সমললৈ যাওক

মিছিছিপি নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিছিছিপি নদী (Mississippi River)
Mississippi River near Fire Point in Effigy Mounds National Monument, Iowa
Name origin: Ojibwe word misi-ziibi, meaning "Great River", or gichi-ziibi, meaning "Big River"
দেশ United States
প্ৰদেশসমূহ Minnesota, Wisconsin, Iowa, Illinois, Missouri, Kentucky, Tennessee, Arkansas, Mississippi, Louisiana
উপনৈ
 - বাঁওদিশত St. Croix River, Wisconsin River, Rock River, Illinois River, Kaskaskia River, Ohio River
 - সোঁদিশত Minnesota River, Des Moines River, Missouri River, White River, Arkansas River, Red River
চহৰসমূহ Minneapolis, Saint Paul, Minnesota, La Crosse, Wisconsin, Quad Cities, IA/IL, St. Louis, MO, Memphis, Tennessee, Baton Rouge, LA, New Orleans LA
উৎস Lake Itasca[1]
 - অৱস্থান Itasca State Park, Clearwater County, MN
 - উচ্চতা ১,৪৭৫ ফুট (৪৫০ মি)
 - স্থানাঙ্ক 47°14′23″N 95°12′27″W / 47.23972°N 95.2075°W / 47.23972; -95.2075
মোহনা Gulf of Mexico
 - অৱস্থান Pilottown, Plaquemines Parish, LA
 - উচ্চতা ০ ফুট (০ মি)
 - স্থানাঙ্ক 29°09′04″N 89°15′12″W / 29.15111°N 89.25333°W / 29.15111; -89.25333
দৈৰ্ঘ্য ২,৩২০ মাইল (৩,৭৩৪ কিমি)
অৱবাহিকা ১১,৫১,০০০ বৰ্গমাইল (২৯,৮১,০৭৬ বৰ্গকিমি)
প্ৰবাহ for mouth; max and min at Baton Rouge, LA
 - গড় ৫,৯৩,০০০ ঘনফুট/ছেকেণ্ড (১৬,৭৯২ ঘনমিটাৰ/ছেকেণ্ড) [2]
 - সৰ্বোচ্চ ৩০,৬৫,০০০ ঘনফুট/ছেকেণ্ড (৮৬,৭৯১ ঘনমিটাৰ/ছেকেণ্ড)
 - সৰ্বনিম্ন ১,৫৯,০০০ ঘনফুট/ছেকেণ্ড (৪,৫০২ ঘনমিটাৰ/ছেকেণ্ড)
Detailed map of Mississippi River tributary structure

মিছিছিপি নদী উত্তৰ আমেৰিকা মহাদেশীয় অপবাহ প্ৰণালী (drainage system) ৰ প্ৰধান নদী৷[3][4] আমৰিকা যুক্তৰাষ্ট্ৰৰ ভিতৰতে মূলত: প্ৰবাহিত হোৱা এই নদী মিনোছ’টাৰ উত্তৰে উৎপত্তি হৈ দক্ষিণলৈ ২,৩২০ মাইল (৩,৭৩০ km)[4] জুৰি বৈ গৈ Gulf of Mexico ৰ মিছিছিপি নদীৰ ব-দ্বীপ (Mississippi River Delta) ত পৰিছেগৈ৷ ইয়াৰ বিভিন্ন উপনৈসমূহৰ সৈতে মিলি আমেৰিকাৰ ৩১ খন ষ্টেট আৰু কানাডাৰ দুখন প্ৰদেশ বিয়পি আছে৷ মিছিছিপি নদী বিশ্বৰ চতুৰ্থ সৰ্বোচ্চ দৈৰ্ঘ্যৰ আৰু দশম বৃহৎ নদী হিচাপে স্বীকৃত ৷

