মিলি ববি ব্ৰাউন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিলি ববি ব্ৰাউন
Millie Bobby Brown

২০১৮ চনত ব্ৰাউন (ছেন ডিয়েগো কমিক-কন))
জন্ম ১৯ ফেব্ৰুৱাৰী, ২০০৪ (২০ বছৰ)
মাৰবেলা, স্পেইন
ৰাষ্ট্ৰীয়তা ব্ৰিটিছ
পেচা
  • অভিনেত্ৰী
  • মডেল
  • প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ২০১৩–বৰ্তমানলৈকে

মিলি ববি ব্ৰাউন (ইংৰাজী: Millie Bobby Brown; জন্ম: ১৯ ফেব্ৰুৱাৰী ২০০৪) হৈছে এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল।[1][2] মিলিয়ে নেটফ্লিক্সৰ বিজ্ঞান-কল্পকাহিনী ড্ৰামা-ছিৰিজ ষ্ট্ৰেঞ্জাৰ থিংছ (২০১৬–বৰ্তমান)ত এলেভেন চৰিত্ৰটো ৰূপায়ণ কৰি স্বীকৃতি লাভ কৰে। এই অভিনয়ৰ বাবে অভিনেত্ৰীগৰাকীয়ে অসামান্য সহযোগী অভিনেত্ৰী-ড্ৰামা ছিৰিজ শিতানত দুটাকৈ প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰে; আৰু ড্ৰামা ছিৰিজত অসাধাৰণ অভিনয়-প্ৰদৰ্শন কৰা মহিলাৰ শিতানত দুটাকৈ স্ক্ৰীন গীল্ড বঁটাৰ মনোনয়নৰ গৰাকী হয়। উক্ত মনোনয়ন লাভ কৰা তেঁৱেই হৈছে কনিষ্ঠতম অভিনেত্ৰী। [3] ২০১৮ চনত ব্ৰাউনক টাইমে যুগুতোৱা বিশ্বৰ প্ৰভাৱশালী ১০০ লোকৰ তালিকাত অন্তৰ্ভুক্ত কৰে।[4] ২০১৮ বৰ্ষতে মিলিক ইউনিচেফৰ সদিচ্ছা ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়। এই পদৰ বাবে নিৰ্বাচিত হোৱা তেঁৱেই কনিষ্ঠতম ব্যক্তি।[5]

মিলি ববি ব্ৰাউনে গডজিলা: কিং অৱ দ্য মনষ্টাৰছ (২০১৯)ত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। একেটা চৰিত্ৰতে তেওঁক গডজিলা বনাম কং (২০২১)তো দেখা যায়। নেটফ্লিক্সৰ ৰহস্যধৰ্মী ছবি এন’লা হোমছ (২০২০)তো মিলিয়ে অভিনয় কৰিছিল। ছবিখনৰ প্ৰযোজনাৰ দিশটোও তেওঁ চম্ভালিছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ব্ৰাউনৰ জন্ম হৈছিল [6]২০০৪ চনৰ ১৯ ফেব্ৰুৱাৰীত স্পেইনৰ মাৰ্বেলাত [7] ইংৰাজ পিতৃ-মাতৃ কেলি আৰু ৰবাৰ্ট ব্ৰাউনৰ চাৰিটা সন্তানৰ ভিতৰত মিলি তৃতীয়গৰাকী।[8] জন্মতে মিলিৰ এখন কাণৰ আংশিক শ্ৰৱণ ক্ষমতা হেৰাইছিল, আৰু পৰৱৰ্তী সময়ত তেওঁ কাণৰ সম্পূৰ্ণ শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলাইছিল।[8] চাৰি বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে ইংলেণ্ডলৈ উভতি যায় আৰু বোৰ্ণমাউথত থাকে। আঠ বছৰ বয়সত তেওঁলোকৰ পৰিয়ালটো ফ্ল'ৰিডাৰ অৰলেণ্ডোলৈ গুচি যায়।[9]

কেৰিয়াৰ[সম্পাদনা কৰক]

২০১৩-২০১৭[সম্পাদনা কৰক]

ৱান্স আপন এ টাইমৰ স্পিন অফ ড্ৰামা ছিৰিজ (এবিচি ফেণ্টাচিৰ) ৱান্স আপন এ টাইম ইন ৱণ্ডাৰলেণ্ডত অতিথি শিল্পী হিচাপে অভিনয়ৰ জগতত মিলিয়ে আত্মপ্ৰকাশ কৰে। তেওঁ কিশোৰী এলিচৰ চৰিত্ৰটি ৰূপায়ণ কৰে। ২০১৪ চনত তেওঁ বিবিচি আমেৰিকাৰ পেৰানৰ্মেল ড্ৰামা-থ্ৰিলাৰ ছিৰিজ ইনট্ৰুডাৰ্ছ এছ মেডিচন অ'ডনেলৰ চৰিত্ৰত অভিনয় কৰিছিল।[10] তেওঁ চিবিএছৰ আৰক্ষীৰ প্ৰক্ৰিয়াগত ড্ৰামা এনচিআইএছ, এবিচিৰ চিটকম মডাৰ্ণ ফেমিলি আৰু এবিচিৰ চিকিৎসা ড্ৰামা ছিৰিজ গ্ৰেজ এনাটমীত অতিথি শিল্পী হিচাপে অভিনয় কৰে।[11][12]

২০১৬ চনত ব্ৰাউনক নেটফ্লিক্সৰ কল্পবিজ্ঞান হৰৰ ছিৰিজ ষ্ট্ৰেঞ্জাৰ থিংছত এলেভেনৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচিত কৰা হয়।[13] বিশেষ চৰিত্ৰটিত অভিনয়ৰ জৰিয়তে তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰে[14] লগতে ড্ৰামা ছিৰিজত এগৰাকী মহিলা অভিনেত্ৰীৰ দ্বাৰা অসাধাৰণ অভিনয়ৰ শিতানত স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা আৰু ড্ৰামা-ছিৰিজত অসাধাৰণ সহযোগী অভিনেত্ৰীৰ বাবে প্ৰাইমটাইম এমি বঁটাৰ বাবে মনোনীত হয়। ইয়াৰ পিছত তেওঁ সহ অভিনেতাসকলৰ সৈতে এন্সেম্বল ইন এ ড্ৰামা ছিৰিজৰ অসাধাৰণ অভিনয়ৰ বাবে স্ক্ৰীণ এক্টাৰ্ছ গিল্ড বঁটা লাভ কৰে[15] আৰু টেলিভিছন ছিৰিজত এগৰাকী কনিষ্ঠ অভিনেতাৰ শ্ৰেষ্ঠ অভিনয়ৰ বাবে ৪৩ সংখ্যক চেটাৰ্ণ বঁটা লাভ কৰে।[16] ষ্ট্ৰেঞ্জাৰ থিংছৰ দ্বিতীয় ছিজনত এলেভেনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ ২০১৮ চনত স্ক্ৰীণ এক্টাৰ্ছ গিল্ড বঁটা আৰু প্ৰাইমটাইম এমি বঁটাৰ বাবে দ্বিতীয়বাৰৰ বাবে মনোনয়ন লাভ কৰে।[17]

২০১৬ চনৰ নৱেম্বৰ মাহত ব্ৰাউনে চিগমা আৰু বাৰ্ডিৰ একক গীত "ফাইণ্ড মি"ৰ মিউজিক ভিডিঅ'ত অভিনয় কৰে। ২০১৬ চনৰ নৱেম্বৰৰ পৰা তেওঁ চিটিগ্ৰুপৰ বাণিজ্যিক বিজ্ঞাপনত দেখা দিয়ে।[19] ২০১৭ চনৰ জানুৱাৰী মাহত তেওঁ কেলভিন ক্লেইনৰ "বাই এপইণ্টমেণ্ট" অভিযানত মডেলিঙৰ আত্মপ্ৰকাশ কৰে।[20] পিছৰ মাহত তেওঁক আইএমজি মডেলছ নামৰ সংস্থাটোৰ সৈতে চুক্তিবদ্ধ কৰা হয়।[21] ২০১৮ চনৰ গ্ৰীষ্মকালত ইটালীৰ ব্ৰেণ্ড মনক্লাৰৰ প্ৰচাৰ অভিযানত ব্ৰাউনে অভিনয় কৰিছিল।[18]

২০১৮–বৰ্তমান[সম্পাদনা কৰক]

ষ্ট্ৰেঞ্জাৰ থিংছৰ কলা-কুশলীৰ সৈতে মিলি, ২০১৭ চনৰ কমিক-কন, ছেন ডিয়েগো

২০১৮ চনৰ জানুৱাৰী মাহত ব্ৰাউনক দ্য এন'লা হোমছ মিষ্ট্ৰীজৰ চলচ্চিত্ৰ অভিযোজনাত অভিনয় আৰু প্ৰযোজনা কৰিবলৈ নিৰ্বাচিত কৰা হয়।[19] ডেৰেন এৰ'নফস্কিৰ ভাৰ্চুৱেল ৰিয়েলিটি অভিজ্ঞতা স্ফিয়াৰছ: ছংছ অৱ স্পেচটাইমত কণ্ঠদান কৰিবলৈও তেওঁক নিৰ্বাচিত কৰা হৈছিল।[20] ২০১৮ চনৰ ২০ এপ্ৰিলত টাইম আলোচনীয়ে বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম হিচাপে মিলিক নিৰ্বাচিত কৰে আৰু এই তালিকাত অন্তৰ্ভুক্ত হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে মিলি পৰিগণিত হয়।[21][22]ইয়াৰ উপৰি টাইম আলোচনীয়ে তেওঁক ২০১৭ আৰু ২০১৮ চনৰ অন্যতম প্ৰভাৱশালী কিশোৰী হিচাপে নিৰ্বাচিত কৰে।[23] ২০১৮ চনৰ ২০ নৱেম্বৰত ঘোষণা কৰা হয় যে তেওঁ ইউনিচেফৰ সদিচ্ছা ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি পোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হৈছে। .[24] ২০১৮ চনৰ নৱেম্বৰ মাহত ইএ গেমছে ঘোষণা কৰে যে ব্ৰাউনে দ্য চিমছ ৪ প্ৰগ্ৰেমাৰৰ সৈতে সহযোগিতা কৰি চিমছ ৪ পজিটিভিটি চেলেঞ্জত অংশগ্ৰহণ কৰে।[25] ২০১৮ চনত দ্য হলিউড ৰিপ'ৰ্টাৰে ব্ৰাউনক আঠাইশ বছৰৰ তলৰ হলিউডৰ শীৰ্ষ ত্ৰিশগৰাকী তাৰকাৰ ভিতৰত স্থান দিয়ে।[26]

