মাটিল্ডা প্ৰভাৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

মহিলা বিজ্ঞানীৰ সফলতাক স্বীকৃতি নিদি তেওঁলোকৰ পুৰুষ সহকৰ্মীৰ প্ৰতি কৰা পক্ষপাতিত্বক মাটিল্ডা প্ৰভাৱ (ইংৰাজী: Matilda effect) বোলে। মতাধিকাৰ কৰ্মী মাটিল্ডা জ'ছলিন গেজে (Matilda Joslyn Gage, ১৮২৬-৯৮) তেওঁৰ "Woman as Inventor" নামৰ ৰচনাত (১৮৭০-ত প্ৰথমবাৰ আৰু ১৮৮৩ চনত নৰ্থ এমেৰিকান ৰিভিউত প্ৰকাশিত) এই প্ৰভাৱৰ উল্লেখ কৰে। ১৯৯৩ চনত বিজ্ঞান ইতিহাসবিদ মাৰ্গাৰেট ৰজিটাৰে প্ৰথমবাৰ "Matilda effect" নামটো ব্যৱহাৰ কৰে।[1]

মাটিল্ডা প্ৰভাৱ

ৰ'জিটাৰে এই প্ৰভাৱৰ কেইবাটাও উদাহৰণ দিয়ে। ১২শ শতিকাৰ ইটালীয় মহিলা চিকিৎসক ট্ৰ'টুলাই (Trota of Salerno) লিখা গ্ৰন্থবোৰ তেওঁৰ মৃত্যুৰ পাছত পুৰুষ লেখকৰ বুলি অভিহিত কৰা হৈছিল। ঊনবিংশ আৰু বিংশ শতিকাত এনে প্ৰভাৱ নেটি ষ্টিভেন্স (Nettie Stevens),[2] মাৰিয়া কিউৰি (Maria Skłodowska Curie), লিজ মেইটনাৰ (Lise Meitner), মেৰিয়েটা ব্লু (Marietta Blau), ৰ'জালিণ্ড ফ্ৰেংকলিন (Rosalind Franklin), আৰু জ'চলিন বে'ল বাৰ্নেল (Jocelyn Bell Burnell) আদিৰ ক্ষেত্ৰত পৰিলক্ষিত হয়।

মাটিল্ডা প্ৰভাৱ "মেথিউ প্ৰভাৱ" (Matthew effect)ৰ লগত তুলনা কৰা হৈছিল, য'ত একে বা একেলগে কাম কৰা সত্বেও এজন প্ৰখ্যাত বিজ্ঞানীয়ে এজন তুলনামূলকভাৱে অজানা গৱেষকতকৈ অধিক সুনাম অৰ্জন কৰে।[3][4]

ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসা বিদ্যালয়ৰ স্নায়ুজীৱবিজ্ঞানী বেন বৰিছে (১৯৫৪-২০১৭) ১৯৯৭ চনত মহিলাৰ পৰা পুৰুষলৈ লিংগ পৰিৱৰ্তন কৰিছিল। লিংগ অনুসৰি একে কৃতিত্বকে আনে ভিন্নভাৱে গ্ৰহণ কৰা বুলি তেওঁ উল্লেখ কৰিছিল।[5]

গৱেষণা[সম্পাদনা কৰক]

২০১২ চনত ৰেডবুড য়ুনিভাৰ্চিটী নিজমেগেনৰ দুগৰাকী গৱেষিকাই প্ৰকাশ কৰে যে নেডাৰলেণ্ডছত অধ্যাপনা প্ৰাৰ্থীৰ লিংগ‌ই তেওঁলোকৰ মূল্যায়নত প্ৰভাৱ পেলায়।[6] আন এক অধ্যয়নত দুগৰাকী ইটালীয় গৱেষিকাইও একেধৰণৰ কথা প্ৰকাশ কৰে।[7] corroborated further by a Spanish study.[8] আনহাতে বহুকেইটা অধ্যয়নে পুৰুষ আৰু মহিলা লেখকৰ প্ৰকাশনৰ উদ্ধৃতি আৰু প্ৰভাৱৰ একো পাৰ্থক্য পোৱা নাই।[9][10][11]

