মেডাম কুৰী
![]() | এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তীয় একো কাৰণ দিয়া হোৱা নাই।
|
![]() | ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই উদ্ধৃতিৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয়। (বিশদ নিৰ্দেশনা চাওক।) সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই উদ্ধৃতিৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
Marie Skłodowska-Curie | |
---|---|
![]() মেডাম কুৰী (১৯২০) | |
জন্ম | নৱেম্বৰ ৭ , ১৮৬৭ ওৱাৰশ্ব' ((Warsaw)), পোলেণ্ড, তেতিয়াৰ ৰাছিয়া[1] |
মৃত্যু | ৪ জুলাই, ১৯৩৪ (৬৬ বছৰ) Passy, Haute-Savoie, ফ্ৰান্স |
নাগৰিকত্ব | ৰাছিয়ান, পাছত ফ্ৰান্সৰ নাগৰিকত্ব গ্ৰহণ কৰে |
জাতীয়তা | প'লিছ (Polish) |
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান |
প্ৰতিষ্ঠান | পেৰিছ বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | পেৰিছ বিশ্ববিদ্যালয় ESPCI |
ডক্তৰেল পৰামৰ্শদাতা | হেনৰি বেকুৱেৰেল |
ডক্তৰেল ছাত্ৰ | André-Louis Debierne Óscar Moreno Marguerite Catherine Perey |
জনা যায় | তেজস্ক্ৰীয়তা, প'ল'নিয়াম, ৰেডিয়াম |
উল্লেখনীয় বঁটা | নোবেল বঁটা পদাৰ্থ বিজ্ঞান বিভাগত (১৯০৩) ডেভি মেডেল (১৯০৩) মেট্টেউচ্চি মেডেল (১৯০৪) নোবেল বঁটা ৰসায়ন বিজ্ঞান বিভাগত (১৯১১) |
দাম্পত্যসঙ্গী | পিয়েৰ কুৰী (১৮৫৯–১৯০৬) |
স্বাক্ষৰ![]() | |
Notes She is the only person to win a Nobel Prize in two different sciences. She was the wife of Pierre Curie, and the mother of Irène Joliot-Curie and Ève Curie. |
মেৰী স্ক্লডভ্স্কা-কুৰী, ফৰাচী: Maria Salomea Skłodowska-Curie (চমুকৈ মেৰী কুৰী বা মেডাম কুৰী) পোলেণ্ড-ৰ এগৰাকী পদাৰ্থবিদ তথা ৰসায়নবিদ। জীৱনৰ বেছিভাগ সময়েই ফ্ৰান্সতে কৰ্মৰত এইগৰাকী মহিলা তেজস্ক্ৰিয়তা বিষয়ক অগ্ৰগামী গৱেষণাৰ বাবে বিখ্যাত। এখেত ন'বেল বঁটা লাভ কৰা প্ৰথম মহিলা, লগতে দুবাৰকৈ ন'বেল বঁটা লাভ কৰা একমাত্ৰ মহিলা, দুটা ভিন্ন বিষয়ত ন'বেল লাভ কৰা এখেতেই একমাত্ৰ ব্যক্তি। পেৰিছ বিশ্ববিদ্যালয়ৰো প্ৰথম মহিলা অধ্যাপিকা আছিল মেৰী কুৰী। নিজস্ব কৰ্মৰ গৰিমাত পেৰিছ-ৰ পেন্থিয়ন-ত সমাধি লাভ কৰাও এখেত প্ৰথম মহিলা।
মেৰী কুৰীক জন্মতে নাম দিয়া হৈছিল মাৰিয়া ছেল'মিয়া স্ক্লডভ্স্কা। তেখেতৰ জন্ম হৈছিল সেই কালৰ 'পোলেণ্ড ৰাজ্য'ৰ ৱাৰ্ছ চহৰত। পোলেণ্ডৰ ফ্লোটিং বিশববিদ্যালয়ত পঢ়া শেষ কৰি তেওঁ ৱাৰ্ছত বিজ্ঞান পাঠ কৰে। ১৮৯১ চনত, ২৪ বছৰ বয়সত বায়েক ব্ৰনিস্লাভা-ৰ দৰেই পেৰিছলৈ অধ্যয়নৰ বাবে আহে। পেৰিছতে তেওঁ উচ্চ পৰ্যায়ৰ ডিগ্ৰী লাভ কৰে, আৰু পাছলৈ বিজ্ঞানৰ কৰ্মত ব্ৰতী হয়। ১৯০৩ চনত লাভ কৰা প্ৰথম ন'বেল বঁটা তেখেতে পদাৰ্থবিজ্ঞান শাখাত গিৰিয়েক পিয়েৰ কুৰী আৰু পদাৰ্থবিদ হেন্ৰি বেকুৰেল-ৰ লগত যুটীয়া ভাৱে লাভ কৰে। ১৯১১ চনত তেখেতে অকলেই ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।
