সমললৈ যাওক

মিজো খাদ্যাভ্যাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মিজো খাদ্য বা মিজো খাদ্যাভ্যাস হৈছে মিজো জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যাভ্যাস আৰু ৰন্ধনপ্ৰণালী। মিজোসকলে পৰম্পৰাগতভাৱে মূল আহাৰ হিচাপে ভাত খায়।

সামগ্ৰিক দৃষ্টিৰে

[সম্পাদনা কৰক]

মিজোৰামৰ খাদ্য উত্তৰ-পূব ভাৰত আৰু উত্তৰ ভাৰতৰ অন্যান্য অঞ্চলৰ সৈতে একে। মিজোৰামৰ প্ৰধান খাদ্য চাউল যদিও মিজোসকলে প্ৰতিবিধ আহাৰত আমিষ উপাদান পছন্দ কৰে। মাছ, কুকুৰা, গাহৰি আৰু গৰুৰ মাংস মিজোসকলৰ মাজত জনপ্ৰিয়। এই খাদ্যসমূহ যিকোনো প্ৰকাৰৰ তেলত ৰন্ধা হয়। খাদ্যসমূহ কম তেল আৰু অধিক শাক-পাচলিৰে সমৃদ্ধ। অধিকাংশ মিজো লোকে চাউল বা ভাতৰ সৈতে শাক-পাচলি খাই ভাল পায়। কিন্তু যুৱ প্ৰজন্মই ভজা আৰু মচলাযুক্ত খাদ্য পছন্দ কৰে। অন্যান্য সংস্কৃতিৰ খাদ্যও যুৱসমাজৰ মাজত জনপ্ৰিয়। তেওঁলোকৰ এক জনপ্ৰিয় খাদ্য হ'ল বেই। ইয়াক শাক-পাচলিৰ পৰা তৈয়াৰ কৰা হয়। অন্যান্য জনপ্ৰিয় খাদ্য হৈছে বেকং (কিণ্বিত ছয়াবীন) আৰু ছা-উম (কিণ্বিত গাহৰিৰ মাংস)। এইসমূহ ভাতৰ সৈতে পৰিৱেশন কৰা হয়। ছাচিয়াৰ নামৰ আন এবিধ খাদ্য চাউলৰ পৰা তৈয়াৰ কৰা হয় আৰু ইয়াক গৰু, গাহৰি বা কুকুৰাৰ মাংসৰ সৈতে প্ৰস্তুত কৰা হয়।[1][2]

খাদ্যসম্ভাৰ

[সম্পাদনা কৰক]

মিজো জনগোষ্ঠীৰ প্ৰধান খাদ্য হ'ল ভাত আৰু ইয়াক মাংস আৰু শাক-পাচলি, বেই, নিৰামিষ ষ্টু, তিল, নহৰু, পিঁয়াজ আৰু শাকেৰে সৈতে ৰন্ধা আমিষ ষ্টু আদিৰ সৈতে পৰিৱেশন কৰা হয়।[3]

আনুষংগিক খাদ্য

[সম্পাদনা কৰক]
ভাত, বেই, মাংস আৰু হমাৰ্চা ৰাওত আদিৰে মিজো খাদ্যসম্ভাৰ
  • বেই - বীন আৰু ঢেকীয়াজাতীয় শাকৰ সৈতে প্ৰস্তুত কৰা বিভিন্ন শাকৰ মিশ্ৰণ।[4]
  • ৰেপ - পোৰা মাংস (মাছ, কুকুৰা, ছাগলী বা গৰুৰ মাংস) জলকীয়া, থলুৱা শাক আৰু অন্যান্য শাক-পাতৰ সৈতে মিশ্ৰিত
  • চুম হান - ভাপত দিয়া মিশ্ৰিত শাক-পাচলি।[5]
  • হমাৰ্চা ৰাওত - টেঙা আৰু জ্বলা চাটনী
  • দাইল
  • বেকং - কিণ্বন কৰা ছয়াবীন

মধ্যাহ্ন ভোজন

[সম্পাদনা কৰক]
মিজো মধ্যাহ্ন ভোজন (চাংবান, আলু চ'প,আট্টা আৰু চাহ)

মিজো মধ্যাহ্ন ভোজন ঘৰে ঘৰে ভিন্ন হ'ব পাৰে। মধ্যাহ্ন ভোজনৰ সময়ত খোৱা কিছুমান বস্তু হ'ল-

  • চেনপাউ - মাংস, চছ আৰু মিজো মচলাযুক্ত চাউলৰ পনীয়া খাদ্য।[6]
  • চাংবান - আঠাজাতীয় চাউল ৰুটি।[7]
  • আৰ্টুই চিপচুৱান চাও - নাহৰফুলীয়া কণী আৰু নুডল
  • আলু চ'প
  • ছচিয়াৰ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Mizo Cuisine in India". India9.com. 7 June 2005. http://www.india9.com/i9show/Mizo-Cuisine-51701.htm আহৰণ কৰা হৈছে: 7 February 2011.
  2. "Food in Mizoram". Mapsofindia.com. 2013-06-28. http://www.mapsofindia.com/mizoram/culture/food.html আহৰণ কৰা হৈছে: 2013-12-09.
  3. Mizar, Shilpa. "Mizo by nature". The Hindu. https://www.thehindu.com/features/metroplus/Food/Mizo-by-nature/article16273038.ece আহৰণ কৰা হৈছে: 6 December 2018.
  4. "Where the Clouds Roll Along". Rediff. https://m.rediff.com/travel/nov/20mizo1.htm আহৰণ কৰা হৈছে: 6 December 2018.
  5. Ghosh, Arnab. "5 Tasty Recipes from Mizoram". https://www.nelive.in/mizoram/food/5-tasty-recipes-mizoram আহৰণ কৰা হৈছে: 6 December 2018.
  6. Choudhery, Chandrakala. "Mizo cuisine: A hit among food lovers". Outlook India. https://www.outlookindia.com/newsscroll/mizo-cuisine-a-hit-among-food-lovers/1082217 আহৰণ কৰা হৈছে: 6 December 2018.
  7. "Mizo cuisine: A hit among food lovers". Catch news. http://www.catchnews.com/life-society-news/mizo-cuisine-a-hit-among-food-lovers-66875.html আহৰণ কৰা হৈছে: 6 December 2018.