সমললৈ যাওক

মহাৰাণী চক্ৰৱৰ্তী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহাৰাণী চক্ৰৱৰ্তী
Maharani Chakravorty
জন্ম ১৯৩৭
ভাগলপুৰ, বিহাৰ
মৃত্যু ২০১৫ (বয়স ৭৭৭৮)
বাসস্থান কলিকতা, পশ্চিম বংগ
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ জেনেটিক অভিযান্ত্ৰিক, আণৱিক জীৱবিজ্ঞান
শিক্ষানুষ্ঠান প্ৰেছিডেন্সী কলেজ, কলিকতা (বিজ্ঞানৰ স্নাতক)
ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয় (স্নাতকোত্তৰ)
বসু প্ৰতিষ্ঠান (ডক্তৰেট)
উল্লেখনীয় বঁটা য়াই. এছ. নাৰায়ণ ৰাও বঁটা, জে.চি. সেনগুপ্তা স্মাৰক বঁটা
দাম্পত্যসঙ্গী দেৱী প্ৰসাদ বাৰ্মা

মহাৰাণী চক্ৰৱৰ্তী (ইংৰাজী: Maharani Chakravorty, (১৯৩৭-২০১৫)) আছিল এগৰাকী ভাৰতীয় আণৱিক জীৱবিজ্ঞানী৷ এছিয়া আৰু দূৰৱৰ্তী এছিয়াত পুনৰসংমিশ্ৰিত ডিএনএ পদ্ধতিত তেখেতে ১৯৮১ চনত পোনপ্ৰথমবাবৰৰ বাবে গৱেষণাগাৰৰ পাঠ্যক্ৰম আৰম্ভ কৰিছিল৷ [1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৩৭ চনত মহাৰাণী চক্ৰৱৰ্তীৰ কলিকতাত জন্ম হৈছিল৷ তেখেত ককাক (মাতৃৰ পিতৃ)ৰ চিন্তা আৰু দৃষ্টিভংগীৰ দ্বাৰা প্ৰভাৱিত হৈ গণিত আৰু বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈছিল৷ ১৯৫০ চনত তেখেতে প্ৰৱেশিকা পৰীক্ষাত ঊত্তীৰ্ণ হয়৷ কলিকতাত থকা প্ৰেছিডেন্সী কলেজৰ পৰা তেখেতে বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ ইয়াৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ কলিকতাত থকা বসু প্ৰতিষ্ঠানৰ পৰা মহাৰাণী চক্ৰৱৰ্তীয়ে ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে৷ [1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