তেখেতৰ অৱদান সমূহৰ ভিতৰত আছিল: তেজস্ক্ৰিয়তাৰ তত্ব (radioactivity নামটোও তেখেতেই দিছিল), তেজস্ক্ৰিয় সমস্থানিকৰ পৃথিকীকৰণ, আৰু দুবিধ মৌল ক্ৰমে প'ল'নিয়াম আৰু ৰেডিয়াম-ৰ আৱিষ্কাৰ। তেখেতৰ অধীনতে তেজস্ক্ৰিয় সমস্থানিকৰ প্ৰয়োগেৰে কৰ্কট ৰোগ চিকিৎসাৰ প্ৰথম গৱেষণা কৰা হৈছিল। তেখেতে পেৰিছ আৰু ৱাৰ্ছ-ত কুৰী শিক্ষা প্ৰতিষ্ঠান-ৰ স্থাপনা কৰে, যি কেইখন চিকিৎসা শাস্ত্ৰৰ গৱেষণাৰ বাবে পৃথিৱীৰ ভিতৰতে অগ্ৰনী প্ৰতিষ্ঠান। প্ৰথম বিশ্বযুদ্ধৰ সময়ত তেওঁ সামৰিক ক্ষেত্ৰত তেজস্ক্ৰিয়তা কেন্দ্ৰৰ স্থাপন কৰে। ফ্ৰান্সৰ নাগৰিক হৈ থকা সময়তো মেৰী স্ক্লডভ্স্কা-কুৰীয়ে (দুয়োটা উপাধিকে তেওঁ ব্যৱহাৰ কৰিছিল) নিজৰ প'লিছ পৰিচয় এৰা নাছিল। নিজৰ দুয়োগৰাকী জীয়েককে তেওঁ প'লিছ ভাষাৰ শিক্ষা দিছিল আৰু প'লেণ্ড ভ্ৰমণলৈ লৈ গৈছিল। ১৮৯৮ চনত তেওঁ আৱিষ্কাৰ কৰা প্ৰথম মৌলৰ নাম প'লেণ্ডৰ নামেৰে প'ল'নিয়াম দিছিল।
১৯৩৪ চনত মেডাম কুৰীৰ মৃত্যু হয় 'এপ্লাষ্টিক এনিমিয়া' ৰোগত ভূগি। তেজস্ক্ৰিয় বিকিৰণৰ সংষ্পৰ্শত কাম কৰি থকাৰ বাবেই এই ৰোগে তেখেতৰ গাত বাহ লৈছিল।
সূচী
জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]
মেৰী বা মেৰিয়াৰ জন্ম হয় ১৮৬৭ খৃষ্টাব্দত। পোলেণ্ডৰ ৱাৰ্ছ' চহৰত। তেখেতৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে ৱ্লাডিস্ল স্ক্লড'ৱস্কি আৰু ব্ৰনিস্লাৱা। মাৰিয়াতকৈ ডাঙৰ তিনিগৰাকী সন্তান আছিল ক্ৰমে জ'ফিয়া (জন্ম ১৮৬২), জোচেফ (জন্ম ১৮৬৩), ব্ৰনিস্লাৱা (জন্ম ১৮৬৫) আৰু হেলেনা (জন্ম ১৮৬৬)।[2] সেই সময়ত পোলেণ্ড ৰাছিয়াৰ শাসনাধীন আছিল।
পোলেণ্ডৰ ইতিহাস সম্পৰ্কে চৰ্চ্চা অথবা মাতৃভাষাত শিক্ষাদান, এই দুয়োটাই আছিল নিষিদ্ধ। মাৰিয়াৰ পিতৃ-মাতৃয়ে পোলেণ্ডৰ স্বশাসনৰ বাবে যুঁজ কৰি থকা জাতীয়তাবাদী সংগঠনৰ লগত জড়িত থকাৰ অপৰাধত জমাধন আৰু সম্পত্তি হেৰুৱাব লগীয়া হৈছিল। তথাপি কিছুমান শিক্ষক-শিক্ষয়িত্ৰীয়ে অতি সাহসেৰে আৰু সংগোপনে ল’ৰা-ছোৱালীহঁতক মাতৃভূমিৰ ইতিহাস সম্পৰ্কে শিক্ষা দিছিল।
মাৰিয়াৰ পিতৃ গণিত আৰু পদাৰ্থবিদ্যাৰ শিক্ষক আছিল লগতে তেখেত ৱাৰ্ছত থকা দুই শিক্ষাশালাৰ পৰিচালকো আছিল।[3] ৰুছ শাসকে বিজ্ঞানৰ ব্যৱহাৰিক শিক্ষা বাতিল কৰাৰ পাছত বিদ্যালয়ৰ পৰীক্ষাগাৰৰ সৰঞ্জামসমূহ মেৰিয়াৰ পিতৃয়ে ঘৰলৈ লৈ আনে, আৰু ঘৰতে ল'ৰা-ছোৱালীক তাৰ ব্যৱহাৰেৰে শিক্ষা দিবলৈ আৰম্ভ কৰে।[3] পোলেণ্ডৰ প্ৰতি থকা অত্যধিক আনুগাত্যৰ ৰুছী চৰকাৰে তেখেতক চাকৰিৰপৰা বৰ্খাস্ত কৰে। এনে অৱস্থাত পৰিয়ালৰ ভৰণ-পোষণৰ বাবে তেওঁলোকে নিজৰ ঘৰতে পেয়িং গেষ্ট ৰখাৰ ব্যৱস্থা কৰি আয় বৃদ্ধি কৰাৰ চেষ্টা কৰে।[3]
মাৰিয়াৰ মাতৃয়ে এখন সন্মানীয় আৱাসিক বিদ্যালয় চলাই আছিল। মাৰিয়াৰ জন্মৰ পাছতে তেখেতে চাকৰিৰপৰা অব্যাহতি লয়। মাৰিয়াৰ ১২ বছৰ বয়সত যক্ষ্মা ৰোগত ভূগি মাকৰ মৃত্যু হয়। মাকৰ মৃত্যুৰ ২ বছৰ আগতে মাৰিয়াৰ ডাঙৰ বায়েক জ'ফিয়াৰ মৃত্যু হৈছিল। সৰুতেই দেখা এই দুই মৃত্যুৱে ভগৱানৰ প্ৰতি থকা মাৰিয়াৰ বিশ্বাসত বাধা প্ৰদান কৰে আৰু মাৰিয়া অজ্ঞেয়বাদী (agonstic) হৈ পৰে।[4]
