সমললৈ যাওক

মিৰি জীয়ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিৰি জীয়ৰী  
লেখক ৰজনীকান্ত বৰদলৈ
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশ ১৮৯৪
পৰৱৰ্তী মনোমতী (১৯০০)
ৱিকিউৎসত মিৰি-জীয়ৰীৰ সম্পূৰ্ণ পাঠ পঢ়ক

"মিৰি জীয়ৰী" ৰজনীকান্ত বৰদলৈ ৰচিত আৰু ১৮৯৪ চনত প্ৰথম প্ৰকাশিত এখন অসমীয়া উপন্যাস।[1] মিচিংসকলক আগতে "মিৰি" বুলি উল্লেখ কৰা হৈছিল। এটা সৰল প্ৰেম কাহিনীক ভিত্তি কৰি লিখা এই উপন্যাসত সেই সময়ৰ মিচিং সমাজৰ কিছুমান পৰম্পৰা আৰু নীতি-নিয়মো বৰ্ণনা কৰা হৈছে।[2][3][4]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

মিচিং ডেকা-গাভৰু জঙ্কি আৰু পানেই এই কাহিনীৰ মূল চৰিত্ৰ। শৈশৱ কালৰ খেলাৰ লগৰী দুয়োজন ডাঙৰ হোৱাৰ পাছত প্ৰেমত পৰে আৰু বিয়া পাতিবলৈ মনস্থ কৰে। কিন্তু মাউৰা জঙ্কিক আওকাণ কৰি পানেইৰ মাক-দেউতাকে তাইৰ বিয়া গাঁৱৰে ডেকা কমুদৰ লগত ঠিক কৰে। ইতিমধ্যে জঙ্কি আন এখন গাঁৱত থাকিবলৈ লৈছিল। বিয়াৰ কথা গম পাই জঙ্কিয়ে পানেইক পলুৱাই নিয়ে আৰু হাবিত কিছুদিন কটায়। কিন্তু সিহঁতে ধৰা পৰে আৰু লক্ষীমপুৰৰ কাছাৰীত অপহৰণৰ গোচৰ দিয়া হয়। নিজৰ মাজতে মিট-মাট কৰিব বুলি সকলো ঘৰলৈ আহে। কিন্তু কিছুদিনৰ পাছত পানেইৰ মাক-দেউতাকে তাইক পুনৰ কমুদলৈ জোৰকৈ দিবলৈ সিদ্ধান্ত লয়। এই কথা শুনি পানেই ঘৰৰ পৰা পলায়। সোধ-পোচ কৰাত এইবাৰ জঙ্কিৰ লগত নোযোৱাটো প্ৰমাণ হয়। জঙ্কিয়ে পানেইক বিচাৰি ওলায়। বাটতে তাক পৰ্ব্বতীয়া গাছি মিৰিয়ে ধৰি সিহঁতৰ গাঁৱলৈ লৈ যায় আৰু চাকৰ খাটিবলৈ লগায়। অলপ দিন পাছত এই গাঁৱলৈকে পানেইক মিৰিবোৰে ধৰি আনে। দুইটাই এদিন ৰাতি পলাবলৈ চেষ্টা কৰোঁতে ধৰা পৰে। গাঁৱৰ বিচাৰত সিহঁতক চোৰ বুলি সিদ্ধান্ত দিয়ে আৰু সোৱণশিৰী নৈত পেলাই মৃত্যুদণ্ড বিহা হয়। পানেইৰ মাকে সিহঁতৰ মৃতদেহ দুটা নৈত উপঙি থকা পায় আৰু সকলোৱে নিজৰ কৰ্মৰ অনুতাপ কৰে।

চৰিত্ৰসমূহ

[সম্পাদনা কৰক]
  • পানেই
  • জঙ্কি
  • নিৰমা (পানেইৰ মাক)
  • তামেদ (পানেইৰ দেউতাক)
  • কমুদ
  • ডালিমী

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. M.A.Orthofer (22 June 2010). "Miri Jiyori by Rajanikanta Bordoloi, The complete review's Review". complete-review.com. http://www.complete-review.com/reviews/indiareg/bordolr.htm আহৰণ কৰা হৈছে: 2013-04-27.
  2. "Rajanikanta Bordoloi". Vedanti.com. 2011-08-04. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305160520/http://vedanti.com/legends/rajanikanta_bordoloi.htm আহৰণ কৰা হৈছে: 2013-04-26.
  3. Amritjyoti Mahanta. "Assamese Novel: From Inception to Second World War". Museindia.com. Archived from the original on 2016-08-15. https://web.archive.org/web/20160815132040/http://museindia.com/viewarticle.asp?myr=2008&issid=17&id=919 আহৰণ কৰা হৈছে: 2013-04-26.
  4. Babul Tamuli (2009-03-23). "Remembering Rajani Kanta Bordoloi". The Assam Tribune. Archived from the original on 2014-01-10. https://web.archive.org/web/20140110121503/http://www.assamtribune.com/scripts/details.asp?id=mar2309%2Fedit3 আহৰণ কৰা হৈছে: 2013-04-26.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]