মাংস খোৱাৰ মনোবিজ্ঞান
মাংস খোৱাৰ মনোবিজ্ঞান (ইংৰাজী: Psychology of eating meat) হৈছে নৈতিকতা, আৱেগ, জ্ঞান আৰু ব্যক্তিত্বৰ বৈশিষ্ট্যৰ সংগমক চিত্ৰিত কৰা এক জটিল অধ্যয়নৰ ক্ষেত্ৰ।[1] মাংস খোৱাৰ মানসিক আৰু সাংস্কৃতিক কাৰকৰ ওপৰত কৰা গৱেষণাই পুৰুষত্বৰ সৈতে সম্পৰ্ক, স্তৰভিত্তিক মূল্যবোধৰ সমৰ্থন আৰু অভিজ্ঞতাৰ প্ৰতি মুকলি মনৰতা হ্ৰাস পোৱাৰ কথা প্ৰকাশ কৰে।[2][3][4] মাংস খোৱাটো বহুলভাৱে প্ৰচলিত যদিও ই কেতিয়াবা দুৰ্বলতাৰ সৈতে জড়িত হৈ পৰে। সেয়েহে ইয়াক নৈতিক মনোবিজ্ঞানত জ্ঞানমূলক অসঙ্গতি আৰু নৈতিক বিচ্ছিন্নতাৰ তত্ত্বসমূহক চিত্ৰিত কৰিবলৈ কেছ ষ্টডি হিচাপে ব্যৱহাৰ কৰা হৈছে। [5]মাংসৰ গ্ৰাহক মনোবিজ্ঞানৰ গৱেষণা মাংস উদ্যোগৰ বিপণন আৰু মাংসৰ ব্যৱহাৰ হ্ৰাস কৰাৰ সমৰ্থক-দুয়োটাৰে বাবে প্ৰাসংগিক।[6][7]
গ্ৰাহক মনোবিজ্ঞান
[সম্পাদনা কৰক]মাংস হৈছে মানুহৰ এটা গুৰুত্বপূৰ্ণ আৰু অতি পছন্দৰ খাদ্য।[2]মাংসৰ প্ৰতি ব্যক্তিৰ মনোভাৱ গ্ৰাহক মনোবিজ্ঞানী, মাংস উদ্যোগ আৰু মাংসৰ ব্যৱহাৰ হ্ৰাস কৰাৰ সমৰ্থকসকলৰ বাবে আগ্ৰহৰ বিষয়।[8][9][10] এই মনোভাৱসমূহ মূল্য, স্বাস্থ্য, ৰুচি আৰু নৈতিকতাৰ বিষয়সমূহৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে।[11][12] এই বিষয়সমূহৰ সৈতে সম্পৰ্কিত মাংসৰ ধাৰণাটোৱে মাংস খোৱাৰ ওপৰত প্ৰভাৱ পেলায়।[13][14]
মাংস পৰম্পৰাগতভাৱে উচ্চ মৰ্যাদাৰ খাদ্য।[2] ই সাংস্কৃতিক পৰম্পৰাৰ সৈতে জড়িত হ'ব পাৰে[15] আৰু বিশ্বৰ বেছিভাগ অঞ্চলতে ইয়াৰ শক্তিশালী ইতিবাচক সংযোগ আছে।[16] কিন্তু ইয়াৰ কেতিয়াবা গ্ৰাহকৰ মাজত নেতিবাচক ভাবমূৰ্তি থাকে, ইয়াৰ কাৰণ আংশিকভাৱে বধ, মৃত্যু আৰু তেজৰ সৈতে জড়িত।[17][18][19] এই সংযোগসমূহক অধিক শক্তিশালীভাৱে ধৰি ৰাখিলে মাংস খোৱাৰ পৰা পোৱা আনন্দৰ অনুভূতি হ্ৰাস পাব পাৰে আৰু বিতৃষ্ণা বৃদ্ধি পাব পাৰে, যাৰ ফলত মাংসৰ ব্যৱহাৰ কমি যায়।[20][21] পশ্চিমীয়া দেশসমূহত এই প্ৰভাৱ বিশেষকৈ যুৱতীসকলৰ মাজত হোৱা দেখা গৈছে।[22][23][24] নেতিবাচক সংযোগৰ ফলত গ্ৰাহকে মাংসক হ্ৰাস বা নিৰ্মূল কৰাৰ পৰিৱৰ্তে খাদ্যত কম লক্ষ্যণীয় কৰি তুলিব পাৰে, যেনে অধিক প্ৰক্ৰিয়াকৃত খাদ্যত মাংসক উপাদান হিচাপে গঢ়ি তোলা।[25] গ্ৰাহক হিচাপে আৰু নাগৰিক হিচাপে ব্যক্তিৰ[25] ভূমিকাৰ মাজত বিচ্ছিন্নতাৰ ফল এইটো বুলি কোৱা হৈছে।[14]
আভ্যন্তৰীণ কাৰক
[সম্পাদনা কৰক]খাদ্যৰ পছন্দৰ ক্ষেত্ৰত সোৱাদ আৰু টেক্সচাৰ গুৰুত্বপূৰ্ণ কাৰক বুলি ৰিপৰ্ট কৰা হৈছে যদিও ই গ্ৰাহকৰ আচৰণ সঠিকভাৱে প্ৰতিফলিত নকৰিবও পাৰে।[26] গ্ৰাহকে মাংসক "চোবাই খোৱা", "কোমল", আৰু "চহকী" বুলি বৰ্ণনা কৰে।[23][27] মানুহে মাংসৰ সোৱাদ আৰু গঠন যথেষ্ট বেলেগ ধৰণে অনুভৱ কৰে। বয়স, লিংগ আৰু সংস্কৃতিৰ মাজত তাৰতম্য থাকে।[28] মাংসৰ খাদ্যৰ মানদণ্ডত প্ৰভাৱ পেলোৱা সকলো কাৰকৰ ভিতৰত কোমলতা হয়তো আটাইতকৈ গুৰুত্বপূৰ্ণ। আন কিছুমান হ'ল সোৱাদ, আৰু ৰসালতা।[19]