দহ বছৰ বয়সত মাৰিয়াই আৱাসিক বিদ্যালয় এখনত আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি কৰে। ১২ জুন ১৮৮৩ চনত সোণৰ পদক লাভেৰে তেওঁ স্কুলীয়া জীৱন শেষ কৰে।[2] ইয়াৰ পাছতে তেওঁ শাৰীৰিক অসুবিধাৰ বাবে (খুৱ সম্ভৱ তেওঁ ডিপ্ৰেছনত ভূগিছিল) এটা বছৰ তেওঁ পিতৃৰ ফালৰ অঙহী-বঙহীৰ লগত গাঁওত কটায়।[3] গাঁৱৰ পাছৰ এটা বছৰ তেওঁ দেউতাকৰ লগতে থাকি শিক্ষাদানৰ কাম কৰে।[2] স্ত্ৰী হোৱা হেতুকে তেওঁ ইচ্ছা থকা স্বত্তেও উচ্চ-শিক্ষাৰ বাবে আগবাঢ়িব পৰা নোৱাৰি, মেৰিয়া আৰু বায়েক ব্ৰনিস্লাৱাই 'ফ্লায়িং বিশ্ববিদ্যালয়'ত যোগদান কৰে। এই বিশ্ববিদ্যালয়ে ৰুছিয়ান শাসনৰ বিৰোধিতা কৰি প'লিছ স্বাভিমানৰ বিষয়ে পঢ়ুৱাইছিল, লগতে স্ত্ৰী-শিক্ষাৰ বাবেও যত্ন কৰিছিল।[2][3]
বায়েক ব্ৰনিস্লাৱাৰ ডাক্তৰী পঢ়াৰ হাবিয়াস পূৰণ কৰিবলৈ মেৰিয়াই প্ৰথমে ঘৰুৱা শিক্ষয়িত্ৰীৰ কাম কৰে আৰু এবছৰ পাছত এগৰাকী ধনী আত্মীয়ৰ ঘৰত আয়াৰ কাম কৰে।[2][5] দুই বছৰ পাছত ব্ৰনিস্লাৱায়ো একেদৰে তেখেতৰ পঢ়াৰ বাবে সহায় কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।[2][5] আয়াৰ কাম কৰি থাকোঁতেই সেই পৰিয়ালৰ সন্তান 'কাজিমিয়েৰ্জ জ'ৰাৱস্কি'ৰ লগত মাৰিয়াৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। জ'ৰাৱস্কি পাছলৈ এগৰাকী খ্যাতনামা গণিতজ্ঞ হৈছিল।[5] কিন্তু ল'ৰাজনৰ পৰিয়ালে দুখীয়া মাৰিয়াক স্বীকাৰ কৰিবলৈ মান্তি নহ'ল, আৰু কাজিমিয়েৰ্জেও পিতৃ-মাতৃৰ বিৰূদ্ধে যাব পৰা নাছিল।[5] গণিতজ্ঞ হিচাপে পাছলৈ কাজিমিয়েৰ্জ ৱাৰ্ছ পলিটেক্নিক প্ৰতিষ্ঠানৰ অধ্যাপক নিযুক্ত হৈছিল। বৃদ্ধ বয়সত কাজিমিয়েৰ্জে প্ৰায়েই কুৰী প্ৰতিষ্ঠানৰ প্ৰাংগনত ১৯৩৫ চনত স্থাপিত মাৰিয়াৰ প্ৰস্তৰ মূৰ্তিলৈ দীঘলীয়া সময় ধৰি চাই চাই সময় কটাইছিল।[6][7]
১৮৯০ চনত চনত মাৰিয়াৰ বায়েক ব্ৰনিস্লাৱা বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোকে মাৰিয়াক পেৰিছত অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ জনায়। কিন্তু টকাৰ অভাৱৰ বাবে মাৰিয়াই এই আমন্ত্ৰণ নাকচ কৰে।[2] তেনে সময়তে মাৰিয়াৰ দেউতাকে ভাল চাকৰি এটা যোগাৰ কৰিবলৈ সক্ষম হয়, আৰু তেখেতেই মাৰিয়াক সহায় কৰে।[5] এইখিনি সময় মাৰিয়াই নিজাকৈ কিতাপ পত্ৰ পঢ়ি শিক্ষা লৈছিল।[5] ১৮৮৯ চনত তেওঁ উভতি আহি দেউতাকৰ লগতে ৱাৰ্ছতে থাকিবলৈ লৈছিল যদিও নিজৰ খৰছ-পাতিৰ বাবে তেওঁ তেতিয়াও আয়াৰ কাম কৰি আছিল।[2][5]
ইয়াৰ পাছত মাৰিয়াই ফ্লাইং বিশ্ববিদ্যালয়ত যোগদান কৰে, আৰু ৱাৰ্ছৰ ওচৰৰে 'ক্ৰাক'স্কি প্ৰেজমিচি'ত অৱস্থিত 'উদ্যোগ আৰু কৃষিৰ যাদুঘৰ'ত ব্যৱহাৰিক বিজ্ঞানৰ শিক্ষা লয়।[2][3][5]
পেৰিছত[সম্পাদনা কৰক]
১৮৯১ চনত মাৰিয়া প'লেণ্ডৰপৰা পেৰিছলৈ আহে।[8] ১৮৯১ চনৰ পাছৰ ভাগত তেওঁ পেৰিছ বিশ্ববিদ্যালয়-ত (ছ'ৰবন) নাম ভৰ্তি কৰে।[9][10] প্ৰথমে তেওঁ বায়েক-ভিনিহিয়েকৰ লগতে থাকিছিল যদিও সোনকালেই পঢ়া-শুনাৰ সুবিধা হোৱাকৈ বিশ্ববিদ্যলয়ৰ ওচৰতে এটা ঘৰত থাকিবলৈ লয়। টকা-পইচাৰ অসুবিধাৰ বাবে প্ৰায়েই মাৰিয়াই কষ্ট পাইছিল। শীতকালত ঠাণ্ডাৰ বাবে আৰু খোৱাৰ অসুবিধাৰ বাবে মাজে মাজে তেওঁ অজ্ঞান হৈ গৈছিল।[10]
নিজৰ খৰছ উলিয়াবলৈ মাৰিয়াই দিনত পঢ়াৰ কাম কৰি সন্ধিয়ালৈ টিউছন কৰিছিল। ১৮৯৩ চনত তেওঁ পদাৰ্থবিজ্ঞানত ডিগ্ৰী লাভ কৰে আৰু অধ্যাপক গেব্ৰিয়েল লিপমেনৰ প্ৰয়োগশালাত যোগ দিয়ে।[2] এই সময়ত ছ'ৰবনতো পঢ়া-শুনা অটুট ৰাখে আৰু ১৮৯৪ চনত আন এটা ডিগ্ৰী লাভ কৰে।[2][10][b]
