মহাকাশ যাত্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

মহাকাশ যাত্ৰা (ইংৰাজী: Spaceflight বা space flight) হৈছে মহাকাশত বা বহিঃ মহাকাশলৈ কৰা যাত্ৰা। মহাকাশ যাত্ৰা মানৱবিহীন নাইবা মানৱ পৰিবাহী হ'ব পাৰে। ছ'ভিয়েট সংঘয়ুৰি গেগেৰিন আছিল মহাকাশ যাত্ৰা কৰা প্ৰথম মহাকাশচাৰী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এপ'ল' চন্দ্ৰ অভিযান আৰু স্পেছ ছাটল প্ৰগ্ৰেম আৰু ৰাছিয়ান ছুইছ প্ৰগ্ৰেম লগতে বৰ্তমান চলি থকা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ আদি হৈছে মানৱ পৰিবাহী মহাকাশ যাত্ৰাৰ উদাহৰণ। মানৱবিহীন মহাকাশ যাত্ৰাৰ উদাহৰণ হৈছে, পৃথিৱী কক্ষপথৰ বাহিৰলৈ পঠিওৱা স্পেছ প্ৰ'ব, পৃথিৱী বা অন্য গ্ৰহ−উপগ্ৰহক প্ৰদক্ষিণ কৰি থকা কৃত্ৰিম উপগ্ৰহসমূহ, যেনে যোগাযোগকাৰী উপগ্ৰহ আদি। এই উপগ্ৰহবোৰ টেলিৰব'টিক পদ্ধতিৰে নাইবা সম্পূৰ্ণ স্বয়ংক্ৰিয়ভাৱে নিয়ন্ত্ৰণ কৰা হয়।

মহাকাশৰ অধ্যয়নৰ বাবে মহাকাশ যাত্ৰা কৰা হয়, ইয়াৰোপৰি মহাকাশ পৰিভ্ৰমণ আৰু কৃত্ৰিম উপগ্ৰহীয় যোগাযোগৰ দৰে ব্যৱসায়িক কাৰণতো মহাকাশ যাত্ৰা কৰা হয়। মহাকাশ নীৰিক্ষণ, ভূ−নীৰিক্ষণ উপগ্ৰহ আদিৰ বাবেও মহাকাশ যাত্ৰা প্ৰয়োজনীয়।

আদৰ্শগতভাৱে ৰকেট উৎক্ষেপণৰ যোগেদি মহাকাশ যাত্ৰাৰ আৰম্ভণি হয়, ইয়াৰ ফলত মহাকাশ যানখন পৃথিৱীৰ মাধ্যকৰ্ষণ শক্তিৰ বিপৰীত দিশত গতি কৰি পৃথিৱীপৃষ্ঠৰ বাহিৰলৈ ওলাই যাবলৈ সক্ষম হয়। মহাকাশত প্ৰৱেশ কৰাৰ পিছত, মহাকাশ যানখনৰ প্ৰপেলযুক্ত আৰু প্ৰপেলহীন অৱস্থাৰ গতিৰ অধ্যয়নক মহাকাশগতি বিজ্ঞান (Astrodynamics) বোলা হয়। কিছুমান মহাকাশ যান মহাকাশতে থাকি যায়, কিছুমান পুনৰ প্ৰেৰণৰ বাবে নমাই অনা হয় আৰু কিছুমান গ্ৰহ বা উপগ্ৰহৰ পৃষ্ঠত অৱতৰণ অথবা সংঘৰ্ষ কৰোৱা হয়।

ইতিহাস[সম্পাদনা কৰক]

কনষ্টানটিন টছিউলক'ভস্কি, প্ৰাৰম্ভিক মহাকাশ তত্ত্ববিদ

ৰকেটৰ সহায়ত মহাকাশ যাত্ৰাৰ প্ৰথম তত্ত্বীয় প্ৰস্তাৱনা পোৱা যায় স্কটিছ জ্যোতিৰ্বিদ উইলিয়াম লেইচৰ লেখা ১৮৬১ চনৰ এ জাৰ্ণী থ্ৰু স্পেচ (A Journey Through Space) গ্ৰন্থত।[1] ইয়াতকৈও সুপৰিচিত (অৱশ্যে কেৱল ৰাছিয়াৰ ভিতৰত) প্ৰাসঙ্গিক কাৰ্য হল ১৯০৩ চনত কনষ্টানটিন টছিউলক'ভস্কিৰ লিখিত প্ৰতিক্ৰিয়াশীল যন্ত্ৰৰ দ্বাৰা মহাকাশীয় অনুসন্ধান ("Исследование мировых пространств реактивными приборами") নামৰ গ্ৰন্থখন।