ৰাজহুৱা মিডিয়াই মহিলা বিজ্ঞানীসকলতকৈ পুৰুষ বিজ্ঞানীক অনুষ্ঠানবোৰলৈ বৰঙণি দিবলৈ মাতে বুলি চুইছ গৱেষকসকলে ইংগিত দিছে।[12]

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক অধ্যয়নত কোৱা হৈছে যে "যদিও আমেৰিকান সমাজত সাধাৰণতে লিঙ্গ বৈষম্য হ্ৰাস পাইছে," তথাপিও "বিশেষকৈ গৱেষণাৰ ক্ষেত্ৰত বৈজ্ঞানিক বঁটাৰ বাবে এতিয়াও মহিলাক আওকাণ কৰা হয়।"[13]

উদাহৰণ[সম্পাদনা কৰক]

মাটিল্ডা প্ৰভাৱৰ চিকাৰ হোৱা কেইগৰাকীমান মহিলা:

  • ট্ৰ'টুলা (চালেৰ্নোৰ ট্ৰ'টা, ১২শ শতিকা) – ইটালীয় চিকিৎসক যাৰ মৃত্যুৰ পাছত তেওঁৰ লেখাবোৰ পুৰুষৰ বুলি কোৱা হৈছিল। শিক্ষক আৰু চিকিৎসক হিচাপে মহিলাক হেয়জ্ঞান কৰা বাবে তেওঁৰ অস্তিত্বকে নাকচ কৰা হৈছিল। প্ৰথমে তেওঁৰ লেখাবোৰ পতি আৰু পুত্ৰৰ নামেৰে জনা গৈছিল, পাছত আকৌ তেওঁক পুৰুষ বুলি ভুল কৰা হৈছিল। তেওঁৰ নাম আনকি "Dictionary of Scientific Biography"তো নাই।[14]
  • নেটি ষ্টিভেন্স (১৮৬১-১৯১২), XY লিংগ-নিৰ্ধাৰণ পদ্ধতিৰ আৱিষ্কাৰক। তেওঁ প্ৰথমে প্ৰকাশ কৰিছিল যে প্ৰাণীৰ লিংগ ক্ৰম'জমে নিৰ্ধাৰণ কৰে, পৰিবেশ বা আন কাৰকে নকৰে।[15] কিন্তু সেই সময়ৰ বিখ্যাত বংশগতি বিজ্ঞানী থমাছ হাণ্ট মৰ্গানকহে এই আৱিষ্কাৰৰ কৃতিত্ব দিয়া হয়।[16] Despite her extensive work in the field of genetics, Stevens' contributions to Morgan's work are often disregarded.[17]
  • মেৰী হিটন কেল্‌কিন্স (১৮৬৩-১৯৩০) – হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এইগৰাকী গৱেষকে আৱিষ্কাৰ কৰে যে এটা উদ্দীপকৰ লগত আন এটা উদ্দীপক যোৰ পাতিলে সেয়া সহজে মনত ৰাখিব পাৰি আৰু উদ্দীপনাৰ সময়েও মনত পেলোৱাত সহায় কৰে। পাছলৈ জৰ্জ মুলাৰ আৰু এডৱাৰ্ড টিখনাৰে কেল্‌কিন্সৰ নাম উল্লেখ নকৰাকৈয়ে এই তথ্যবোৰ ব্যৱহাৰ কৰে।
  • জাৰ্টি ক'ৰি (১৮৯৬-১৯৫৭), পদবীৰ বাবে একে অৰ্হতা থকা সত্বেও নোবেল বঁটা বিজয়ী জৈৱৰসায়নবিদগৰাকীয়ে বহুবছৰ গিৰিয়েকৰ সহায়ক হিচাপে কাম কৰিবলগীয়া হৈছিল।
  • ৰ'জালিণ্ড ফ্ৰেংকলিন (১৯২০-১৯৫৮) – এতিয়া ডি এন এ আৱিষ্কাৰৰ গুৰুত্বপূৰ্ণ অৱদানকাৰী হিচাপে স্মৰণ কৰা হয়। ৱাটছন আৰু ক্ৰিকে এই আৱিষ্কাৰৰ বাবে ১৯৬২ চনত নোবেল বঁটা লাভ কৰোঁতেও ফ্ৰেংকলিনৰ অৱদানক ভালকৈ স্বীকৃতি দিয়া হোৱা নাছিল। (অৱশ্যে ৱাটছনে ফ্ৰেংকলিনৰ বৰঙণি ১৯৬৮ চনৰ The Double Helix নামৰ গ্ৰন্থত উল্লেখ কৰিছে)।
  • মাৰ্থা গুটিয়াৰ (জন্ম ১৯২৫) – ডাউন ছীণ্ড্ৰ'ম কৰা ক্ৰ'ম'জম বিসংগতি আৱিষ্কাৰৰ ক্ষেত্ৰত বাবে অৱদানৰ বাবে আজিকালি স্বীকৃতি দিয়া হয়। আগতে কেৱল জেৰ'ম লেজানক এই কামৰ স্বীকৃতি দিয়া হৈছিল।
  • মেৰিয়ান ডায়মণ্ডে (জন্ম ১৯২৬), বাৰ্কলে'ৰ কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়ত মস্তিষ্কৰ প্লাষ্টিচিটিৰ পৰিঘটনা আৱিষ্কাৰ কৰে। ১৯৬৪ চনত তেওঁৰ গৱেষণাৰ ফলাফল[18] প্ৰকাশ হোৱাৰ আগতে তেওঁ দেখিলে যে তেওঁৰ সহ-লেখক ডেভিদ ক্ৰেচ আৰু মাৰ্ক ৰ'জেনৱিজৰ নাম তেওঁতকৈ আগত লিখা আছে আৰু তেওঁৰ নাম বন্ধনীত ভৰোৱা আছে। ইয়াৰ প্ৰতিবাদ কৰাৰ পাছত তেওঁৰ নাম প্ৰথম লেখক হিচাপে দিয়া হ'ল।[19]
  • হেৰিয়েট জাকাৰমেন (জন্ম ১৯৩৭) – মাটিল্ডা প্ৰভাৱৰ ফলত জাকাৰমেনক পতি ৰবাৰ্ট মাৰ্টনে মেথিউ প্ৰভাৱৰ ধাৰণাৰ সহ-লেখক হিচাপে স্বীকৃতি দিয়ে।[20]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Rossiter Margaret W. (1993), "The Matthew/Matilda Effect in Science", Social Studies of Science (London) খণ্ড 23 (2): 325–341, doi:10.1177/030631293023002004, ISSN 0306-3127 
  2. Resnick, Brian (2016-07-07). "Nettie Stevens discovered XY sex chromosomes. She didn't get credit because she had two X's". https://www.vox.com/2016/7/7/12105830/nettie-stevens-genetics-gender-sex-chromosomes. 
  3. Rossiter, Margaret W. (1993). "The Matthew Matilda Effect in Science". Social Studies of Science খণ্ড 23 (2): পৃষ্ঠা 325–341. ISSN 0306-3127. 
  4. Dominus, Susan (October 2019). "Women Scientists Were Written Out of History. It's Margaret Rossiter's Lifelong Mission to Fix That" (en ভাষাত). Smithsonian Magazine খণ্ড 50 (6): 48. https://www.smithsonianmag.com/science-nature/unheralded-women-scientists-finally-getting-their-due-180973082/. 
  5. Shankar Vedantam, (13 July 2006). Male Scientist Writes of Life as Female Scientist: Biologist Who Underwent Sex Change Describes Biases Against Women. Washington Post
  6. Marieke van den Brink; Yvonne Benschop (2011), "Gender practices in the construction of academic excellence: Sheep with five legs", Organization খণ্ড 19 (4): 507–524, doi:10.1177/1350508411414293 
  7. Andrea Cerroni; Zenia Simonella (2012), "Ethos and symbolic violence among women of science: An empirical study", Social Science Information খণ্ড 51 (2): 165–182, doi:10.1177/0539018412437102 
  8. María Luisa Jiménez-Rodrigo1; Emilia Martínez-Morante; María del Mar García-Calvente; Carlos Álvarez-Dardet (2008), "Through gender parity in scientific publications", Journal of Epidemiology & Community Health খণ্ড 62 (6): 474–475, doi:10.1136/jech.2008.074294, PMID 18477742, http://jech.bmj.com/content/62/6/474.extract 
