সমললৈ যাওক

মালীবৰ সাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মালীবৰ সাপ (Lycodon aulicus)
Indian wolf snake from Central India
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
উপপৰ্ব: Vertebrata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Colubridae
উপপৰিয়াল: Colubrinae
গণ: Lycodon
প্ৰজাতি: L. aulicus
বৈজ্ঞানিক নাম
Lycodon aulicus
(Linnaeus, 1758)
সমাৰ্থক

Coluber aulicus Linnaeus, 1758
Lycodon aulicus - F. Boie, 1827[1]

মালীবৰ সাপ (ইংৰাজী: Indian wolf snake, বৈজ্ঞানিক নাম-Lycodon aulicus) দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ অবিষধৰ (nonvenomous) সাপৰ প্ৰজাতি৷[2]

মালীবৰ সাপৰ দেহৰ দৈৰ্ঘ্য ৫১ ছে:মি: আৰু নেজ ১১ ছে:মি: পৰ্যন্ত দীঘল হয়৷[3] ঠাইবিশেষে এই সাপবিধৰ দেহৰ বৰণ বেলেগ বেলেগ হোৱা দেখা যায়৷ সাধাৰণতে ই মিহি মটিয়া বা মুগা বৰণীয়া হয়৷

A south Indian specimen
Another south Indian specimen (melanistic) from Sholayar reserve forests, Kerala.

মালীবৰ সাপ পাকিস্তান, শ্ৰীলংকা, ভাৰত, নেপাল, ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদি দেশত বিস্তৃত হৈ আছে৷ ভাৰতবৰ্ষত ইয়াক সাধাৰণতে হিমালয়ৰ পাদদেশত আৰু অসম, মহাৰাষ্ট্ৰ আদি ৰাজ্যত দেখা পোৱা যায়৷

মালীবৰ সাপ স্বভাৱত নিশাচৰ হয় আৰু দিনৰ ভাগত ই নিষ্ক্ৰিয় হৈ থাকে৷

এই সাপবিধে ঘাইকৈ জেঠীজাতীয় প্ৰাণী আৰু ভেকুলী আদি খাই জীয়াই থাকে৷

মাইকী মালীবৰ সাপ মতা সাপতকৈ সাধাৰণতে ডাঙৰ আকাৰৰ হয়৷ ইহঁতে বাৰিষাৰ আগে আগে প্ৰজনন কৰে আৰু এবাৰত ৪-১১ টাকৈ কণী পাৰে৷ ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত কণী ফুঁটি পোৱালি জগে৷ [4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Boulenger, G.A. 1893. Catalogue of the Snakes in the British Museum (Natural History), Volume I. London.
  2. Abercromby, A F. The Snakes of Ceylon. পৃষ্ঠা. 52–53. ISBN 1-110-73774-2. "Another striking example of protective imitation is the way in which the little Lycodon Aulicus (sic) imitates the deadly Bungarus ...[T]o make the deception complete, the Lycodon has enlarged front teeth in imitation of the fangs of the Bungarus ..." 
  3. Boulenger, G.A. 1893. Catalogue of the Snakes in the British Museum (Natural History), Volume I. London.
  4. Das, I. 2002. A Photographic Guide to Snakes and Other Reptiles of India Ralph Curtis Books. Sanibel Islands, Florida., p. 36. ISBN 0-88359-056-5
  • Boulenger, George A. 1890 The Fauna of British India, Including Ceylon and Burma. Reptilia and Batrachia. Taylor & Francis, London, xviii, 541 pp.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]