মেৰীৰ বৈজ্ঞানিক কৰ্মজীৱন আৰম্ভ হয় 'ছ'চাইটি ফৰ দ্য এনকাৰেজমেণ্ট অৱ নেচনেল ইণ্ডাষ্ট্ৰি'ৰ দ্বাৰা কমিছন ভুক্ত কাম বিভিন্ন তীখাৰ চুম্বকীয় ধৰ্মৰ গৱেষণাৰ দ্বাৰা।[10] সেই বছৰেই তেওঁ পিয়েৰ কুৰীৰ সান্নিধ্যলৈ আহে। একে বিজ্ঞানৰ প্ৰতি থকা দুয়োজনৰ আসক্তিয়ে দুয়োকো ওচৰ চপাই আনে। মেৰিয়াই সেই সময়ত কামৰ সুবিধাৰ বাবে ডাঙৰ পৰীক্ষাগাৰ বিচাৰি আছিল আৰু পিয়েৰ কুৰীয়ে 'স্কুল অৱ ফিজিক্স এণ্ড কেমিষ্ট্ৰী'ত কৰ্মৰত আছিল।[2] মাৰিয়াৰ কামত সুবিধা হ'ব বুলি প্ৰফেছৰ জোছেফ উইৰুজ-কোৱালস্কি-য়ে দুয়োকে লগ কৰাই দিছিল।[2][10] পিয়েৰৰ নিজাকৈ ডাঙৰ পৰীক্ষাগাৰ নাছিল যদিও তেওঁ মেৰীক জেগা উলিয়াই দিবলৈ সক্ষম হৈছিল। তাতেই মেৰীয়ে কামৰ শুভাৰম্ভ কৰিছিল।[10]
বিজ্ঞানৰ প্ৰতি থকা দুয়োৰে ধাউতিয়ে পিয়েৰ আৰু মেৰীক ওচৰ চপাই আনে। অৱশেষত পিয়েৰে মেৰীক বিয়াৰ প্ৰস্তাৱ দিয়ে। প্ৰথমে মেৰীয়ে বিয়াৰ প্ৰস্তাৱ মানি লোৱা নাছিল, কাৰণ তেওঁ পোলেণ্ডলৈ উভতি গৈ তাতে কাম কৰাৰ কথা ভাবিছিল। অৱশ্যে পিয়েৰে প্ৰয়োজন হ'লে মেৰীৰ লগত প'লেণ্ডলৈ যাবলৈকো সাজু আছিল। ১৮৯৪ চনত মেৰী প'লেণ্ডৰ ৱাৰ্ছলৈ উভতি আহি পৰিয়ালৰ লগত সময় কটায়।[10] কিন্তু মেৰীয়ে প'লেণ্ডত নিজৰ পছন্দৰ কাম বিচাৰি নাপালে। নাৰী হোৱা হেতুকেই প'লেণ্ডৰ ক্ৰাকাৱ বিশ্ববিদ্যালয়ত তেখেতৰ আবেদন মঞ্জুৰ কৰা নহ'ল।[6] পিয়েৰৰ পৰা চিঠি পাই তেওঁ আকৌ পেৰিছলৈ উভতি যায়। মেৰীৰ অনুৰোধে পিয়েৰে চুম্বকত্বৰ ওপৰত গৱেষণা পত্ৰ লিখি ডক্টৰেট উপাধি লাভ কৰে।[10] ইয়াৰ লগতে তেওঁ অধ্যাপকৰ পদলৈ পদোন্নতিও লাভ কৰে।[10] সেই সময়ত প্ৰচলিত এষাৰ কথাত কোৱা হৈছিল যে পিয়েৰ কুৰীৰ জীৱনৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ আছিল মেৰী। ১৮৯৫ চনত দুয়ো আইনমত বিবাহ সম্পন্ন কৰে। ধৰ্মীয় ৰীতিৰ বিবাহত দুয়োজনৰেই সন্মতি নাছিল।[2][10] বিয়াৰ সময়ত মেৰীয়ে পিন্ধা নীলা পোছাকযোৰেই পাছত পৰীক্ষাগাৰৰ কাম কৰোতেও ব্যৱহাৰ হৈছিল।[10] দুয়োৰে অৱসৰ বিনোদন আছিল চাইকেলেৰে দিঘলীয়া ভ্ৰমণ, বা বিদেশলৈ ভ্ৰমণ। এনে ভ্ৰমণৰ সময়তে দুয়ো দুজনৰ বেছি ওচৰ চাপি গৈছিল।[6] পিয়েৰৰ মাজত মেৰীয়ে নিজৰ প্ৰেমিক, বন্ধু আৰু বিশ্বাসী সহকৰ্মী তিনিওটাকে লাভ কৰিছিল।[6]
নতুন মৌলৰ আৱিষ্কাৰ[সম্পাদনা কৰক]
১৮৯৫ চনত ৱিলহেল্ম ৰ'ণ্টজেন-এ এক্স ৰশ্মি আৱিষ্কাৰ কৰে। অৱশ্যে ইয়াৰ অন্তৰালৰ কাৰণ তেওঁ বুজিবলৈ সক্ষম হোৱা নাছিল।[11] ১৮৯৬ চনত হেনৰি বেকুৰেল-এ আৱিষ্কাৰ কৰে যে ইউৰেনিয়াম মৌলৰপৰাও এক প্ৰকাৰৰ ৰশ্মি নিৰ্গত হয়, যাৰ ভেদ ক্ষমতা এক্স ৰশ্মিৰ দৰেই।[11] তেওঁ দেখুৱাইছিল যে এই ৰশ্মি অনুপ্ৰভাৰ (phosphorence) দৰে নহয়, কাৰণ ইয়াৰ বাবে বাহ্যিক কোনো শক্তিৰ প্ৰয়োজন নহয়। বৰং এই ৰশ্মি ইউৰেনিয়ামৰপৰা নিজে নিজেই নিৰ্গত হয়।[2] মেৰীয়ে গৱেষণা পত্ৰ বাবে ইউৰেনিয়ামৰপৰা ওলোৱা এই ৰশ্মিৰ ওপৰতে কাম কৰিবলৈ মনস্থ কৰে।[2] গৱেষণাৰ বাবে মেৰীয়ে এক অভিনৱ পন্থা প্ৰয়োগ কৰে। পোন্ধৰ বছৰ আগতেই পিয়েৰ আৰু ভায়েকে বৈদ্যুতিক প্ৰৱাহ ধৰা পেলোৱাৰ বাবে এক অতি সংবেদী ইলেক্ট্ৰ'মিটাৰৰ এটা সংস্কৰণ সাজিছিল। মেৰীয়ে সেই যন্ত্ৰ ব্যৱহাৰ কৰি আৱিষ্কাৰ কৰে যে ইউৰেনিয়ামৰ নিৰ্গত ৰশ্মিয়ে কাষৰ বতাহক বৈদ্যুতিক প্ৰৱাহ বহন কৰিব পৰা কৰি তোলে। এই পদ্ধতি মেৰীয়ে জানিবলৈ পায় যে ইউৰেনিয়ামৰ এই বিশেষ ধৰ্ম অকল ইউৰেনিয়ামৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে। মেৰীয়ে ইয়াৰপৰা এই প্ৰাকল্পিক সিদ্ধান্তত উপনীত হয় যে এই ৰশ্মি কোনো আণৱিক আন্ত:ক্ৰিয়াৰ ফলশ্ৰুতি নহয়, বৰং এই ৰশ্মিৰ নিৰ্গমন পৰমাণুৰ পৰাহে হৈছে। তেতিয়ালৈ মানি চলা হৈছিল যে পৰমাণুক বিভাজন কৰা সম্ভৱ নহয়। মেৰীৰ আৱিষ্কাৰে এই তত্বক নুই কৰে।[11][12]