বিক্ৰীৰ স্থানত মাংসৰ মানদণ্ড মূল্যায়ন কৰিবলৈ, আৰু মাংস নিৰ্বাচন কৰিবলৈ গ্ৰাহকে ব্যৱহাৰ কৰা অন্যতম প্ৰাথমিক ইংগিত হৈছে দৃশ্যমান ৰূপ। এই প্ৰসংগত ৰং অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।[14][19] বিভিন্ন সাংস্কৃতিক পৰম্পৰাই গ্ৰাহকক বিভিন্ন ৰং পছন্দ কৰিবলৈ বাধ্য কৰে: কিছুমান দেশে সামগ্ৰিকভাৱে তুলনামূলকভাৱে গাঢ় গাহৰিৰ মাংস পছন্দ কৰে। কিছুমান পাতল ৰঙৰ, আৰু কিছুমানৰ কোনো স্পষ্ট পছন্দ নাই।[29]
দৃশ্যমান চৰ্বিৰ পৰিমাণ আৰু মাৰ্বলিংও (Marbling: ৰং কৰা মাৰ্বলৰ দৰে তৈয়াৰ কৰাৰ ক্ৰিয়া বা প্ৰক্ৰিয়া) গুৰুত্বপূৰ্ণ অন্তৰ্নিহিত গুণগত মানৰ ইংগিত। সামগ্ৰিকভাৱে গ্ৰাহকে ক্ষীণ গৰুৰ মাংস আৰু গাহৰিৰ মাংস পছন্দ কৰাৰ প্ৰৱণতা থাকে, যদিও ভৌগোলিক অঞ্চলসমূহৰ মাজত যথেষ্ট তাৰতম্য আছে। মাৰ্বলিং কিছুমান গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ কিন্তু আন কিছুমানৰ বাবে নহয়। সাধাৰণভাৱে চৰ্বিৰ পৰিমাণৰ ক্ষেত্ৰত মাৰ্বলিঙৰ প্ৰতি পছন্দ অঞ্চল অনুসৰি ভিন্ন হয়।[14]
বাহ্যিক কাৰক
[সম্পাদনা কৰক]মূল্য এটা গুৰুত্বপূৰ্ণ বাহ্যিক কাৰক যিয়ে মাংসৰ বিষয়ে গ্ৰাহকৰ পছন্দক প্ৰভাৱিত কৰিব পাৰে।[30]মূল্যৰ চিন্তাই গ্ৰাহকক বিভিন্ন মাংসৰ মাজৰ পৰা নিৰ্বাচন কৰিবলৈ প্ৰৰোচিত কৰিব পাৰে, বা মাংস সম্পূৰ্ণৰূপে এৰাই চলিব পাৰে। [31]
মাংসৰ বিষয়ে গ্ৰাহকৰ পছন্দৰ ক্ষেত্ৰতো স্বাস্থ্যজনিত চিন্তা প্ৰাসংগিক।[32] খাদ্য দূষণৰ অনুভূত আশংকাই মাংসৰ প্ৰতি গ্ৰাহকৰ মনোভাৱক প্ৰভাৱিত কৰিব পাৰে, যেনে মাংসৰ লগত জড়িত ভয় যেনে মেড কাউ ৰোগ বা বাৰ্ড ফ্লুৰ সৈতে জড়িত ভয়ৰ পিছত।[14][33] সুৰক্ষা সম্পৰ্কীয় সামগ্ৰী পুনৰ আহ্বান কৰিলে মাংসৰ চাহিদাত প্ৰভাৱ পৰিব পাৰে।[34] মানুহে স্বাস্থ্যজনিত উপকাৰিতাৰ বাবে মাংসক খাদ্যৰ পৰা হ্ৰাস বা আঁতৰাই পেলাব পাৰে।[13][28] স্বাস্থ্যৰ বিবেচনাই মাংসভোজী আৰু নিৰামিষভোজী উভয়কে প্ৰেৰণা দিব পাৰে।[35] কিশোৰ-কিশোৰীসকলৰ মাংসবিহীন খাদ্য খাদ্যাভ্যাসৰ বিসংগতি লুকুৱাবলৈ এটা উপায় হ’ব পাৰে যদিও নিৰামিষভোজীয়ে বিসংগত খাদ্যাভ্যাসৰ সম্ভাৱনা বৃদ্ধি কৰাটো বাধ্যতামূলক নহয়।[36]
গৱেষণাৰ পৰা দেখা গৈছে যে গ্ৰাহকে আমদানিকৃত সামগ্ৰীতকৈ নিজৰ দেশতে হোৱা মাংস পছন্দ কৰে, ইয়াৰ কাৰণ আংশিকভাৱে এইটোৱেই যে ঘৰুৱা মাংস উচ্চমানৰ বুলি ধৰা হয়।[37] এই প্ৰভাৱে গ্ৰাহকৰ নৃগোষ্ঠীকেন্দ্ৰিকতা বা দেশপ্ৰেমকো প্ৰতিফলিত কৰিব পাৰে।[30] মাংসৰ উৎপত্তি দেশৰ গুৰুত্ব দেশভেদে বেলেগ বেলেগ।[33][38]
পৰিৱেশ আৰু পশু কল্যাণৰ বিষয়ে বিশ্বাস আৰু মনোভাৱে মাংস খোৱাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।[39] উন্নত দেশৰ গ্ৰাহকে উচ্চ পশু কল্যাণ মানদণ্ড অনুসৰি উৎপাদিত মাংসৰ বাবে অলপ বেছি ধন দিবলৈ ইচ্ছুক হ'ব পাৰে, যদিও কল্যাণ আৰু পৰিৱেশৰ চিন্তাক সাধাৰণতে মাংসৰ গুণগত মানৰ সৈতে অধিক প্ৰত্যক্ষভাৱে জড়িত বৈশিষ্ট্য যেনে ৰূপতকৈ কম গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।