মাটি কাঞ্চন
অৱয়ব
| এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
| মাটি কাঞ্চন Bauhinia acuminata | |
|---|---|
| পশ্চিমবঙ্গৰ বৰ্ধমানৰ কাঞ্চন ফুল। | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| বিভাগ: | Magnoliophyta |
| শ্ৰেণী: | Magnoliopsida |
| বৰ্গ: | Fabales |
| পৰিয়াল: | Fabaceae |
| উপপৰিয়াল: | Caesalpinioideae |
| গোত্ৰ: | Cercideae |
| গণ: | Bauhinia |
| প্ৰজাতি: | B. acuminata |
| বৈজ্ঞানিক নাম | |
| Bauhinia acuminata L. | |
মাটি কাঞ্চন, বগা কাঞ্চন, মাটি কঁটৰা বা শ্বেত কাঞ্চন (ইংৰাজী: : Dwarf White Bauhinia, White Orchid-tree আৰু Snowy Orchid-tree) (বৈজ্ঞানিক নাম: Bauhinia acuminata) হৈছে Fabaceae পৰিয়ালৰ এবিধ গুল্মৰ প্ৰজাতি। ইয়াৰ বিস্তৃত খেতিৰ বাবে আদি নিবাস গম পোৱা নেযায় যদিও ই মালেছিয়া, ইন্দোনেছিয়া (জাভা, বোৰ্নিও, কালিমাণ্টান, লেছাৰ ছোন্দা দ্বীপ), আৰু ফিলিপাইনৰ পৰা আহিছে বুলি ভবা হয়।[1]
বিৱৰণ
[সম্পাদনা কৰক]মাটি কাঞ্চন ৩ মিটাৰ পৰ্যন্ত ওখ পৰ্ণপাতী উদ্ভিদ। পাত ১০-১৫ চেমি দীঘল আৰু ৭-১২ চেমি বহল। পাতৰ আগ দুভাগত বিভক্ত, মসৃণ, তলৰ শিৰা সামান্য ওলোৱা। বসন্তৰ শেষৰ পৰা শৰত পৰ্যন্ত ফুল হয়। পাতৰ কাষত এটা থোকাত কেইবাপাহো ফুল ফুলে, বগা, গন্ধহীন, ৫ চেমি বহল, পাহিৰ সংখ্যা পাঁচটা আৰু পাহী মুক্ত। ফল চিৰা, চিৰা চেপেটা, বিদাৰী আৰু ধুসৰ, কেইবাটাও বীজ থাকে।
চিত্ৰ সম্ভাৰ
[সম্পাদনা কৰক]-
Pods in Kolkata
-
Foliage
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Germplasm Resources Information Network: Bauhinia acuminata সাঁচ:Web archive
| ৱিকিমিডিয়া কমন্সত মাটি কাঞ্চন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |