মানৱ দুগ্ধ বেংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
পাম্প কৰা মাতৃদুগ্ধৰ বটল। গাখীৰখিনি মোনালৈ স্থানান্তৰ কৰিব লাগিব আৰু দানৰ বাবে হিমায়িত কৰিব লাগিব।
দানৰ বাবে সাজু পাম্প কৰা মাতৃদুগ্ধৰ হিমায়িত মোনা

মানৱ দুগ্ধ বেংক বা মাতৃদুগ্ধ বেংক (ইংৰাজী: Human milk bank) প্ৰাপক শিশুৰ সৈতে জৈৱিকভাৱে সম্পৰ্কিত নোহোৱা দুগ্ধৱতী মাতৃসকলে দান কৰা মানৱ দুগ্ধ সংগ্ৰহ, সংৰক্ষণ, সংসাধন আৰু বিতৰণ কৰা একপ্ৰকাৰৰ সেৱা। নৱজাতক শিশুৰ বাবে সৰ্বোত্তম পুষ্টিৰ উৎস হৈছে মাতৃদুগ্ধ। সেয়ে পৰাপক্ষত শিশুৰ জন্মৰ প্ৰথম বছৰত স্তন্যপান কৰা অত্যন্ত প্ৰয়োজনীয়।[1] মানৱ দুগ্ধ বেংকে যিসকল মাতৃয়ে নিজৰ সন্তানক নিজৰ দুগ্ধ যোগান ধৰিব নোৱাৰে তেনে সন্তানক মানৱ দুগ্ধৰ যোগান ধৰে। কিছু ৰুগীয়া মাতৃৰ পৰা শিশুলৈ মাতৃৰ পৰা ৰোগৰ সংক্ৰমণ হোৱাৰ আশংকা থকাৰ সময়তো তেনে শিশুক মানৱ দুগ্ধ বেংকে মাতৃদুগ্ধ যোগান ধৰে।[2]

জন্মৰ সময়ত অতি কম ওজনৰ শিশু আৰু ইয়াৰ ফলত হোৱা স্বাস্থ্যজনিত সমস্যা সমূহতো বেংকৰ পৰা মাতৃদুগ্ধ ব্যৱহাৰ কৰা হয়। মাতৃ দুগ্ধৰ পৰা বঞ্চিত নৱজাতকক প্ৰয়োজনীয় দুগ্ধ যোগানৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হয়। এই ব্যৱস্থাই দেশত নৱজাতক শিশুৰ মৃত্যু হাৰ কমোৱাত সহায়ক হিচাপে পৰিগণিত হৈছে।[3]

মানৱ দুগ্ধ বেংকবোৰে ২০০৭ চনৰ তুলনাত ২০১২ চনত সংগ্ৰহ কৰা গাখীৰৰ পৰিমাণ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও প্ৰতিজন দাতাৰ দ্বাৰা দান কৰা গাখীৰৰ পৰিমাণও বৃদ্ধি পাইছে।[4] মাতৃ দুগ্ধ বেংক সেৱাই মাতৃসকলক নৱজাতক পুষ্টিৰ উৎসৰ বিকল্প প্ৰদান কৰে আৰু মাতৃক তেওঁলোকৰ নৱজাতকক স্বাস্থ্যকৰ বিকাশৰ বাবে প্ৰয়োজনীয় পুষ্টি যোগান ধৰে।[5] ২০০৫ চনত আন্তৰ্জাতিক এইচএমবানা কংগ্ৰেছত আন্তৰ্জাতিক গাখীৰ বেংকিং উদ্যোগ স্থাপন কৰা হৈছিল। এই দুগ্ধ বেংক কাৰ্যসূচীৰ সৈতে ৩৩খন দেশ অন্তৰ্ভুক্ত আছে।[6] বিশ্ব স্বাস্থ্য সংস্থাৰ মতে জৈৱিক মাতৃৰ স্তন্যপান কৰিব নোৱাৰা শিশুৰ বাবে প্ৰথম বিকল্প হৈছে আন উৎসতকৈ মানৱ দুগ্ধৰ ব্যৱহাৰ।[7]

মানৱ দুগ্ধ বেংকৰ প্ৰাথমিক আৰু এতিয়ালৈকে মুখ্য সৰ্ববৃহৎ উপভোক্তা হৈছে পূৰ্বম্যাদী শিশু। পাচনতন্ত্ৰৰ বিকাৰ বা বিপাকীয় বিকাৰ থকা শিশুসকলেও এই প্ৰকাৰৰ গাখীৰ গ্ৰহণ কৰিব পাৰে। মানুহৰ মাতৃদুগ্ধই অন্য উৎসৰ পৰিৱৰ্তে বিকল্প হিচাপে কাম কৰে। যেতিয়া মাতৃয়ে নিজৰ গাখীৰ প্ৰদান কৰিব নোৱাৰে তেতিয়া বেংকৰ সহায় লোৱা হয়। মাতৃদুগ্ধ চিকিৎসা স্থিতি থকা অলপ ডাঙৰ শিশুকো খুৱাব পাৰি। যেনে কৰ্কট ৰোগৰ কিম'থেৰাপী আৰু বিকাশ বিফলতাত ভোগা শিশুক মাতৃদুগ্ধ যোগান ধৰিব পাৰি।

২০২০ চনৰ ডিচেম্বৰ মাহত গুৱাহাটী ৰটাৰী ক্লাৱৰ উদ্যোগত গুৱাহাটীৰ ছাত্ৰীবাৰী খ্ৰীষ্টান হাস্পতালত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম মানৱ দুগ্ধ বেংক স্থাপন কৰা হয়।