১৮৯৭ চনত কুৰী দম্পতিৰ প্ৰথম সন্তান আইৰিন জলিয়ট কুৰীৰ জন্ম হয়। বৰ্ধিত পৰিয়ালৰ চাহিদা পূৰাবলৈ মেৰীয়ে এইবাৰ শিক্ষয়িত্ৰী হিচাপে 'ইক'ল নৰ্মান ছুপেৰিউৰ'ত শিক্ষয়িত্ৰী হিচাপে যোগ দিয়ে। কুৰী দম্পতিয়ে নিজাকৈ এতিয়ালৈ এটা প্ৰয়োগশালা পোৱা নাছিল। সেয়ে দুয়োয়ে 'স্কুল অৱ ফিজিক্স এণ্ড কেমিষ্ট্ৰী'ৰ কাষৰীয়া চালি এখনতে নিজৰ প্ৰয়োগশালা আজি লৈছিল।[8] চালিখন আগতে চিকিৎসা শিক্ষাৰ বাবে মৃতদেহ ব্যৱচ্ছেদ কক্ষ হিচাপে ব্যৱহৃত হৈছিল। তাত বতাহ অহা-যোৱাৰ ভাল সুবিধা নাছিল, তাৰোপৰি তাৰ ছালখনো উৰুখিছিল।[13] দুয়োজনেই নকৈ আৱিষ্কৃত তেজস্ক্ৰিয় ৰশ্মিৰ কুপ্ৰভাৱ সম্পৰ্কেও তেতিয়ালৈ জানিব পৰা নাছিল। তেজস্ক্ৰিয়তাৰ লগত গৱেষণা কৰি থকা এই দম্পতীয়ে জানিব পৰা নাছিল ভৱিষ্যতে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনে বিপত্তি আহিব পাৰে।[6] তেওঁলোকৰ গৱেষণাৰ বাবে স্কুলৰপৰা কোনো ভাত্তা দিয়া হোৱা নাছিল। কিন্তু মেৰীয়ে নিজৰ গৱেষণাৰ বাবে ধাতুবিদ্যা আৰু খনিৰ কোম্পানী, অন্যান্য সংস্থা আৰু চৰকাৰৰপৰা কিছু অনুদান যোগাৰ কৰিছিল।[8][13][14]
মেৰীয়ে গৱেষণাৰ বাবে ইউৰেনিয়ামৰ দুবিধ খনিজ ব্যৱহাৰ কৰিছিল, ক্ৰমে 'পিট্চব্লেণ্ড' আৰু 'টাৰ্ব'নাইট' ('কেলক'লাইট' নামেও জনা যায়)।[13] তেওঁ দেখিছিল যে পিট্চব্লেণ্ড ইউৰেনিয়ামতকৈ চাৰিগুণ বেছি সক্ৰিয় আৰু টাৰ্ব'নাইট দুগুণ বেছি সক্ৰিয়। তেওঁ বুজিছিল যে এই জোখ-মাখ শুদ্ধ হ'বলৈ হ'লে পিট্চব্লেণ্ড আৰু টাৰ্ব'নাইটত ইউৰেনিয়ামৰ বাহিৰেও ইউৰেনিয়ামতকৈ সক্ৰিয় আন কোনো মৌল থাকিব লাগিব।[13][15] ইউৰেনিয়ামৰ বাহিৰে 'তেজস্ক্ৰিয় ৰশ্মি' বিকিৰণ কৰা অন্যান্য মৌল বিচাৰি কুৰীয়ে ১৮৯৮ চনত প্ৰথমে থ'ৰিয়াম আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়।[11]
পিয়েৰে মেৰীৰ কামৰ প্ৰতি লাহে লাহে আগ্ৰহান্বিত হ'বলৈ ধৰে আৰু ১৮৯৮ চনৰ মধ্য-ভগাত নিজে কৰি থকা স্ফটিকৰ গৱেষণাৰপৰা আঁতৰি মেৰীৰ লগত তেজস্ক্ৰিয় মৌলৰ গৱেষণাত যোগ দিয়ে।[8][13]
- কুৰী দম্পতিয়ে চাৰিবছৰ কাল একেৰাহে গৱেষণা চলাই আৰু ৰেডিয়াম যুক্ত শ শ টন পিচব্লেণ্ডি গলাই পুৰি এক অসাধ্য সাধনত ব্ৰতী হ’ল। তেওঁলোকৰ গৱেষণাৰ খৰচ যোগাবলৈ কুৰীয়ে পুনৰ এখন স্কুলত শিক্ষকতাৰ কামত সোমাল আৰু দিনটোৰ বাকীখিনি সময় ৰেডিয়ামৰ সন্ধানত কটাবলৈ ধৰিলে।
- অৱশেষত ১৯০২ চনৰ এটি সন্ধিয়া তেওঁলোকৰ অবিৰাম সাধনাই সাৰ্থকতা লাভ কৰিলে। তেওঁলোকৰ গৱেষণা কুঠৰী ৰেডিয়ামৰ দ্যুতিয়ে উদ্ভাসিত কৰি তুলিলে।
- বিশুদ্ধ ৰেডিয়ামৰ খবৰ শুনি বহু সম্পত্তিবান লোকে অপৰ্যাপ্ত ধন-বিত দি এই মহামূল্যবান ধাতু ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিল। কিন্তু ইমান বছৰৰ অধ্যাৱসায়ৰ ফলত যিকণ ৰেডিয়াম সংগৃহীত হ’ল সেইয়া মাথোন চাহ চামোচেৰে এচামোচমানহে।