নেটিভ আমেৰিকানসকলে পূৰ্বৰে পৰা মিছিছিপি নদী আৰু ইয়াৰ উপনৈসমূহৰ পাৰত বসবাস কৰি আহিছে৷ ইয়াৰে অধিকাংশই চিকাৰ বা পশুপালন কৰি জীৱন-নিৰ্বাহ কৰিছিল ৷ ১৫০০ চনলৈ ইউৰোপিয়ানসকলৰ আগমণে স্থানীয় জীৱন নিৰ্বাহৰ গতি সলাবলৈ আৰম্ভ কৰে ৷ প্ৰথমে ভ্ৰমণকাৰী, তাৰপিছত স্থায়ী বসতি আৰম্ভ কৰা এইলোকসকলৰ সংখ্যা মিছিছিপিৰ আশে পাশে বৃদ্ধি পাবলৈ ধৰে ৷ স্পেইন আৰু ফ্ৰান্সৰ সীমা নিৰ্ধাৰণ কৰা মিছিছিপি নদী তেওঁলোকৰ বাবে প্ৰথমাৱস্থাত বাধাৰূপে থিয় দিছিল যদিও পিছলৈ এই নদীয়ে জলপৰিবহণৰ প্ৰধান মাধ্যম হৈ পৰে ৷

গুৰুত্ব

[সম্পাদনা কৰক]

নদীৰ গেদৰ ডাঠ প্ৰলেপেৰে গঠিত মিছিছিপিৰ উপত্যকা অঞ্চল অতিকে পলসুৱা ৷ আমেৰিকাৰ গৃহযুদ্ধৰ সময়ছোৱাত মিছিছিপিৰ মাজেৰে জলপৰিবহণ আৰু যোগাযোগে একত্ৰিত বাহিনী (Union forces) ৰ বিজয়ত এক বিশেষ ভূমিকা অৱলম্বন কৰিছিল ৷ শেহতীয়াকৈ এই উপত্যকাত মহানগৰ আৰু বন্দৰৰ দ্ৰুত বৃদ্ধিৰ ফলত বহুতো উদোগ তথা বান্ধৰো নিৰ্মাণ হৈছে৷

আধুনিক যুগত উদ্যোগীকৰণে মিছিছিপিৰ জলপ্ৰদূষণ আৰু প্ৰকৃতিৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে ৷ এক বৃহৎ পৰিমাণৰ কৃষিৰ বৰ্জিত পদাৰ্থ (agricultural runoff) এই নদীত প্ৰতিবছৰে পৰেহি৷ গাল্ফ অব মেস্কিকোৰ মৃত অঞ্চল (Gulf of Mexico dead zone) সৃষ্টি হোৱাৰ ইয়ে মূল কাৰণ বুলি ধাৰণা কৰা হয়৷ শেহতীয়াকৈ মিছিছিপি নদীৰ গতিপথৰ লাহে লাহে পৰিৱৰ্ত্তন হোৱাৰ তথ্য পোৱা গৈছে৷ ইয়াৰ ফলত নিউ অৰলেনছৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰাৰো আশংকা কৰা হৈছে ৷

আলোকচিত্ৰৰ ভঁৰাল

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ The United States Geological Survey recognizes two contrasting definitions of a river's source.USGS.gov By the stricter definition, the Mississippi would share its source with its longest tributary, the Missouri, at Brower's Spring in Montana. The other definition acknowledges "somewhat arbitrary decisions" and places the Mississippi's source at Lake Itasca, which is publicly accepted as the source,USGS.gov and which had been identified as such by Brower himself.MT.gov Archived 2012-01-18 at the Wayback Machine
  2. ↑ Kammerer, J.C. (May 1990). "Largest Rivers in the United States". U.S. Geological Survey. http://pubs.usgs.gov/of/1987/ofr87-242/। আহৰণ কৰা হৈছে: February 22, 2011.
  3. ↑ United States Geological Survey Hydrological Unit Code: 08-09-01-00- Lower Mississippi-New Orleans Watershed
  4. 1 2 "Lengths of the major rivers". United States Geological Survey. http://ga.water.usgs.gov/edu/riversofworld.html। আহৰণ কৰা হৈছে: March 14, 2009.

লগতে চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]