মহাত্মা গান্ধীৰ অনুশীলন আৰু বিশ্বাস
মহাত্মা গান্ধীৰ অনুশীলন আৰু বিশ্বাস, মহাত্মা গান্ধীৰ বক্তব্য, চিঠি আৰু জীৱন বিষয়ক বহু ৰাজনৈতিক আৰু বিদ্যায়তনিক বিশ্লেষণ হৈছে, য’ত গান্ধীক প্ৰভাৱিত কৰা বিষয়সমূহৰ লগতে তেওঁৰ নীতি, অনুশীলন আৰু বিশ্বাসৰ বিষয়ে আলোচিত হৈছে। কিছুমান লেখকে তেওঁক নৈতিক জীৱন-যাপন আৰু শান্তিবাদৰ আৰ্হি হিচাপে উপস্থাপন কৰাৰ বিপৰীতে কিছুমানে তেওঁক সংস্কৃতি আৰু পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত অধিক জটিল, বিৰোধী আৰু বিৱৰ্তনশীল চৰিত্ৰ হিচাপে উপস্থাপন কৰে।[1][2]
প্ৰভাৱ
[সম্পাদনা কৰক]গান্ধী তেওঁৰ জন্মস্থান গুজৰাটৰ এক হিন্দু আৰু জৈন ধৰ্মীয় পৰিৱেশত ডাঙৰ-দীঘল হৈছিল। এই পৰিৱেশে তেওঁৰ ওপৰত প্ৰভাৱ পেলাইছিল যদিও সেয়া কেৱল প্ৰাথমিক প্ৰভাৱহে আছিল; তেওঁ হিন্দু ধৰ্মগুৰুসকলৰ সাহিত্য-সম্ভাৰ, অদ্বৈত বেদান্ত, ইছলাম, বৌদ্ধ ধৰ্ম তথা খ্ৰীষ্টান ধৰ্মৰ লগতে টলষ্টয়, জন ৰাস্কিন, থোৰোৰ দৰে চিন্তাবিদৰ ব্যক্তিগত প্ৰতিচ্ছবি আৰু সাহিত্যৰ দ্বাৰাও প্ৰভাৱিত হৈছিল।[3][4] ৫৭ বছৰ বয়সত তেওঁ নিজকে অদ্বৈতবাদী হিন্দু বুলি ঘোষণা কৰিছিল যদিও লগতে কৈছিল যে, তেওঁ দ্বৈতবাদী দৃষ্টিভংগী আৰু ধৰ্মীয় বহুত্ববাদক সমৰ্থন কৰে।[5][6][7] গান্ধী তেওঁৰ বৈষ্ণৱ হিন্দু মাতৃ, আঞ্চলিক হিন্দু মন্দিৰ আৰু গুজৰাটৰ জৈন পৰম্পৰাৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[3][8] বুৰঞ্জীবিদ আৰ.বি. ক্ৰিবে কৈছে যে গান্ধীৰ চিন্তাধাৰা সময়ৰ লগে লগে বিকশিত হৈছিল, তেওঁৰ প্ৰাৰম্ভিক ধাৰণাবোৰ তেওঁৰ পৰিপক্ক দৰ্শনৰ মূল বা স্কেফল্ডিং হৈ পৰিছিল। সততা, সংযম, সতীত্ব আৰু নিৰামিষভোজনৰ প্ৰতি তেওঁৰ গভীৰ বিশ্বাস আছিল।[9]
লিঅ’ টলষ্টয়
[সম্পাদনা কৰক]১৯০৮ চনত লিঅ’ টলষ্টয়এ দ্য কিংডম অৱ গড ইজ উইথিন ইউৰ লগতে এ লেটাৰ টু এ হিন্দু লিখিছিল, য’ত তেওঁ কৈছিল যে, নিষ্ক্ৰিয় প্ৰতিৰোধৰ জৰিয়তে প্ৰেমক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলেহে ভাৰতীয় জনসাধাৰণে ঔপনিৱেশিক শাসনক ওফৰাই পেলাব পাৰিব। ১৯০৯ চনত গান্ধীয়ে টলষ্টয়লৈ পত্ৰ লিখি গুজৰাটী ভাষাত ‘এ লেটাৰ টু এ হিন্দু’ পুনৰ প্ৰকাশৰ বাবে পৰামৰ্শ আৰু অনুমতি বিচাৰিছিল। টলষ্টয়ে উত্তৰ দিছিল আৰু ১৯১০ চনত টলষ্টয়ৰ মৃত্যুৰ আগলৈকে দুয়োৰে মাজত চিঠি-পত্ৰৰ আদান প্ৰদান চলি আছিল।