গৱেষণা আৰু পুৰস্কাৰ[সম্পাদনা কৰক]

১৯০৩ চনত মেৰীয়ে ডক্টৰ অব চায়েন্স সন্মান লাভ কৰিলে। সেই বছৰৰে ডিচেম্বৰত হেনৰি বেকুৱেৰেল নামৰ আন এগৰাকী বিজ্ঞানীৰ সৈতে ভগাভগি কৰি মেৰীয়ে নোবেল পুৰস্কাৰ অৰ্জন কৰিলে। পুৰস্কাৰ লাভৰ পিছত স্বামী পিয়েৰ কুৰীৰ লগত তেওঁ নিৰলস গৱেষণাত ব্ৰতী হয়। ১৯০৪ চনত তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হয়। ১৯০৬ চনত তেওঁলোকে এক নিৰিবিলি পৰিবেশত এটা কটেজ ভাৰা কৰি ইষ্টাৰৰ ছুটি উপভোগ কৰিবলৈ গ’ল।
- কিন্তু ছুটিৰ পৰা উভতি অহাৰ কিছুদিনৰ পিছতেই এদিন সন্ধিয়া এক অঘটন ঘটে। বজাৰ সমাৰ কৰি ঘৰলৈ ঘূৰি আহি মেৰীয়ে শুনিলে যে গৱেষণাগাৰত এক ভয়ঙ্কৰ দুৰ্ঘটনাত পিয়েৰ কুৰী মৃত্যু মুখত পৰিছে। এক অপ্ৰত্যাশিত অসহায়তাত মেৰী একেবাৰে ভাগি পৰিল। কণ কণ ল’ৰা-ছোৱালী হালৰ সৈতে মেৰীক সাত্বনা দিবলৈকো কাৰো ভাষা নাছিল।
- অৱশেষত মেৰীয়ে নিজেই সাত্বনাৰ ভাষা বিচাৰি পালে। পিয়েৰে মৃত্যুৰ কিছুদিনৰ আগতে মেৰীক কৈছিল-’বুজিছা মেৰী, আমাৰ এজন থাকিলেও যাতে গৱেষণাৰ কাম স্থবিৰ হৈ নপৰে’। পিয়েৰৰ উপদেশকে সৰোগত কৰি চৰবেন বিশ্ববিদ্যালয়ত তেওঁ পুনৰ গৱেষণা কাৰ্য্যত লিপ্ত হ’ল। চৰবেনত পিয়েৰৰ কামটো মেৰীক দিয়া হ’ল। পিয়েৰে যিখিনিত গৱেষণা আধৰুৱা কৰি ৰাখি গৈছিল, মেৰীয়ে তাৰ পৰাই গৱেষণা আৰম্ভ কৰিলে। ১৯১১ চনত তেওঁ এককভাৱে পুনৰায় নোবেল পুৰস্কাৰ লাভ কৰিলে।
- পেৰিচত নিৰ্মিত এটা নতুন পৰীক্ষাগাৰত তেতিয়া মন-প্ৰাণ সঁপি দিছে মেৰীয়ে। সেই পৰীক্ষাগাৰৰ সমুখৰ পথটোৰ নামাকৰণ হৈছে পিয়েৰ কুৰীৰ নামেৰে। সেই পৰীক্ষাগাৰৰ নামাকৰণ হৈছে-’ইনষ্টিটিউট অৱ ৰেডিয়াম’।
- ১৯২১ চনত মেৰীয়ে তেওঁৰ কন্যাসন্তান দুটিৰে সৈতে আমেৰিকা ভ্ৰমণলৈ যায়। হোৱাইট হাউচত মাৰ্কিন প্ৰেচিডেণ্ট হাৰ্ডিঞ্জে মেৰীক কিছু পৰিমাণৰ ৰেডিয়াম উপহাৰ দিয়ে।
- মেৰীৰ বৰ জীয়েক আইৰিনে বিয়া কৰায় তৰুণ বিজ্ঞানী ফ্ৰেডৰিক জোলিয়টক। কুৰী দম্পতিৰ গৱেষনাৰ কাম-কাজ তেওঁলোকে আৰু এঢাপ আগবঢ়াই নিয়ে। ১৯৩৫ চনত তেওঁলোকেও নোবেল পুৰস্কাৰ লাভ কৰে।
মৃত্যু[সম্পাদনা কৰক]
ইয়াৰ পিছত আহিল ১৯৩৮ চন। আজীৱন ৰেডিয়াম লৈ অহৰহ কাম কৰি যোৱা মেৰীয়ে অৱশেষত নিজেই তেজষ্ক্ৰিয়তাৰ চিকাৰ হ’ল সেই বছৰতে।
স্বাক্ষৰ[সম্পাদনা কৰক]
তেওঁৰ বিজ্ঞানচৰ্চ্চাৰ মহান কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থ-ৰেডিঅ একটিভিটি বা তেজষ্ক্ৰিয়তা সম্পৰ্কীয় অতুলনীয় গ্ৰন্থখন প্ৰকাশ পায় মেৰীৰ মৃত্যুৰ এবছৰৰ পিছত।
তথ্যসংগ্ৰহ[সম্পাদনা কৰক]
- আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি: সম্পাদনা কনকসেন ডেকা।
- ↑ http://www.nobelprize.org/nobel_prizes/physics/laureates/1903/marie-curie.html
- ↑ 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 Tadeusz Estreicher (1938). "Curie, Maria ze Skłodowskich" (Polish ভাষাত). Polski Słownik Biograficzny, Vol. 4. পৃষ্ঠা. 111.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 "Marie Curie — Polish Girlhood (1867–1891) Part 1". American Institute of Physics. http://www.aip.org/history/curie/polgirl1.htm। আহৰণ কৰা হৈছে: 7 November 2011.
