মিচেল য়হ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিচেল য়হ

২০১৭ চনত য়হ
স্থানীয় নাম 楊紫瓊
জন্ম য়হ চু কেং[1]
৬ আগষ্ট, ১৯৬২ (৬০ বছৰ)
ইপ', পেৰেক, ফেডাৰেচন অৱ মালয় (now মালয়েছিয়া)
ৰাষ্ট্ৰীয়তা মালয়েচিয়ান
অন্য নাম মিচেল খান
শিক্ষানুষ্ঠান ৰয়েল একাডেমি অৱ ডান্স (বিএ/স্নাতক)
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮৩ৰ পৰা বৰ্তমানলৈকে
পদবী মিচ ৱৰ্ল্ড মালয়েছিয়া (১৯৮৩)
দাম্পত্যসঙ্গী ডিকচন পুন (বি. ১৯৮৮; বিবি. ১৯৯২)
অংশীদাৰ জিন টড (২০০৪ৰ পৰা বৰ্তমানলৈ)
বঁটা, সন্মান, পুৰস্কাৰ আদি Full list


মিচেল য়হ চু কেং(/ˈj/ yoh; জন্মনাম: য়হ চু কেং; ৬ আগষ্ট, ১৯৬২)[1][2] এগৰাকী মালয়েচিয়ান অভিনেত্ৰী। তেওঁৰ প্ৰাৰম্ভিক চলচ্চিত্ৰসমূহত তেওঁ মিচেল খান নামেৰে অভিনয় কৰিছিল, হংকঙৰ একচন চলচ্চিত্ৰৰ এটি শৃংখলাত অভিনয় কৰাৰ পিছত ১৯৯০ ৰ দশকত ইয়েছ, মেডাম (১৯৮৫), পুলিচ ষ্ট’ৰি থ্ৰী: চুপাৰকপ (১৯৯২) আৰু হলি ৱেপন (১৯৯৩) আদি চলচ্চিত্ৰৰ জৰিয়তে মিচেলে খ্যাতি লাভ কৰিছিল য’ত তেওঁ নিজৰ ষ্টাণ্ট প্ৰদৰ্শন কৰিছিল। তেওঁ জেমছ বণ্ডৰ ছবি টুমৰু নেভাৰ ডাইজ (১৯৯৭) আৰু এং লীৰ মাৰ্চিয়েল আৰ্ট ছবি ক্ৰাউচিং টাইগাৰ, হিডেন ড্ৰেগন (২০০০)ত কৰা অভিনয়ৰ বাবে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰে। পিছৰ চৰিত্ৰটোৰ বাবে মিচেলে বাফটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন অৰ্জন কৰিছিল।

য়হৰ অন্যান্য কামসমূহৰ ভিতৰত আছে মেম’ৰছ অফ এ গেইছা (২০০৫), ৰেইন অৱ এচেছিনছ (২০১০), কুং ফু পাণ্ডা টু (২০১১), ক্ৰাউচিং টাইগাৰ, হিডেন ড্ৰেগন: ছৰ্ড অৱ ডেষ্টিনি (২০১৬), আৰু দ্য লেডী (২০১১), য’ত তেওঁ আং চান চ্যু কিৰ চৰিত্ৰটি ৰূপায়ণ কৰিছিল। মিচেলে ৰোমাণ্টিক কমেডী ক্ৰেজি ৰিচ এছিয়ানছ (২০১৮) আৰু লাষ্ট খ্ৰীষ্টমাছ (২০১৯), আৰু মাৰ্ভেল চিনেমাটিক ইউনিভাৰ্ছৰ ছবি শ্বাং-চি এণ্ড দ্য লেজেণ্ড অফ দ্য টেন ৰিংছ (২০২১)ত সহ অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। দূৰদৰ্শনত, ২০১৭ চনৰ পৰা ২০২০ চনলৈ বিজ্ঞান কল্পকাহিনী শৃংখলা ষ্টাৰ ট্ৰেক: ডিস্কভাৰীত য়হই এটি পিৰিয়দিক চৰিত্ৰ কৰিছিল, আৰু কল্পনামূলক মিনিচিৰিজ দ্য উইচাৰ: ব্লাড অৰিজিন (২০২২)তো তেওঁক দেখা গৈছিল। লগতে ২০২২ চনত, তেওঁ কল্পবিজ্ঞান চলচ্চিত্ৰ এভৰিথিং এভ্ৰিহোৱেৰ অল এট ৱানছত কৰা অভিনয়ৰ বাবে গ’ল্ডেন গ্লৱ বঁটা লাভ কৰা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ একাডেমী বঁটাৰ মনোনয়ন লাভ কৰা প্ৰথম এছিয়ান অভিনেত্ৰী হিচাপে সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈছে।[3][4]

চলচ্চিত্ৰ পৰ্যালোচনা একত্ৰীকৰণ ৱেবছাইট ‘ৰটেন টমেট'ছে’ তেওঁক ২০০৮ চনত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ একচন নায়িকা হিচাপে স্থান দিছিল।[5] ১৯৯৭ চনত তেওঁক ‘পিপ’ল’ (People) আলোচনীয়ে ‘ফিফটি মষ্ট বিউটিফুল পিপ’ল অৱ দ্য ৱৰ্ল্ড’ ৰ এগৰাকী হিচাপে বাছনি কৰে, আৰু ২০০৯ চনত একেখন আলোচনীয়ে তেওঁক ‘থাৰ্টি ফাইভ অল টাইম স্ক্ৰীণ বিউটি’ তালিকাত স্থান দিয়ে।[6] ২০২২ চনত ‘টাইম’ আলোচনীয়ে তেওঁক ‘আইকন অফ দা ইয়েৰ’ সন্মান দিয়াৰ লগতে ইয়াৰ বাৰ্ষিক তালিকাত বিশ্বৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ এজন হিচাপে নামাকৰণ কৰে।[7][8]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 NBR Gala 2023 — NBR Best Actress Winner Michelle Yeoh (plus Awkwafina introduction). Youtube clip of the NBR Gala on January 8, 2023 at 4:00 mins
  2. Encyclopædia Britannica Almanac 2010, p. 75
  3. "Golden Globes 2023: Nominations List". Variety. December 12, 2022. https://variety.com/2022/awards/awards/golden-globes-nominations-list-nominees-2-1235455667/। আহৰণ কৰা হৈছে: December 12, 2022. 
  4. Ordoña, Michael; Phillips, Jevon (January 24, 2023). "Here are the 2023 Oscar nominees: live updates". Los Angeles Times. https://www.latimes.com/entertainment-arts/awards/story/2023-01-24/oscars-nominations-2023-full-list। আহৰণ কৰা হৈছে: January 24, 2023. 
  5. "Total Recall: The 25 Best Action Heroines of All Time". Rotten Tomatoes. https://www.rottentomatoes.com/m/wanted/news/1737200/13/total_recall_the_25_best_action_heroines_of_all_time। আহৰণ কৰা হৈছে: 13 November 2011. 
  6. "35 All-Time Screen Beauties". People. 28 September 2009. https://people.com/celebrity/35-all-time-screen-beauties/?slide=2093195#2093195। আহৰণ কৰা হৈছে: 25 January 2021. 
  7. "The 100 Most Influential People of 2022". Time. https://time.com/collection/100-most-influential-people-2022/। আহৰণ কৰা হৈছে: 17 December 2022. 
  8. "Time names Michelle Yeoh its 2022 Icon of the Year. She's ready for Oscars love too". Los Angeles Times. https://www.latimes.com/entertainment-arts/movies/story/2022-12-06/michelle-yeoh-is-ready-for-oscars-love-after-representation-battle-in-hollywood। আহৰণ কৰা হৈছে: 17 December 2022.