[25][38] ২০০১ চনত স্কটলেণ্ডত কৰা এক অধ্যয়নত দেখা গৈছে যে, যদিও অংশগ্ৰহণকাৰীসকলে সাধাৰণতে পশু কল্যাণৰ প্ৰতি গুৰুত্ব দিয়ে, মাংস ক্ৰয় কৰাৰ সময়ত তেওঁলোকে কল্যাণতকৈ মূল্য আৰু ৰূপক অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে।[40]ডাচ গ্ৰাহকৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে পৰিৱেশ আৰু অন্যান্য উদ্বেগৰ প্ৰতি যুক্তিসংগত আৰু আৱেগিক দুয়োটা সঁহাৰিয়ে জৈৱিক মাংস ক্ৰয় কৰাত প্ৰভাৱ পেলায়।[41]
মাংস খোৱাৰ ধৰণ ব্যক্তিৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু পৰম্পৰাৰ দ্বাৰাও প্ৰভাৱিত হ'ব পাৰে।[39] ব্ৰিটিছৰ খাদ্যাভ্যাসৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে মাংস প্ৰায়ে ইতিবাচক খাদ্য পৰম্পৰাৰ সৈতে জড়িত হৈ থাকে, যেনে দেওবাৰৰ ৰোষ্ট।[15] কিছুমান গ্ৰাহকে কেৱল ধৰ্মীয় প্ৰেছক্ৰিপচন অনুসৰি মাংস ক্ৰয় কৰে, যেনে হালাল মাংস। এই গ্ৰাহকসকলৰ গুণগত মান নিশ্চিতকৰণ সংস্থাসমূহৰ ওপৰত থকা আস্থা, আৰু মাংস প্ৰদানকাৰীৰ সৈতে ব্যক্তিগত সম্পৰ্কই তেওঁলোকৰ ক্ৰয় আচৰণত যথেষ্ট প্ৰভাৱ পেলোৱাৰ কথা কোৱা হৈছে।[42][43]
পশুপালনৰ শেহতীয়া ধাৰা, যেনে: জৈৱ প্ৰযুক্তি, কাৰখানাৰ কৃষি, দ্ৰুত বৃদ্ধিৰ বাবে পশু প্ৰজনন আদিয়ে মাংসৰ প্ৰতি গ্ৰাহকৰ মনোভাৱৰ বিৱৰ্তনত নিৰন্তৰ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।[44]
মাংস বিৰোধাভাস
[সম্পাদনা কৰক]মাংস খোৱাৰ মনোবিজ্ঞানত সততে উত্থাপিত হোৱা এটা বিশেষ প্ৰশ্ন হৈছে: পশুৰ হকে চিন্তা কৰা একেজন ব্যক্তিয়ে কিদৰে সেইবোৰক খাদ্য হিচাপে গ্ৰহণো কৰিব পাৰে? ইয়াক কোৱা হৈছে-মাংস বিৰোধাভাস বা Meat Paradox.[45][46]পশুৰ চিকিৎসা সম্পৰ্কে মানুহৰ বিশ্বাস আৰু আৱেগ তেওঁলোকৰ খাদ্যাভ্যাসৰ লগত মিল নাথাকিলে আভ্যন্তৰীণ অসঙ্গতিৰ সৃষ্টি হ’ব পাৰে। যদিও ইয়াক সদায় বিষয়ভিত্তিকভাৱে সংঘাত হিচাপে গ্ৰহণ কৰা নহ’বও পাৰে।[47][48]প্ৰায় সাৰ্বজনীন খাদ্যাভ্যাসৰ সৈতে জড়িত এই আপাত সংঘাতে নৈতিক সংঘাতৰ সৈতে জড়িত হৈ থকা অস্বস্তি কমাবলৈ মানুহে নিজৰ নৈতিক চিন্তাধাৰা সলনি কৰিব পৰা উপায়ৰ অনুসন্ধানৰ বাবে এক উপযোগী অধ্যয়ন ক্ষেত্ৰ প্ৰদান কৰে। মাংসৰ বিৰোধভাসৰ পৰা উদ্ভৱ হোৱা অসঙ্গতিয়ে এক নেতিবাচক আন্তঃব্যক্তিগত অৱস্থাৰ সৃষ্টি কৰে, যিয়ে তাৰ পিছত এজন ব্যক্তিক ইয়াক উপশম কৰাৰ উপায় বিচাৰি উলিয়াবলৈ প্ৰেৰণা দিয়ে।[49][50]
মাংসযুক্ত জীৱ-জন্তুৰ (Meat Animals)বিষয়ে ধাৰণা
[সম্পাদনা কৰক]জীৱ-জন্তুৰ নৈতিক মৰ্যাদা থকা বুলি ধৰা হ’লে জীৱ-জন্তু খাওঁতে নৈতিক সংঘাতৰ সৃষ্টি হ'লহেঁতেন। জীৱ-জন্তুৰ নৈতিক অৱস্থাৰ বিষয়ে ধাৰণা ভিন্ন, কিন্তু আংশিকভাৱে জীৱ-জন্তুৰ সচেতন মন থকা আৰু বিষ অনুভৱ কৰিব পৰা ধাৰণা, আৰু মানুহৰ সৈতে জন্তুৰ অনুভূত সাদৃশ্যৰ জৰিয়তে ইহঁতৰ নৈতিক অৱস্থা নিৰ্ধাৰিত হয়।[51][52] কিছুমান সামাজিক মনোবিজ্ঞানীয়ে অনুমান কৰে যে মাংসভোজীসকলে জীৱ-জন্তুৰ এই নৈতিকভাৱে প্ৰাসংগিক গুণসমূহৰ বিষয়ে তেওঁলোকৰ ধাৰণা নূন্যতম কৰি মাংসৰ বিৰোধৰ সৈতে জড়িত অস্বস্তি হ্ৰাস কৰিব পাৰে৷ বিশেষকৈ তেওঁলোকে খাদ্য হিচাপে গণ্য কৰা জীৱ-জন্তুৰ আৰু শেহতীয়া কেইবাটাও অধ্যয়নে এই ধাৰণাটোৰ সমৰ্থন আগবঢ়াইছে।[51][53] উদাহৰণস্বৰূপে, দেখা গ’ল যে কেৱল খাদ্য প্ৰাণী গোটৰ ভিতৰত শ্ৰেণীভুক্ত কৰিলেই এটা প্ৰাণীক তৎক্ষণাত কম নৈতিক অধিকাৰ প্ৰদান কৰা হয়।[54]