- ↑ Robert William Reid (1974). Marie Curie. New American Library. পৃষ্ঠা. 6. ISBN 0002115395. http://books.google.com/books?id=p81XAAAAYAAJ। আহৰণ কৰা হৈছে: 2 August 2012. "Unusually at such an early age, she became what T.H. Huxley had just invented a word for: agnostic."
- ↑ 5.0 5.1 5.2 5.3 5.4 5.5 5.6 5.7 "Marie Curie — Polish Girlhood (1867–1891) Part 2". American Institute of Physics. http://www.aip.org/history/curie/polgirl2.htm। আহৰণ কৰা হৈছে: 7 November 2011.
- ↑ 6.0 6.1 6.2 6.3 6.4 Wojciech A. Wierzewski (21 June 2008). "Mazowieckie korzenie Marii [Maria's Mazowsze Roots]". Gwiazda Polarna খণ্ড 100 (13): 16–17. http://web.archive.org/web/20090321193811/http://www.gwiazdapolarna.com/czytaj.php?nr=813&cat=4&art=04-01.txt। আহৰণ কৰা হৈছে: 10 September 2012.
- ↑ Robert William Reid (1974). Marie Curie. New American Library. পৃষ্ঠা. 24. ISBN 0002115395. http://books.google.com/books?id=p81XAAAAYAAJ। আহৰণ কৰা হৈছে: 2 August 2012.
- ↑ 8.0 8.1 8.2 8.3 Tadeusz Estreicher (1938). "Curie, Maria ze Skłodowskich" (Polish ভাষাত). Polski Słownik Biograficzny, Vol. 4. পৃষ্ঠা. 112.
- ↑ Robert William Reid (1974). Marie Curie. New American Library. পৃষ্ঠা. 32. ISBN 0002115395. http://books.google.com/books?id=p81XAAAAYAAJ। আহৰণ কৰা হৈছে: 2 August 2012.
- ↑ 10.00 10.01 10.02 10.03 10.04 10.05 10.06 10.07 10.08 10.09 10.10 "Marie Curie — Student in Paris (1891–1897) Part 1". American Institute of Physics. http://www.aip.org/history/curie/stud1.htm। আহৰণ কৰা হৈছে: 7 November 2011.
- ↑ 11.0 11.1 11.2 11.3 "Marie Curie — Research Breakthroughs (1807-1904)Part 1". American Institute of Physics. http://www.aip.org/history/curie/resbr1.htm। আহৰণ কৰা হৈছে: 7 November 2011.
- ↑ Robert William Reid (1974). Marie Curie. New American Library. পৃষ্ঠা. 61–63. ISBN 0002115395. http://books.google.com/books?id=p81XAAAAYAAJ। আহৰণ কৰা হৈছে: 2 August 2012.
- ↑ 13.0 13.1 13.2 13.3 13.4 "Marie Curie — Research Breakthroughs (1807-1904)Part 2". American Institute of Physics. http://www.aip.org/history/curie/resbr2.htm। আহৰণ কৰা হৈছে: 7 November 2011.
- ↑ "Marie Curie — Student in Paris (1891–1897) Part 2". American Institute of Physics. http://www.aip.org/history/curie/stud2.htm। আহৰণ কৰা হৈছে: 7 November 2011.
- ↑ Robert William Reid (1974). Marie Curie. New American Library. পৃষ্ঠা. 63–64. ISBN 0002115395. http://books.google.com/books?id=p81XAAAAYAAJ। আহৰণ কৰা হৈছে: 2 August 2012.
