মওদুদ আহমেদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মওদুদ আহমেদ

বেৰিষ্টাৰ মওদুদ আহমেদ (২৪ মে ১৯৪০ – ১৬ মাৰ্চ ২০২১) এজন উকীল আৰু ৰাজনীতিবিদ আৰু বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল। তেওঁ বিএনপি আৰু জাতীয় পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক। তেওঁ বাংলাদেশৰ ৰাষ্ট্ৰীয় সংসদত বিভিন্ন কাৰ্যকালৰ বাবে সাংসদ হোৱাৰ লগতে বাংলাদেশৰ বিভিন্ন চৰকাৰৰ কাৰ্যকালত এজন মন্ত্ৰীও আছিল। [1]

জন্ম[সম্পাদনা কৰক]

বেৰিষ্টাৰ মওদুদ আহমেদৰ জন্ম ১৯৪০ চনৰ ২৪ মে তাৰিখে ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেচিডেন্সিৰ (বৰ্তমান বাংলাদেশ) নোৱাখালি জিলাৰ কোম্পানীগঞ্জ উপজিলাত হৈছিল। তেওঁৰ দেউতাক হৈছে মৌলানা মুমতাজ উদ্দিন আহমেদ আৰু মাতৃ বেগম আম্বিয়া খাতুন। মওদুদ আহমেদ ছয়জন ভাই-ভনীৰ ভিতৰত চতুৰ্থজন।

শিক্ষা[সম্পাদনা কৰক]

তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু যুক্তৰাজ্যৰ লণ্ডনত লিংকনৰ ইনৰ পৰা বেৰিষ্টাৰ-এট-ল ডিগ্ৰী অৰ্জন কৰে। লণ্ডনত অধ্যয়ন কৰাৰ পিছত, তেওঁ ঘৰলৈ উভতি আহে আৰু উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। তেওঁ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত এজন ব্লাণ্ড ভিজিটিং প্ৰফেসৰ হিচাপে কাম কৰি আছিল।

মুক্তি যুদ্ধত ভূমিকা[সম্পাদনা কৰক]

১৯৭১ চনৰ মুক্তিযুদ্ধত বেৰিষ্টাৰ মওদুদ আহমেদে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৭১ চনত ইয়াহিয়া খানৰ দ্বাৰা আহ্বান কৰা এক গোলমেজ সভাত তেওঁ শেখ মুজিবুৰ ৰহমানৰ সৈতে আছিল।

ৰাজনীতি[সম্পাদনা কৰক]

১৯৭৭-৭৯ চনত তেওঁ ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ চৰকাৰৰ মন্ত্ৰী আৰু উপদেষ্টা আছিল। তেওঁ প্ৰথমবাৰৰ বাবে ১৯৭৯ চনত সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।[2] সেই সময়ত তেওঁক উপ প্ৰধানমন্ত্ৰী কৰা হৈছিল। ১৯৮১ চনৰ ৩০ মে তাৰিখে জিয়াউৰ ৰহমানক হত্যা কৰা হয় আৰু এবছৰৰ ভিতৰতে হুছেইন মুহাম্মাদ এৰশাদে দায়িত্ব গ্ৰহণ কৰে। ১৯৮৫ চনৰ নিৰ্বাচনত মওদুদ আহমেদ পুনৰ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হয। এৰশাদৰ চৰকাৰৰ অধীনত তেওঁক তথ্য মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল। এবছৰ পিছত, ১৯৮৬ চনত তেওঁক পুনৰ উপ-প্ৰধানমন্ত্ৰী কৰা হয়। তেওঁ ১৯৮৮ চনত প্ৰধানমন্ত্ৰী হৈছিল। তেওঁক ১৯৮৯ চনত উদ্যোগ মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছিল আৰু এৰশাদে তেওঁক উপ-ৰাষ্ট্ৰপতি কৰিছিল। ১৯৯০ চনৰ ৬ ডিচেম্বৰত এৰশাদ চৰকাৰে জনসাধাৰণৰ ক্ষোভৰ সন্মুখীন হৈ ক্ষমতা ত্যাগ কৰে। ১৯৯১ চনত জাতীয় পাৰ্টিৰ মনোনয়নৰ সৈতে মওদুদ আহমেদ পুনৰ সংসদ সদস্য হিচাপে নিৰ্বাচিত হয়।[3] ১৯৯৬ চনত যেতিয়া আৱামী লীগ শাসনলৈ আহে, তেতিয়া তেওঁ বিএনপিত যোগদান কৰে। ২০০১ চনত, তেওঁ বিএনপিৰ মনোনয়নৰ সৈতে সংসদ সদস্য হিচাপে নিৰ্বাচিত হৈছিল॥[4] পাঁচবাৰ মওদুদ আহমেদ নোৱাখালি জিলাৰ কোম্পানীগঞ্জ উপজিলাৰ পৰা নিৰ্বাচিত হৈছিল। মওদুদ আহমেদে জিয়াউৰ ৰহমানক বিএনপি প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। তেওঁ এই দলৰ অন্যতম প্ৰতিষ্ঠাপক। তেওঁ এৰশাদৰ জাতীয় পাৰ্টি সংগঠনতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

