মিগুৱেল এঞ্জেল অস্তুৰিয়াছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিগুৱেল এঞ্জেল অস্তুিৰয়াছ
জন্ম মিগুৱেল এঞ্জেল অস্তুিৰয়াছ ৰোজালেছ
১৯ অক্টোবৰ, ১৮৯৯
গুয়াটেমালা চহৰ, গুৱেটামালা
মৃত্যু ৯ জুন, ১৯৭৪ (বয়সঃ ৭৪)
মাদ্ৰিদ, স্পেইন
পেচা Novelist
ধৰণ মেজিক ৰিয়েলিজিম, ডিকটেটৰ নভেল
উল্লেখনীয় কৰ্মৰাজি এল ছেনিয়ৰ প্ৰেচিডেণ্ট, মেন অফ মেইজ
উল্লেখযোগ্য বঁটা লেনিন শান্তি বঁটা
সাহিত্যত নবেল বঁটা ১৯৬৭

মিগুৱেল এঞ্জেল অস্তুিৰয়াছ (স্পেনিছ উচ্চাৰণ: [mi(ˈ)ɣel ˈaŋxel asˈtuɾjas]; ১৯ অক্টোবৰ, ১৮৯৯ – ৯ জুন, ১৯৭৪) আছিল এজন গুয়াটেমালাৰ স্পেনিশ্ব্ কবি-কূটনীতিবিদ,ঔপন্যাসিক, নাট্যকাৰ আৰু সাংবাদিক। ১৯৬৭ চনত তেখেতে সাহিত্যৰ নোবেল বঁটা লাভ কৰে। তেওঁৰ সাহিত্যৰাজিয়ে থলুৱা সংস্কৃতিৰ গুৰুত্বৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাত সহায় কৰিছিল, বিশেষকৈ তেওঁৰ জন্মভূমি গুয়াটেমালাৰ সংস্কৃতিৰ গুৰুত্বৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাত সহায় কৰিছিল। সাহিত্যত নবেল বঁটা লাভ কৰা অস্তুৰিয়াছ প্ৰথমগৰাকী আমেৰিকান লেখক।

মায়া আৰু স্পেনি মিশ্ৰিত বংশৰ সন্তান অস্তৰিয়াছৰ জন্ম হয় গুৱাটেমালা চহৰত। সেই সময়ত দেশৰ শাসনকৰ্তা এষ্ট্ৰাড়া কাৱেৰাৰ একনায়কত্ববাদী শাসনৰ সময়ত চলা অত্যাচাৰত অতিষ্ঠ হৈ তেওঁলোকৰ পৰিয়ালটি গাঁৱলৈ উঠি যায়। তাতেই তেওঁ স্থানীয় সাংস্কৃতিক পৰম্পৰাৰ সংস্পৰ্শলৈ আহে। আইন বিষয়ত অধ্যয়ন কৰাৰ অন্তত ১৯২৩ চনত তেওঁ পেৰিছলৈ যায় আৰু তাতে বসতি কৰিবলৈ লয়। ছৰবনত নৃতত্ত্ববিজ্ঞান অধ্যয়ন কৰি থাকোঁতে তেওঁ প্ৰাচীন মায়া সভ্যতা-সংস্কৃতিৰ বিষয়ে জ্ঞান আহৰণ কৰে। তেওঁ মায়াসকলৰ পৰিত্ৰ গ্ৰন্থ 'Popol Vuh' অনুবাদ কৰে আৰু পল ভালেৰিৰ আগকথাৰে সৈতে 'Legends de Guatemala' (১৯৩০, Legends of Guatemala ) প্ৰকাশ কৰে। মায়াসকলৰ সভ্যতা আৰু জীৱনচৰ্যাৰ বিষয়ে লিখা এই কিতাপখনে তেওঁক বিখ্যাত কৰি তোলে। পেৰিছত থাকোঁতে ফৰাছী কবি আৰু তাত্ত্বিক আদেঁ ব্ৰেতোৰ প্ৰভাৱত অস্তুৰিয়াছ অধিবাস্তৱবাদী হৈ পৰে। ঘৰলৈ উভতি আহি অস্তুৰিয়াছে El diario del aire নামৰ অনাতাঁৰ আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিবলৈ লয়। তেওঁৰ প্ৰথম উল্লেখযোগ্য কাব্যগ্ৰন্থ 'Sonetos' ( Sonnets) ১৯৩৬ চনত প্ৰকাশ হয়। ১৯৪৬ চনত তেওঁ কূটনৈতিক সেৱাত যোগ দি মধ্য আৰু দক্ষিণ আমেৰিকাৰ নানা দেশত কাৰ্য্যনিৰ্বাহ কৰে। লগতে লিখা- মেলাও অব্যাহত ৰাখে। তেওঁৰ শ্ৰেষ্ঠ সৃষ্টি হ'ল একনায়কত্ববাদী শাসক এষ্ট্ৰাডা কাব্ৰেৰাৰ জীৱনভিত্তিক উপন্যাস 'El senor presidente' (১৯৪৬, The President)। এইখন উপন্যাস আৰু পৰৱৰ্তী উপন্যাস 'Hombres de maiz' (১৯৪৯, Men of Maize)-অত যাদুকৰী বাস্তৱতাবাদৰ উপাদান আছে বুলি কোৱা হয়। মায়া পুৰাকথা বৰ্ণনাৰ আৰ্হিত নিজৰ জীৱনৰ লগতে দেশৰো বুৰঞ্জী কৈ যোৱা এই উপন্যাসখনক বহুতে অস্তুৰিয়াছৰ শ্ৰেষ্ঠ সাহিত্যকৰ্ম বুলি ক'ব খোজে।[1] পেৰিছত থকাৰ সময়ত অস্তুিৰয়াছে অতিবাস্তৱবাদী আন্দোলনৰ সৈতেও জড়িত হৈ পৰিছিল আৰু লেটিন আমেৰিকাৰ সাহিত্যত আধুনিকতাবাদী শৈলী প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত তেওঁক কৃতিত্ব দিয়া হয়। তেওঁ আছিল ১৯৬০ আৰু ১৯৭০ চনৰ লেটিন আমেৰিকাৰ উত্থানৰ এজন গুৰুত্বপূৰ্ণ পূৰ্বসূৰী।

অস্তুিৰয়াছৰ অন্যতম বিখ্যাত উপন্যাস 'El senor presidente' গ্ৰন্থত এজন নিৰ্দয় একনায়কত্ববাদী ব্যক্তিৰ জীৱনৰ বৰ্ণনা কৰিছে। উপন্যাসখনে বাস্তৱবাদ আৰু কল্পনাৰ মিশ্ৰণত পিছৰ লেটিন আমেৰিকাৰ ঔপন্যাসিকসকলক প্ৰভাৱিত কৰিছিল।[2] অস্তুিৰয়াছে একনায়কত্ববাদী শাসনৰ প্ৰতি ৰাজহুৱা বিৰোধিতা কৰা বাবেই তেওঁৰ পিছৰ জীৱনৰ বহু সময় দক্ষিণ আমেৰিকা আৰু ইউৰোপ উভয়তে নিৰ্বাসনত কটাবলগীয়া হৈছিল।

দশক দশক ধৰি নিৰ্বাসন আৰু প্ৰান্তীয়কৰণৰ পিছত অৱশেষত ১৯৬০ চনত অস্তুিৰয়াই জনসাধাৰণৰ ব্যাপক স্বীকৃতি লাভ কৰে। ১৯৬৬ চনত তেওঁ ছোভিয়েট ইউনিয়নৰ লেনিন শান্তি বঁটা লাভ কৰে। পিছৰ বছৰত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে আৰু এই সন্মান লাভ কৰা দ্বিতীয়জন লেটিন আমেৰিকাৰ লেখিকা হিচাপে পৰিগণিত হয় (১৯৪৫ চনত গেব্ৰিলা মিষ্ট্ৰলে এই সন্মান লাভ কৰিছিল)। অস্তুিৰয়াছে জীৱনৰ শেষৰ বছৰবোৰ মাদ্ৰিদ চহৰত কটায়, তাতেই ৭৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। তেওঁক পেৰিছৰ পেৰে লাচাইজ কবৰস্থানত সমাধিস্থ কৰা হৈছে।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

অস্তুিৰয়াছে বহুকেইটা সন্মান আৰু সাহিত্যিক বঁটা লাভ কৰিছে। ইয়াৰ ভিতৰত অন্যতম উল্লেখযোগ্য বঁটা আছিল সাহিত্যৰ নোবেল বঁটা, এই বঁটাটো তেওঁ ১৯৬৭ চনত 'Hombres de maiz' গ্ৰন্থৰ বাবে লাভ কৰে।[3] ১৯৬৬ চনত অস্তুিৰয়াছক ছোভিয়েট ইউনিয়নৰ লেনিন শান্তি বঁটাৰে সন্মানিত কৰা হয়। তেওঁ এই স্বীকৃতি লাভ কৰে 'La trilogía bananera' (The Banana Trilogy)শীৰ্ষক গ্ৰন্থৰ বাবে। অস্তুিৰয়াছে লাভ কৰা অন্যান্য পুৰস্কাৰসমূহ হ’ল: এল প্ৰিমিঅ’ গালভেজ (১৯২৩); চাভেজ বঁটা (১৯২৩); আৰু প্ৰিস্ক চিলা মনচেগুৰ (১৯৩১), লেয়েণ্ডাছ ডি গুৱেটামালাৰ বাবে; লগতে এল চেনৰ প্ৰেচিডেণ্টৰ বাবে প্ৰিস্ক ডু মেইলাৰ লিভ্ৰে এট্ৰেঞ্জাৰ বঁটা(১৯৫২) আদি।[4]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Royano Gutiérrez, 1993
  2. Oxford illustrated encyclopedia. Judge, Harry George., Toyne, Anthony.. প্ৰকাশক Oxford [England]: Oxford University Press. 1985–1993. পৃষ্ঠা. 25. ISBN 0-19-869129-7. OCLC 11814265. https://www.worldcat.org/oclc/11814265. 
  3. Callan, Richard (1970). Miguel Angel Asturias. New York: Twayne. OCLC 122016
  4. Leal, Luis (1968). "Myth and Social Realism in Miguel Angel Asturias". Comparative Literature Studies. 5 (3): 237–247. Archived from the original on 7 August 2008. Retrieved 28 March 2008.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]