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "How the Curie Came to Be" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Williams331" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "williams" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Williams332" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Madame Curie art" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Marie Curie voted greatest female scientist" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Most inspirational woman scientist revealed" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Picture of the McDonnell Douglas MD-11 aircraft" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "The Vertigo Years: Europe, 1900–1914" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "The discovery of radium in 1898 by Maria Sklodowska-Curie (1867–1934) and Pierre Curie (1859–1906) with commentary on their life and times" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "emigracja" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "everything" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "goldsmith" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "goldsmith11" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "goldsmith9" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "independence" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "iuniverse" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "obit" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Marie Curie’s 144th Birthday Google Doodle" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "robert1" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "robert10" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Robert Reid p. 65" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "robert6" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "robert7" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "robert8" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "teachers" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Madame Curie's Passion" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Marie Curie and the Science of Radioactivity 3" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Marie Curie Rec and Dis" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Marie Curie Rec and Dis2" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Marie Curie Tr and Ad" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Marie Curie Tr and Ad2" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Marie Curie Sc and Rec" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Marie Curie Sc and Rec2" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Marie Curie War" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Marie Curie War2" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "The Radium Institute" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "The Radium Institute 2" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "The Radium Institute 3" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "leg" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Marie Sklodowska Curie in America, 1921" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Minutes" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "nobelprize" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "nytimes" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Princess Madeleine attends celebrations to mark anniversary of Marie Curie's second Nobel Prize" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "The Discovery of Radioactivity" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "amudeu" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Barker2011" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Borzendowski2009-36" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Borzendowski2009-37" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "buffalo" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Chemistry International — Newsmagazine for IUPAC" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "cosm" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Council1997" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "curie" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "CurieSheean1999" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Curium" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "IEA - reaktor Maria" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Les-Palmes-de-M-Schutz - Trailer - Cast - Showtimes - NYTimes.com" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Letcher2003" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "psb113" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "psb114" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Quinn1996" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Quinn1996" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Radioactive: Marie and Pierre Curie, a Tale of Love and Fallout" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "ShipmanWilson2012" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "winners" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Nobel Prize Facts" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Pasachoff1996" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
<references>
ত দিয়া "undoubtedly" নামৰ <ref>
টেগ্টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
অধিক জানিবলৈ[সম্পাদনা কৰক]
Nonfiction[সম্পাদনা কৰক]
- Teresa Kaczorowska (2011) (Polish ভাষাত). Córka mazowieckich równin, czyli, Maria Skłodowska-Curie z Mazowsza [Daughter of the Mazovian Plains: Maria Skłodowska–Curie of Mazowsze]. Związek Literatów Polskich, Oddz. w Ciechanowie. http://books.google.com/books?id=yTCkXwAACAAJ। আহৰণ কৰা হৈছে: 2 August 2012.
- Naomi Pasachoff (1 August 1996). Marie Curie:And the Science of Radioactivity: And the Science of Radioactivity. Oxford University Press. ISBN 978-0-19-509214-1. http://books.google.com/books?id=mVCTHbdstdQC। আহৰণ কৰা হৈছে: 2 August 2012.
- Eve Curie (2 April 2001). Madame Curie: A Biography. Da Capo Press. ISBN 978-0-306-81038-1. http://books.google.com/books?id=abHJGxj8ZRwC। আহৰণ কৰা হৈছে: 2 August 2012.
- Susan Quinn (10 April 1996). Marie Curie: A Life. Da Capo Press. ISBN 978-0-201-88794-5. http://books.google.com/books?id=bteAVVwkeUIC&pg=PA330। আহৰণ কৰা হৈছে: 2 August 2012.
- Françoise Giroud (March 1986). Marie Curie, a life. Holmes & Meier. ISBN 978-0-8419-0977-9. http://books.google.com/books?id=UqPuAAAAMAAJ। আহৰণ কৰা হৈছে: 2 August 2012., translated by Lydia Davis
- Lauren Redniss (21 December 2010). Radioactive: Marie & Pierre Curie: A Tale of Love and Fallout. HarperCollins. ISBN 978-0-06-135132-7. http://books.google.com/books?id=HVL4QwAACAAJ। আহৰণ কৰা হৈছে: 2 August 2012.
- Opfell, Olga S. (1978). The Lady Laureates : Women Who Have Won the Nobel Prize. প্ৰকাশক Metuchen,N.J.& London: Scarecrow Press. পৃষ্ঠা. 147-164. ISBN 0810811618.
Fiction[সম্পাদনা কৰক]
- Olov Enquist, Per (2006). The Book about Blanche and Marie. প্ৰকাশক New York: Overlook. ISBN 1-58567-668-3. A 2004 novel by Per Olov Enquist featuring Maria Skłodowska-Curie, neurologist Jean-Martin Charcot, and his Salpêtrière patient "Blanche" (Marie Wittman). The English translation was published in 2006.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত মেডাম কুৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Out of the Shadows-A study of women physicists
- Pierre Curie and Marie Sklodowska : The First Century of Their Impact on Human Knowledge
- The official web page of Maria Curie Skłodowska University in Lublin, Poland in English.
- Detailed Biography at Science in Poland website; with quotes, photographs, links etc.
- European Marie Curie Fellowships
- Marie Curie Fellowship Association
- Marie Curie Cancer Care, UK
- Marie Sklodowska Curie: Her Life as a Media Compendium
- Marie and Pierre Curie and the Discovery of Polonium and Radium Chronology from nobelprize.org
- Annotated bibliography of Marie Curie from the Alsos Digital Library
- Obituary, New York Times, 5 July 1934 Mme. Curie Is Dead; Martyr to Science
- Some places and memories related to Marie Curie
- Marie Curie on the 500 French Franc and 20000 old Polish zloty banknotes.
- Marie Curie সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য – Animated biography of Marie Curie on DVD from an animated series of world and American history – Animated Hero Classics distributed by Nest Learning.
- Marie Curie – More than Meets the Eye সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য – Live Action portrayal of Marie Curie on DVD from the Inventors Series produced by Devine Entertainment.
- Marie Curie সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য – Portrayal of Marie Curie in a television mini series produced by the BBC
- Works by or about মেডাম কুৰী in libraries (WorldCat catalog)
- 1903 Nobel Prize in Physics and 1911 Nobel Prize in Chemistry – Nobel committee page; presentation speech, her award lecture etc.
- "Marie Curie and the Study of Radioactivity" at American Institute of Physics website. (Site also has a short version for kids entitled "Her story in brief!".)
- "Marie Curie Walking Tour of Paris". Hypatia. http://www.hypatiamaze.org/m_curie/curie_walk.html। আহৰণ কৰা হৈছে: 7 November 2011.
- Works by Marie Curie at Internet Archive
- Works by Marie Curie at Gallica