মালীবৰ সাপ
| মালীবৰ সাপ বা মাৰলি সাপ (Lycodon aulicus) | |
|---|---|
| মধ্য ভাৰতৰ এটি মাৰলি সাপ | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| উপপৰ্ব: | Vertebrata |
| শ্ৰেণী: | Reptilia |
| বৰ্গ: | Squamata |
| উপবৰ্গ: | Serpentes |
| পৰিয়াল: | Colubridae |
| উপপৰিয়াল: | Colubrinae |
| গণ: | Lycodon |
| প্ৰজাতি: | L. aulicus |
| বৈজ্ঞানিক নাম | |
| Lycodon aulicus (Linnaeus, 1758) | |
| সমাৰ্থক | |
|
Coluber aulicus Linnaeus, 1758 | |
মালীবৰ সাপ বা মাৰলি সাপ[2] (ইংৰাজী: Indian wolf snake, বৈজ্ঞানিক নাম-Lycodon aulicus) দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ অবিষধৰ (nonvenomous) সাপৰ প্ৰজাতি।[3]
বিৱৰণ
[সম্পাদনা কৰক]মালীবৰ সাপৰ দেহৰ দৈৰ্ঘ্য ৫১ ছে:মি: আৰু নেজ ১১ ছে:মি: পৰ্যন্ত দীঘল হয়।[4] ঠাইবিশেষে এই সাপবিধৰ দেহৰ বৰণ বেলেগ বেলেগ হোৱা দেখা যায়। সাধাৰণতে ই মিহি মটিয়া বা মুগা বৰণীয়া হয়।


বিতৰণ
[সম্পাদনা কৰক]মালীবৰ সাপ পাকিস্তান, শ্ৰীলংকা, ভাৰত, নেপাল, ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদি দেশত বিস্তৃত হৈ আছে। ভাৰতবৰ্ষত ইয়াক সাধাৰণতে হিমালয়ৰ পাদদেশত আৰু অসম, মহাৰাষ্ট্ৰ আদি ৰাজ্যত দেখা পোৱা যায়।
আচৰণ
[সম্পাদনা কৰক]মালীবৰ সাপ স্বভাৱত নিশাচৰ হয় আৰু দিনৰ ভাগত ই নিষ্ক্ৰিয় হৈ থাকে। ই ধৰিলে বৰকৈ খোঁটে তীব্ৰ আৰু ভয় খুৱাবলৈ গাটো চেপেটা কৰি আকস্মিকভাৱে জপিয়াই দিয়ে৷[2]
খাদ্য
[সম্পাদনা কৰক]এই সাপবিধে ঘাইকৈ জেঠীজাতীয় প্ৰাণী আৰু ভেকুলী আদি খাই জীয়াই থাকে।
প্ৰজনন
[সম্পাদনা কৰক]মাইকী মালীবৰ সাপ মতা সাপতকৈ সাধাৰণতে ডাঙৰ আকাৰৰ হয়। ইহঁতে বাৰিষাৰ আগে আগে প্ৰজনন কৰে আৰু এবাৰত ৪-১১ টাকৈ কণী পাৰে। ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত কণী ফুঁটি পোৱালি জগে। [5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Boulenger, G.A. 1893. Catalogue of the Snakes in the British Museum (Natural History), Volume I. London.
- ↑ 2.0 2.1 আহমেদ, মহম্মদ ফিৰোজ; দাস, অভিজিৎ; দত্ত, সুশীল কুমাৰ (২০০৮). উত্তৰ-পূব ভাৰতৰ উভচৰ আৰু সৰীসৃপ সচিত্ৰ ক্ষেত্ৰ নিৰ্দেশিকা. আৰণ্যক. পৃষ্ঠা. ৭০. ISBN 978-81-903669-3-9.
- ↑ Abercromby, A F. The Snakes of Ceylon. পৃষ্ঠা. 52–53. ISBN 1-110-73774-2. "Another striking example of protective imitation is the way in which the little Lycodon Aulicus (sic) imitates the deadly Bungarus ...[T]o make the deception complete, the Lycodon has enlarged front teeth in imitation of the fangs of the Bungarus ..."
- ↑ Boulenger, G.A. 1893. Catalogue of the Snakes in the British Museum (Natural History), Volume I. London.
- ↑ Das, I. 2002. A Photographic Guide to Snakes and Other Reptiles of India Ralph Curtis Books. Sanibel Islands, Florida., p. 36. ISBN 0-88359-056-5
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Lycodon aulicus সম্পৰ্কীয় মিডিয়া ফাইল আছে। |