মাধৱ বৈশ্য
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
মাধৱ বৈশ্য | |
---|---|
জন্ম | ১৯৩০ চন শুৱালকুছি, অসম |
ৰাষ্ট্ৰীয়তা | ভাৰত |
শিক্ষা | বিশ্ব ভাৰতী, শান্তিনিকেতন |
জনা যায় | টেম্পেৰা আৰু ৱাচ পেইণ্টিং |
ধৰ্ম | হিন্দু ধৰ্ম |
সন্তান | মল্লিকা বৈশ্য, মুকুল মাধৱ বৈশ্য, মুকুণ্ড মাধৱ বৈশ্য |
স্বাক্ষৰ | |
মাধৱ বৈশ্য (ইংৰাজী: ) অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী। তেখেত ১৯৬২ চনত শান্তিনিকেতনৰপৰা পেইণ্টিং বিষয়ত সোণৰ পদকধাৰী।
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৩০ চনত শুৱালকুছিত তেখেতৰ জন্ম হয়। ১৯৫৮ চনত তেখেতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰপৰা আৰ্টৰ বৃত্তি লাভ কৰে আৰু ছাত্ৰ ৰূপে বিশ্ব ভাৰতীত (শান্তিনিকেতন ) নামভৰ্তি কৰে। ১৯৬২ চনত তেখেতে পেইণ্টিং বিষয়ত ডিষ্টিংচন সহ প্ৰথম শ্ৰেণী লাভ কৰি বিশ্ব ভাৰতীৰপৰা উত্তীৰ্ণ হয়।
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৫৩ চনত তেখেতে পাছিঘাট উচ্চতৰ মাধ্যমিক স্কুলত শিক্ষকতা কৰিছিল। ১৯৬২ চনত শান্তিনিকেতনৰপৰা উভতি আহি তেখেতে যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ আৰ্টৰ প্ৰধান শিক্ষক ৰূপে চাকৰিত যোগদান কৰে। ১৯৯০ চনত তেখেতে এই পদবীৰপৰা অৱসৰ গ্ৰহণ কৰে। যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্ম্মৰত অৱস্থাতে তেখেতে ১৯৭৬ চনত যোৰহাট ফাইন আৰ্ট ছ'চাইটি আৰু ১৯৭৭ চনত যোৰহাট ফাইন আৰ্ট স্কুলৰ জন্ম দিয়ে আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে। তেখেত ১৯৮৭ ৰ পৰা ১৯৮৯ চনলৈ যোৰহাট কলা পৰিষদৰো প্ৰতিষ্ঠাপক সভাপতি আছিল। ১৯৬৩ চনৰপৰা ১৯৮৮ চনলৈ আৰু ১৯৮৭-৮৮ চনত ক্ৰমে যোৰহাট বাল্য ভৱন বিদ্যালয় আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰো ছবিৰ শিক্ষক ৰূপে নিযুক্ত আছিল।[1]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "কেটেলগ, একক প্ৰদৰ্শনী". মাধৱ বৈশ্য.