বিচ্ছিন্নতা আৰু পৰিহাৰ
[সম্পাদনা কৰক]মাংসৰ বিৰোধ সমাধানৰ বাবে কেইবাটাও প্ৰস্তাৱিত কৌশলে মাংসক খাদ্য সামগ্ৰী হিচাপে ইয়াক উৎপাদন কৰা জীৱ-জন্তুৰ পৰা বিচ্ছিন্ন কৰি পেলায়, বা মানসিকভাৱে মাংস উৎপাদন প্ৰক্ৰিয়াৰ পৰা নিজকে আঁতৰাই পেলায়।[55]
কিছুমান লেখকে মত প্ৰকাশ কৰিছে যে মাংসৰ বাবে "চাৰ্লয়ন" (sirloin) আৰু "হেমবাৰ্গাৰ"ৰ (hamburger)দৰে অপ্ৰাণী শব্দ ব্যৱহাৰ কৰিলে জীৱ-জন্তুৰ ক্ষেত্ৰত মাংসৰ উৎপত্তিৰ উল্লেখযোগ্যতা হ্ৰাস পাব পাৰে, আৰু পাছলৈ জীৱ-জন্তুৰ অনুভূত ব্যৱহাৰ হ্ৰাস কৰিব পাৰে।[56][57]
একেদৰে কৃষক আৰু চিকাৰীয়ে "হত্যা"ৰ পৰিৱৰ্তে "প্ৰচেছিং" আৰু "মেনেজিং" আদি শব্দ ব্যৱহাৰ কৰিলে মানসিক দূৰত্ব গঢ়ি উঠে আৰু জীৱ-জন্তুৰ প্ৰতি ব্যৱহাৰ সম্বন্ধে পুনৰ্বিবেচনাৰ চিন্তা এটাই দেখা দিয়ে৷[55][58]
ব্যক্তিত্বৰ বৈশিষ্ট্য
[সম্পাদনা কৰক]ব্যক্তিত্ব মনোবিজ্ঞানৰ অধ্যয়নে প্ৰকাশ কৰিছে যে ব্যক্তিৰ মূল্যবোধ আৰু মনোভাৱে তেওঁলোকে মাংস খোৱাৰ অভ্যাস আৰু স্বাচ্ছন্দ্যত প্ৰভাৱ পেলায়। [59][60]যিসকলে ক্ষমতাক অধিক মূল্য দিয়ে তেওঁলোকে কেইবাটাও অধ্যয়নত অধিক মাংস খায় বুলি প্ৰমাণিত হৈছে, আনহাতে যিসকলে আত্ম-অতিক্ৰম মূল্যবোধ পছন্দ কৰে তেওঁলোকে কম খোৱাৰ প্ৰৱণতা থাকে।[59]
আন কিছুমান গৱেষণাই ইংগিত দিছে যে মাংস খোৱাৰ সৈতে পদানুক্ৰম আৰু অসমতা মূল্যবোধৰ প্ৰতি থকা সমৰ্থনৰ সম্পৰ্ক আছে।[1][3][61]
নৈতিকতা
[সম্পাদনা কৰক]কেইবাটাও অধ্যয়নত দেখা গৈছে যে সৰ্বভোজী আৰু নিৰামিষভোজী উভয়েই নিৰামিষভোজীক সৰ্বভোজীতকৈ অলপ বেছি নৈতিক আৰু গুণী বুলি গণ্য কৰে।[62][63] মাংস খোৱা বন্ধ কৰাৰ কাৰণসমূহৰ ভিতৰত নৈতিক নীতিসমূহ প্ৰায়ে উল্লেখ কৰা হয়।[64][65] কিছুমান প্ৰমাণে প্ৰকাশ কৰে যে মাংসভোজীসকলে নিৰামিষভোজীক এক অন্তৰ্নিহিত নৈতিক নিন্দা বুলি গণ্য কৰিব পাৰে, আৰু নিৰামিষভোজীৰ ধাৰণাসমূহৰ প্ৰতি প্ৰতিৰক্ষামূলকভাৱে সঁহাৰি জনাব পাৰে। কাৰণ মানুহে নিজকে নৈতিকভাৱে ভাল বুলি গণ্য কৰাৰ প্ৰৱণতা থাকে আৰু যিসকলক তেওঁলোকে নিজৰ নৈতিক আত্মবোধক ভাবুকি কঢ়িয়াই আনিছে বুলি গণ্য কৰে তেওঁলোকক অপছন্দ কৰে। ইয়াৰ কাৰণ হ’ল নৈতিকতা সাৰ্বজনীন আৰু ইয়াৰ নিয়মসমূহ সকলোৰে বাবে প্ৰযোজ্য, গতিকে নৈতিক মূল্যবোধৰ দ্বাৰা প্ৰেৰিত হৈ ব্যৱস্থা গ্ৰহণ কৰা ব্যক্তিসকলক বাকীসকলে অভিযোগ কৰা দেখা যায় (এইটো প্ৰযোজ্য যদিও বিভিন্ন নৈতিক প্ৰেৰণা নিজেই প্ৰশ্নবোধক হ’ব পাৰে)। যিহেতু নিৰামিষভোজীসকলে তেওঁলোকৰ নৈতিক মূল্যবোধৰ বাবেই প্ৰায়ে মাংস খোৱাৰ পৰা বিৰত থাকে, সেয়েহে মাংসভোজীসকলে তেওঁলোকে মাংসভোজীসকলৰ নিজৰ আচৰণৰ ওপৰত অন্তৰ্নিহিতভাৱে বিচাৰ কৰা বুলি বিশ্বাস কৰে। এইদৰে মাংসভোজীসকলে নিজৰ নৈতিক অৱস্থাৰ ওপৰত যিটোক অন্তৰ্নিহিত আক্ৰমণ বুলি ভাবে তাৰ প্ৰতি সঁহাৰি জনায় (যদিও নিৰামিষভোজীসকলে মাংসভোজীসকলক কিছু পৰিমাণে হেয়জ্ঞান কৰে, মাংসভোজীসকলে ইয়াৰ পৰিসৰৰ বিষয়ে অতিৰঞ্জিত বিশ্বাসৰ প্ৰৱণতা থাকে)।