মহাকাশযাত্ৰা তত্ত্বীয় আলোচনাৰ বাহিৰে ইয়াৰ বাস্তৱায়নযোগ্য সম্ভাৱনাৰ কথা ৰবাৰ্ট এইচ গডাৰ্ডচৰম উচ্চতাত প্ৰৱেশৰ পদ্ধতি (A Method of Reaching Extreme Altitudes) (১৯১৯) নিৱন্ধটোত পোৱা যায়। তৰল প্ৰজ্বলক ৰকেট ডি লাভাল নলে ব্যৱহাৰ কৰিছিল, তেঁও ৰকেটৰ কাৰ্যক্ষমতাক আন্তগ্ৰহ ভ্ৰমণৰ পৰ্যায়লৈ লৈ গৈছিল। ইয়াৰোপৰি তেঁও গবেষণাগাৰত প্ৰমাণ কৰিছিল যে মহাকাশৰ শূন্যস্থানটো ৰকেটৰ কাৰ্যকাৰিতা বৰ্তি থাকে। তথাপি তেঁও এই অৱদানে সমকালীন জনপ্ৰিয়তা পোৱা নাছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত গডাৰ্ডে ৰকেট-নিক্ষিপ্ত অস্ত্ৰ উৎপাদনৰ সামৰিক চুক্তি পোৱাৰ চেষ্টা কৰিছিল, কিন্তু ১৯১৮ চনৰ ১১ নৱেম্বৰ তাৰিখে জাৰ্মানীৰ অস্ত্ৰ সম্বৰণৰ কাৰণে তেঁওৰ এই প্ৰচেষ্টা ফলপ্ৰসূ হোৱা নাছিল। পৰবৰ্তী সময়ত ১৯২৬ চনত ব্যক্তিপৰ্যায়ৰ আৰ্থিক সমৰ্থনত তেঁও ইতিহাসৰ সৰ্বপ্ৰথম তৰল-প্ৰজ্বলক ৰকেট উৎক্ষেপন কৰিবলৈ সক্ষম হৈছিল।

হেৰ্মান উবেৰ্টে গডাৰ্ডেৰ কামৰ দ্বাৰা বিশেষভাৱে অনুপ্ৰাণিত হৈছিল, আৰু তেঁওৰ কামৰ পৰা ভেৰ্নাৰ ফন ব্ৰাউনে অনুপ্ৰেৰণা পাইছিল। এডল্ফ হিটলাৰৰ অধীনত কৰ্মৰত অৱস্থাত ব্ৰাউনে সৰ্বপ্ৰথম ৰকেটচালিত নিয়ন্ত্ৰিত ক্ষেপণাস্ত্ৰ তৈয়াৰ কৰিছিল। তেঁও তৈয়াৰ কৰা ভি-২ আছিল মহাকাশত প্ৰৱেশ কৰা প্ৰথম ৰকেট, যি ১৯৪৪ চনৰ জুন মাহত পৰীক্ষামূলকভাৱে উৎক্ষেপন কৰোতে ১৮৯ কিলোমিটাৰ উচ্চতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।[2]

ভেৰ্নাৰ ফন ব্ৰাউন, প্ৰথম মহাকাশলৈ পঠিওৱা ৰকেটৰ আবিষ্কাৰক (১৯৬০ চনৰ আনুমানিক ছবি)।

