সমললৈ যাওক

মীমানা প্ৰেমথিলকে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মীমানা প্ৰেমথি‍লকে‍
স্থানীয় নাম මීමන ප්‍රේමතිලක
জন্ম কৰুণাৰত্নে প্ৰেমথিলকে‍
২০ ছেপ্টেম্বৰ, ১৯১৮
হোৰানা, ব্ৰিটিছ চিলন
মৃত্যু ১২ জুলাই, ১৯৬৫ (৪৬ বছৰ)
কলম্বো, শ্ৰীলংকা
ৰাষ্ট্ৰীয়তা শ্ৰীলংকান
শিক্ষা তক্ষশিলা চেণ্ট্ৰেল কলেজ
আনন্দ কলেজ
পেচা কবি‍, লেখক, সাংবাদিক
সক্ৰিয় হৈ থকা সময় ১৯৩৬–১৯৬৫
দাম্পত্যসঙ্গী এডলাইন হেথামুন (বি‍. ১৯৪২)
সন্তান

মীমানা প্ৰেমথি‍লকে‍ (ইংৰাজী: Meemana Premathilake; ২০ ছেপ্টেম্বৰ ১৯১৮ – ১২ জুলাই ১৯৬৫) শ্ৰীলংকাৰ এগৰাকী বিশিষ্ট কবি, সাংবাদিক আৰু লেখক; কৰুণাৰত্নে প্ৰেমথিলকে‍ক মীমানা প্ৰেমথি‍লকে নামেৰে জনপ্ৰিয়৷[1][2] কলম্বো যুগৰ অন্যতম সন্মানীয় কবি, শ্ৰীলংকাৰ প্ৰধান শৈল্পিক বাতৰি কাকত সৰসাভিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে প্ৰেমথিলকে উল্লেখযোগ্য।[3][4][5][6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

শ্ৰীলংকাৰ হোৰানাৰ মীমানা গাঁৱত ১৯১৮ চনৰ ২০ ছেপ্টেম্বৰত প্ৰেমথিলকেৰ জন্ম।[7] তেওঁৰ শিক্ষা আৰম্ভ হৈছিল হোৰানাৰ তক্ষশিলা চেণ্ট্ৰেল কলেজ আৰু পৰৱৰ্তী সময়ত হোৰানাৰৰ বিদ্যাৰত্ন মহা পিৰিভেনাৰ পৰা। যেতিয়া তেওঁ কবি হিচাপে খ্যাতি অৰ্জন কৰিছিল তেতিয়া তেওঁ উচ্চ শিক্ষাৰ বাবে কলম্বোৰ আনন্দ মহাবিদ্যালয়লৈ আহিছিল। তেওঁ লণ্ডন মেট্ৰিক পৰীক্ষাত বিফল হোৱাৰ পিছত উচ্চ শিক্ষাৰ আশা ত্যাগ কৰিছিল।[8]