ব্ৰাউনে ২০১৯ চনত মুক্তিপ্ৰাপ্ত গডজিলা: কিং অৱ দ্য মনষ্টাৰছ ছবিৰ জৰিয়তে মূলসুঁতিৰ হলিউডৰ ছবিত আত্মপ্ৰকাশ কৰে।[27]পৰৱৰ্তী ছিকুৱেল গডজিলা বনাম কং (২০২১)তো তেওঁ পুনৰ অভিনয় কৰে।[28] ২০১৯ চনৰ মাৰ্চ মাহত তেওঁ ইউএফএৰ টুগেদাৰ #WePlayStrong অভিযানৰ ৰাষ্ট্ৰদূত হয়।[29] সেই মাহতে ঘোষণা কৰা হৈছিল যে ব্ৰাউনে আলী বেঞ্জামিনৰ দ্য থিং এবাউট জেলিফিছৰ চলচ্চিত্ৰ অভিযোজনত চুজিৰ চৰিত্ৰত অভিনয় কৰিব।[30] ২০১৯ চনত ব্ৰাউনে নিজৰ বিউটি প্ৰডাক্ট লাইন ফ্ল’ৰেন্স বাই মিলছ মুকলি কৰে। ইয়াক ব্ৰিটেইনৰ ফাৰ্মাচী বুটছত উপলব্ধ,[31][32][33] আৰু শেহতীয়াকৈ কানাডাত শ্বপাৰ্ছ ড্ৰাগ মাৰ্টৰ জৰিয়তে উপলব্ধ কৰা হৈছে।[34]

২০২০ চনৰ ২৮ জুলাইত ঘোষণা কৰা হয় যে তেওঁ তেওঁৰ পিচিএমএ প্ৰডাকচনৰ জৰিয়তে টেছ শ্বাৰপৰ একে নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত দ্য গাৰ্লছ আই হেভ বিন নামৰ এখন ছাচপেন্সধৰ্মী ছবিত অভিনয়ৰ লগতে প্ৰযোজনা কৰিব।[35] ডেন মেজ'ৰ চিত্ৰনাট্যৰ ওপৰত আধাৰিত স্পেনিছ চলচ্চিত্ৰ নিৰ্মাতা জুয়ান কাৰ্লোছ ফ্ৰেছনাডিলোৰ পৰিচালনাত ব্ৰাউনে নেটফ্লিক্সৰ বাবে ডেমচেল নামৰ ফেণ্টাচি ছবিখনো অভিনয় কৰিব আৰু কাৰ্যবাহী প্ৰযোজকৰ ভূমিকা পালন কৰিব।[36] ২০২০ চনৰ ডিচেম্বৰ মাহত ঘোষণা কৰা হৈছিল যে ৰুছ' ভাতৃদ্বয়ে চাইমন ষ্টেলেনহাগৰ গ্ৰাফিক উপন্যাস দ্য ইলেক্ট্ৰিক ষ্টেট ফৰ ইউনিভাৰ্চেল পিকচাৰ্ছৰ অভিযোজনা পৰিচালনা কৰিব য'ত ব্ৰাউনে মুখ্য চৰিত্ৰত অভিনয় কৰিব।[37] সেই ডিচেম্বৰ মাহত ৰিপৰ্ট কৰা হৈছিল যে নেটফ্লিক্সে তাইক একাধিক প্ৰজেক্ট অন্তৰ্ভুক্ত কৰা এটা ফাৰ্ষ্ট লুক চুক্তি আগবঢ়াইছিল।[38] ২০২১ চনৰ ১৩ মে'ত ঘোষণা কৰা হয় যে তেওঁ এন'লা হোমছ ২ৰ ছিকুৱেলত ইনোলা হোমছৰ চৰিত্ৰত পুনৰ অভিনয় কৰিব।[39]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

ব্ৰাউনে আমেৰিকান গায়ক জেকব ছাৰ্টৰিয়াছৰ সৈতে সাত মাহ ধৰি ৰোমাণ্টিক সম্পৰ্ক বৰ্তাই ৰাখি ২০১৮ চনৰ জুলাই মাহত বিচ্ছেদ ঘটায়।[40][41] ২০২১ চনলৈকে তেওঁ ৰক ষ্টাৰজন বন জোভিৰ পুত্ৰ অভিনেতা জেক বংগিঅ'ভিৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল।[42] ষ্ট্ৰেঞ্জাৰ থিংছত অভিনয় কৰাৰ পিছৰে পৰা মিলিয়ে তেওঁৰ সতীৰ্থ সহ অভিনেতা নোৱাহ শ্নেপ্পৰ সৈতে গাঢ় বন্ধুত্ব বৰ্তাই ৰাখিছে।

বঁটা আৰু মনোনয়ন[সম্পাদনা কৰক]

মূল সংস্থা
বৰ্ষ সংস্থা শিতান কৰ্ম ফলাফল তথ্যসূত্ৰ
২০১৭
Primetime Emmy Awards Outstanding Supporting Actress in a Drama Series ষ্ট্ৰেঞ্জাৰ থিংছ মনোনীত [43]
Screen Actors Guild Awards Outstanding Performance by a Female Actor in a Drama Series মনোনীত [44]
Outstanding Performance by an Ensemble in a Drama Series বিজয়ী
২০১৮
Primetime Emmy Awards Outstanding Supporting Actress in a Drama Series মনোনীত [45]
Screen Actors Guild Awards Outstanding Performance by a Female Actor in a Drama Series মনোনীত [46]
Outstanding Performance by an Ensemble in a Drama Series মনোনীত
২০২০
Screen Actors Guild Awards Outstanding Performance by an Ensemble in a Drama Series মনোনীত [47]
Miscellaneous awards
বৰ্ষ সংস্থা শিতান কৰ্ম ফলাফল তথ্যসূত্ৰ
২০১৭
NME Awards বৰ্ষটোৰ নায়ক মনোনীত [48]
Fangoria Chainsaw Awards Best TV Actress ষ্ট্ৰেঞ্জাৰ থিংছ বিজয়ী [49]
Gold Derby Drama Supporting Actress মনোনীত [50]
Breakthrough Performer of the Year বিজয়ী
IGN People's Choice Award Best Dramatic TV Performance বিজয়ী [51]
MTV Movie & TV Awards Best Performance in a Show বিজয়ী [52]
Best Hero মনোনীত [52]
Online Film & Television Association Best Supporting Actress in a Drama Series মনোনীত [53]
People's Choice Awards Favorite Sci-Fi/Fantasy TV Actress মনোনীত [54]
Saturn Awards Best Younger Actor in a Television Series বিজয়ী [16]
Teen Choice Awards Choice Breakout TV Star মনোনীত [55]
Young Artist Awards Best Performance in a Digital TV Series or Film – Young Actress মনোনীত [56]
২০১৮
Empire Awards Best Actress in a TV Series মনোনীত [57]
Gold Derby Best Drama Supporting Actress মনোনীত [58]
Kids' Choice Awards Favorite TV Actress বিজয়ী [59]
MTV Movie & TV Awards Best Performance in a Show বিজয়ী [60]
Best Kiss (with Finn Wolfhard) মনোনীত
Online Film & Television Association Best Supporting Actress in a Drama Series মনোনীত [61]
Saturn Awards Best Younger Actor in a Television Series মনোনীত [62]
Teen Choice Awards Choice Sci-Fi/Fantasy TV Actress বিজয়ী [63]
Choice TV Ship (with Finn Wolfhard) মনোনীত [64]
২০১৯
Kids' Choice Awards Favorite TV Actress মনোনীত [65]
Teen Choice Awards Choice Summer TV Star: Female বিজয়ী [66]
Saturn Awards Best Performance by a Younger Actor গডজিলা: কিং অৱ মনষ্টাৰছ্ মনোনীত [67][68]
2020
Kids' Choice Awards Favorite Female TV Star ষ্ট্ৰেঞ্জাৰ থিংছ বিজয়ী
২০২১
Kids' Choice Awards বিজয়ী [69]
Favorite Movie Actress এনোলা হোমছ বিজয়ী
Las Vegas Film Critics Society Youth in Film - Female বিজয়ী [70]
London Film Critics' Circle Young British/Irish Performer of the Year মনোনীত [71]
Online Film & Television Association Best Youth Performance মনোনীত [72]
Seattle Film Critics Society Best Youth Performance মনোনীত [73]
Washington D.C. Area Film Critics Association Best Youth Performance মনোনীত [74]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Lutkin, Aimée (2022-02-20). "Millie Bobby Brown and Boyfriend Jake Bongiovi Celebrate Her 18th Birthday as Barbie and Ken" (en-US ভাষাত). ELLE. https://www.elle.com/culture/celebrities/a39152250/millie-bobby-brown-jake-bongiovi-celebrate-birthday-barbie-ken/। আহৰণ কৰা হৈছে: 2022-05-30. 
  2. "Millie Bobby Brown, Finn Wolfhard & Noah Schnapp Answer the Web's Most Searched Questions". YouTube. https://m.youtube.com/watch?v=PqGehRgKTLo। আহৰণ কৰা হৈছে: 21 April 2020. 
  3. Travers, Ben (19 July 2016). "Meet 'Stranger Things' Breakout Millie Bobby Brown, aka Lucky Number Eleven". IndieWire. https://www.indiewire.com/2016/07/stranger-things-millie-bobby-brown-interview-eleven-11-netflix-season-2-1201707207/। আহৰণ কৰা হৈছে: 22 July 2016. 
  4. "Millie Bobby Brown: The World's 100 Most Influential People" (en-us ভাষাত). Time. https://time.com/collection/most-influential-people-2018/5238181/millie-bobby-brown/। আহৰণ কৰা হৈছে: 4 May 2020. 
  5. "National ambassadors". UNICEF. 15 May 2019. http://www.unicef.org/people/people_nationalambassadors.html। আহৰণ কৰা হৈছে: 19 February 2020. 
  6. Sedano, Jon; de los Ríos, Ángel (15 November 2017). "Los orígenes marbellíes de Millie Bobby Brown, la joven estrella de 'Stranger Things' / The Marbella origins of Millie Bobby Brown, the young star of 'Stranger Things'" (es ভাষাত). Diario Sur (Vocento). https://www.diariosur.es/marbella-estepona/origenes-marbellies-millie-20171113202337-nt.html. "...nació en Marbella en 2004, aunque tiene nacionalidad británica, ya que Robert y Kelly Brown, sus padres, eran unos ingleses asiduos veraneantes en la Costa del Sol. / ...[she] was born in Marbella in 2004, although she has British nationality, since Robert and Kelly Brown, her parents, were regular English vacationers on the Costa del Sol." 