কনষ্টানটিন টছিউলক'ভস্কি ৰকেট গৱেষণা তেঁওৰ জীৱনকালত উপযুক্ত সন্মান পোৱা নাছিল, পৰৱৰ্তী সময়ত সেই কাৰ্যই ছাৰ্গেই কোৰোলেভক ৰকেটৰ বিষয়ে কাম কৰিবলৈ উৎসাহিত কৰিছিল। কোৰোলেভে ষ্টেলিনৰ অধীনত ছ'ভিয়েট ৰাছিয়াৰ প্ৰধান ৰকেট নক্সাকাৰীৰ পদ গ্ৰহণ কৰিছিল। তেঁওৰ দায়িত্ব আছিল আমেৰিকান বোমাৰু বিমান প্ৰতিহত কৰাৰ বাবে নিউক্লিয়াৰ অস্ত্ৰবাহী আন্তঃমহাদেশীয় ক্ষেপনাস্ত্ৰ তৈয়াৰ কৰা। কোৰোলেভৰ নক্সামতে তৈয়াৰ কৰা আৰ-৭ ছেমিৱৰ্কা ৰকেটচালিত ভস্তক ১ মহাকাশযানতেই প্ৰথম কৃত্ৰিম উপগ্ৰহ স্পুৎনিক ১ (৪ অক্টোবৰ ১৯৫৭) আৰু প্ৰথম মহাকাশচাৰী য়ুৰি গেগেৰিনক (এপ্ৰিল ১২, ১৯৬১) মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল।[3]

দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত ফন ব্ৰাউন আৰু তেঁওৰ অধীনস্থ ৰকেট গবেষকদলৰ অনেকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰত আত্মসমৰ্পণ কৰে। তাৰ পিছৰত তেঁওলোকক আমেৰিকান ক্ষেপণাস্ত্ৰ গবেষণাত নিয়োজিত কৰা হয়। আমেৰিকান সামৰিক ক্ষেপণাস্ত্ৰ সংস্থাত তেঁওলোকৰ কৰ্মৰ ফলস্বৰূপে জুনো ১ আৰু এছএম-৬৫ এটলাছ ৰকেটৰ মাধ্যমত মহাকাশলৈ প্ৰথম আমেৰিকান কৃত্ৰিম উপগ্ৰহ এক্সপ্লোৰাৰ ১ উৎক্ষেপন কৰা হয় (ফেব্ৰুৱাৰী ১, ১৯৫৮), আৰু পিছত ফ্ৰেণ্ডশ্বিপ ৭ত প্ৰথম আমেৰিকান মহাকাশচাৰী জন গ্লেনক মহাকাশলৈ প্ৰেৰণ কৰা হয় (ফেব্ৰুৱাৰী ২০, ১৯৬২)। মাৰ্ছাল মহাকাশ যাত্ৰা কেন্দ্ৰৰ পৰিচালক পদত থকাকালত ফন ব্ৰাউনে ছেটাৰ্ণ শ্ৰেনীৰ বৃহত্তৰ ৰকেট তৈয়াৰ কৰে, যি আমেৰিকা যুক্তৰাষ্ট্ৰৰ চন্দ্ৰাভিযানত অভুতপূৰ্ব সাফল্য আনি দিয়ে। এই ৰকেটৰ সহায়তে আমেৰিকা যুক্তৰাষ্ট্ৰই ১৯৬৯ চনৰ জুলাই মাহত এপ'ল' ১১ মহাকাশযানত নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিনক চন্দ্ৰত অৱতৰণ কৰাই আৰু পৃথিৱীলৈ ঘুৰাই অনাৰ কৃতিত্ব অৰ্জন কৰে। একে সময়তে ছ'ভিয়েট সংঘও এজন মহাকাশচাৰীক চন্দ্ৰত অৱতাৰণ কৰোৱাৰ বাবে এন১ ৰকেট তৈয়াৰৰ প্ৰচেষ্টা চলাইছিল, কিন্তু এই চেষ্টা সফল হোৱা নাছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. William Leitch (1867). God's Glory in the Heavens. A. Strahan. https://books.google.com/books?id=vuAUAQAAMAAJ. 
  2. Lucy Rogers (2008). It's ONLY Rocket Science: An Introduction in Plain English. Springer Science & Business Media. পৃষ্ঠা. 25. ISBN 978-0-387-75377-5. https://books.google.com/books?id=75b84eC-ulsC&pg=PA25. 
  3. Peter Bond, Obituary: Lt-Gen Kerim Kerimov The Independent, 7 April 2003.