প্ৰেমথিলকেই তেওঁৰ দীৰ্ঘদিনীয়া সংগিনী এডলাইন হেথামুনৰ সৈতে ১৯৪২ চনৰ ২০ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হয়। তেওেঁলাকৰ দুগৰাকী কন্যা ক্ৰমে‍ ৰামানী, সৰোজা আৰু চাৰিপুত্ৰ হ'ল ক্ৰমে‍ সুনীল, সৰথ, সামান আৰু সান্দুন। শৈশৱতে‍ ছামনৰ মৃত্যু হৈছিল। [9] তেওঁৰ তিনিজন পুত্ৰ আৰু কন্যা ৰামানীয়েও লেক হাউচত কাম কৰিছিল। সুনীল মাধৱ প্ৰেমথিলকা 'চিলুমিনা'ৰ সম্পাদকীয় পৰিষদৰ সদস্য। সৰথ প্ৰেমথিলকে‍ 'ক্ৰীদা' নামৰ বাতৰি কাকতখনৰ সম্পাদক হৈছিল। স্কুলীয়া দিনতে‍ সৰথে সিকুৰু থাৰুৱা আৰু পৰসাথু মাল চলচ্চিত্ৰত শিশু অভিনেতা হিচাপে অভিনয় কৰিছিল।[1] 'ক্ৰীদা' বাতৰি কাকতৰ সম্পাদকীয় বোৰ্ডত থকা ছান্দুন প্ৰেমথিলকেৰ অকালতে মৃত্যু হয়।[10] তেওঁ চন্দুনে পন্নিপিটিয়াৰ ধৰ্মপাল বিদ্যালয়ৰ প্ৰথম একাদশ দলৰ অধিনায়ক আছিল। সুনীল আৰু সৰথে আনন্দ কলেজত অধ্যয়ন কৰিছিল আনহাতে ৰামানী আৰু চৰোজাই কলম্বোৰ বিশাখা বিদ্যালয়ত অধ্যয়ন কৰে। মিহিৰী অষ্ট্ৰেলিয়াৰ এজন অসামৰিক অভিযন্তা।[2]

১৯৬৫ চনৰ ১০ জুলাইত তেওঁক ৰত্নম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু দুদিন ধৰি‍ তেওঁ কোমাত আছিল। ১৯৬৫ চনৰ ১২ জুলাইত ৪৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[10] তেওঁক কানাট্টে সমাধিক্ষেত্ৰত সমাধিস্থ কৰা হৈছিল।[1] তেওঁৰ পত্নী এডলিনৰ ২০১৫ চনৰ মে' মাহত ৯৪ বছৰ বয়সত মৃত্যু হয়।[11]

কেৰিয়াৰ

[সম্পাদনা কৰক]

জীৱনকালত আনন্দীয়ান হিচাপে তেওঁ শ্ৰীলংকা নামৰ প্ৰথম কাব্যিক ৰচনাখন ৰচনা কৰিছিল। মীমানাই চিলুমিনা বাতৰি কাকতৰ বাবে শ শ কবিতা ৰচনা কৰিছিল যদিও তাৰ কোনোটোৱেই প্ৰকাশ পোৱা নাছিল। বিচলিত নোহোৱাকৈ তেওঁ লিখা অব্যাহত ৰাখিছিল। ভাৰতীয় কবি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু উইলমট এ পেৰেৰাৰ দ্বাৰা হোৰানা শ্ৰী পালী মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ দিনা তেওঁৰ দ্বাৰা ৰচিত গোৱী মহাত্থায় নামৰ কবিতাৰ ধাৰাবাহিক ‘চিলুমিনা’ কাকতত প্ৰকাশ পায়।[10] বিশ্বযুদ্ধৰ সময়ছোৱাত তেওঁ হাস্যৰসেৰে ভৰা এখন কাব্যগ্ৰন্থ ৰচনা কৰিছিল। তেওঁ যেতিয়া ১৬ পৃষ্ঠাৰ এখন কাব্যগ্ৰন্থ ৰচনা কৰি গুণসেন গ্ৰন্থৰ দোকানত দিছিল, তেওঁ তেতিয়া দহ টকা পাইছিল। এই সময়ছোৱাত তেওঁৰ কবিতাবোৰ সৈনিকসকলৰ মাজত অতি জনপ্ৰিয় হৈছিল।[9]