  7. Kit, Borys; Belloni, Matthew (4 October 2016). "'Stranger Things' Star's Father Demands Cash From Agents to Represent Her (Exclusive)". The Hollywood Reporter. https://www.hollywoodreporter.com/news/stranger-things-stars-father-demands-935013. 
  8. Birnbaum, Debra (31 October 2017). "How 'Stranger Things' Star Millie Bobby Brown Made Eleven 'Iconic' and Catapulted Into Pop Culture". Variety. https://variety.com/2017/tv/features/millie-bobby-brown-stranger-things-season-2-eleven-1202602487/। আহৰণ কৰা হৈছে: 4 December 2017. 
  9. Miller, Gregory E. (15 September 2017). "At 13, 'Stranger Things' star Millie Bobby Brown is an icon in the making". New York Post. https://nypost.com/2017/09/15/at-13-stranger-things-star-millie-bobby-brown-is-an-icon-in-the-making/। আহৰণ কৰা হৈছে: 4 December 2017. 
  10. "John Simm and Mira Sorvino Start Filming BBC AMERICA's Intruders as James Frain, Tory Kittles, and Millie Brown Join Cast". BBC Worldwide. 24 February 2014. http://www.bbcwpressroom.com/bbc-worldwide-productions/press/john-simm-mira-sorvino-start-filming-bbc-americas-intruders-james-frain-tory-kittles-millie-brown-join-cast/। আহৰণ কৰা হৈছে: 23 November 2016. 
  11. "Awesome Millie Bobby Brown Roles That'll Get You Hyped for 'Godzilla Vs Kong'" (en-US ভাষাত). Movieweb. 2021-03-27. https://movieweb.com/millie-bobby-brown-roles/। আহৰণ কৰা হৈছে: 2021-10-31. 
  12. "How Millie Bobby Brown used her superpowers" (en ভাষাত). the Guardian. 2021-03-28. http://www.theguardian.com/culture/2021/mar/28/how-millie-bobby-brown-used-her-superpowers। আহৰণ কৰা হৈছে: 2021-10-31. 
  13. Andreeva, Nellie (20 August 2016). "Duffer Bros. Netflix Supernatural Drama Series Sets Young Cast, Gets Title". Deadline Hollywood. https://deadline.com/2015/08/duffer-bros-netflix-series-stranger-things-young-cast-1201502552/। আহৰণ কৰা হৈছে: 16 September 2016. 
  14. "Millie Bobby Brown". The Academy of Television Arts & Sciences (ATAS). https://www.emmys.com/bios/millie-bobby-brown। আহৰণ কৰা হৈছে: 12 September 2018. "[Brown] rose to prominence in her Primetime Emmy Award-nominated role (for Outstanding Supporting Actress in a Drama Series) as Jane "Eleven" Ives in the Netflix science fiction horror series Stranger Things." 
    Nolfi, Joey (8 May 2017). "Millie Bobby Brown mocks her MTV Movie & TV Awards breakdown in adorable video". EW.com. https://ew.com/awards/2017/05/08/millie-bobby-brown-mtv-awards-instagram-video/। আহৰণ কৰা হৈছে: 12 September 2018. "... [Brown] rose to prominence on the first season of the Netflix sci-fi thriller, [Stranger Things], as the character Eleven ..." 
    Ziss, Sophy (19 April 2018). "Millie Bobby Brown Is 2018's Youngest 'TIME' 100 Honoree & She More Than Earned Her Spot". Bustle. https://www.bustle.com/p/millie-bobby-brown-is-2018s-youngest-time-100-honoree-she-more-than-earned-her-spot-8839525। আহৰণ কৰা হৈছে: 12 September 2018. "Brown rose to prominence in 2016 with her leading role in Stranger Things, but she'd been working in the industry for a few years before that." 
  15. Lincoln, Ross A. (4 November 2016). "'Stranger Things' Season 2 Cast Photo Reveals Who Returns From The Upside Down". Deadline Hollywood. https://deadline.com/2016/11/first-cast-photo-for-stranger-things-season-2-released-online-1201849068/। আহৰণ কৰা হৈছে: 2 January 2017. 
  16. 16.0 16.1 Latchem, John (29 June 2017). "Star Wars among top winners 43rd Saturn Awards". Homemedia magazine. http://www.homemediamagazine.com/awards/star-wars-among-top-winners-43rd-saturn-awards-40346। আহৰণ কৰা হৈছে: 31 December 2017. 
  17. "Emmy Nominations: The Complete List". Variety. 12 July 2018. https://variety.com/2018/tv/news/emmys-nominations-list-2018-1202871084/। আহৰণ কৰা হৈছে: 12 July 2018. 
  18. "Moncler Taps Millie Bobby Brown for Next Ad Campaign". WWD. 2 July 2018. https://wwd.com/fashion-news/fashion-scoops/moncler-taps-millie-bobby-brown-for-ad-campaign-1202743678। আহৰণ কৰা হৈছে: 18 February 2019. 
  19. "'Stranger Things' Millie Bobby Brown In Legendary Film Deal To Produce & Star In Enola Holmes Mysteries". Deadline Hollywood. 9 January 2018. https://deadline.com/2018/01/millie-bobby-brown-enola-holmes-mysteries-stranger-things-legendary-entertainment-film-deal-nancy-springer-1202239229/। আহৰণ কৰা হৈছে: 17 January 2018. 
  20. Keslassy, Elsa (16 August 2018). "'Stranger Things' Star Millie Bobby Brown to Narrate Darren Aronofsky's 'Spheres'" (en ভাষাত). Variety. https://variety.com/2018/film/news/stranger-things-millie-bobby-brown-to-darren-aronofskys-spheres-1202907096/। আহৰণ কৰা হৈছে: 7 July 2020. 
  21. "The 30 Most Influential Teens of 2017". Time. 3 November 2017. http://time.com/5003930/most-influential-teens-2017/। আহৰণ কৰা হৈছে: 8 December 2018. 
  22. "TIME's 25 Most Influential Teens of 2018". Time. 7 December 2018. http://time.com/5463721/most-influential-teens-2018/। আহৰণ কৰা হৈছে: 8 December 2018. 
  23. Kirkpatrick, Emily (13 February 2017). "Millie Bobby Brown Officially Signs with a Major Modeling Agency". People. http://people.com/style/millie-bobby-signs-with-modeling-agency-img/। আহৰণ কৰা হৈছে: 14 February 2017. 
  24. "Millie Bobby Brown: 'I've been bullied: that inspires me'". BBC News. https://www.bbc.co.uk/news/av/world-us-canada-46284390/millie-bobby-brown-i-ve-been-bullied-that-inspires-me/. 
  25. "Introducing The Sims 4 Positivity Challenge with Millie Bobby Brown". 13 November 2018. https://www.ea.com/games/the-sims/the-sims-4/pc/news/millie-bobby-brown-challenge। আহৰণ কৰা হৈছে: 3 December 2018. 
  26. "Hollywood's Top 30 Stars Under Age 18". The Hollywood Reporter. 8 August 2018. https://www.hollywoodreporter.com/lists/hollywoods-top-30-stars-under-age-18-1130157/। আহৰণ কৰা হৈছে: 9 December 2018. 
  27. Kit, Borys (27 January 2017). "'Stranger Things' Breakout Millie Bobby Brown Set to Star in 'Godzilla' Sequel (Exclusive)". The Hollywood Reporter. https://www.hollywoodreporter.com/heat-vision/stranger-things-breakout-millie-bobby-brown-set-star-godzilla-sequel-969505। আহৰণ কৰা হৈছে: 27 January 2017. 
  28. Caron, Nathalie (2 June 2018). "GODZILLA VS. KONG CASTS DEADPOOL 2 STAR JULIAN DENNISON". IGN. https://www.ign.com/articles/2018/06/04/godzilla-vs-kong-casts-deadpool-2-star-julian-dennison। আহৰণ কৰা হৈছে: 20 September 2018. 
  29. "Millie Bobby Brown signs up for Together #WePlayStrong". UEFA.com. 26 March 2019. https://www.uefa.com/insideuefa/football-development/womens-football/news/newsid=2597623.html। আহৰণ কৰা হৈছে: 31 March 2019. 
  30. "Millie Bobby Brown, Filmmaker Wanuri Kahiu Tackling 'The Thing About Jellyfish' for Universal (Exclusive)". The Hollywood Reporter. 14 March 2019. https://www.hollywoodreporter.com/news/millie-bobby-brown-wanuri-kahui-adapting-thing-jellyfish-1194816। আহৰণ কৰা হৈছে: 31 March 2019. 
  31. Cannon, Sophie (24 May 2021). "Millie Bobby Brown debuts new positivity-focused eye makeup" (en-US ভাষাত). New York Post. https://nypost.com/2021/05/24/millie-bobby-brown-debuts-new-florence-by-mills-makeup-items/। আহৰণ কৰা হৈছে: 2 June 2021. 
  32. Chan, Emily (21 August 2019). "Why is Millie Bobby Brown's new beauty brand one of the most powerful in the world?" (fr-FR ভাষাত). Vogue Paris. https://www.vogue.fr/beauty-tips/article/millie-bobby-brown-beauty-brand-everything-you-need-to-know। আহৰণ কৰা হৈছে: 2 June 2021. 
  33. Skvaril, Celia. "We tested out hyped products from Millie Bobby Brown's beauty line" (en-US ভাষাত). Business Insider. https://www.businessinsider.com/testing-hyped-products-from-millie-bobby-browns-beauty-line-2019-11। আহৰণ কৰা হৈছে: 2 June 2021. 
  34. "Millie Bobby Brown's Beauty Line Is Now Available in Canada" (en-US ভাষাত). The Kit. 2021-09-03. https://thekit.ca/beauty/celebrity-beauty/florence-by-mills-canada/। আহৰণ কৰা হৈছে: 2022-05-11. 
  35. Kroll, Justin (28 July 2020). "Millie Bobby Brown To Star And Produce Netflix's Adaptation of 'The Girls I've Been'; Jason Bateman's Aggregate Films Also Producing". Deadline. https://deadline.com/2020/07/millie-bobby-brown-netflix-the-girls-ive-been-jason-bateman-1202997741/amp/। আহৰণ কৰা হৈছে: 23 January 2021. 
  36. D'Alessandro, Anthony (11 November 2020). "Millie Bobby Brown To Star In & Executive Produce Netflix Fantasy Movie 'Damsel'" (en-US ভাষাত). Deadline. https://deadline.com/2020/11/millie-bobby-brown-to-star-in-executive-produce-netflix-fantasy-movie-damsel-1234612845/। আহৰণ কৰা হৈছে: 30 March 2021. 
  37. McNary, Dave (18 December 2020). "Millie Bobby Brown to Star in the Russo Brothers' Sci-Fi Film 'The Electric State'" (en-US ভাষাত). Variety. https://variety.com/2020/film/news/millie-bobby-brown-russo-brothers-the-electric-state-1234866659/। আহৰণ কৰা হৈছে: 30 March 2021. 
  38. Campbell, Scott (6 December 2020). "Netflix Reportedly Offering Millie Bobby Brown A Big First Look Deal" (en-US ভাষাত). We Got This Covered. http://wegotthiscovered.com/movies/millie-bobby-brown-reportedly-signing-big-deal-netflix/। আহৰণ কৰা হৈছে: 8 December 2020.  [ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]
  39. Campbell, Scott (6 December 2020). "'Enola Holmes' Sequel A Go At Netflix With Millie Bobby Brown And Henry Cavill Set To Return" (en-US ভাষাত). Deadline. https://deadline.com/2021/05/enola-holmes-sequel-millie-bobby-brown-and-henry-cavill-eturning-1234755267/। আহৰণ কৰা হৈছে: 13 May 2021. 
  40. Milan, Aidan (May 27, 2022). "Millie Bobby Brown relationship history – from Jacob Sartorius to Jake Bongiovi". Metro. https://metro.co.uk/2022/05/27/does-stranger-things-millie-bobby-brown-have-a-boyfriend-and-has-she-dated-anyone-in-the-past-16723797/. 
  41. Olson, Samantha (February 26, 2021). "So, Millie Bobby Brown Just Commented on Ex Jacob Sartorius' Instagram". Seventeen. https://www.seventeen.com/celebrity/celebrity-couples/a35651246/millie-bobby-brown-jacob-sartorius-instagram/. 
  42. "Millie Bobby Brown, BF Jake Bongiovi Are Official! Relationship Details" (en-US ভাষাত). Life & Style. 2022-05-23. https://www.lifeandstylemag.com/posts/who-is-millie-bobby-brown-dating-boyfriend-jake-bongiovi/। আহৰণ কৰা হৈছে: 2022-05-31. 
  43. "2017 Emmy® Awards Nominations for Programs Airing June 1, 2016 – May 31, 2017". Academy of Television Arts & Sciences. 13 July 2017. http://www.emmys.com/sites/default/files/Downloads/69th-nominations-list-v1ry.pdf। আহৰণ কৰা হৈছে: 13 July 2017. 
  44. Nolfi, Joely (14 December 2016). "SAG Awards nominations 2017: See the full list". Entertainment Weekly. https://www.ew.com/article/2016/12/14/2017-sag-awards-nominations। আহৰণ কৰা হৈছে: 14 December 2016. 
  45. "Emmys Nominations List 2018 – Variety". Variety. 12 June 2018. https://variety.com/2018/tv/news/emmys-nominations-list-2018-1202871084/। আহৰণ কৰা হৈছে: 12 June 2018. 
  46. Gonzalez, Sandra (13 December 2017). "SAG Awards nominations 2018: The complete list". CNN. http://www.cnn.com/2017/12/13/entertainment/sag-awards-nominations/index.html। আহৰণ কৰা হৈছে: 13 December 2017. 
  47. Maglio, Tony (December 11, 2019). "SAG Awards 2020: The Complete List of Nominations". https://www.thewrap.com/sag-awards-nominations-nominees-awards-2020/. 
  48. Trendell, Andrew (15 February 2017). "Here's the full list of VO5 NME Awards winners 2017". NME. https://www.nme.com/news/music/heres-full-list-vo5-nme-awards-winners-2017-1976867। আহৰণ কৰা হৈছে: 16 February 2017. 
  49. "Never mind Oscar, here's the 2017 FANGORIA Chainsaw Awards Nominees Ballot!". Fangoria. 7 February 2017. Archived from the original on 6 August 2017. https://web.archive.org/web/20170806233824/http://fangoria.com/new/never-mind-oscar-heres-the-2017-fangoria-chainsaw-awards-nominees-ballot/। আহৰণ কৰা হৈছে: 14 February 2017. 
  50. Dixon, Daniel Montgomery,Chris Beachum,Marcus James (7 September 2017). "2017 Gold Derby TV Awards winners: 'Big Little Lies' and 'SNL' sweep, while 'Stranger Things' takes Best Drama". Gold Derby. http://www.goldderby.com/article/2017/2017-gold-derby-tv-awards-winners-big-little-lies-news-357924086/। আহৰণ কৰা হৈছে: 10 September 2017. 
  51. "Best of 2017". IGN. 2017. https://www.ign.com/wikis/best-of-2017-awards/Best_Dramatic_TV_Performance। আহৰণ কৰা হৈছে: 11 January 2018. 
  52. 52.0 52.1 "Get Out Leads the Nominations for MTV's First Ever Movie & TV Awards". People. 6 April 2017. http://people.com/movies/mtv-movie-tv-awards-nominations-2017/। আহৰণ কৰা হৈছে: 8 April 2017. 
  53. "21st Annual TV Awards (2016-17)". Online Film & Television Associations. http://www.oftaawards.com/television-awards/21st-annual-tv-awards-2016-17/। আহৰণ কৰা হৈছে: May 15, 2022. 
  54. Hipes, Patrick (15 November 2016). "People's Choice Awards Nominees Set". Deadline Hollywood. https://deadline.com/2016/11/peoples-choice-awards-nominees-2016-full-list-captain-america-kevin-hart-1201854910/। আহৰণ কৰা হৈছে: 15 November 2016. 
  55. "Teen Choice Awards 2017 Winners: The Complete List". 14 August 2017. http://www.eonline.com/news/873075/teen-choice-awards-2017-winners-the-complete-list। আহৰণ কৰা হৈছে: 14 August 2017. 
  56. "38th Annual Awards". Young Artist Association. http://www.youngartistawards.org/noms25.htm। আহৰণ কৰা হৈছে: 7 January 2018. 
