মল্লিকা ফুল
অৱয়ব
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
মল্লিকা ফুল | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Tracheophyta |
শ্ৰেণী: | Magnoliopsida |
বৰ্গ: | Lamiales |
পৰিয়াল: | Oleaceae |
গণ: | Jasminum |
প্ৰজাতি: | Jasminum sambac |
বৈজ্ঞানিক নাম | |
Jasminum sambac (L.) Aiton | |
সমাৰ্থক | |
|
মল্লিকা (বৈজ্ঞানিক নাম: Jasminum sambac) জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। এই প্ৰজাতিৰ গছৰ উচ্চতা এক মিটাৰ হ’ব পাৰে। পাত একক, ডিম্বাকাৰ, ৪-৮ চেমি দীঘল হয়। পাত গাঢ়-সেউজীয়া আৰু মসৃণ। গ্ৰীষ্ম আৰু বৰ্ষাকালত ইয়াৰ থোকাত কেইবাপাহীকৈ ফুল ফুলে। ফুলৰ আকাৰ আৰু গঠন অনুসৰি কেইবাটাও জাত আছে। ডাল আৰু শিপাৰ পৰা পুলি গজাই খেতি কৰা হয়। শীতকালত ছাঁ দিব লাগে আৰু টাবতো ভালদৰে গজা দেখা যায়।[1] ইয়াৰ ইংৰাজী নাম আৰবিয়ান জেছমিন (Arabian jasmine)। ইয়াৰ অন্য নাম বেলা, দুৱাঁমালি আদি।
চিত্ৰসম্ভাৰ
[সম্পাদনা কৰক]-
খুব সুগন্ধময় এই ফুল
-
মল্লিকা ফুল
-
Arabian jasmine (মল্লিকা ফুল), Kolkata, West Bengal, India
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ দ্বিজেন শৰ্মা, ফুলবোৰ যেন কথা, বাংলা একাডেমী, ঢাকা, ডিসেম্বৰ ২০০৩, পৃষ্ঠা-৫৮।
ৱিকিমিডিয়া কমন্সত মল্লিকা ফুল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |