মহামন্দা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১৯১০ চনৰ পৰা ১৯৬০ চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্ষিক প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন (জিডিপি), মহামন্দাৰ বছৰবোৰ (১৯২৯-১৯৩৯) ওপৰত আলোকপাত কৰা হৈছে

মহামন্দা বা বৃহৎ অৰ্থনৈতিক পতন (ইংৰাজী: Great Depression) আছিল এক গুৰুতৰ বিশ্বজুৰা তীব্ৰ অৰ্থনৈতিক মন্দাৱস্থা যি ১৯৩০-ৰ দশকত ঘটিছিল। ইয়াৰ আৰম্ভ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। সমগ্ৰ বিশ্বত মহামন্দাৰ সময় বিভিন্ন আছিল; বেছিভাগ দেশত, ই ১৯২৯ চনত আৰম্ভ হৈছিল আৰু ১৯৩০ দশকৰ শেষভাগলৈ আছিল।[1] ই আছিল বিংশ শতিকাৰ আটাইতকৈ দীৰ্ঘতম, গভীৰতম, আৰু আটাইতকৈ বিস্তৃত মন্দাৱস্থা।[2] বিশ্বব্যাপী অৰ্থনীতি কিমান তীব্ৰভাৱে হ্ৰাস হ'ব পাৰে তাৰ উদাহৰণ হিচাপে সাধাৰণতে মহামন্দাক ব্যৱহাৰ কৰা হয়।[3]

১৯২৯ চনৰ ৪ ছেপ্টেম্বৰত আৰম্ভ হোৱা হ্ৰাসমান ষ্টকৰ মূল্যৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰত মহামন্দা আৰম্ভ হৈছিল, আৰু ১৯২৯ চনৰ ২৯ অক্টোবৰৰ ষ্টক বজাৰ পতনৰ সৈতে সৰ্বত্ৰে বাতৰি হৈ পৰিছিল (এই দিনটোক কলা মঙলবাৰ বুলি কোৱা হয়)। ১৯২৯ আৰু ১৯৩২ চনৰ ভিতৰত, বশ্বব্যাপী মুঠ ঘৰুৱা উৎপাদন (জিডিপি)-ৰ আনুমানিক ১৫% হ্ৰাস হৈছিল। তুলনা কৰিলে দেখা যায় যে, ২০০৮-২০০৯ চনৰ মন্দাৱস্থাৰ সময়ত বশ্বব্যাপী জিডিপি ১% তকৈ কম হ্ৰাস হয়।[4] কিছুমান অৰ্থনীতি ১৯৩০ৰ মাজভাগৰ ভিতৰত সুস্থ হবলৈ আৰম্ভ কৰে। অৱশ্যে, বহুতো দেশত মহামন্দাৰ নেতিবাচক প্ৰভাৱ দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিলৈকে আছিল।[5]

মহামন্দাই ধনী আৰু দৰিদ্ৰ দুয়োধৰণৰ দেশতে এক বিপৰ্যয়ৰ প্ৰভাৱ পেলাইছিল। ব্যক্তিগত উপাৰ্জন, কৰ ৰাজহ, লাভ আৰু মূল্য হ্ৰাস পাইছিল, আনহাতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ৫০%ৰ অধিক হ্ৰাস পাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত নিবনুৱাৰ হাৰ ২৩% লৈ বৃদ্ধি পাইছিল আৰু কিছুমান দেশত ৩৩% লৈকে বৃদ্ধি পাইছিল।[6]

বিশ্বৰ চহৰবোৰত, বিশেষকৈ গধুৰ উদ্যোগৰ ওপৰত নিৰ্ভৰশীল চহৰবোৰত, গভীৰভাৱে প্ৰভাৱ পৰিছিল। বহুতো দেশত নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। শস্যৰ মূল্য প্ৰায় ৬০% হ্ৰাস হোৱাৰ বাবে কৃষি সম্প্ৰদায় আৰু গ্ৰাম্য অঞ্চলসমূহ ভুগিছিল।[7][8][9] চাকৰিৰ মাত্ৰ কেইটামান বৈকল্পিক উৎসৰ সৈতে হ্ৰাসমান চাহিদাৰ ফলত প্ৰাথমিক খণ্ডৰ উদ্যোগ যেনে খনন আৰু কাঠৰ উদ্যোগসমূহ সৰ্বাধিক ক্ষতি বহন কৰিছিল।[10]

আৰম্ভ[সম্পাদনা কৰক]

১৯২৯ চনৰ ৱাল ষ্ট্ৰিট পতনৰ পাছত ৱাল ষ্ট্ৰিট আৰু ব্ৰড ষ্ট্ৰিটত মানুহ ভীৰ দেখা গৈছে

অৰ্থনৈতিক ইতিহাসবিদসকলে সাধাৰণতে মহামন্দাৰ অনুপ্ৰেৰক হিচাপে ১৯২৯ চনৰ ২৪ অক্টোবৰৰ পৰা আৰম্ভ কৰি আমেৰিকান ষ্টক বজাৰৰ মূল্যৰ আকস্মিক পতনক গণ্য কৰে। অৱশ্যে,[11] কিছুমানে এই সিদ্ধান্তত বিবাদ কৰে আৰু ষ্টক বিপৰ্যয়ক এক কাৰণৰ সলনি মহামন্দাৰ এক লক্ষণ হিচাপে গণ্য কৰে।[6][12]

১৯২৯ চনৰ ৱাল ষ্ট্ৰিট বিপৰ্যয়ৰ পাছতো কিছু সময়ৰ বাবে আশা অব্যাহত আছিল। জন ডি ৰকফেলাৰে কৈছিল "এইবোৰ দিনত বহুতে নিৰুৎসাহিত হয়। মোৰ জীৱনৰ ৯৩ বছৰত, মন্দাৱস্থা আহিছে আৰু গৈছে। ভাৱ অৱস্থা সদায় ঘুৰি আহে আৰু ঘুৰি আহিবই।"[13] ১৯৩০ চনৰ আৰম্ভণিতে ষ্টক বজাৰ পুণৰ ওপৰলৈ উঠে কিন্তু এপ্ৰিলৰ ভিতৰত পুণৰ ১৯২৯ চনৰ আৰম্ভণিলৈ অৱস্থালৈ ঘূৰি যায়। এয়া তেতিয়াও ১৯২৯ চনৰ ছেপ্টেম্বৰৰ প্ৰায় ৩০% তলত আছিল।[14]

চৰকাৰ আৰু ব্যৱসায়সমূহে একেলগে ১৯৩০ চনৰ প্ৰথমাৰ্ধত আগৰ বছৰৰ সংশ্লিষ্ট সময়তকৈ অধিক খৰচ কৰিছিল। ইফালে, গ্ৰাহকসকল, যিসকলৰ বহুতে যোৱা বছৰ ষ্টক বজাৰত গুৰুতৰ ক্ষতিৰ সন্মুখীন হৈছিল, তেওঁলোকৰ ব্যয় ১০% হ্ৰাস হৈছিল। ইয়াৰ উপৰিও, ১৯৩০-ৰ মাজভাগত দেখা দিয়া এক গুৰুতৰ খৰাং বতৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেতিয়ক সমস্যাত পেলাইছিল।[15]

১৯৩০ চনৰ মাজভাগলৈ সূতৰ হাৰ নিম্ন স্তৰলৈ হ্ৰাস পাইছিল, কিন্তু বিষ্কাৰ আৰু ঋণ ল'বলৈ মানুহৰ নিৰন্তৰ অমনোযোগৰ অৰ্থ হৈছিল যে গ্ৰাহক ব্যয় আৰু বিনিয়োগ হ্ৰাস পাইছিল।[16] ১৯৩০ চনৰ মে' মাহলৈ অটোমোবাইল বিক্ৰী ১৯২৮ চনতকৈ কমি গৈছিল। সাধাৰণতে দাম হ্ৰাস হ'বলৈ আৰম্ভ কৰিছিল, যদিও ১৯৩০ চনত মজুৰি স্থিৰ হৈ আছিল। তাৰ পিছত ১৯৩১ চনত এক বিমুদ্ৰাস্ফীতি আৰম্ভ হৈছিল। কৃষকসকলে এক বেয়া সময়ৰ সন্মুখীন হৈছে; শস্যৰ মূল্য হ্ৰাস হোৱা আৰু এক খৰাং বতৰে তেওঁলোকৰ অৰ্থনৈতিক স্থিতি বেয়া কৰিছিল।[17]

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি হ্ৰাস হোৱাৰ ফলতে আন বেছিভাগ দেশতো ইয়াৰ প্ৰভাৱ পৰিছিল; তাৰ পিছত, প্ৰতিখন দেশত আভ্যন্তৰীণ দুৰ্বলতা বা শক্তিয়ে পৰিস্থিতি বেয়া বা উন্নত কৰি তুলিছিল। দেশবোৰে ব্যক্তিগতভাৱে সংৰক্ষণবাদী নীতিৰ যোগেৰে তেওঁলোকৰ ব্যৱসায়বোৰৰ উন্নতি কৰিবলৈ চেষ্টা কৰিছিল। উদাহৰণ স্বৰূপে, ১৯৩০ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্মুট-হাৱলি টেৰিফ আইন আৰু আন দেশৰ প্ৰতিশোধকৰ শুল্কৰ ফলত বিশ্ব বাণিজ্যত অধিক ক্ষতিগ্ৰস্থ হৈছিল, যাৰ ফলত মন্দাৱস্থাৰ প্ৰভাৱ বৃদ্ধি হৈছিল।[18] ১৯৩৩ চনৰ ভিতৰত, অৰ্থনৈতিক হ্ৰাসৰ ফলত বিশ্ব বাণিজ্য মাত্ৰ চাৰি বছৰ আগতে ইয়াৰ স্তৰৰ এক তৃতীয়াংশলৈ নামি গৈছিল।[19]

কাৰণ[সম্পাদনা কৰক]

মহামন্দাৰ কাৰণৰ দুটা প্ৰধান প্ৰতিযোগী অৰ্থনৈতিক তত্ত্ব হৈছে কেইনচিয়ান (Keynesian; চাহিদা-চালিত) আৰু মুদ্ৰাবিদ ব্যাখ্যা (monetarist explanation)। এনে আন কিছু তত্বও আছে যিবোৰে কেইনচিয়ান আৰু মুদ্ৰাবিদ ব্যাখ্যাবোৰক অস্বীকাৰ কৰে। দাবী-চালিত তত্ববোৰৰ মাজত সহমত আছে যে এক বৃহৎ পৰিমাণৰ আত্মবিশ্বাস হেৰুওৱাৰ ফলত হঠাৎ ব্যৱহাৰ আৰু বিনিয়োগ ব্যয় হ্ৰাস হৈছিল। এবাৰ আতংক আৰু বিমুদ্ৰাস্ফীতি আৰম্ভ হোৱাৰ পিছত, বহু লোকে বিশ্বাস কৰিছিল যে তেওঁলোকে বজাৰৰ পৰা আঁতৰত কৰি অধিক ক্ষতি পৰিহাৰ কৰিব পাৰিব। দাম হ্ৰাস হোৱাৰ ফলত ধন ধৰি ৰখাটো লাভজনক হৈছিল আৰু নিৰ্দিষ্ট পৰিমাণৰ ধনৰ বাবদ অধিক সামগ্ৰী ক্ৰয় কৰা কৰিব পাৰিছিল, যাৰ ফলত চাহিদা হ্ৰাস হয়। মুদ্ৰাবিদসকলে বিশ্বাস কৰে যে মহামন্দা এক সাধাৰণ মন্দা হিচাপে আৰম্ভ হৈছিল, কিন্তু ধন যোগান সংকুচিত হোৱাৰ ফলত অৰ্থনৈতিক পৰিস্থিতি অধিক বেয়া কৰিছিল, যাৰ ফলত এই মন্দাৱস্থা মহামন্দালৈ পৰিণত হৈছিল।

মহামন্দাৰ কাৰণ বাখ্যাৰ এই দুই তত্ত্বক লৈ অৰ্থনীতিবিদ আৰু অৰ্থনৈতিক ইতিহাসবিদসকল প্ৰায় সমভাৱে বিভক্ত হৈছে। প্ৰথমটোৱে মুদ্ৰাবিদ ব্যাখ্যা অনুসৰি বিত্তীয় শক্তিবোৰ মহামন্দাৰ প্ৰাথমিক কাৰণ বুলি কৈছে, আনহাতে দ্বিতীয়টোৱে পাৰম্পৰিক কেইনচিয়ান ব্যাখ্যা অনুসৰি স্বায়ত্ত্ব ব্যয়, বিশেষকৈ বিনিয়োগত হ্ৰাস হোৱাটোক মহামন্দাৰ প্ৰথমিক কাৰণ বুলি কৈছে।[20] বৰ্তমানে ঋণ বিমুদ্ৰাস্ফীতি তত্ত্ব আৰু আকাংক্ষা প্ৰতিপাদ্যৰ প্ৰতি গুৰুত্বপূৰ্ণ শৈক্ষিক সমৰ্থন আছে। এই তত্ত্বই মিল্টন ফ্ৰাইডমেন আৰু আনা শ্বাৰ্টজৰ বিত্তীয় ব্যাখ্যাৰ ওপৰত নিৰ্ভৰ কৰাৰ লগতে অনা-বিত্তীয় ব্যাখ্যাও যোগ কৰে।[21][22]

এক সহমত আছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভ প্ৰণালীয়ে ধন যোগান সম্প্ৰসাৰিত কৰি আৰু অন্তিম পন্থা ঋণদাতা হিচাপে কাম কৰি বিত্তীয় বিমুদ্ৰাস্ফীতি আৰু বেঙ্কিং পতনৰ প্ৰক্ৰিয়া হ্ৰাস কৰিব লাগে। যদি তেওঁলোকে এনে কৰিলেহেতে, অৰ্থনৈতিক মন্দাৱস্থা বহু কম গুৰুতৰ আৰু বহু কম হ'লহেতেন।[23]

আধুনিক মূলধাৰাৰ অৰ্থনীতিবিদসকলৰ অনুদৰি মহামন্দা কাৰণবোৰ হৈছে:

  • ব্যক্তিগত খণ্ডৰ পৰা অপৰ্যাপ্ত চাহিদা আৰু অপৰ্যাপ্ত বিত্তীয় ব্যয় (কেইনচিয়ান)।
  • এক ধন যোগান হ্ৰাস (মুদ্ৰাবিদ) আৰু সেয়েহে এক বেঙ্কিং সংকট, ঋণ হ্ৰাস হোৱা আৰু দেউলিয়া হোৱা।

টাৰ্ণিং পইণ্ট আৰু পুনৰুদ্ধাৰ[সম্পাদনা কৰক]

বিশ্বৰ বেছিভাগ দেশে ১৯৩৩ চনত মহামন্দাৰ পৰা পুনৰুদ্ধাৰ হ'বলৈ আৰম্ভ হৈছিল।[11] আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৩৩ চনৰ আৰম্ভণিতে পুনৰুদ্ধাৰ আৰম্ভ হয়,[11] কিন্তু এক দশকৰ অধিক কাল ধৰি ১৯২৯ চনৰ মুঠ ৰাষ্ট্ৰীয় পণ্য (জিএনপি)-লৈ অস্থালৈ ঘূৰি অহা নাছিল আৰু তেতিয়াও ১৯৪০ চনত প্ৰায় ১৫% নিবনুৱাৰ হাৰ আছিল, যদিও ই ১৯৩৩ চনত ২৫% উচ্চ হাৰৰ পৰা তললৈ নামিছিল।

ফ্ৰেঙ্কলিন ৰুজাভেল্টৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ বেছিভাগ সময়ৰ মাজেৰে অব্যাহত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্প্ৰসাৰণৰ (যদিও ১৯৩৭ চনৰ মন্দাই ইয়াক বাধা দিয়াছিল) কাৰক শক্তি সম্পৰ্কে অৰ্থনীতিবিদসকলৰ মাজত কোনো সহমত নাই। বেছিভাগ অৰ্থনীতিবিদৰ মাজত মত আছিল যে ৰুজভেল্টৰ নতুন চুক্তি নীতিবোৰে মহামন্দো পৰা পুনৰুদ্ধাৰ হোৱা প্ৰক্ৰিয়াক দ্ৰুতমান কৰি তুলিছিল, যদিও অৰ্থনীতিক সম্পূৰ্ণৰূপে মন্দাৱস্থাৰ পৰা বাহিৰ লৈ আনিবলৈ তেওঁৰ নীতিবোৰ কেতিয়াও যথেষ্ট শক্তিশালী নাছিল। কিছুমান অৰ্থনীতিবিদে reflation-ৰ আকাংক্ষা আৰু নামমাত্ৰ সূদৰ হাৰ বৃদ্ধি ৰখাৰ ইতিবাচক প্ৰভাৱৰ প্ৰতিও মনোযোগ আকৰ্ষণ কৰিছে যি ৰুজাভেল্টৰ কথা আৰু কামবোৰ পৰা প্ৰভাৱত হৈছিল।[24][25] সেই একেই reflationary নীতিৰ ওভতাই লোৱাৰ ফলতেই ১৯৩৭ চনৰ শেষৰ ফালে আৰম্ভ হোৱা এক মন্দাৱস্থা বন্ধ হৈ পৰিছিল।[26][27] reflation বিপৰীত হোৱা এক অৱদানকাৰী নীতি আছিল ১৯৩৫ চনৰ বেঙ্কিং আইন, যি কাৰ্যকৰীভাৱে সংৰক্ষিত প্ৰয়োজনীয়তা বৃদ্ধি কৰিছিল, যাৰ ফলত এক বিত্তীয় সংকোচন হয় যি পুনৰুদ্ধাৰ বিফল কৰাত সহায় কৰিছিল।[28] ১৯৩৮ চনত জিডিপিৰ উৰ্দ্ধমুখী গতি পুণৰ আৰম্ভ হয়।[29]

ক্ৰিষ্টিনা ৰোমাৰ মতে, বিশাল আন্তঃৰাষ্ট্ৰীয় সোণৰ প্ৰবাহৰ ফলত হোৱা ধন যোগান বৃদ্ধি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ এক গুৰুত্বপূৰ্ণ উৎস, ফলত অৰ্থনীতিয়ে আত্ম-সংশোধনৰ সামান্য লক্ষণ দেখুৱাইছিল। সোণৰ প্ৰবাহৰ কাৰণ আছিল দুটা: প্ৰথমটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰৰ মূল্যৰ অৱনতি আৰু আনটো ইউৰোপৰ ৰাজনৈতিক পৰিস্থিতিৰ অৱনতি।[30] মানিটেৰি হিষ্টৰী অফ ইউনাইটেড ষ্টেটচ্ নামৰ গ্ৰন্থখনত মিল্টন ফ্ৰাইডমেন আৰু আনা শ্বাৰ্টজে মতপোষণ কৰিছে যে বিত্তীয় কাৰকসমূহক পুনৰুদ্ধাৰ কাৰণ হিচাপে চিহ্নিত কৰিছে, আৰু ফেডাৰেল ৰিজাৰ্ভ ছিষ্টেমৰ দ্বাৰা ধনৰ দুৰ্বল ব্যৱস্থাপনাৰ দ্বাৰা পুনৰুদ্ধাৰ যথেষ্ট লেহেম হোৱা কথাৰ কথা কৈছে। ফেডাৰেল ৰিজাৰ্ভৰ পূৰ্বৰ অধ্যক্ষ বেন বাৰ্নানকে সন্মতি জনাই কৈছিল যে বিত্তীয় কাৰকবোৰে বিশ্বজুৰী অৰ্থনৈতিক হ্ৰাস আৰু শেষত পুনৰুদ্ধাৰ দুয়োটাৰ ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[31] বাৰ্নানকে আনুষ্ঠানিক কাৰকাসমূহ, বিশেষকৈ বিত্তীয় প্ৰণালীৰ পুনৰ্নিমাণ আৰু পুনৰ্সংস্থানেও এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল বুলি মতপোষণ কৰে[32] আৰু ইংগিত দিছিল যে মহামন্দাক এক আন্তঃৰাষ্ট্ৰীয় দৃষ্টিকোণত পৰীক্ষা কৰিব লাগে।[33]

আৰ্থ-সামাজিক প্ৰভাৱ[সম্পাদনা কৰক]

বেছিভাগ দেশে ৰিলিফ কাৰ্য্যসূচী স্থাপন কৰিছিল আৰু কিছু ধৰণৰ ৰাজনৈতিক অভ্যুত্থান হৈছিল, যি তেওঁলোকক সোঁফাপন্থালৈ ঠেলি দিছিল। ইউৰোপ আৰু লেটিন আমেৰিকাৰ বহুতো গণতান্ত্ৰীক দেশত গণতন্ত্ৰৰ পতন ঘটিছিল আৰু একনায়কত্বৰ প্ৰতিষ্ঠা হৈছিল। ইয়াৰ উল্লেখযোগ্য উদাহৰণ হৈছে ১৯৩৩ চনত জাৰ্মানী প্ৰতিষ্ঠা হোৱা একনায়কত্ববাদ। আনহাতে, ডম'নিয়'ন অৱ নিউফাউণ্ডলেণ্ডে স্বেচ্ছাই গণতন্ত্ৰ এৰি দিছিল।

মহামন্দাৰ প্ৰভাৱ ভাৰতত কিমান পৰিছিল সেয়া বিতৰ্কৰ বিষয়। ইতিহাসবিদসকলে যুক্তি দিছে যে মহামন্দাই দীৰ্ঘম্যাদী ঔদ্যোগিক বিকাশ লেহেম কৰিছিল।[34] মৰাপাট আৰু কয়লা, এই দুটা খণ্ডৰ বাহিৰে আন ক্ষেত্ৰৰ অৰ্থনীতিত সামান্যভাৱেহে প্ৰভাৱ পৰিছিল। অৱশ্যে, মৰাপাট উদ্যোগৰ ওপৰত গুৰুতৰ নেতিবাচক প্ৰভাৱ পৰিছিল, কিয়নো বিশ্বৰ চাহিদা হ্ৰাস হৈছিল আৰু মূল্য হ্ৰাস হৈছিল।[35] অন্যথা, পৰিস্থিতি যথেষ্ট স্থিৰ আছিল। কৃষি আৰু ক্ষুদ্ৰ উদ্যোগৰ স্থানীয় বজাৰবোৰে সামান্য লাভো দেখুৱাইছিল।[36]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. John A. Garraty, The Great Depression (1986)
  2. Charles Duhigg, "Depression, You Say? Check Those Safety Nets", The New York Times, March 23, 2008.
  3. Barry Eichengreen, Hall of Mirrors: The Great Depression, The Great Recession, and the Uses-and Misuses-of History (2014)
  4. Roger Lowenstein, "History Repeating," Wall Street Journal Jan 14, 2015
  5. Garraty, Great Depression (1986) ch1
  6. 6.0 6.1 Frank, Robert H.; Bernanke, Ben S. (2007). Principles of Macroeconomics (3rd সম্পাদনা). প্ৰকাশক Boston: McGraw-Hill/Irwin. পৃষ্ঠা. 98. ISBN 978-0-07-319397-7. 
  7. "Commodity Data". US Bureau of Labor Statistics. http://www.bls.gov/data/। আহৰণ কৰা হৈছে: November 30, 2008. 
  8. Cochrane, Willard W. (1958). Farm Prices, Myth and Reality. p. 15. 
  9. "World Economic Survey 1932–33". League of Nations: 43. 
  10. Mitchell, Depression Decade
  11. 11.0 11.1 11.2 Great Depression, Encyclopædia Britannica
  12. "Economics focus: The Great Depression". The Economist. 
  13. Schultz, Stanley K. (1999). "Crashing Hopes: The Great Depression". American History 102: Civil War to the Present. University of Wisconsin–Madison. Archived from the original on March 23, 2008. https://web.archive.org/web/20080323120342/http://us.history.wisc.edu/hist102/lectures/lecture18.html। আহৰণ কৰা হৈছে: March 13, 2008. 
  14. "1998/99 Prognosis Based Upon 1929 Market Autopsy". Gold Eagle. Archived from the original on May 17, 2008. https://web.archive.org/web/20080517075810/http://www.gold-eagle.com/editorials_98/vronsky060698.html। আহৰণ কৰা হৈছে: May 22, 2008. 
  15. "Drought: A Paleo Perspective – 20th Century Drought". National Climatic Data Center. http://www.ncdc.noaa.gov/paleo/drought/drght_history.html। আহৰণ কৰা হৈছে: April 5, 2009. 
  16. Hamilton, James (1987). "Monetary Factors in the Great Depression". Journal of Monetary Economics খণ্ড 19 (2): 145–69. doi:10.1016/0304-3932(87)90045-6. 
  17. "The Great Depression" (en-US ভাষাত). http://drought.unl.edu/DroughtBasics/DustBowl/TheGreatDepression.aspx. 
  18. Richard, Clay Hanes (editor) (July 2002). Historic Events for Students: The Great Depression (Volume I সম্পাদনা). Gale. ISBN 978-0-7876-5701-7. 
  19. Tignor, Tignor, Robert L. (October 28, 2013). Worlds together, worlds apart: a history of the world from the beginnings of humankind to the present (Fourth সম্পাদনা). প্ৰকাশক New York. ISBN 978-0-393-92207-3. OCLC 854609153. 
  20. Whaples, Robert (1995). "Where is There Consensus Among American Economic Historians? The Results of a Survey on Forty Propositions". The Journal of Economic History খণ্ড 55 (1): p. 150. doi:10.1017/S0022050700040602. http://www.employees.csbsju.edu/jolson/ECON315/Whaples2123771.pdf. 
  21. Mendoza, Enrique G.; Smith, Katherine A. (2006-09-01). "Quantitative implications of a debt-deflation theory of Sudden Stops and asset prices" (en ভাষাত). Journal of International Economics খণ্ড 70 (1): 82–114. doi:10.1016/j.jinteco.2005.06.016. ISSN 0022-1996. http://www.sciencedirect.com/science/article/pii/S002219960500098X. 
  22. Buraschi, Andrea; Jiltsov, Alexei (2005-02-01). "Inflation risk premia and the expectations hypothesis" (en ভাষাত). Journal of Financial Economics খণ্ড 75 (2): 429–490. doi:10.1016/j.jfineco.2004.07.003. ISSN 0304-405X. http://www.sciencedirect.com/science/article/pii/S0304405X04001333. 
  23. Whaples, Robert (1995). "Where is There Consensus Among American Economic Historians? The Results of a Survey on Forty Propositions". The Journal of Economic History খণ্ড 55 (1): p. 143. doi:10.1017/S0022050700040602. http://www.employees.csbsju.edu/jolson/ECON315/Whaples2123771.pdf. 
  24. Gauti B. Eggertsson, "Great Expectations and the End of the Depression," American Economic Review 98, No. 4 (Sep 2008): 1476–1516
  25. "Was the New Deal Contractionary?" Federal Reserve Bank of New York Staff Report 264, Oct 2006, Gauti B. Eggertsson
  26. "The Mistake of 1937: A General Equilibrium Analysis," Monetary and Economic Studies 24, No. S-1 (December 2006), Boj.or.jp
  27. Eggertsson, Gauti B.. "A Reply to Steven Horwitz's Commentary on 'Great Expectations and the End of the Great Depression,'". Econ Journal Watch খণ্ড 7 (3): 197–204. http://econjwatch.org/articles/a-reply-to-steven-horwitz-s-commentary-on-great-expectations-and-the-end-of-the-depression-. 
  28. Steven Horwitz, "Unfortunately Unfamiliar with Robert Higgs and Others: A Rejoinder to Gauti Eggertsson on the 1930s," Econ Journal Watch 8(1), 2, January 2011. [1]
  29. Per-capita GDP data from MeasuringWorth: What Was the U.S. GDP Then?
  30. Romer, Christina D. (December 1992). "What Ended the Great Depression". Journal of Economic History খণ্ড 52 (4): 757–84. doi:10.1017/S002205070001189X. http://elsa.berkeley.edu/~cromer/What%20Ended%20the%20Great%20Depression.pdf. "monetary development were crucial to the recovery implies that self-correction played little role in the growth of real output". 
  31. Ben Bernanke. Essays on the Great Depression. Princeton University Press. আই.এচ.বি.এন. 978-0-691-01698-6. p. 7
  32. Ben S. Bernanke, "Nonmonetary Effects of the Financial Crisis in the Propaga-tion of the Great Depression," The American Economic Review 73, No. 3 (June 1983): 257–76, available from the St. Louis Federal Reserve Bank collection at Stlouisfed.org
  33. "Ben S. Bernanke, "The Macroeconomics of the Great Depression: A Comparative Approach," Journal of Money, Credit, and Banking 27, No. 1 (February 1995): 1–28". Journal of Money, Credit and Banking (Fraser.stlouisfed.org). February 1995. https://fraser.stlouisfed.org/scribd/?item_id=2399&filepath=/docs/meltzer/bermac95.pdf। আহৰণ কৰা হৈছে: October 16, 2014. 
  34. Manikumar, K. A. (2003). A Colonial Economy in the Great Depression, Madras (1929–1937). 
  35. Samita Sen, "Labour, Organization and Gender: The Jute Industry in India in the 1930s," in Helmut Konrad and Wolfgang Maderthaner, eds. Routes Into the Abyss: Coping with Crises in the 1930s (2013) pp. 152–66.
  36. Simmons, Colin (1987). "The Great Depression and Indian Industry: Changing Interpretations and Changing Perceptions". Modern Asian Studies খণ্ড 21 (3): 585–623. doi:10.1017/S0026749X00009215. 

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

  • Ambrosius, G. and W. Hibbard, A Social and Economic History of Twentieth-Century Europe (1989)
  • Bernanke, Ben (1995). "The Macroeconomics of the Great Depression: A Comparative Approach". Journal of Money, Credit, and Banking (Blackwell Publishing) খণ্ড 27 (1): 1–28. doi:10.2307/2077848. https://fraser.stlouisfed.org/scribd/?item_id=2399&filepath=/docs/meltzer/bermac95.pdf. 
  • Brendon, Piers. The Dark Valley: A Panorama of the 1930s (2000) comprehensive global economic and political history; 816pp excerpt
  • Brown, Ian. The Economies of Africa and Asia in the Iinter-war Depression (1989)
  • Davis, Joseph S. The World Between the Wars, 1919–39: An Economist's View (1974)
  • Drinot, Paulo, and Alan Knight, eds. The Great Depression in Latin America (2014) excerpt
  • Eichengreen, Barry. Golden Fetters: The gold standard and the Great Depression, 1919–1939. 1992.
  • Eichengreen, Barry, and Marc Flandreau. The Gold Standard in Theory and History (1997) online version
  • Feinstein. Charles H. The European Economy between the Wars (1997)
  • Friedman, Milton, and Anna Jacobson Schwartz. A Monetary History of the United States, 1867–1960 (1963), monetarist interpretation (heavily statistical)
  • Galbraith, John Kenneth, The Great Crash, 1929 (1954), popular
  • Garraty, John A. The Great Depression: An Inquiry into the causes, course, and Consequences of the Worldwide Depression of the Nineteen-Thirties, as Seen by Contemporaries and in Light of History (1986)
  • Garraty John A. Unemployment in History (1978)
  • Garside, William R. Capitalism in Crisis: international responses to the Great Depression (1993)
  • Glasner, David, ed. Business Cycles and Depressions (Routledge, 1997), 800 pp. Excerpt
  • Goldston, Robert, The Great Depression: The United States in the Thirties (1968)
  • Grinin, L., Korotayev, A. and Tausch A. (2016) Economic Cycles, Crises, and the Global Periphery. Springer International Publishing, Heidelberg, New York, Dordrecht, London, আই.এচ.বি.এন. 978-3-319-17780-9;
  • Grossman, Mark. Encyclopedia of the Interwar Years: From 1919 to 1939 (2000). 400 pp. worldwide coverage
  • Haberler, Gottfried. The World Economy, money, and the great depression 1919–1939 (1976)
  • Hall Thomas E. and J. David Ferguson. The Great Depression: An International Disaster of Perverse Economic Policies (1998)
  • Hodson, H.V. Slump and Recovery, 1929–37 (Oxford UP, 1938). online 496 pp. annual histories
  • Kaiser, David E. Economic diplomacy and the origins of the Second World War: Germany, Britain, France and Eastern Europe, 1930–1939 (1980)
  • Kehoe, Timothy J. and Edward C. Prescott, eds. Great Depressions of the Twentieth Century (2007), essays by economists on US, Britain, France, Germany, Italy and on tariffs; statistical
  • Kindleberger, Charles P. The World in Depression, 1929–1939 (3rd ed. 2013)
  • Konrad, Helmut and Wolfgang Maderthaner, eds. Routes Into the Abyss: Coping With Crises in the 1930s (Berghahn Books, 2013), 224 pp. Compares political crises in Germany, Italy, Austria, and Spain with those in Sweden, Japan, China, India, Turkey, Brazil, and the United States.
  • Latham, Anthony, and John Heaton, The Depression and the Developing World, 1914–1939 (1981).
  • Madsen, Jakob B. "Trade Barriers and the Collapse of World Trade during the Great Depression", Southern Economic Journal, Southern Economic Journal (2001) 67#4 pp. 848–68 online at JSTOR.
  • Markwell, Donald. John Maynard Keynes and International Relations: Economic Paths to War and Peace, Oxford University Press (2006).
  • Mitchell, Broadus. Depression Decade: From New Era through New Deal, 1929–1941 (1947), 462 pp. thorough coverage of the U.S.. economy
  • Mundell, R.A. "A Reconsideration of the Twentieth Century", The American Economic Review Vol. 90, No. 3 (Jun. 2000), pp. 327–40 online version
  • Psalidopoulos, Michael, ed. The Great Depression in Europe: Economic Thought and Policy in a National Context (Athens: Alpha Bank, 2012). আই.এচ.বি.এন. 978-960-99793-6-8. Chapters by economic historians cover Finland, Sweden, Belgium, Austria, Italy, Greece, Turkey, Bulgaria, Yugoslavia, Romania, Spain, Portugal, and Ireland. table of contents
  • Romer, Christina D. "The Nation in Depression," Journal of Economic Perspectives (1993) 7#2 pp. 19–39 in JSTOR, statistical comparison of U.S. and other countries
  • Rothermund, Dietmar. The Global Impact of the Great Depression (1996) Online
  • Tipton, F. and R. Aldrich, An Economic and Social History of Europe, 1890–1939 (1987)

সমকালীন[সম্পাদনা কৰক]

  • Keynes, John Maynard. "The World's Economic Outlook", Atlantic (May 1932), online edition.
  • Schumpeter, Joseph (1930). "The Present World Depression: A Tentative Diagnosis". Available on JSTOR.
  • League of Nations, World Economic Survey 1932–33 (1934).

বাহ্যিক সংযোগ[সম্পাদনা কৰক]