  57. Travis, Ben (18 January 2018). "Star Wars The Last Jedi and Thor Ragnarok Lead Empire Awards 2018 Nominations". Empire. https://www.empireonline.com/movies/news/star-wars-last-jedi-thor-ragnarok-lead-empire-awards-2018-nominations/। আহৰণ কৰা হৈছে: 7 February 2018. 
  58. Montgomery, Daniel; Beachum, Chris; Dixon, Marcus James; Eng, Joyce (6 September 2018). "2018 Gold Derby TV Awards winners: 'Versace' and 'Handmaid's Tale' are top winners, but 'Game of Thrones' takes Best Drama". Gold Derby. https://www.goldderby.com/article/2018/2018-gold-derby-tv-awards-winners-versace-handmaids-tale-game-of-thrones-news-957368402/। আহৰণ কৰা হৈছে: 6 September 2018. 
  59. Pedersen, Erik (26 February 2018). "Nickelodeon Unveils 2018 Kids' Choice Awards Nominations". Deadline Hollywood. https://deadline.com/2018/02/2018-kids-choice-awards-nominations-nickelodeon-stranger-things-dwayne-johnson-john-cena-1202303369/। আহৰণ কৰা হৈছে: 26 February 2018. 
  60. Nordyke, Kimberly (3 May 2018). "MTV Movie & TV Awards: 'Black Panther,' 'Stranger Things' Top Nominations". The Hollywood Reporter. https://www.hollywoodreporter.com/lists/mtv-movie-tv-awards-2018-nominations-complete-list-1108100। আহৰণ কৰা হৈছে: 3 May 2018. 
  61. "22nd Annual TV Awards (2017-18)". Online Film & Television Associations. http://www.oftaawards.com/television-awards/22nd-annual-tv-awards-2017-18/। আহৰণ কৰা হৈছে: May 15, 2022. 
  62. McNary, Dave (15 March 2018). "'Black Panther,' 'Walking Dead' Rule Saturn Awards Nominations". Variety. https://variety.com/2018/film/news/saturn-awards-nominations-2018-black-panther-walking-dead-1202727752/। আহৰণ কৰা হৈছে: 15 March 2018. 
  63. Mathews, Liam (13 June 2018). "2018 Teen Choice Awards Nominees". TV Guide. https://www.tvguide.com/news/teen-choice-2018-nominees/। আহৰণ কৰা হৈছে: 13 June 2018. 
  64. "Teen Choice Awards 2018 Winners: The Complete List". Enews. 12 August 2018. https://www.eonline.com/news/956235/teen-choice-awards-2018-winners-the-complete-list। আহৰণ কৰা হৈছে: 22 February 2019. 
  65. Nordyke, Kimberly; Forstadt, Jillian (23 March 2019). "Kids' Choice Awards: Full List of Winners". The Hollywood Reporter. https://www.hollywoodreporter.com/lists/kids-choice-awards-complete-list-winners-2019-1191274। আহৰণ কৰা হৈছে: 24 March 2019. 
  66. Swift, Andy (8 July 2019). "Teen Choice Awards: Stranger Things Leads Final Wave of 2019 Nominations". TVLine. Archived from the original on 8 July 2019. https://web.archive.org/web/20190708201032/https://tvline.com/2019/07/08/teen-choice-awards-nominees-2019-stranger-things-full-list-nominations/। আহৰণ কৰা হৈছে: 19 July 2019. 
  67. Anderton, Ethan (16 July 2019). "45th Saturn Awards Nominations: 'Avengers: Endgame' Leads with 14 Nods, 'Game of Thrones' Tops TV Category". /Film. https://www.slashfilm.com/2019-saturn-awards-nominations/। আহৰণ কৰা হৈছে: 24 August 2019. 
  68. Mancuso, Vinnie (15 July 2019). "'Avengers: Endgame', 'Game of Thrones' Lead the 2019 Saturn Awards Nominations". Collider. https://collider.com/saturn-awards-nominations-2019/। আহৰণ কৰা হৈছে: 24 August 2019. 
  69. Nordyke, Kimberly (2 February 2021). "Kids' Choice Awards Unveils Nominees, Taps Kenan Thompson to Host". The Hollywood Reporter. https://www.hollywoodreporter.com/news/kids-choice-awards-unveils-nominees-taps-kenan-thompson-to-host. 
  70. Neglia, Matt (March 5, 2021). "The 2020 Las Vegas Film Critics Society (LVFCS) Winners". NextBestPicture. https://www.nextbestpicture.com/latest/the-2020-las-vegas-film-critics-society-lvfcs-winners। আহৰণ কৰা হৈছে: May 14, 2022. 
  71. Neglia, Matt (January 12, 2021). "The 2020 London Film Critics Circle (LFCC) Nominations". NextBestPicture. https://www.nextbestpicture.com/latest/the-2020-london-film-critics-circle-lfcc-nominations। আহৰণ কৰা হৈছে: May 14, 2022. 
  72. "25th Annual Film Awards (2020)". Online Film & Television Associations. http://www.oftaawards.com/film-awards/25th-annual-film-awards-2020/। আহৰণ কৰা হৈছে: September 8, 2021. 
  73. ""Minari" Leads the 2020 Seattle Film Critics Society Nominations". Seattle Film Critics Society. February 8, 2021. https://seattlefilmcritics.com/2021/02/08/minari-leads-the-2020-seattle-film-critics-society-nominations/। আহৰণ কৰা হৈছে: May 15, 2022. 
  74. "The 2020 WAFCA Awards" (en-US ভাষাত). The Washington DC Area Film Critics Association. 2021-02-08. http://www.wafca.com/awards/2020.htm। আহৰণ কৰা হৈছে: 2022-05-15.