মণ্ডল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

মণ্ডল (সংস্কৃত: मण्डल, ইংৰাজী: Mandala) হৈছে হিন্দু আৰু বৌদ্ধধৰ্মীয় ৰেখা গণিতেৰে অঙ্কিত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতীক। বিভিন্ন পৰম্পৰাগত আধ্যাত্মিক কাৰ্যত মণ্ডলটো এটা পূজা-আৰাধনা বা ধ্যানৰ পবিত্ৰ স্থান হিচাবে গণ্য কৰা হয়। ইয়াক হয়তো ভক্তসকলৰ দৃষ্টি নিবদ্ধ কৰি ৰাখিবলৈ আৰু আধ্যাত্মিক নিৰ্দেশনৰ সৰঞ্জাম হিচবেও ব্যৱহাৰ কৰা হয়। হিন্দু, বৌদ্ধ, জৈন আৰু শিন্তো আদি পূৰ্ব দিশৰ ধৰ্মবিলাকত ইয়াক দেৱ-দেৱীৰ প্ৰতিনিধিত্বকাৰী মানচিত্ৰ হিচাবে ব্যৱহাৰ কৰা হৈছিল। বিশেষভাৱে শিন্তুো ধৰ্মৰ ক্ষেত্ৰত মণ্ডলক স্বৰ্গ, ভগৱান বা পবিত্ৰ স্থান হিচাবে গণ্য কৰা হয়।[1][2]

নেপাল দেশত পোৱা বিষ্ণু দেৱতাৰ মণ্ডল

খৃষ্টপূৰ্বৰ প্ৰথম শতাব্দীত, মণ্ডল ভাৰতবৰ্ষত উৎপত্তি হৈছিল আৰু প্ৰথমে বৌদ্ধ ধৰ্মত বৌদ্ধিক শিল্প কলা হিচাবে প্ৰদৰ্শন কৰা হৈছিল৷[3] এই নতুন যুগত মণ্ডলটো এটা চিত্ৰ, তালিকা বা ৰেখা গণিতৰ নমুনা হিচাবে গণ্য কৰি বিশ্বব্ৰহ্মাণ্ডৰ সময়-ক্ষুদ্ৰবিশ্বৰ প্ৰতিক হিচাবে বৰ্ণনা কৰা হয়। প্ৰথমে ইয়াক এটা অখণ্ড বস্তু আৰু জীৱনৰ সাংগঠানিক গঢ় ৰূপে চিত্ৰঙ্কিত কৰা হৈছিল।

হিন্দু ধৰ্ম আৰু মণ্ডল[সম্পাদনা কৰক]

ধাৰ্মিক অৰ্থ[সম্পাদনা কৰক]

হিন্দু ধৰ্মত এটি সাধাৰণ মৌলিক মণ্ডলক যন্ত্ৰও কোৱা হয়। ইয়াক কেতিয়াবা এটা কেন্দ্ৰবিন্দুৰে বৃত্তাকাৰ আৰু চাৰিখন দুৱাৰ থকা এটা বৰ্গক্ষেত্ৰৰ আকাৰটো অঁকা হয়। প্ৰতেক দুৱাৰ দেখাত সাধাৰণতে ইংৰাজী T ৰ দৰে হয় ৷ [4] মণ্ডলবোৰত সাধাৰণতে ৰশ্মিসংক্ৰান্ত ভাৰসাম্য়ও থাকে। এটা যন্ত্ৰ মণ্ডলৰ দৰেই, কিন্তু সৰু আৰু সীমিত ৰঙ ব্যৱহাৰ কৰা হয় । এই যন্ত্ৰটো পূজা-পাৰ্বন বা সাধনাৰ অনুস্থান বোৰত দৰকাৰ হোৱা দুটা বা তিনিটা আয়তনৰ ৰেখা গণিতেৰে অংকিত চিত্ৰ হয় য'ত মন্ত্ৰ ও অন্তৰ্ভুক্ত কৰা হয় । ইয়াক দেৱতাসকলৰ বাসস্থান হিচাবে প্ৰতিনিধিত্ব কৰা যেন অনুমান হয় । প্ৰত্যেক যন্ত্ৰ অনন্য আৰু বিভিন্ন ৰেখা গণিতৰ মাধ্যমেৰে বিভিন্ন দেৱতাসলৰ উপস্থিতিৰ সংকেত দিয়ে ।

ৰাজনৈতিক অৰ্থ[সম্পাদনা কৰক]

ভাৰতবৰ্ষৰ প্ৰক্ষাত 'অৰ্থশাস্ত্ৰ'ৰ লেখক কৌতিল্যই তেওঁৰ ৰাজনৈতিক কাৰ্যৰ শাস্ত্ৰ 'অৰ্থশাস্ত্ৰ'ত খৃষ্টপূৰ্ব চতুৰ্থ শতাব্দী আৰু দ্বিতীয় শতাব্দীৰ মাজভাগত ৰাজমণ্ডল(বা ৰাজ্য বৃত্ত)ৰ বৰ্ণনা কৰি থৈ গৈছে । ই এখন ৰাজ্যৰ চাৰিওফালে থকা বন্ধু ৰাষ্ট্ৰ আৰু শত্ৰু ৰাষ্টৰ কক্ষপথৰ বৰ্ণনা কৰে । [5]

বৌদ্ধ ধৰ্ম আৰু মণ্ডল[সম্পাদনা কৰক]

বৌদ্ধ ধৰ্মৰ বজ্ৰায়ণত,মণ্ডলটো বালিচিত্ৰ হিচাবেও বিকাশ কৰা হৈছে । এইটো অনুত্ত্বাৰা তন্ত্ৰ ধ্যান অভ্যাসৰ এটা প্ৰধান অঙ্গ । বৌদ্ধ ধৰ্মত মণ্ডলৰ প্ৰতিচ্ছৱিৰে বা চাক্ষুকটাৰে বজ্ৰায়ণ শিক্ষাৰ মূল অৰ্থ বৰ্ণনা কৰা হয় । মন হ'ল এটা ' ক্ষুদ্ৰস্বৃষ্টি' যিটোৱে বহুতো ঐশ্বৰিক শক্তিক প্ৰতিনিধিত্ব কৰি বিশ্বব্ৰহ্মাণ্ডত কাৰ্য কৰাই আছে ।[6]



চিত্ৰ বিথিকা[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]