[66][67]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Loughnan, Steve; Bastian, Brock; Haslam, Nick (April 2014). "The Psychology of Eating Animals". Current Directions in Psychological Science খণ্ড 23 (2): 104–108. doi:10.1177/0963721414525781. ISSN 0963-7214. https://foodethics.univie.ac.at/fileadmin/user_upload/inst_ethik_wiss_dialog/Loughnan__S._2014_And_Bastian._..The_Psychology_of_Eating_Animals._In._CURRENT_DIRECTIONS_IN_PSYCHOLOGICAL_SCIENCE.pdf। আহৰণ কৰা হৈছে: 29 September 2021.
- ↑ 2.0 2.1 2.2 Rozin, Paul; Hormes, Julia M.; Faith, Myles S.; Wansink, Brian (October 2012). "Is Meat Male? A Quantitative Multimethod Framework to Establish Metaphoric Relationships". Journal of Consumer Research খণ্ড 39 (3): 629–643. doi:10.1086/664970.
- ↑ 3.0 3.1 Allen, Michael W.; Ng, Sik Hung (January 2003). "Human values, utilitarian benefits and identification: the case of meat". European Journal of Social Psychology খণ্ড 33 (1): 37–56. doi:10.1002/ejsp.128.
- ↑ Keller, Carmen; Seigrist, Michael (January 2015). "Does personality influence eating styles and food choices? Direct and indirect effects". Appetite খণ্ড 84: 128–138. doi:10.1016/j.appet.2014.10.003. PMID 25308432.
- ↑ Rozin, Paul (2004). "Meat," in Solomon H. Katz (ed.), Encyclopedia of Food and Culture, New York, NY: Scribner, pp. 466–471.
- ↑ Zur, Ifat; Klöckner, Christian A. (2014). "Individual motivations for limiting meat consumption". British Food Journal খণ্ড 116 (4): 629–642. doi:10.1108/bfj-08-2012-0193.
- ↑ Schösler, Hanna; Boer, Joop de; Boersema, Jan J. (2012). "Can we cut out the meat of the dish? Constructing consumer-oriented pathways towards meat substitution". Appetite খণ্ড 58 (1): 39–47. doi:10.1016/j.appet.2011.09.009. PMID 21983048. https://research.vu.nl/ws/files/3044422/Postprint%20Appetite2012.pdf.
- ↑ Wyker, Brett A.; Davison, Kirsten K. (May 2010). "Behavioral Change Theories Can Inform the Prediction of Young Adults' Adoption of a Plant-based Diet". Journal of Nutrition Education and Behavior খণ্ড 42 (3): 168–177. doi:10.1016/j.jneb.2009.03.124. PMID 20138584.
