ভেদাই লতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাদুৰী লতা (Skunkvine)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Gentianales
পৰিয়াল: Rubiaceae
গণ: Paederia
প্ৰজাতি: P. foetida
বৈজ্ঞানিক নাম
Paederia foetida
L.[1]
সমাৰ্থক
List source :[2]

ভেদাই লতা, পাদুৰী লতা বা পাদ্ৰী লেৱা (বৈজ্ঞানিক নাম: Paederia foetida; কাছাৰ: মুকুন্দ লতা; গাৰো: পাছুম; কছাৰী: চা-খি-ফু; কুকি: ৱেই-নাম-ব্ৰাং; খাচিয়া: মেই-ইন্-টু[3]) এবিধ গুল্মজাতীয় উদ্ভিদ। ইংৰাজীত এই লতাক ভিন্ন নাম যেনে 'skunkvine', 'stinkvine', বা 'Chinese fever vine' বুলি জনা যায়।[4]

এই লতাৰ পাত বা কাণ্ড মুচৰি দিলে চালফাৰৰ দৰে গন্ধ (sulphurous odour) ওলায়। এই গন্ধৰ কাৰণ হ’ল পাদুৰী লতাৰ পাত বা কাণ্ডত ছালফাৰৰ যৌগ যেনে ডাইমিথাইল ডাইছালফাইড (dimethyl disulphide) থাকে। মোহোৰি দিলে এই যৌগ থকা তেল বাহিৰ হয় আৰু তীব্ৰ গন্ধ ওলায়।[5][6] এইকাৰণতে লতাবিধৰ অসমীয়া নাম পাদুৰী লতা।

বিস্তৃতি[সম্পাদনা কৰক]

পাদুৰী লতা ক্ৰান্তীয় এছিয়াৰ থলুৱা উদ্ভিদ কিন্তু বৰ্তমান পলনেছিয়া, মেলানেছিয়া আৰু উত্তৰ আমেৰিকাতো পোৱা গৈছে।[2] এছিয়াৰ বাংলাদেশ, ভূটান, কম্বোডিয়া, টাইৱান, চীন, ভাৰত, ইণ্ডোনেছিয়া, জাপান, লাওছ, মালয়েছিয়া, নেপাল, ম্যানমাৰ, ফিলিপিনছ, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, থাইলেণ্ড আৰু ভিয়েটনামত এই লতাবিধ পোৱা যায়।[2]

বিৱৰণ[সম্পাদনা কৰক]

পাদুৰী লতাৰ মূল লতাডালে গছৰ ওপৰলৈ আৰোহণ কৰোঁতে ঘড়ীৰ কাঁটাৰ বিপৰীতমুখী পথ অনুসৰণ কৰে। পাতবিলাক পত্ৰবৃন্তত বিপৰীতমুখ, দৈৰ্ঘ্য প্ৰায় ৬ ছেণ্টিমিটাৰ আৰু প্ৰস্থ ২ ছেণ্টিমিটাৰ।[3]

এই লতাৰ ফুল গুলপীয়া আৰু ফুলৰ মুখ বেঙুণীয়া। ইয়াৰ দলমণ্ডল বেহি সদৃশ। বেটুপাতৰ দাঁত সূক্ষ্ম, সাধাৰণতে তিনিকোণীয়া। নলীৰ অন্তৰভাগ লোমযুক্ত।

পাদুৰী লতাৰ ফল বৃত্তাকাৰ, ৰঙচুৱা, শোটোৰাপৰা আৰু পাখিযুক্ত।[3]

ব্যৱহাৰ[সম্পাদনা কৰক]

পাদুৰী লতা পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ হয়।[7] তদুপৰি ভাৰতৰ উত্তৰ-পূব আৰু পূবৰ ৰাজ্যকেইখনত এই লতা পৰম্পৰাগত খাদ্যতো ব্যৱহাৰ কৰা হয়।

চিত্ৰভঁৰাল[সম্পাদনা কৰক]

তথ্যউৎস[সম্পাদনা কৰক]

  1.   This species was first described botanically and published in Mantissa Plantarum 1: 52. 1767. "Name - Paederia foetida L.". Tropicos. প্ৰকাশক Saint Louis, Missouri: Missouri Botanical Garden. http://www.tropicos.org/Name/27902990। আহৰণ কৰা হৈছে: August 9, 2010. 
  2. 2.0 2.1 2.2 USDA, ARS, Germplasm Resources Information Network. ভেদাই লতা in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on August 9, 2010.
  3. 3.0 3.1 3.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭), অসমৰ উদ্ভিদ কোষ, অসম প্ৰকাশন পৰিষদ.
  4. "Ecology of Paederia foetida". ISSG Database. Invasive Species Specialist Group (IUCN and SSC. Archived from the original on June 11, 2011. https://web.archive.org/web/20110611182004/http://www.issg.org/database/species/ecology.asp?si=632। আহৰণ কৰা হৈছে: August 9, 2010. 
  5. Chanda, Silpi; Sarethy, Indira P.; De, Biplab; Singh, Kuldeep (2013-12-01). "Paederia foetida — a promising ethno-medicinal tribal plant of northeastern India" (en ভাষাত). Journal of Forestry Research খণ্ড 24 (4): 801–808. doi:10.1007/s11676-013-0369-2. ISSN 1993-0607. https://doi.org/10.1007/s11676-013-0369-2. 
  6. K.C.Wong; G.L.Tan (Jan–Feb 1994). "Steam volatile constituents of the aerial parts of Paederia foetida L. (abstract)". Flavour and Fragrance Journal (Universiti Sains Malaysia, Penang, Malaysia: John Wiley & Sons, Inc.) খণ্ড 9 (1): 25– 28. doi:10.1002/ffj.2730090106. 
  7. Chanda, Silpi; Deb, Lokesh; Tiwari, Raj Kumar; Singh, Kuldeep; Ahmad, Sayeed (2015-09-03). "Gastroprotective mechanism of Paederia foetida Linn. (Rubiaceae) – a popular edible plant used by the tribal community of North-East India". BMC Complementary and Alternative Medicine খণ্ড 15 (1): 304. doi:10.1186/s12906-015-0831-0. ISSN 1472-6882. PMID 26335308. PMC 4557762. https://doi.org/10.1186/s12906-015-0831-0.