  9. Peter Hegarty; Zoe Walton (2012), "The Consequences of Predicting Scientific Impact in Psychology Using Journal Impact Factors", Perspectives on Psychological Science খণ্ড 7 (1): 72–78, doi:10.1177/1745691611429356, PMID 26168426 
  10. Stephane Baldi (1998), "Normative versus Social Constructivist Processes in the Allocation of Citations: A Network-Analytic Model", American Sociological Review খণ্ড 63 (6): 829–846, doi:10.2307/2657504 
  11. Nick Haslam; Lauren Ban; Leah Kaufmann; Stephen Loughnan; Kim Peters; Jennifer Whelan; Sam Wilson (2008), "What makes an article influential? Predicting impact in social and personality psychology", Scientometrics খণ্ড 76 (1): 169–185, doi:10.1007/s11192-007-1892-8 
  12. Fabienne Crettaz von Roten (2011), "Gender Differences in Scientists' Public Outreach and Engagement Activities", Science Communication খণ্ড 33 (1): 52–75, doi:10.1177/1075547010378658 
  13. Anne E. Lincoln; Stephanie Pincus; Janet Bandows Koster; Phoebe S. Leboy (2012), "The Matilda Effect in science: Awards and prizes in the US, 1990s and 2000s", Social Studies of Science খণ্ড 42 (2): 307–320, doi:10.1177/0306312711435830, PMID 22849001 
  14. Rossiter, Margaret W. (1993). "The Matthew Matilda Effect in Science". Social Studies of Science খণ্ড 23 (2): 325–341. doi:10.1177/030631293023002004. 
  15. Hagen, Joel (1996). Doing Biology. প্ৰকাশক Glenview, IL: Harper Collins. পৃষ্ঠা. 37–46. 
  16. "6 Women Scientists Who Were Snubbed Due to Sexism". http://news.nationalgeographic.com/news/2013/13/130519-women-scientists-overlooked-dna-history-science/। আহৰণ কৰা হৈছে: 2015-10-04. 
  17. "Nettie Maria Stevens (1861–1912) | The Embryo Project Encyclopedia". https://embryo.asu.edu/pages/nettie-maria-stevens-1861-1912। আহৰণ কৰা হৈছে: 2015-10-04. 
  18. Diamond, Marian C.; Krech, David; Rosenzweig, Mark R. (1964). "The effects of an enriched environment on the histology of the rat cerebral cortex". The Journal of Comparative Neurology খণ্ড 123: 111–119. doi:10.1002/cne.901230110. PMID 14199261. 
  19. "Luna Productions". http://lunaproductions.com/. 
  20. "The Matthew Effect in Science, II : Cumulative Advantage and the Symbolism of Intellectual Property by Robert K. Merton". http://garfield.library.upenn.edu/merton/matthewii.pdf। আহৰণ কৰা হৈছে: 2019-05-04.