মহাৰাণী চক্ৰৱৰ্তীয়ে কলিকতাৰ বসু প্ৰতিষ্ঠানৰ পৰা মাইক্ৰ'বায়েল প্ৰ'টিন সংশ্লেষণত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে৷ তেখেতৰ মেণ্টৰ আছিল ডা০ দেৱী প্ৰসাদ বাৰ্মা৷ গৱেষণাৰ কৰ্মৰ অংশ হিচাপে তেখেতে এজট'বেক্টাৰ ভাইনেলেণ্ডিৰ পৰা কণিকা প্ৰস্তুতিৰে কোষমুক্ত প্ৰ'টিন সংশ্লেষণ প্ৰদৰ্শন কৰিছিল৷ নিউ ইয়ৰ্ক বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিছিনৰ বি.এল. হোৰেকাৰ গৱেষণাগাৰৰ পৰা তেখেতে এনজাইম ৰসায়নত প'ষ্ট ডক্তৰেট প্ৰশিক্ষণ লাভ কৰে৷ আমেৰিকাৰ লং আইলেণ্ডত থকা কোল্ড স্প্ৰিং হাৰ্বাৰ গৱেষণাগাৰত তেখেতে বেক্টেৰিয়াজনিত জেনেটিকছ আৰু ভাইৰাছতত্ত্বত বিশেষ প্ৰশিক্ষণ সম্পন্ন কৰে৷[2] ১৯৬৮ চনৰ পৰা ১৯৬৯ চনলৈকে তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানৰ এন হাৰ্বাৰস্থিত হিউমেন জেনেটিকছ বিভাগৰ অধ্যাপক মায়ৰন লেভিনৰ গৱেষণাগাৰত কাম কৰে৷ তেখেতে প্ৰতিষ্ঠা কৰে যে, ছালম'নেলা টাইফিমৰিয়ামৰ আৱৰণী জটিলতাৰ অৱক্ষেপন ধ্ৰুৱক ১০০০s আৰু ইয়াৰ ভিত্তিত কেৱল ডিএনএ সংশ্লেষণেই নহয়, আৰএনএ সংশ্লেষণো উৎপত্তি হয়৷ গৱেষণাৰ অন্তত, তেখেত ভাৰতলৈ উভতি আহে আৰু বসু প্ৰতিষ্ঠানত যোগদান কৰে৷ মহাৰাণী চক্ৰৱৰ্তীয়ে এইখন প্ৰতিষ্ঠানত এককোষী জীৱৰ বিপাকীয় নিয়মীয়াকৰণত গৱেষণা আৰম্ভ কৰে৷ পৰৱৰ্তী সময়ত তেখেতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ জৈৱ-ৰসায়ন বিভাগত যোগদান কৰে৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত, তেখেতে লাইছ'জেনি আৰু লাইছিছৰ দ্বাৰা প্ৰভাৱিত হোৱা কোষৰ পাৰ্থক্য সম্বন্ধে গৱেষণা কৰে৷

২০১৫ চনত মহাৰাণী চক্ৰৱৰ্তীৰ দেহাৱসান ঘটে৷ সতীৰ্থ বিজ্ঞানী দেৱী প্ৰসাৰ বাৰ্মাৰ সৈতে তেখেতে বৈবাহিক জীৱনৰ পাতনি মেলিছিল৷ মৃত্যুৰ সময়ত তেখেতে দুটি সন্তান এৰি থৈ যায়৷[1]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

মহাৰাণী চক্ৰৱৰ্তীয়ে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ প্ৰতিষ্ঠানৰ পৰা ১৯৭৫-৭৬ চনত মেধাৰ প্ৰমাণপত্ৰ লাভ কৰে৷ ১৯৭৯ চনত তেখেতে একেখন শিক্ষানুষ্ঠানৰ পৰা শ্ৰেষ্ঠ গৱেষণাৰ সন্মানেৰে পুৰস্কৃত হয়৷ একেটা বৰ্ষতে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ পৰা ক্ষণিকা অৰেছন বঁটা তেখেতে লাভ কৰে৷ ১৯৮১ চনত মহাৰাণী চক্ৰৱৰ্তীয় আইচিএমআৰৰ পৰা য়াই.এছ. নাৰায়ণ ৰাও বঁটা লাভ কৰে৷ ভাৰতৰ চিকিৎসা সন্থাৰ পৰা তেখেতে ১৯৮১ চনত হৰি ওম আশ্ৰম আলবেমিক গৱেষণা বঁটা লাভ কৰে৷ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমিয়ে তেখেতক ২০০৭ চনত অধ্যাপক দৰ্শন ৰাংগানাথন স্মাৰক বঁটা প্ৰদান কৰে৷ [3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Chakravorthy, Maharani. "Why and how I became a scientist". Lilavati's daughters. http://www.ias.ac.in/womeninscience/LD_essays/75-78.pdf আহৰণ কৰা হৈছে: 25 November 2012.
  2. "Author Profile : Maharani Chakraborthy". Pearson. http://pearson.vrvbookshop.com/author/maharani-chakravorty/4513 আহৰণ কৰা হৈছে: 25 November 2012.
  3. "Deceased Fellow- Maharani Chakravorty". INSA. https://www.insaindia.res.in/detail.php?id=N93-1114 আহৰণ কৰা হৈছে: 9 September 2021.