মহল্লা ক্লিনিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আম আদমি মহল্লা ক্লিনিক (AAMC), যাক মহল্লা ক্লিনিক বুলিও কোৱা হয়, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নতুন দিল্লীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। তেওঁলোকে এই ক্লিনিকৰ দ্বাৰা ঔষধ, পৰীক্ষা আৰু পৰামৰ্শকে ধৰি অত্যাৱশ্যকীয় স্বাস্থ্য সেৱাৰ এক মৌলিক সুবিধা বিনামূলীয়াকৈ আগবঢ়ায়।[1] হিন্দীত "মহল্লা" মানে চুবুৰী বা সম্প্ৰদায়। এই ক্লিনিকসমূহে জনসাধাৰণৰ বাবে যোগাযোগৰ প্ৰথম বিন্দু হিচাপে কাম কৰে, সময়মতে সেৱা আগবঢ়ায় আৰু ৰাজ্যখনৰ অন্যান্য স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠানসমূহলৈ পঠিওৱাৰ বোজা হ্ৰাস কৰে।

পটভূমি[সম্পাদনা কৰক]

২০১৫ চনৰ অক্টোবৰ মাহত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টী চৰকাৰে প্ৰথমবাৰৰ বাবে মহল্লা ক্লিনিক স্থাপন কৰিছিল আৰু ২০২০ চনলৈকে সমগ্ৰ চহৰখনত ৪৫০ খন এনে ক্লিনিক স্থাপন কৰা হৈছে আৰু ১৬.২৪ মিলিয়নতকৈ অধিক বাসিন্দাক সেৱা আগবঢ়োৱা হৈছে।[2][3][4]২০২০ চনৰ দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহানগৰীত এনে ১০০০ ক্লিনিক স্থাপন কৰাৰ প্ৰতিশ্ৰুতি চৰকাৰে পালন কৰিছে। ২০১৫ চনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতৰ ৬৫% তকৈ অধিক জনসংখ্যাই নিজৰ পকেটৰ পৰাই স্বাস্থ্যৰ বাবে ধন দিছিল। ইফালে হিন্দু নিউজ গ্ৰুপে ২০১৭ চনত উল্লেখ কৰিছিল যে দেশৰ মাত্ৰ ১৭% লোকৰহে স্বাস্থ্য বীমা আছে।[5][6] এই পদক্ষেপৰ আঁৰৰ ধাৰণাটো হ’ল যে ভাৰতে মহল্লা ক্লিনিক ৰ দ্বাৰা বিনামূলীয়াকৈ স্বাস্থ্য সুবিধা জনসাধাৰণৰ বাবে উপলব্ধ কৰিব পাৰে আৰু তাৰ দ্বাৰা যাতে দৰিদ্ৰ লোকৰ স্বাস্থ্যৰ নামত খৰচ হোৱা ধন ৰাহি হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Sharma, Dinesh C (2016-12-10). "Delhi looks to expand community clinic initiative" (English ভাষাত). The Lancet খণ্ড 388 (10062): 2855. doi:10.1016/S0140-6736(16)32513-2. ISSN 0140-6736. PMID 27979396. http://thelancet.com/journals/lancet/article/PIIS0140-6736(16)32513-2/fulltext. 
  2. Upadhyay, Aishwarya (2020-02-10). ""Mohalla Clinics Have Revolutionized The Delivery Of Healthcare In Delhi," Experts Laud Delhi's 450 Mohalla Clinics" (en ভাষাত). ndtv.com. https://swachhindia.ndtv.com/mohalla-clinics-have-revolutionized-the-delivery-of-healthcare-in-delhi-experts-laud-delhis-450-mohalla-clinics-41558/. 
  3. "Mohalla clinics served 16.24 million people in four years: Delhi health minister" (en ভাষাত). Hindustan Times. 2019-09-06. https://www.hindustantimes.com/delhi-news/mohalla-clinics-served-16-24-million-people-in-four-years-delhi-health-minister/story-vWd7XwyYW9NEIcf6uGnUeM.html। আহৰণ কৰা হৈছে: 2020-04-25. 
  4. Chatterjee, Pritha (2015-07-20). "'Unbelievable' to reality: CM Arvind Kejriwal opens city's first 'mohalla clinic'" (en-US ভাষাত). The Indian Express. http://indianexpress.com/article/cities/delhi/unbelievable-to-reality-cm-arvind-kejriwal-opens-citys-first-mohalla-clinic/. 
  5. "Out-of-pocket expenditure as percentage of current health expenditure" (en-GB ভাষাত). World Health Organization. http://apps.who.int/gho/data/node.main.GHEDOOPSCHESHA2011?lang=en। আহৰণ কৰা হৈছে: 2018-08-25. 
  6. Mehra, Puja. "Only 17% have health insurance cover" (en ভাষাত). The Hindu. http://www.thehindu.com/news/national/only-17-have-health-insurance-cover/article6713952.ece.