ভেদেলি লতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা



Saprosma ternatum
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Tracheophyta
শ্ৰেণী: Magnoliopsida
বৰ্গ: Gentianales
পৰিয়াল: Rubiaceae
গণ: Saprosma
প্ৰজাতি: Saprosma ternatum
বৈজ্ঞানিক নাম
Saprosma ternatum
(Wall.) Hook.f.
সমাৰ্থক

Serissa ternata (Wall.) Kurz
Saprosma ternatum var. glabrum
Paederia ternata Wall.

ভেদেলি লতা (বৈজ্ঞানিক নাম: Saprosma ternatum) ৰুবিয়েচি (Rubiaceae) পৰিয়ালৰ এবিধ জোপোহা আকৃতিৰ সৰু আকাৰৰ চিৰসেউজীয়া গছ।[1] অসমীয়া সংস্কৃতিত এই লতাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

বিৱৰণ[সম্পাদনা কৰক]

ভেদেলি লতা জোপোহা আকৃতিৰ গছ। গা-গছ আৰু ঠাল-ঠেঙুলিৰ বাকলিৰ উপৰিভাগ মুগা চানেকীয়া। বাকলিত দীঘল ফাট মেলা দেখা যায়।

এই লতাত পাতত বিন্যাস প্ৰায় চক্ৰাকাৰ। পাতবোৰ মুচৰি দিলে এবিধ উৎকট গন্ধ ওলায়। পাতৰ উপৰিভাগ খহটা। পাৰ ঘাই সিৰাডাল দুয়োকাষে বিকাশ লাভ কৰি সমান্তৰালভাৱে ওপৰৰ ফালে বাগৰি যায়।[1]

ভেদেলি লতাৰ ফুলৰ বৰণ বগা। ফুলবোৰ পুৰঠ হ’লে ফলৰ উৎপন্ন হয়। এই ফলবোৰ পকিলে ক’লা হয়। [1]

সংস্কৃতিত[সম্পাদনা কৰক]

ভেদেলি লতাই অসমৰ বিহুগীতত স্থান পাইছে। উদাহৰণস্বৰূপে,

চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি

ফুলিলে ভেদেলি লতা;

কৈয়ো থাকো মানে ওৰকে নপৰে

প্ৰাণ বান্ধৈৰে কথা।

চিত্ৰভঁৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ.