ভূষণ দ্বিজ
অৱয়ব
| ভূষণ দ্বিজ | |
|---|---|
| জন্ম | জানুৱাৰী ১৫০৮ দিগা নগৰ, বৰনগৰ, বৰপেটা, অসম |
| মৃত্যু | ১৫৭৭ (বয়স ৬৮–৬৯) |
| পেচা | সাহিত্য সৃষ্টি |
| ভাষা | কামৰূপী উপভাষা |
| উল্লেখনীয় কৰ্মৰাজি | গুৰু চৰিত, শংকৰ চৰিত |
ভূষণ দ্বিজ (জন্ম ১৫০৮ খ্ৰীষ্টাব্দ) অতীতৰ কামৰূপৰ বৰপেটাৰ দিগা নগৰ, বৰনগৰত জন্মগ্ৰহণ কৰা সাহিত্যিক আছিল। গুৰু চৰিত আৰু শংকৰ চৰিত নামৰ জীৱনী গ্ৰন্থৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত আছিল।[1]
ভূষণ দ্বিজ শংকৰদেৱৰ শিষ্য চক্ৰপাণিৰ নাতি আছিল। তেওঁ তেওঁৰ পূৰ্বপুৰুষসকলৰ বেছিভাগেই এৰি থৈ যোৱা শংকৰদেৱৰ জীৱনৰ বিৱৰণীৰে “শংকৰ চৰিত’’ সংকলন কৰিছিল।[2]