১৯৩৬ চনত শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত প্ৰেমথিলকে তেতিয়াৰ মুখ্য সম্পাদক মাৰ্টিন ৱিক্ৰামসিংহেৰ তত্ত্বাৱধানত চিলুমিনা বাতৰি কাকতত এজন অপেচাদাৰী সাংবাদিক হিচাপে সাংবাদিক-জীৱন আৰম্ভ কৰিছিল।[10] ৱিক্ৰামসিংহেই কবিতা পৃষ্ঠাত তেওঁৰ কাব্যিক প্ৰবন্ধসমূহক এক বিশেষ স্থান দিছিল।[12] প্ৰেমথিলকেই তেওঁৰ নিজৰ সুন্দৰ গাওঁখনক লৈ‍ পালুগামা শীৰ্ষক কেইবাটাও কবিতা ৰচনা কৰিছিল। চিলুমিনাৰ প্ৰতিৱেদন সম্পাদক হিচাপে তেওঁৰ কাৰ্যকালত তেওঁ লঙ্কাৱে লাছানা থেন নামৰ এক প্ৰতিৱেদন প্ৰকাশ কৰিছিল। ১৯৪১ চনত তেওঁ নীলদিয়ে নালংগনা নামেৰে কবিতা বিষয়ক প্ৰবন্ধ লিখিছিল। কুকুলু কোৰালেৰ এটা বনৰীয়া জলপ্ৰপাতৰ বিষয়ে তেওঁ মিয়ুনু এলা নামেৰে এটি কবিতা ৰচনা কৰিছিল। শ্ৰীলংকাৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বিষয়ে লিখা এইটোৱেই প্ৰথম কবিতা।[9] নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ নিজৰ নামটো লুকুৱাই থৈছিল আৰু মা কবি হাদু হাটীকে ধৰি বহুতো কবিতা প্ৰকাশ কৰিছিল। সাংবাদিকতাৰ জীৱনকালত মীমানাই অন্যায় দেখিছিল আৰু ইয়াৰ বিৰুদ্ধে থিয় দিছিল আৰু ১৯৫৩ চনত তেওঁ পদত্যাগ কৰিছিল। অৱশ্যে, তেওঁক শৈল্পিক কবিতাৰ বাবে পিছলৈ লঙ্কাদীপাৰ সম্পাদকীয় পৰিষদৰ উপশম্পাদক হিচাপে নিযুক্তি দিয়া হৈছিল।[7]

এছ'চিয়েটেড নিউজপেপাৰ্ছ অৱ চাইলন লিমিটেড (এ.এন.চি.এল. বা লেক হাউছ)ৰ পৰা দ্বিতীয়বাৰৰ বাবে পদত্যাগ কৰাৰ পিছত তেওঁ সমবায় উন্নয়ন বিভাগ আৰু চাইলন টেকনিকেল কলেজত অনুবাদক হিচাপে কাম কৰিছিল। অৱশ্যে, ইয়াৰ কিছু সময়ৰ পিছতে মীমানাই লঙ্কাদীপাৰ পৰা লেক হাউছলৈ উভতি আহে আৰু ১৯৬১ চনত চিলুমিনা বাতৰি কাকতৰ মুখ্য সম্পাদক হয়।[13] তেওঁৰ ব্যস্ত সাংবাদিক জীৱনকালত, তেওঁ ভ্যাল এলিন সাহা ভেদন মেদা, সুন্দৰ লঙ্কাব, ইৰোপ্পে কাটা, অথীথা সুন্দৰিয়া, বিনাকাৰায়া আৰু তিনিখন খণ্ডত মাট্টা হিতেনা হেতিৰ দৰে কেইবাখনো গ্ৰন্থ লিখিছিল। তেওঁৰ বেছিভাগ কাব্যগ্ৰন্থ মাৰাডানাৰ পি.কে.ডব্লিউ. ছিৰিৱাৰ্ডেনাই প্ৰকাশ কৰিছে। এথেৰা নামৰ কাব্য সংকলনখন এম. ডি. গুনাসেনাই ছিৰিৱাৰ্ডেনা প্ৰকাশনতকৈ দহগুণ বেছি মাননি দিয়াৰ পিছত প্ৰকাশ কৰিছিল।[10] ১৯৬৩ চনত তেওঁ 'সৰসাভিয়া' বাতৰি কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক হৈছিল।[14] খবৰ অনুসৰি‍ ১৯৬৩ চনৰ ১০ এপ্ৰিলত 'সৰসাভিয়া'ৰ প্ৰস্তাৱনা সংখ্যাটো মুকলি কৰা হৈছিল আৰু ৫০০,০০০ কপি প্ৰিণ্ট হৈছিল।[1][15] কাকতখনৰ আৰম্ভণিৰ তিনি মাহৰ পিছত 'সৰসাভিয়া'ৰ সম্পাদক পদ ৱিমালাচিৰি পেৰেৰাক হস্তান্তৰ কৰা হৈছিল। প্ৰেমথিলকেই পৰৱৰ্তী সময়ত বাতৰি কাকতখন বিকশিত কৰিছিল আৰু ১৪ বছৰ ধৰি ইয়াৰ সম্পাদক আছিল।[16] শৈশৱতে‍ তেওঁৰ পুত্ৰ সামানৰ মৃত্যু হোৱাৰ পিছত তেওঁ জনপ্ৰিয় কবিতা মিয়াগিয়া দাৰুৱেক ৰচনা কৰিছিল।[9] ৪০ বছৰ বয়সত তেওঁ মাগে প্ৰেমায়া কলৱ হা জীৱিতায়া নামেৰে তেওঁৰ অন্তিমখন গ্ৰন্থ ৰচনা কৰিছিল আৰু ই আছিল এখন আত্মজীৱনী।[7] গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বে তেওঁ 'সৰসাভিয়া "বাতৰি কাকতত প্ৰকাশ কৰিবলৈ কেইবাটাও কবিতা লিখিছিল। ১৯৬৫ চনৰ ২৩ জুনত তেওঁৰ অথীতা স্মাৰণ শীৰ্ষক কবিতাটো প্ৰকাশ পাইছিল।[10]

