মণিছাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মণিছাল

(Sapindus mukorossi)

জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Angiosperms
বৰ্গ: Sapindales
পৰিয়াল: Sapindaceae
গণ: Sapindus
প্ৰজাতি: Sapindus mukorossi
বৈজ্ঞানিক নাম
Sapindus mukorossi

মণিছাল ( বৈজ্ঞানিক নাম: Sapindus mukorossi; বঙালী: ৰিঠা ; মিচিং: হাইটা-গুটি; কাৰবি: ডাক্ ডাক্ আৰং; কাছাৰ:হাইঠাল, ফুআঠাই, খাচিয়া: দিয়েং স্পিয়েং ৰাহ; তাই-আহোম: টুন্-মাক-চাক; বড়ো:মণিছাল[1]) চেপিন্দেচি (Sapindaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ৷ ইয়াৰ ফলক ইংৰাজীত Indian soapberry[2] বা washnut[3] বুলি কোৱা হয়৷

বিস্তৃতি[সম্পাদনা কৰক]

মণিছাল ভাৰতবৰ্ষৰ থলুৱা উদ্ভিদ৷ এই গছ ভাৰত আৰু নেপালৰ হিমালয়ৰ পাদদেশত সাগৰ-পৃষ্ঠৰ পৰা ৪০০০ ফুট উচ্চতালৈকে প্ৰাকৃতিকভাৱে বিস্তৃত হৈ আছে৷ [4][5][6][7] এই গছ কম সাৰুৱা মাটিতো উৎপন্ন হ’ব পাৰে৷[8][9]

বিৱৰণ[সম্পাদনা কৰক]

মণিছাল গছৰ বাকলিৰ বৰণ মদৰুৱা হয় আৰু এই বাকলিৰ উপৰিভাগত সেউজীয়া বৰণৰ আভাস থাকে৷ বাকলিৰ ওপৰত দীঘল দীঘল ৰেখাৰ উদ্ভৱ হয়৷[1]

পাতৰ আকৃতি দীঘল চানেকীয়া৷ মূল পাতৰপৰা কেইবাখিলাও শাখা পাত ওলায়৷ ফুলবোৰ থোপাথোপে ফুলে৷ ফুলৰ আকাৰ সৰু হয়৷ ফুল পুৰঠ হ’লে ঘুৰণীয়া আকৃতিৰ ফল ধৰে৷ ফলৰ উপৰিভাগে মেৰুটা-মেৰুটি হৈ শোটোৰা পৰাৰ আকৃতি ধাৰণ কৰে৷ বাকলিখনৰ ভিতৰত একোটাকৈ ঘুৰণীয়া আকাৰৰ গুটি ধৰে৷ [1]

ব্যৱহাৰ[সম্পাদনা কৰক]

মণিছালৰ গুটি

মণিছাল গছৰ গুটিৰ ব্যৱহাৰ গুৰুত্বপূৰ্ণ৷[3] ইয়াৰ গুটিত চেপ’নিন (saponin) নামৰ এটা যৌগ থাকে যি প্ৰাকৃতিকভাৱে পৰিস্কাৰকৰণ (cleansing) ত সহয় কৰে৷ সেয়ে মণিছালৰ গুটিৰে চুলি, চাল আৰু কাপোৰকানি পৰিস্কাৰ কৰা হয়৷[6]

মণিছাল পতংগৰোধক (insecticides) হিচাপেও ব্যৱহাৰ কৰা হয়৷ ই চলুৰ পৰা উকণি নিৰ্মুলতো সহায় কৰে৷[3]

এটা গৱেষণাই প্ৰকাশ কৰিছে যে মাইগ্ৰেইন বা ছালৰ বিভিন্ন ৰোগ নিৰাময়তো মণিছালৰ গুটিৰ উপযোগীতা আছে৷[3]

তাৰোপৰি তেলৰ খনিৰ পৰা তেল উলিওৱাতো মণিছালৰ গুটিৰ সম্ভাৱনীয় ব্যৱহাৰৰ বিষয়ে তথ্য পোৱা গৈছে৷[10][11]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  2. "মণিছাল". প্ৰাকৃতিক সম্পদ সংৰক্ষণ সেৱা উদ্ভিদ তথ্যকোষ, ইউ.এছ.ডি.এ.ৰ পৰা 5 November 2015 তাৰিখে আহৰণ কৰা হৈছে।. https://plants.usda.gov/core/profile?symbol=SAMU6. 
  3. 3.0 3.1 3.2 3.3 Upadhyay, A., & Singh, D. K. (2012). "Pharmacological effects of Sapindus mukorossi". Revista do Instituto de Medicina Tropical de São Paulo খণ্ড 54 (5): 273–280. doi:10.1590/s0036-46652012000500007. http://www.scielo.br/scielo.php?pid=S0036-46652012000500007&script=sci_arttext. 
  4. Orwa C. A., Mutua, K. R., & Jamnadasss R. S. A. (2009) Agroforestree Database: a tree reference and selection guide (version 4.0). Retrieved from http://www.worldagroforestry.org/treedb/AFTPDFS/Sapindus_mukorossi.pdf
  5. 6.0 6.1 Sharma, A.; Sati, S. C.; Sati, O.; Sati, D. M.; Kothiyal, S. K. (2011). "Chemical constituents and bio activities of genus Sapindus". International Journal of Research in Ayurveda & Pharmacy খণ্ড 2 (2): 403–409. http://www.ijrap.net/vol2/issue2/15.pdf. 
  6. Sarin, J. L.; Beri, M. L. (1939). "Extraction of saponin from soapnut". Industrial and Engineering Chemistry খণ্ড 31 (6): 712–713. doi:10.1021/ie50354a012. 
  7. Forestry Nepal (2014). Sapindus mukorossi. Retrieved from http://www.forestrynepal.org/resources/trees/sapindus-mukorossi
  8. Poudel, K. L. (2011). Trade potentiality and ecological analysis of NTFPs in Himalayan Kingdom of Nepal. Himalayan Research Papers Archives, 61 . Retrieved from http://hdl.handle.net/1928/3300
  9. Chhetri, A. B.; Watts, K. C.; Rahman, M. S.; Islam, M. R. (2009). "Soapnut extract as a natural surfactant for enhanced oil recovery". Energy Sources, Part A: Recovery, Utilization, and Environmental Effects খণ্ড 31 (20): 1893–1903. doi:10.1080/15567030802462622. 
  10. Mukhopadhyay, S.; Hashim, M. A.; Sahu, J. N.; Yusoff, I; Gupta, B. S. (2013). "Comparison of a plant based natural surfactant with SDS for washing of As(V) from Fe rich soil". Journal of Environmental Sciences খণ্ড 25 (11): 2247–2256. doi:10.1016/s1001-0742(12)60295-2. http://www.sciencedirect.com/science/article/pii/S1001074212602952. 

ৱিকিমিডিয়া কমন্সত মণিছাল সম্পৰ্কীয় মিডিয়া ফাইল।