মহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্‌ লিমিটেড

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্‌ লিমিটেড হৈছে ভাৰতৰ মহীশূৰ চহৰত অৱস্থিত এটি উদ্যোগ। ভাৰতবৰ্ষত নিৰ্বাচন সমূহত ভোটদানৰ প্ৰমাণ স্বৰূপে ব্যৱহাৰ কৰা বিশেষ চিয়াঁহীৰ ইয়েই একমাত্ৰ কতৃত্বপ্ৰাপ্ত প্ৰস্তুতকৰ্তা। ই এটা কৰ্ণাটক চৰকাৰৰ মালিকীস্বত্বৰ অধীনৰ উদ্যোগ।

ইতিহাস[সম্পাদনা কৰক]

এই উদ্যোগটো পোণপ্ৰথমে মহীশূৰৰ মহাৰাজা নলৱাডী কৃষ্ণৰাজা ৱাডিয়াৰে(Krishna Raja Wadiyar IV) ১৯৩৭ চনত চিয়াঁহী,ৰং আৰু অন্যান্য আনুসংগিক প্ৰয়োজনীয় দ্ৰৱ্যসমূহ উৎপাদনৰ বাবে Mysore Lac and Paints Limited হিচাপে আৰম্ভ কৰিছিল। ১৯৪৭ চনৰ স্বাধীনতাৰ পিছত ই ৰাজহুৱা খণ্ডলৈ গুচি যায়। ১৯৬২ চনত ভাৰতৰ তৃতীয় সাধাৰণ নিৰ্বাচনত ভোটদানৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা চিয়াঁহীৰ উৎপাদনৰ বাবে ইয়াক বাচনি কৰা হয়। গোপনীয়াকৈ ৰখা এই চিয়াঁহী উৎপাদন প্ৰণালীটো ভাৰতৰ National Physical Laboratory of Indiaই তৈয়াৰ কৰা এক ৰাসায়নিক সংযুতি অনুসৰি কৰা হয়।

উৎপাদিত সামগ্ৰী[সম্পাদনা কৰক]

ভোটদানৰ প্ৰমাণৰূপে ব্যৱহাৰ কৰা বিশেষ চিয়াঁহী[সম্পাদনা কৰক]

কোনো ভোটাৰে যাতে প্ৰৱঞ্চনাৰে দ্বিতীয়বাৰ ভোটদান কৰিব নোৱাৰে তাৰ বাবে সোঁহাতৰ তৰ্জনী আঙুলিৰ নখত এক বিশেষ ধৰণৰ চিয়াঁহী লগাই দিয়া হয়। এই চিয়াঁহীৰ দাগ কমেও ২০ দিনলৈ নাযায়। কলা ৰঙৰ এই চিয়াঁহী পোণপ্ৰথমে ভাৰতৰ নিৰ্বাচনসনূহৰ প্ৰয়োজনাৰ্থে প্ৰস্তুত কৰা হৈছিল। এই চিয়াঁহীৰ এক মূখ্য গ্ৰাহক হ'ল ভাৰতৰ নিৰ্বাচন আয়োগ। নিৰ্বাচন আয়োগে ভোটাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি নিৰ্দিষ্ট পৰিমাণৰ চিয়াঁহী যোগানৰ বাবে আহ্বান জনায়। এই চিয়াঁহী ৫ মি:লি:, ৭.৫মি:লি:, ২০মি:লি:, ৫০মি:লি: আৰু ৮০ মি:লি:ৰ বটলত পোৱা যায়। এটা ৫ মি:লি:ৰ বটল ৩০০ ভোটাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি। থাইলেণ্ড, মালাছিয়া, দক্ষিণ আফ্ৰিকা,ছিংগাপুৰ আৰু নাইজেৰিয়ালৈ এই চিয়াঁহী ৰপ্তানি কৰা হয়। এই চিয়াঁহী থকা এক প্ৰকাৰৰ মাৰ্কাৰ পেনো এই উদ্যোগটোৱে প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে যিটো আফগানিস্তানৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছে। ই ২০১২ চনৰ কম্বোডিয়াৰ নিৰ্বাচনৰ বাবেও এই চিয়াঁহী যোগান ধৰিছিল।

অন্যান্য সামগ্ৰী[সম্পাদনা কৰক]

ব্যৱসায়[সম্পাদনা কৰক]

এই উদ্যোগটোৰ ব্যৱসায় ঘাইকৈ নিৰ্ভৰ কৰে প্ৰতি পাঁচবছৰৰ মূৰে মূৰে হোৱা ভাৰতবৰ্ষৰ সাধাৰণ নিৰ্বাচনসমূহৰ ওপৰত। নিৰ্বাচনৰ বতৰত ইয়াৰ এক লেখত ল'বলগীয়া ধৰণে ৰাজহ বৃদ্ধি দেখা যায়। ২০০৬-০৭ বিত্তিয় বৰ্ষত কোম্পানীটোৱে প্ৰায় ১৮ মিলিয়ন টকা লভ্যংশ আহৰণ কৰিছিল। ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে ই প্ৰায় ৪০ মিলিয়ন টকাৰ চিয়াঁহী যোগান ধৰিছিল। ২০০৮ চনৰ কম্বোডিয়াৰ সাধাৰণ নিৰ্বাচনত ই প্ৰায় ১২.৮ মিলিয়ন টকা আয় কৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]