- ↑ Povey, R.; Wellens, B.; Conner, M. (2001). "Attitudes towards following meat, vegetarian and vegan diets: an examination of the role of ambivalence". Appetite খণ্ড 37 (1): 15–26. doi:10.1006/appe.2001.0406. PMID 11562154. http://foodethics.univie.ac.at/fileadmin/user_upload/inst_ethik_wiss_dialog/Povey__R._2001._Attitudes_..._meat__vegetarian__vegan.pdf। আহৰণ কৰা হৈছে: 12 August 2015.
- ↑ Joyce, Andrew (2012). "Reducing the Environmental Impact of Dietary Choice: Perspectives from a Behavioural and Social Change Approach". Journal of Environmental and Public Health খণ্ড 2012: 978672. doi:10.1155/2012/978672. PMID 22754580.
- ↑ Woodward, Judith (1988). "Consumer attitudes towards meat and meat products". British Food Journal খণ্ড 90 (3): 101–104. doi:10.1108/eb011814.
- ↑ Worsley, Anthony; Skrzypiec, Grace (1998). "Do attitudes predict red meat consumption among young people?". Ecology of Food and Nutrition খণ্ড 32 (2): 163–195. doi:10.1080/03670244.1998.9991543.
- ↑ 13.0 13.1 Richardson, N. J. (1994). "UK consumer perceptions of meat". Proceedings of the Nutrition Society খণ্ড 53 (2): 281–287. doi:10.1079/pns19940033. ISSN 0029-6651. PMID 7972142.
- ↑ 14.0 14.1 14.2 14.3 14.4 Font i Furnols, Maria; Guerrero, Luis (2014). "Consumer preference, behavior and perception about meat and meat products: An overview". Meat Science খণ্ড 98 (3): 361–371. doi:10.1016/j.meatsci.2014.06.025. PMID 25017317. http://www.irta.cat/ca-ES/RIT/Noticies/Documents/Consumer_preference.pdf। আহৰণ কৰা হৈছে: 11 August 2015.
- ↑ 15.0 15.1 Nickie Charles; Marion Kerr (1988). Women, Food, and Families. Manchester University Press. ISBN 978-0-7190-1874-9. https://books.google.com/books?id=Unq8AAAAIAAJ&pg=PA18.
- ↑ Frank, Joshua (2007). "Meat as a bad habit: A case for positive feedback in consumption preferences leading to lock-in". Review of Social Economy খণ্ড 65 (3): 319–348. doi:10.1080/00346760701635833. "Given its historical value and association with privilege, its association with good nutrition and health, and its central position in our diet, it is not surprising that the consumption of meat has strong ingrained positive associations in much of the world.".
- ↑ Guzman, M. A., & Kjaernes, U. (1998). "Human and animals—a qualitative study.". SIFO Report (6.).
- ↑ Deborah Lupton (11 March 1996). Food, the Body and the Self. SAGE Publications. পৃষ্ঠা. 117–125. ISBN 978-1-4462-6415-7. https://books.google.com/books?id=XoZRsLzddw8C&pg=PA117.
- ↑ 19.0 19.1 19.2 Troy, D.J.; Kerry, J.P. (2010). "Consumer perception and the role of science in the meat industry". Meat Science খণ্ড 86 (1): 214–226. doi:10.1016/j.meatsci.2010.05.009. PMID 20579814.
- ↑ Audebert, Olivier; Deiss, Véronique; Rousset, Sylvie (May 2006). "Hedonism as a predictor of attitudes of young French women towards meat". Appetite খণ্ড 46 (3): 239–247. doi:10.1016/j.appet.2006.01.005. PMID 16545493. http://foodethics.univie.ac.at/fileadmin/user_upload/inst_ethik_wiss_dialog/Audebert__O._2006_Veg_woman_hedonism.pdf। আহৰণ কৰা হৈছে: 10 August 2015.
- ↑ Becker, Elisa; Lawrence, Natalia S. (September 2021). "Meat disgust is negatively associated with meat intake – Evidence from a cross-sectional and longitudinal study" (en ভাষাত). Appetite খণ্ড 164: 105299. doi:10.1016/j.appet.2021.105299. PMID 33965435. https://linkinghub.elsevier.com/retrieve/pii/S0195666321002063.
- ↑ Kubberød, Elin (2002). "Gender specific preferences and attitudes towards meat". Food Quality and Preference খণ্ড 13 (5): 285–294. doi:10.1016/S0950-3293(02)00041-1.
- ↑ 23.0 23.1 Kenyon, P.M.; Barker, M.E. (1998). "Attitudes Towards Meat-eating in Vegetarian and Non-vegetarian Teenage Girls in England—an Ethnographic Approach". Appetite খণ্ড 30 (2): 185–198. doi:10.1006/appe.1997.0129. PMID 9573452. http://foodethics.univie.ac.at/fileadmin/user_upload/inst_ethik_wiss_dialog/Kenyon__P._1998_Meat_and_veg_teenage_girls_...pdf। আহৰণ কৰা হৈছে: 10 August 2015.
- ↑ Rousset, S.; Deiss, V.; Juillard, E.; Schlich, P.; Droit-Volet, S. (2005). "Emotions generated by meat and other food products in women". British Journal of Nutrition খণ্ড 94 (4): 609–19. doi:10.1079/bjn20051538. PMID 16197588.
- ↑ 25.0 25.1 25.2 Grunert, Klaus G. (2006). "Future trends and consumer lifestyles with regard to meat consumption". Meat Science খণ্ড 74 (1): 149–160. doi:10.1016/j.meatsci.2006.04.016. PMID 22062724.
