মনোৰঞ্জন গোস্বামী
কৰ্নেল মনোৰঞ্জন গোস্বামী ভাৰতীয় সেনাবাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া আৰু স্তম্ভলেখক৷ তেওঁ ভাৰতৰ প্ৰসিদ্ধ সাংবাদিক আৰু ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ পিতৃ ৷[1][2]
চমূ জীৱনী
[সম্পাদনা কৰক]ভাৰতীয় সেনা বাহিনীত মনোৰঞ্জন গোস্বামীয়ে কৰ্নেল পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।
মনোৰঞ্জন গোস্বামী অসমত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ অন্যতম আছিল৷ ১৯৫৮ চনত তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ হাতত পৰাস্ত হৈছিল।[3]
পৰৱৰ্ত্তী সময়ত সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লৈ তেওঁ বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত হৈ পৰে৷ ৰাজনৈতিক বিশ্লেষক আৰু লেখক হিচাপে গোস্বামী সুপৰিচিত আছিল৷ অসম সাহিত্য সভাই তেওঁক শতবৰ্ষীয় সন্মানেৰে বিভূষিত কৰিছিল৷[4]
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত ২০১৮ চনৰ ৯ নৱেম্বৰৰ পুৱতি নিশা ১২.৪৫ বজাত মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত মনোৰঞ্জন গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ https://www.asomiyapratidin.in/colonel-manoranjan-goswami-no-more/[সংযোগবিহীন উৎস]
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2018-11-14. https://web.archive.org/web/20181114052842/http://dainikjanambhumi.co.in/10112018/index.php। আহৰণ কৰা হৈছে: 2018-11-10.
- ↑ https://assam.nenow.in/cm-condoles-demise-of-retd-army-officer-columnist-colonel-manoranjan-goswami/
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2018-11-14. https://web.archive.org/web/20181114052842/http://dainikjanambhumi.co.in/10112018/index.php। আহৰণ কৰা হৈছে: 2018-11-10.
- ↑ http://www.guwahatiplus.com/assamese/daily-news/manoranjan-goswami-father-of-arnab-goswami-passes-away-in-mumbai-after-battling-prolonged-illness