দাতাৰ অৰ্হতা[সম্পাদনা কৰক]

এগৰাকী মানৱদুগ্ধ দাতাৰ বাবে নিম্নলিখিত চৰ্ত বা অৰ্হতাৰ প্ৰয়োজন:

  • দাতা গৰাকী স্বাস্থ্যৱান হ'ব লাগিব
  • তেওঁ দুগ্ধপান কৰাই থকা অৱস্থাত হ'ব লাগিব
  • বুকুৰ এক্স-ৰে বা টাইন পৰীক্ষা কৰিব লাগিব
  • ভিডিআৰএল নেগেটিভ হ'ব লাগিব
  • হেপাটাইটিছ থাকিব নালাগিব
  • এইচ.আই.ভি. নেগেটিভ হ'ব লাগিব

তদুপৰি দেশ আৰু অঞ্চলৰ ভেদে অধিক প্ৰয়োজনীয়তা প্ৰযোজ্য হ'ব পাৰে।

উদ্বেগসমূহ[সম্পাদনা কৰক]

মানৱ দুগ্ধ বেংকৰ লগত জড়িত থকা কিছুমান উল্লেখযোগ্য উদ্বেগ হৈছে:

  • ব্যয়
  • উপলব্ধতা
  • স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ আগ্ৰহৰ অভাৱ
  • দান কৰিব পৰা মহিলাৰ প্ৰকাৰৰ বিষয়ে উদ্বেগ ইত্যাদি[8]

উপভোক্তা[সম্পাদনা কৰক]

মানৱ দুগ্ধ দান কৰাৰ পিছত ইয়াৰ প্ৰাথমিক উপভোক্তা হৈছে সময়ৰ পূৰ্বে জন্ম লাভ কৰা পূৰ্ণ বিকশিত নোহোৱা অপৰিপক্ব শিশু। অন্যান্য উপভোক্তাসকলৰ ভিতৰত চিকিৎসা জটিলতা বা স্থিতিৰ জন্মলাভ কৰা প্ৰাপ্তবয়স্ক। পূৰ্বম্যাদী শিশোৱে দাতাৰ গাখীৰ খোৱাৰ মুখ্য কাৰণ হৈছে যে মাকে কেঁচুৱাটোৰ বাবে গাখীৰ প্ৰদান কৰিব নোৱাৰে।[9] সেয়েহে দাতা গাখীৰে বিকল্প হিচাপে কাম কৰে। মানৱ দুগ্ধ বেংকে পৰিয়ালবোৰক তেওঁলোকৰ সন্তানক আন মাতৃৰ পৰা নিৰ্ভৰযোগ্য আৰু স্বাস্থ্যকৰ গাখীৰ প্ৰদান কৰাৰ সুযোগ প্ৰদান কৰে।[10]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Bertino, Enrico; Giuliani, Francesca; Occhi, Luciana; Coscia, Alessandra; Tonetto, Paola; Marchino, Federica; Fabris, Claudio (October 2009). "Benefits of donor human milk for preterm infants: Current evidence". Early Human Development খণ্ড 85 (10): S9–S10. doi:10.1016/j.earlhumdev.2009.08.010. PMID 19800748. 
  2. When Not to Breastfeed: Safety Issues for You and Baby
  3. "WHO | Feeding of low-birth-weight infants in low- and middle-income countries". https://www.who.int/elena/titles/full_recommendations/feeding_lbw/en/. 
  4. De Nisi, Giuseppe; Moro, Guido E.; Arslanoglu, Sertac; Ambruzzi, Amalia M.; Biasini, Augusto; Profeti, Claudio; Tonetto, Paola; Bertino, Enrico (2015-05-01). "Survey of Italian Human Milk Banks" (en ভাষাত). Journal of Human Lactation খণ্ড 31 (2): 294–300. doi:10.1177/0890334415573502. ISSN 0890-3344. PMID 25722356. 
  5. "Mothers Milk Bank Charity | Australia | Breast Milk" (en ভাষাত). https://www.mothersmilkbank.com.au/about-mmb. 
  6. "IMBI". http://www.internationalmilkbanking.org/. 
  7. Carr, Tim. "Milk Banks | Amazing Breast Milk" (en-US ভাষাত). http://www.amazingbreastmilk.nhs.uk/support/milk-banks/. 
  8. Jones F (2003). "History of North American Donor Milk Banking: One Hundred Years of Progress". Journal of Human Lactation খণ্ড 19 (3): 313–318. doi:10.1177/0890334403255857. PMID 12931784. 
  9. Heiman, H., Schanler, R.J. (2006). Benefits of maternal and donor human milk for premature infants. Early human development 82, 781-787. Retrieved from http://ac.els-cdn.com/S0378378206002325/1-s2.0-S0378378206002325-main.pdf?_tid=7a9a5b2a-e4c2-11e4-8dcd-00000aacb35d&acdnat=1429248646_57f08db067cf2a164ce0db1708cf6aa3
  10. Simmer K., Hartmann B. (2009). "The knowns and unknowns of human milk banking". Early Human Development খণ্ড 85: 701–704. doi:10.1016/j.earlhumdev.2009.08.054. http://ac.els-cdn.com/S0378378209001820/1-s2.0-S0378378209001820-main.pdf?_tid=9050387e-e4b1-11e4-bf4e-00000aab0f01&acdnat=1429241381_df6123b4c07fb3c15df186a8b331a3ba.