- ↑ Shepherd, Richard (2001). "Does Taste Determine Consumption? Understanding the Psychology of Food Choice". Food, People and Society. পৃষ্ঠা. 117–130. doi:10.1007/978-3-662-04601-2_8. ISBN 978-3-642-07477-6.
- ↑ Fiddes, Nick (1989). Meat: A Natural Symbol (Ph. D.). University of Edinburgh.
- ↑ 28.0 28.1 Issanchou, S. (1996). "Consumer expectations and perceptions of meat and meat product quality". Meat Science খণ্ড 43 (Supplement 1): 5–19. doi:10.1016/0309-1740(96)00051-4. PMID 22060637.
- ↑ Ngapo, T.M.; Martin, J.-F.; Dransfield, E. (2007). "International preferences for pork appearance: I. Consumer choices". Food Quality and Preference খণ্ড 18 (1): 26–36. doi:10.1016/j.foodqual.2005.07.001.
- ↑ 30.0 30.1 Font i Furnols, Maria (2011). "Consumer's purchasing intention for lamb meat affected by country of origin, feeding system and meat price: A conjoint study in Spain, France and United Kingdom". Food Quality and Preference খণ্ড 22 (5): 443–451. doi:10.1016/j.foodqual.2011.02.007. https://www.researchgate.net/publication/229417374। আহৰণ কৰা হৈছে: 10 August 2015.
- ↑ Resurrección, A.V.A. (2003). "Sensory aspects of consumer choices for meat and meat products". Meat Science খণ্ড 66 (1): 11–20. doi:10.1016/S0309-1740(03)00021-4. PMID 22063927. https://www.researchgate.net/publication/51777999। আহৰণ কৰা হৈছে: 11 August 2015.
- ↑ Hoek, Annet C. (2004). "Food-related lifestyle and health attitudes of Dutch vegetarians, non-vegetarian consumers of meat substitutes, and meat consumers". Appetite খণ্ড 42 (3): 265–272. doi:10.1016/j.appet.2003.12.003. PMID 15183917. Archived from the original on 30 September 2018. https://web.archive.org/web/20180930183909/https://fewd.univie.ac.at/fileadmin/user_upload/inst_ethik_wiss_dialog/Hoek__A._2004_Food-related_lifestyle_.._veget._publ_130_10_2_2005.pdf। আহৰণ কৰা হৈছে: 10 August 2015.
- ↑ 33.0 33.1 Verbeke, Wim; Vackier, Isabelle (2004). "Profile and effects of consumer involvement in fresh meat". Meat Science খণ্ড 67 (1): 159–168. doi:10.1016/j.meatsci.2003.09.017. PMID 22061129. http://smas.chemeng.ntua.gr/miram/files../publ_133_10_2_2005.pdf। আহৰণ কৰা হৈছে: 10 August 2015.
- ↑ Marsh, Thomas L.; Schroeder, Ted C.; Mintert, James (2004). "Impacts of meat product recalls on consumer demand in the USA". Applied Economics খণ্ড 36 (9): 897–909. doi:10.1080/0003684042000233113.
- ↑ David Allenby Booth (1994). The Psychology of Nutrition. Taylor & Francis. পৃষ্ঠা. 78. ISBN 978-0-7484-0158-1. https://books.google.com/books?id=xH2LXR1wiagC&pg=PA78। আহৰণ কৰা হৈছে: 28 August 2015.
- ↑ Winckel, Myriam Van; Velde, Saskia Vande; Bruyne, Ruth De; Biervliet, Stephanie Van (2011). "Clinical practice: Vegetarian infant and child nutrition". European Journal of Pediatrics খণ্ড 170 (12): 1489–1494. doi:10.1007/s00431-011-1547-x. PMID 21912895.
- ↑ Dransfield, E. (2005). "Consumer choice and suggested price for pork as influenced by its appearance, taste and information concerning country of origin and organic pig production". Meat Science খণ্ড 69 (1): 61–70. doi:10.1016/j.meatsci.2004.06.006. PMID 22062640. Archived from the original on 30 September 2018. https://web.archive.org/web/20180930183609/http://www.prairieswine.com/pdf/39447.pdf। আহৰণ কৰা হৈছে: 11 August 2015.
- ↑ 38.0 38.1 Schnettler, Berta (2009). "Consumer willingness to pay for beef meat in a developing country: The effect of information regarding country of origin, price and animal handling prior to slaughter". Food Quality and Preference খণ্ড 20 (2): 156–165. doi:10.1016/j.foodqual.2008.07.006. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304001017/http://intranet.uach.cl/dw/canales/repositorio/archivos/28/2824.pdf। আহৰণ কৰা হৈছে: 10 August 2015.
- ↑ 39.0 39.1 Richardson, N.J.; MacFie, H.J.H.; Shepherd, R. (1994). "Consumer attitudes to meat eating". Meat Science খণ্ড 36 (1–2): 57–65. doi:10.1016/0309-1740(94)90033-7. ISSN 0309-1740. PMID 22061452.
- ↑ McEachern, Morven. G.; Schroder, M. J. A. (2002). "The Role of Livestock Production Ethics in Consumer Values Towards Meat". Journal of Agricultural and Environmental Ethics খণ্ড 15 (2): 221–237. doi:10.1023/A:1015052816477. https://www.researchgate.net/publication/225324038। আহৰণ কৰা হৈছে: 10 August 2015.
