম্পানী'য়ে "Variation in physical characteristics in the khasi Populations of North-East India" শীৰ্ষক গ্ৰন্থত প্ৰকাশ কৰে।
  6. ৰাঁচী বিশ্ববিদ্যালয়ত নৃতত্ত্ববিদ বিভাগত অনুবিৱৰ্তন সম্পৰ্কে এলানি বক্তৃতা একত্ৰিত কৰি দিল্লীৰ কনছেণ্ট পাবিছাৰে"Micro evolution" নামেৰে গ্ৰন্থ প্ৰকাশ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড৹ অনিমা গুহ (সাতসৰী, চতু্ৰ্থ বছৰ, প্ৰথম সংখ্যা, আগষ্ট, ২০১৮ চন). আৱয়বিক নতৃত্ত্ব গৱেষণাৰ পথিকৃত ড৹ ভুবন মোহন দাস. 
  2. দাস, ভুবন মোহন ড ̊ (২০০০). অসমীয়া সংস্কৃতি : নৃতাত্বিক বিচাৰ. প্ৰকাশক ডিব্ৰুগড়: অসমীয়া বিভাগ (ডিব্ৰুগড় বিশ্ববিদ্যালয়). http://opac.nationallibrary.gov.in/cgi-bin/gw/chameleon?sessionid=2016091421275605820&skin=nl&lng=en&inst=consortium&host=localhost%2b1111%2bDEFAULT&patronhost=localhost%201111%20DEFAULT&searchid=83&sourcescreen=INITREQ&pos=1&itempos=1&rootsearch=SCAN&function=INITREQ&search=AUTHID&authid=862864&authidu=4। আহৰণ কৰা হৈছে: 15 August 2019.