মিৰিকা টেঙা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিৰিকা টেঙা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophyta
(অশ্ৰেণীকৃত): Magnoliopsida
বৰ্গ: Rosales
পৰিয়াল: Elaeagnaceae
গণ: Elaeagnus
প্ৰজাতি: Elaeagnus caudata Schltdl.
সমাৰ্থক

Rasiflora Edulis

মিৰিকা টেঙা বা বন জৰা (ইংৰাজী: Silver berry, বৈজ্ঞানিক নাম: Elaeagnus caudata Schltdl.) এবিধ চিৰসেউজ গুল্মজাতীয় সপুষ্পক উদ্ভিদ। মিৰিকা টেঙা অসমত প্ৰাকৃতিকভাৱে গজে। ইয়াৰ ফল খাদ্যৰ উপযোগী। মিচিং ভাষাত ইয়াক বিৰাই এছিং আৰু কাৰ্বি ভাষাত ছোলেঙি এৰিকং বোলা হয়।[1]

বিৱৰণ[সম্পাদনা কৰক]

মিৰিকা টেঙাৰ পাতবোৰ ডিম্বাকৃতিৰ দীঘলীয়া আৰু নোমহীন। ফলসমূহ এক ইঞ্চিমান দীঘল আৰু ডিম্বাকৃতিৰ। পকিলে ৰঙা বা হালধীয়া বৰণৰ হয়। ভিতৰভাগ মঙহাল।[1] ফলৰ বীজ দীঘলীয়া আৰু দুইমূৰ জোঙা। ইয়াত কিছুমান দীঘলীয়া শিৰা থাকে।

ব্যৱহাৰ[সম্পাদনা কৰক]

মিৰিকা টেঙা এবিধ টেঙাজাতীয় ফল আৰু ইয়াক কেঁচাকৈ বা আচাৰ হিচাপে খাব পাৰি। ফলটোৰ প্ৰতি ১০০ গ্ৰামত প্ৰায় ৮.৩% চেনি, ৪.৫ % প্ৰটিন আৰু ১২ মিলিগ্ৰাম ভিটামিন চি থাকে। ই বিশেষকৈ ভিটামিন এ, চি আৰু ই তথা খনিজ পদাৰ্থৰ এক উৎস।[1] মিৰিকা টেঙাৰ জেলী আদি কৰিও খোৱা হয়।

ফলবিধ কোষ্ঠকাঠিন্যৰ পথ্য আৰু স্বাস্থ্যৰ উপযোগী ঔষধি গুণ থকা বুলি গণ্য কৰা হয়। স্থানীয় লোকে গৰ্ভপাত ৰোধ কৰিবলৈ গৰ্ভাৱস্থাত ফলৰ শিপাৰ নিষ্কাশন কৰি সেৱন কৰে। অসমীয়া মণিপুৰী জনগোষ্ঠীৰ বিবাহ অনুষ্ঠানৰ সময়ত দেৱতাসকলক উৎসৰ্গা কৰাৰ বাবে এই ফলক এক অপৰিহাৰ্য সামগ্ৰী হিচাপে গণ্য কৰা হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Elaeagnus caudata Schltdl.". indiabiodiversity.org. https://indiabiodiversity.org/species/show/280135। আহৰণ কৰা হৈছে: 13 August 2022.