- ↑ Verhoef, P. C. (2005). "Explaining purchases of organic meat by Dutch consumers". European Review of Agricultural Economics খণ্ড 32 (2): 245–267. doi:10.1093/eurrag/jbi008.
- ↑ Ahmed, Allam (2008). "Marketing of halal meat in the United Kingdom". British Food Journal খণ্ড 110 (7): 655–670. doi:10.1108/00070700810887149.
- ↑ Bonne, Karijn; Verbeke, Wim (2008). "Muslim consumer trust in halal meat status and control in Belgium". Meat Science খণ্ড 79 (1): 113–123. doi:10.1016/j.meatsci.2007.08.007. PMID 22062604.
- ↑ Garnier, Jean-Pierre (2003). "The potential impact of current animal research on the meat industry and consumer attitudes towards meat". Meat Science খণ্ড 63 (1): 79–88. doi:10.1016/S0309-1740(02)00059-1. PMID 22061989. http://smas.chemeng.ntua.gr/miram/files../publ_129_10_2_2005.pdf। আহৰণ কৰা হৈছে: 10 August 2015.
- ↑ Loughnan, Bastian & Haslam 2014, পৃষ্ঠা. 104.
- ↑ Bastian & Crimston 2016, পৃষ্ঠা. 280.
- ↑ Loughnan, Bastian & Haslam 2014, পৃষ্ঠা. 104, 106.
- ↑ Blidaru & Opre 2015, পৃষ্ঠা. 548–549.
- ↑ Loughnan, Bastian & Haslam 2014, পৃষ্ঠা. 106–107.
- ↑ Bastian & Crimston 2016, পৃষ্ঠা. 281.
- ↑ 51.0 51.1 Loughnan, Bastian & Haslam 2014, পৃষ্ঠা. 105.
- ↑ Waytz et al. 2010.
- ↑ Blidaru & Opre 2015, পৃষ্ঠা. 549.
- ↑ Cambridge, Emmeline (2017). Exploring the Effect of Imagery and Categorisation on Belief in Animal Mind. প্ৰকাশক Hamburg: Anchor Academic Publishing. পৃষ্ঠা. 5. ISBN 9783954894116.
- ↑ 55.0 55.1 Amiot & Bastian 2016, পৃষ্ঠা. 27–28.
- ↑ Plous 1993.
- ↑ Rothgerber 2014.
- ↑ Serpell 1999.
- ↑ 59.0 59.1 Hayley, Alexa; Zincklewicz, Lucy; Hardiman, Kate (October 2014). "Values, attitudes, and frequency of meat consumption. Predicting meat-reduced diet in Australians". Appetite খণ্ড 84: 98–106. doi:10.1016/j.appet.2014.10.002. PMID 25312749. https://www.researchgate.net/publication/266944911। আহৰণ কৰা হৈছে: 6 August 2015.
- ↑ Graça, João; Calheiros, Maria Manuela; Oliveira, Abílio (2016-02-01). "Situating moral disengagement: Motivated reasoning in meat consumption and substitution". Personality and Individual Differences খণ্ড 90: 353–364. doi:10.1016/j.paid.2015.11.042.
- ↑ Wilson, Mark Stuart; Allen, Michael (2007). "Social psychological motivations and foundations of dietary preference". In Brown, Lois V.. Psychology of Motivation. Nova Science Publishers. পৃষ্ঠা. 65–82. ISBN 9781600215988.
- ↑ Ruby, Matthew B.; Heine, Steven J. (2011). "Meat, morals, and masculinity". Appetite খণ্ড 56 (2): 447–450. doi:10.1016/j.appet.2011.01.018. PMID 21256169. http://foodethics.univie.ac.at/fileadmin/user_upload/p_foodethik/Ruby__M._2011._Meat__morals_and_masculinity.pdf। আহৰণ কৰা হৈছে: 8 August 2015.
- ↑ De Backer, Charlotte J.S.; Hudders, Liselot (Jan 2015). "Meat morals: relationship between meat consumption consumer attitudes towards human and animal welfare and moral behavior". Meat Science খণ্ড 99: 68–74. doi:10.1016/j.meatsci.2014.08.011. PMID 25282670. https://www.researchgate.net/publication/266397294। আহৰণ কৰা হৈছে: 8 August 2015.
- ↑ Santos-Merx, Lourdes; Booth, David A. (1997). "Influences on meat avoidance among British students". Appetite খণ্ড 27 (3): 197–205. doi:10.1006/appe.1996.0046. PMID 9015557. https://www.researchgate.net/publication/14192604। আহৰণ কৰা হৈছে: 14 August 2015.
- ↑ Trew, Karen (2006). "Adolescents, Food Choice, and Vegetarianism". The Psychology of Food Choice. CABI. পৃষ্ঠা. 254–256. ISBN 978-1-84593-086-8.
- ↑ Minson, Julia A.; Monin, Benoît (2012). "Do-Gooder Derogation: Disparaging Morally Motivated Minorities to Defuse Anticipated Reproach". Social Psychological and Personality Science খণ্ড 3 (2): 200–207. doi:10.1177/1948550611415695. Archived from the original on 6 February 2016. https://web.archive.org/web/20160206082439/http://opim.wharton.upenn.edu/DPlab/papers/publishedPapers/Minson_2011_Do-gooder%20derogation.pdf। আহৰণ কৰা হৈছে: 9 August 2015.
- ↑ Monin, Benoît. "Holier than me? Threatening social comparison in the moral domain." Revue internationale de psychologie sociale 20, no. 1 (2007): 53-68.