শ্ৰীমদ ৰাজচন্দ্ৰ
[সম্পাদনা কৰক]গান্ধীয়ে শ্ৰীমদ ৰাজচন্দ্ৰ নামৰ এজন কবি আৰু জৈন দাৰ্শনিকক তেওঁৰ প্ৰভাৱশালী পৰামৰ্শদাতা হিচাপে স্বীকৃতি দিয়ে। ১৯৩০ চনৰ জুন মাহত মডাৰ্ণ ৰিভিউত গান্ধীয়ে বোম্বাইত, ১৮৯১ চনত পি জে মেহতাৰ বাসগৃহত তেওঁৰ আৰু শ্ৰীমদৰ মাজত হোৱা প্ৰথম সাক্ষাতৰ বিষয়ে লিখিছিল। তেওঁক শ্ৰীমদৰ সৈতে প্ৰঞ্জীৱন মেহতাই পৰিচয় কৰাই দিছিল।[10] গান্ধীয়ে দক্ষিণ আফ্ৰিকাত থকাৰ সময়ত ৰাজচন্দ্ৰৰ সৈতে চিঠিৰ আদান-প্ৰদান কৰিছিল, তেওঁক কবি বুলি উল্লেখ কৰিছিল। ১৯৩০ চনত গান্ধীয়ে শ্ৰীমদৰ বিষয়ে লিখিছিল - "ধৰ্মীয় বিষয়ত এই মানুহজনে মোৰ হৃদয় যিমান মোহিত কৰিছে, এতিয়ালৈকে আন কোনো মানুহে কৰা নাই।"[11] "মই আন ঠাইত কৈছো যে, মোৰ অন্তৰ্নিহিত জীৱনটোক গঢ় দিয়াৰ ক্ষেত্ৰত টলষ্টয় আৰু ৰাস্কিনে কবিৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছিল। কবিৰ প্ৰভাৱ নিঃসন্দেহে গভীৰ হʼলহেঁতেন যদিহে মই তেওঁৰ সৈতে ঘনিষ্ঠ ব্যক্তিগত যোগাযোগত আহিলোঁহেঁতেন"।[12]
ধৰ্মীয় গ্ৰন্থ
[সম্পাদনা কৰক]দক্ষিণ আফ্ৰিকাত থকাৰ সময়ছোৱাত হিন্দু ধৰ্ম আৰু অন্যান্য ভাৰতীয় ধৰ্মৰ শাস্ত্ৰ আৰু দাৰ্শনিক গ্ৰন্থৰ লগতে গান্ধীয়ে খ্ৰীষ্টান ধৰ্মৰ অনুবাদ গ্ৰন্থ বাইবেল আৰু ইছলামৰ অনুবাদ গ্ৰন্থ কোৰআন পঢ়িছিল।[13] দক্ষিণ আফ্ৰিকাৰ এটা মিছনে তেওঁক খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিল। গান্ধীয়ে তেওঁলোকৰ প্ৰাৰ্থনাত যোগদানো কৰিছিল আৰু তেওঁলোকৰ সৈতে খ্ৰীষ্টান ধৰ্ম-তত্ত্বৰ বিতৰ্কও কৰিছিল। কিন্তু তাত থকা ধৰ্ম-তত্ত্বক তেওঁ গ্ৰহণ নকৰিলে আৰু খ্ৰীষ্ট ঈশ্বৰৰ একমাত্ৰ পুত্ৰ বুলি ধাৰণাৰে নিজৰ ধৰ্মান্তৰকৰণক অস্বীকাৰ কৰিলে।[13][14][15]
গান্ধী আৰু যুদ্ধ
[সম্পাদনা কৰক]গান্ধীয়ে ১৮৯৯ চনত ব্ৰিটিছপক্ষত বোৱেৰৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ যুদ্ধত ভাৰতীয় এম্বুলেন্স কৰ্পছ গঠনত অংশগ্ৰহণ কৰিছিল। [16] সেই সময়ত বোয়েৰ ( ডাচ বসতিপ্ৰধান লোক) আৰু সাম্ৰাজ্যিক ব্ৰিটিছ দুয়োটা গোটেই ৰঙীন জাতিবোৰৰ প্ৰতি বৈষম্যমূলক আচৰণ দেখোৱাইছিল আৰু তেওঁলোকক নিম্নমানৰ বুলি গণ্য কৰিছিল। গান্ধীয়ে পিছত বোৱেৰ যুদ্ধৰ সময়ত হোৱা তেওঁৰ অভিজ্ঞতাৰ বিষয়ে লিখিছিল।
গান্ধী আৰু অহিংসা
[সম্পাদনা কৰক]আন্তঃধৰ্মীয় সম্পৰ্ক
[সম্পাদনা কৰক]জীৱন, সমাজ আৰু তেওঁৰ ধাৰণাসমূহৰ অন্যান্য প্ৰয়োগৰ ওপৰত
[সম্পাদনা কৰক]নিৰামিষ, খাদ্য, আৰু জীৱ-জন্তু
[সম্পাদনা কৰক]গান্ধীক তেওঁৰ ধৰ্মপৰায়ণ হিন্দু মাতৃয়ে নিৰামিষভোজী হিচাপে ডাঙৰ-দীঘল কৰিছিল।[17][18] নিৰামিষ ভোজনৰ ধাৰণাটো ভাৰতৰ হিন্দু বৈষ্ণৱ আৰু জৈন পৰম্পৰাত গভীৰভাৱে বিশ্বাস কৰা হয়। তেওঁৰ জন্মভূমি গুজৰাটত মাংসক জীৱ-জন্তুৰ ওপৰত হিংসা কৰি পোৱা এক প্ৰকাৰৰ খাদ্য হিচাপে গণ্য কৰা হয়।[19][20] গান্ধীৰ নিৰামিষ ভোজনৰ যুক্তি বহুলাংশে হিন্দু আৰু জৈন গ্ৰন্থত পোৱা যুক্তিৰ সৈতে একে আছিল। গান্ধীয়ে বিশ্বাস কৰিছিল যে, যিকোনো ধৰণৰ খাদ্যই কোনো অলপ হʼলেও জীৱৰ অনিবাৰ্যভাৱে ক্ষতি কৰে, কিন্তু মানুহে যি সেৱন কৰে তাত আন জীৱৰ প্ৰতি হিংসা হ্ৰাস কৰিবলৈ চেষ্টা কৰাটো উচিত কাৰণ "সকলো জীৱৰ মাজত একতা থাকিব লাগে"।[18][21] গান্ধীয়ে সাধাৰণতে পশুৰ অধিকাৰৰ বিষয়ে মাত মাতিছিল। নিৰামিষ খাদ্য বাছনি কৰাৰ বাহিৰেও তেওঁ বিজ্ঞান আৰু চিকিৎসা অধ্যয়নৰ নামত জীৱিত প্ৰাণীৰ কটা-ছিঙা, অধ্যয়ন আৰু পৰীক্ষা-নিৰীক্ষাৰ বিৰুদ্ধে সক্ৰিয়ভাৱে অভিযান চলাইছিল।[19] তেওঁ ইয়াক জীৱ-জন্তুৰ ওপৰত কৰা হিংসা, যন্ত্ৰণা আৰু দুখ-কষ্টৰ বুলি গণ্য কৰিছিল।[22]
ব্ৰহ্মচাৰ্য: যৌনতা আৰু খাদ্যৰ পৰা বিৰতি
[সম্পাদনা কৰক]আন বহুতো গ্ৰন্থৰ লগতে গান্ধীয়ে দক্ষিণ আফ্ৰিকাত থকাৰ সময়ত ভাগৱত অধ্যয়ন কৰিছিল।[23] এই হিন্দু শাস্ত্ৰত জ্ঞানযোগ, ভক্তি যোগ আৰু কৰ্ম যোগৰ লগতে অহিংসা, ধৈৰ্য্য, সততা, আত্মসংযম আৰু বিৰতি আদি গুণৰ বিষয়ে আলোচনা কৰা হৈছে।[24] গান্ধীয়ে এইবোৰৰ সৈতে পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰে আৰু ১৯০৬ চনত ৩৭ বছৰ বয়সত বিবাহিত আৰু পিতৃ হৈও তেওঁ যৌন সম্পৰ্কৰ পৰা বিৰত থকাৰ প্ৰতিজ্ঞা কৰে।[23] গান্ধীৰ বিৰতিৰ পৰীক্ষা যৌনতাৰ বাহিৰলৈ গৈছিল, আৰু খাদ্যলৈকে বিস্তৃত হৈছিল। তেওঁ জৈন পণ্ডিত ৰাজচন্দ্ৰৰ পৰামৰ্শ লয়, যাক তেওঁ মৰমেৰে ৰায়চন্দভাই বুলি কয়।[25] ৰাজচন্দ্ৰই তেওঁক উপদেশ দিছিল যে গাখীৰে যৌন আবেগক উদ্দীপিত কৰে। ১৯১২ চনত গান্ধীয়ে গৰুৰ গাখীৰৰ পৰা বিৰত থাকিবলৈ আৰম্ভ কৰে, আৰু চিকিৎসকে গাখীৰ খোৱাৰ পৰামৰ্শ দিয়াৰ সময়তো গান্ধীয়ে গৰুৰ গাখীৰৰ পৰা বিৰত আছিল।[26][27] শংকৰ ঘোষৰ মতে, ৰবি ঠাকুৰে গান্ধীক এনে এজন ব্যক্তি বুলি অভিহিত কৰিছে যিয়ে যৌনতা বা নাৰীক ঘৃণা নকৰে, কিন্তু যৌন জীৱনক তেওঁৰ নৈতিক লক্ষ্যৰ সৈতে অসঙ্গতিপূৰ্ণ বুলি গণ্য কৰে।[28]
গান্ধীয়ে নিজৰ ব্ৰহ্মচৰ্য পৰীক্ষা কৰি নিজকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল। ১৯৪৪ চনৰ ফেব্ৰুৱাৰী মাহত পত্নীৰ মৃত্যুৰ কিছু সময়ৰ পিছত এই পৰীক্ষা আৰম্ভ হৈছিল। পৰীক্ষাৰ আৰম্ভণিতে তেওঁ মহিলাসকলক একেটা কোঠাতে কিন্তু বেলেগ বেলেগ বিচনাত শুবলৈ দিছিল। পিছত তেওঁ মহিলাৰ সৈতে একেখন বিচনাত কিন্তু কাপোৰ পিন্ধি শুইছিল আৰু শেষত, মহিলাৰ সৈতে উলংগ হৈ শুইছিল। ১৯৪৫ চনৰ এপ্ৰিল মাহত গান্ধীয়ে পৰীক্ষাৰ অংশ হিচাপে বিৰলালৈ লিখা এখন চিঠিত কেইবাগৰাকীও "মহিলা বা ছোৱালী"ৰ সৈতে উলংগ হোৱাৰ কথা উল্লেখ কৰিছিল।[29]
১৯৬০ৰ দশকত তেওঁৰ নাতি-ভতিজী মনুৰ স্মৃতিগ্ৰন্থ অনুসৰি, মনুৰ ১৮ বছৰ বয়সত গান্ধীয়ে তেওঁক সুধিছিল তেওঁলোকৰ "বিশুদ্ধতা" পৰীক্ষা কৰিবলৈ তেওঁ গান্ধীৰ পৰীক্ষাত সহায় কৰিব বিচাৰে নেকি, যি প্ৰস্তাব তেওঁ সহজে গ্ৰহণ কৰিছিল। [30] গোটেই ৰাতি শোৱনি কোঠাৰ দুৱাৰ খোলা ৰাখি মনু নামৰ গভৰুৰ (তেওঁৰ নাতি-ভতিজী) সৈতে একেখন বিচনাত গান্ধীয়ে উলংগ হৈ শুইছিল। মনুৱে উল্লেখ কৰে যে এই পৰীক্ষাৰ তাইৰ ওপৰত কোনো "দুৰ্প্ৰভাৱ" হোৱা নাছিল। গান্ধীয়ে নাতি ভতিজা কানুৰ পত্নী ১৮ বছৰীয়া আভাৰ সৈতেও নিজৰ বিচনাখন ভাগ কৰিছিল।[30][31] গান্ধীয়ে মনু আৰু আভা দুয়োৰে লগত একে সময়তে শুইছিল। গান্ধীৰ ব্ৰহ্মচাৰী পৰীক্ষাত অংশগ্ৰহণ কৰা কোনো মহিলাই যৌন সম্পৰ্ক স্থাপন কৰা বা গান্ধীয়ে কোনো যৌন আচৰণ কৰা বুলি ইংগিত দিয়া নাছিল। ৰাজহুৱাভাৱে যোৱাসকলে কয় যে তেওঁলোকে বৃদ্ধ মাতৃৰ সৈতে শুই থকা যেন অনুভৱ কৰিছিল। [28][29][32]
অস্পৃশ্যতা আৰু জাতি
[সম্পাদনা কৰক]এঘাৰটা শপত
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ William Borman (1986). Gandhi and Non-Violence. State University of New York Press. পৃষ্ঠা. 192–95, 208–29. ISBN 978-0-88706-331-2. https://archive.org/details/gandhinonviolenc0000borm.
- ↑ Dennis Dalton (2012). Mahatma Gandhi: Nonviolent Power in Action. Columbia University Press. পৃষ্ঠা. 30–35. ISBN 978-0-231-15959-3. https://books.google.com/books?id=KxUp1igCL_0C. "Yet he [Gandhi] must bear some of the responsibility for losing his followers along the way. The sheer vagueness and contradictions recurrent throughout his writing made it easier to accept him as a saint than to fathom the challenge posed by his demanding beliefs. Gandhi saw no harm in self-contradictions: life was a series of experiments, and any principle might change if Truth so dictated".
- ↑ 3.0 3.1 Brown, Judith M.; Parel, Anthony (2011). The Cambridge Companion to Gandhi. Cambridge University Press. পৃষ্ঠা. 93. ISBN 978-0-521-13345-6. https://books.google.com/books?id=KLM8kMZZu-IC&pg=PA93। আহৰণ কৰা হৈছে: 2023-07-20.
- ↑ Indira Carr (2012). Stuart Brown. ed. Biographical Dictionary of Twentieth-Century Philosophers. Routledge. পৃষ্ঠা. 263–64. ISBN 978-1-134-92796-8. https://books.google.com/books?id=UZQqBgAAQBAJ&pg=PA263., Quote: "Gandhi, Mohandas Karamchand. Indian. born: 2 October 1869, Gujarat; (...) Influences: Vaishnavism, Jainism and Advaita Vedanta."
- ↑ J. Jordens (1998). Gandhi's Religion: A Homespun Shawl. Palgrave Macmillan. পৃষ্ঠা. 116. ISBN 978-0-230-37389-1. https://books.google.com/books?id=ELODDAAAQBAJ&pg=PA116. "I am an advaitist, and yet I can support Dvaitism"
- ↑ Jeffrey D. Long (2008). Rita Sherma and Arvind Sharma. ed. Hermeneutics and Hindu Thought: Toward a Fusion of Horizons. Springer. পৃষ্ঠা. 194. ISBN 978-1-4020-8192-7. https://books.google.com/books?id=x4eXRvwyvtMC&pg=PA194। আহৰণ কৰা হৈছে: 2023-07-20.
- ↑ Gandhi, Mahatma (2013). Hinduism According to Gandhi: Thoughts, Writings and Critical Interpretation. Orient Paperbacks. পৃষ্ঠা. 85. ISBN 978-81-222-0558-9. https://books.google.com/books?id=IYsxh5qiUc0C&pg=PA85.
- ↑ Anil Mishra (2012). Reading Gandhi. Pearson. পৃষ্ঠা. 2. ISBN 978-81-317-9964-2. https://books.google.com/books?id=Xa8cD95Mt4YC&pg=PA2.
- ↑ Cribb, R. B. (1985). "The Early Political Philosophy of M. K. Gandhi, 1869–1893". Asian Profile খণ্ড 13 (4): 353–60.
- ↑ "Raychandbhai". Bombay Sarvodaya Mandal & Gandhi Research FoundationMK Gandhi. https://www.mkgandhi.org/autobio/chap26.htm। আহৰণ কৰা হৈছে: 2 July 2020.
- ↑ Gandhi, Mahatma (1993). Gandhi: An Autobiography (Beacon Press সম্পাদনা). পৃষ্ঠা. 63–65. ISBN 0-8070-5909-9. https://archive.org/details/autobiographyst00gand/page/63.
- ↑ Webber, Thomas (2011). Gandhi as Disciple and Mentor (3 সম্পাদনা). Cambridge University Press. পৃষ্ঠা. 33–36. ISBN 978-0-521-17448-0.
- ↑ 13.0 13.1 "Mahatma Gandhi – The religious quest | Biography, Accomplishments, & Facts". Encyclopædia Britannica. 2015. Archived from the original on 13 May 2017. Retrieved 3 June 2017. Unknown parameter
|url-status=
ignored (help) - ↑ Martin Burgess Green (1993). Gandhi: voice of a new age revolution. Continuum. পৃষ্ঠা. 123–25. ISBN 978-0-8264-0620-0. https://archive.org/details/gandhivoiceofnew00gree/page/123.
- ↑ Fischer Louis (1950). The life of Mahatma Gandhi. HarperCollins. পৃষ্ঠা. 43–44. ISBN 978-0-06-091038-9. https://archive.org/details/lifeofmahatmagan00fisc_0/page/43.
- ↑ Ghose, Sankar (1991). Mahatma Gandhi. Allied Publishers. p. 275. ISBN 978-81-7023-205-6. Archived from the original on 2023-07-21. Retrieved 2023-07-20.
- ↑ Stanley Wolpert (2002). Gandhi's Passion: The Life and Legacy of Mahatma Gandhi. Oxford University Press. পৃষ্ঠা. 14, 25–27. ISBN 978-0-19-515634-8. https://books.google.com/books?id=KpBy6BCupe4C., Quote: "The Gandhis had always been strict vegetarians, as are all devout Hindus".
- ↑ 18.0 18.1 Lisa Kemmerer (2012). Animals and World Religions. Oxford University Press. পৃষ্ঠা. 65–68. ISBN 978-0-19-979068-5. https://books.google.com/books?id=JowVDAAAQBAJ.
- ↑ 19.0 19.1 Unto Tähtinen (1979). The Core of Gandhi's Philosophy. Abhinav Publications. পৃষ্ঠা. 61–62, 51–52. ISBN 978-0-8364-0516-3. https://books.google.com/books?id=gPk72b6A8yYC&pg=PA61.
- ↑ Chitrita Banerji, Eating India: an odyssey into the food and culture of the land of spices (2007), p. 169.
- ↑ Ronald Terchek (1998). Gandhi: Struggling for Autonomy. Rowman & Littlefield. পৃষ্ঠা. 204–06. ISBN 978-0-8476-9215-6. https://books.google.com/books?id=hg1MqCeW7OUC.
- ↑ "Towards an understanding of Gandhi's views on Science". Mkgandhi.org. 1 November 1934. http://www.mkgandhi.org/articles/views_on_sci.htm। আহৰণ কৰা হৈছে: 12 July 2016.
- ↑ 23.0 23.1 A. P. Sharma (2010). Indian & Western Educational Philosophy. Pustak Mahal. পৃষ্ঠা. 154–56. ISBN 978-81-7806-201-3. https://books.google.com/books?id=2o4bTpFQtdIC.
- ↑ Winthrop Sargeant (2010). Christopher Key Chapple. ed. The Bhagavad Gita: Twenty-fifth–Anniversary Edition. State University of New York Press. পৃষ্ঠা. x–xviii, 285 (verse 6.14), 415 (verse 10.5), 535 (verse 13.7). ISBN 978-1-4384-2840-6. https://books.google.com/books?id=COuy5CDAqt4C.
- ↑ Thomas Weber (2004). Gandhi as Disciple and Mentor. Cambridge University Press. পৃষ্ঠা. 33. ISBN 978-1-139-45657-9. https://archive.org/details/gandhiasdisciple0000webe.
- ↑ Mahatma Gandhi (1957). An Autobiography: The Story of My Experiments with Truth. 39. Beacon Press. পৃষ্ঠা. 262. ISBN 978-0-8070-5909-8. https://archive.org/details/autobiographyst00gand/page/262। আহৰণ কৰা হৈছে: 23 November 2016.
- ↑ Sankar Ghose (1991). Mahatma Gandhi. Allied Publishers. পৃষ্ঠা. 66–67. ISBN 978-81-7023-205-6. https://books.google.com/books?id=5l0BPnxN1h8C.
- ↑ 28.0 28.1 Sankar Ghose (1991). Mahatma Gandhi. Allied Publishers. পৃষ্ঠা. 354–57. ISBN 978-81-7023-205-6. https://books.google.com/books?id=5l0BPnxN1h8C.
- ↑ 29.0 29.1 Bhikhu C. Parekh (1999). Colonialism, tradition, and reform: an analysis of Gandhi's political discourse. Sage Publications. পৃষ্ঠা. 210–21. ISBN 978-0-7619-9382-7. https://books.google.com/books?id=eXhuAAAAMAAJ.
- ↑ 30.0 30.1 Jad Adams (2 January 2012). "Thrill of the chaste: The truth about Gandhi's sex life". The Independent. https://www.independent.co.uk/arts-entertainment/books/features/thrill-of-the-chaste-the-truth-about-gandhis-sex-life-1937411.html.
- ↑ Uma Majmudar (2012). Gandhi's Pilgrimage of Faith: From Darkness to Light. State University of New York Press. পৃষ্ঠা. 224–25. ISBN 978-0-7914-8351-0. https://books.google.com/books?id=3XombmM30kAC&pg=PA224.
- ↑ Lal, Vinay (Jan–Apr 2000). "Nakedness, Nonviolence, and Brahmacharya: Gandhi's Experiments in Celibate Sexuality". Journal of the History of Sexuality খণ্ড 9 (1/2): 105–36.