ভেনিছিয়ান ব্লাইণ্ড
ভেনিছিয়ান ব্লাইণ্ড(ইংৰাজী: Venetian Blind) এবিধ পৰ্দা৷ আজিকালি বিভিন্ন আধুনিক কাৰ্যালয়,ভৱন আদিত পাতল ধাতু,ভিনাইল বা প্লাষ্টিকৰ দীঘল আৰু পাতল কিছুমান পাট বা আচ্ছাদনেৰে নিৰ্মিত এবিধ পৰ্দা দেখা যায়৷ এই পৰ্দাবিধৰ নাম ভেনিছিয়ান ব্লাইণ্ড৷ [1]
ইতিহাস
[সম্পাদনা কৰক]এনে ভেনিছিয়ান ব্লাইণ্ডৰ লগত ভেনিছ শব্দটো জড়িত হৈ থাকিলেও ধাৰণা কৰা মতে এনে ধৰণৰ পৰ্দাৰ জন্মস্থান পাৰস্যহে৷ দেশে-বিদেশে বেপাৰ-বণিজ কৰি ফুৰা ভেনিছৰ সদাগৰসকলে হয়তো পাৰস্যত এনেধৰণৰ পৰ্দা দেখা পালে আৰু ভেনিছলৈ ঘূৰি আহি তাকে সামান্য উন্নত কৰি অষ্টাদশ শতিকাত ভেনিছ আৰু পেৰিছত তাক প্ৰচলন কৰিলে৷ ১৭৬৯ চনত ইংৰাজ ডিজাইনাৰ এডৱাৰ্ড বেৰানে Edward Beran কাঠৰ টুকুৰাৰে ভেনেছিয়ান ব্লাইণ্ড সাজি ইংলণ্ডতো তেনে পৰ্দাৰ প্ৰচলন কৰিলে৷ এতিয়াৰ ভেনিছিয়ান ব্লাইণ্ডবোৰ সাধাৰণতে পাতল ধাতু,প্লাষ্টিক,টান বস্ত্ৰ বা ভিনাইলেৰে সজা হয়৷[1]
ব্যৱহাৰ
[সম্পাদনা কৰক]এই পৰ্দাৰ দীঘল পাটবোৰ এটা ফ্ৰেমৰ ভিতৰত শাৰী শাৰীকৈ সজাই থোৱা থাকে আৰু সেইবোৰৰ অৱস্থান সলনি কৰি কোনো কোঠাৰ ভিতৰলৈ সোমোৱা পোহৰ ৰশ্মি কম-বেছি কৰিব পাৰি৷ ভেনিছিয়ান ব্লাইণ্ডৰ দীঘল টুকুৰাবোৰ সাধাৰণতে টান সূতা বা ৰচীৰে সংযোগ কৰা থাকে আৰু সেই টুকুৰাবোৰ টনাটনি কৰি অনুভূমিক বা উলম্ব কৰিব পৰা যায়৷ যেতিয়া টুকুৰাবোৰ দুৱাৰ বা খিৰিকীৰ সমতলৰ উলম্ব অৱস্থানত ৰখা হয়,তেতিয়া টুকুৰাবোৰে সামান্য বোধেৰেহে পোহৰ বাধা দিব পাৰে আৰু যথেষ্ট পৰিমাণৰ পোহৰ কোঠাটোলৈ সোমাই আহিব পাৰে৷ আমহাতে দুৱাৰ বা খিৰিকীৰ সমতলৰ অনুভূমিক অৱস্থানত থাকিলে সেইবোৰ তাৰ সম্পূৰ্ণ প্ৰস্থেৰে পোহৰ বাধা দিব পাৰে আৰু ফলত অতি কম পৰিমাণৰ পোহৰ সোমাই আহিব পাৰে৷[1]
চিত্ৰৰ ভঁৰাল
[সম্পাদনা কৰক]-
Close-up of a track blind
-
Track Blind
-
Blind with horizonal slats
-
Detail of turning rod (blind stick) attachment on miniblind
-
A roll-down windbreak