মৰণ[সম্পাদনা কৰক]

চিঅ'পিডি (Chronic obstructive pulmonary disease) ৰোগত আক্ৰান্ত হৈ ২ ফেব্ৰুৱাৰী, ২০২১ তাৰিখে মওদুদ আহমদক ছিংগাপুৰৰ মাউণ্ট এলিজাবেথ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। যেতিয়া স্বাস্থ্যৰ অৱস্থাৰ অৱনতি হয়, ইয়াক নিবিড় যত্ন কেন্দ্ৰত ৰখা হয়। পিছত ১৬ মাৰ্চত বাংলাদেশৰ সময় মতে সন্ধিয়া প্ৰায় ৬.৩০ বজাত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ।[5][6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

 

  1. "মওদুদ আহমদ". প্ৰথম আলো. https://election.prothomalo.com/candidates/2490। আহৰণ কৰা হৈছে: ২৭ অক্টোবৰ ২০১৯. 
  2. "২য় জাতীয় সংসদে নিৰ্বাচিত মাননীয় সংসদ-সদস্যদেৰ নামেৰ তালিকা". জাতীয় সংসদ. বাংলাদেশ সৰকাৰ. Archived from the original on ৪ সেপ্টেম্বৰ ২০১৮. https://web.archive.org/web/20180904090815/http://www.parliament.gov.bd/images/pdf/formermp/2nd.pdf. 
  3. "৫ম জাতীয় সংসদে নিৰ্বাচিত মাননীয় সংসদ-সদস্যদেৰ নামেৰ তালিকা". জাতীয় সংসদ. বাংলাদেশ সৰকাৰ. Archived from the original on ১৭ সেপ্টেম্বৰ ২০১৮. https://web.archive.org/web/20180917232851/http://www.parliament.gov.bd/images/pdf/formermp/5th.pdf. 
  4. "৮ম জাতীয় সংসদে নিৰ্বাচিত মাননীয় সংসদ-সদস্যদেৰ নামেৰ তালিকা". জাতীয় সংসদ. বাংলাদেশ সৰকাৰ. Archived from the original on ১৮ সেপ্টেম্বৰ ২০১৮. https://web.archive.org/web/20180918161135/http://www.parliament.gov.bd/images/pdf/formermp-bangla/8th%20Parliament%20.pdf. 
  5. "মওদুদ আহমদ আৰ নেই". যুগান্তৰ. ১৬ মাৰ্চ ২০২১. https://www.jugantor.com/politics/bnp/402569/মওদুদ-আহমদ-আৰ-নেই। আহৰণ কৰা হৈছে: ১৬ মাৰ্চ ২০২১. 
  6. "ব্যাৰিষ্টাৰ মওদুদ আহমদ মাৰা গেছেন". চ্যানেল আই অনলাইন. ১৬ মাৰ্চ ২০২১. https://www.channelionline.com/ব্যাৰিষ্টাৰ-মওদুদ-আহমদ-ম/। আহৰণ কৰা হৈছে: ১৬ মাৰ্চ ২০২১.