উল্লেখযোগ্য কবিতা

[সম্পাদনা কৰক]
  • আদৰায়
  • এথ ৱু প্ৰেমায়া
  • আম্বা মাল
  • আনংগা
  • অন্ধ লামায়া
  • অশোকামালা
  • অথিতা স্মৰণ
  • ইথেৰা
  • গম্বাদা থাৰুণীয়া
  • জীৱন গংগা
  • কিৰিহামি
  • কুমুদুমতী
  • মৰাণয়
  • মিনিহা
  • মিয়াগিয়া দাৰুৱেক
  • নেহুম কেকুহু
  • নীলদয়ে নলংগানা
  • পালুগামা
  • পেম পাডুৰা
  • পেম ৰাজিনী
  • ৰাতি সাগৰায়
  • সোহোন বিমা
  • সুৰাপুৰা
  • বনাগতা কৱিয়া
  • যমুনা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "On the occasion of the centenary birthday of the poet Meemana Premathilaka: A note about the Sarasaviya original author". Sarasaviya. Archived from the original on 18 October 2025. https://web.archive.org/web/20251018154621/https://archives.sarasaviya.lk/2018/09/20/?fn=sa18092023 আহৰণ কৰা হৈছে: 2021-05-03.
  2. 1 2 "Meemana Premathilake: Great poet and legendary Silumina Editor". Sri Lanka Guardian. Archived from the original on 19 December 2024. https://web.archive.org/web/20241219051820/http://www.srilankaguardian.org/2012/09/meemana-premathilake-great-poet-and.html আহৰণ কৰা হৈছে: 2021-05-03.
  3. "Get to know the poets of the Colombo era!". lifie. 8 December 2019. Archived from the original on 11 December 2024. https://web.archive.org/web/20241211031311/https://www.lifie.lk/2019/12/08/poets-of-colombo-era/ আহৰণ কৰা হৈছে: 2021-05-03.
  4. "The Western influence of Colombo second generation poetry". Divaina. Archived from the original on 7 May 2021. https://web.archive.org/web/20210507100807/https://www.divaina.com/sunday/index.php/visheshanga2/10228-2019-05-24-09-23-128 আহৰণ কৰা হৈছে: 2021-05-03.
  5. "'Colombo Poet' returns to the scene". Sunday Observer. http://archives.sundayobserver.lk/2008/08/31/imp11.asp আহৰণ কৰা হৈছে: 2021-05-03.
  6. "Is 59 years old?". Sarasaviya. http://www.sarasaviya.lk/editorial/2021/04/08/20209/අවුරුදු-59-යනු-වයසක්ද আহৰণ কৰা হৈছে: 2021-05-03.
  7. 1 2 3 "ගමට අසීමිත සේ පෙම් කළ කවියා: මීමන". Silumina. https://www.silumina.lk/2018/07/21/පුන්කලස/ගමට-අසී%C2%ADමිත-සේ-පෙම්-කළ-කවියා-මීමන আহৰণ কৰা হৈছে: 2021-05-03.
  8. "මීමන ප්‍රේමතිලක / Mimana Premathilaka". guruthumaweb. 8 June 2016. http://guruthumaweb.blogspot.com/2016/06/blog-post_8.html আহৰণ কৰা হৈছে: 2021-05-03.
  9. 1 2 3 4 "Hundred for Meemana Premathilake". Lankadeepa. http://www.lankadeepa.lk/sunday/thaksalawa/මීමනට-සීයයි/55-536627 আহৰণ কৰা হৈছে: 2021-05-03.
  10. 1 2 3 4 5 6 "It is one hundred years since the poet Meemana was born". Silumina. http://www.silumina.lk/2018/09/08/පුන්කලස/පෙම්-කවි-ලියා-පිදු%C2%ADරුයි-පුන්න%C2%ADක්කුයි-තෑගි-ලැබූ-මීමන-කවියා-ඉපිද-වසර-සිය%C2%ADයයි আহৰণ কৰা হৈছে: 2021-05-03.
  11. "Sarasaviya founding editor Meemana Premathilaka's wife dies". Sarasaviya. Archived from the original on 6 January 2026. https://web.archive.org/web/20260106210448/https://archives.sarasaviya.lk/2016/05/05/?fn=sa1605056 আহৰণ কৰা হৈছে: 2021-05-03.
  12. "Former Silumina Editor: Dharmapala Wettasinghe who said that the hands of an independent writer are free". Silumina. http://www.silumina.lk/2019/06/29/පුන්කලස/ස්වාධී%C2%ADනව-සිතන-කර්තෘ-කෙන%C2%ADකුගේ-දෑත-නිද%C2%ADහස්-බව-කියූ-සිළු%C2%ADමිණ-හිටපු-කර්තෘ-ධර්ම%C2%ADපාල আহৰণ কৰা হৈছে: 2021-05-03.
  13. "Stories told then about the poems of Colombo, Peradeniya and Hela Hawule". Silumina. http://www.silumina.lk/2018/12/29/පුන්කලස/කොළඹ-පේරා%C2%ADදෙ%C2%ADණි-සහ-හෙළ-හවුලේ-කවි-ගැන-එදා-කියූ-කතා আহৰণ কৰা হৈছে: 2021-05-03.
  14. "Dance and Drama". Sarasaviya. Archived from the original on 19 December 2024. https://web.archive.org/web/20241219045946/https://archives.sarasaviya.lk/2014/04/10/?fn=sa14041017 আহৰণ কৰা হৈছে: 2021-05-03.
  15. "Is 59 years old?". Sarasaviya. http://www.sarasaviya.lk/editorial/2021/04/08/20209/අවුරුදු-59-යනු-වයසක්ද আহৰণ কৰা হৈছে: 2021-06-03.
  16. "Fifty years have passed since the death of Meemana Premathilake, the founding editor of the Sarasaviya". Sarasaviya. Archived from the original on 19 December 2024. https://web.archive.org/web/20241219051052/https://archives.sarasaviya.lk/2015/07/09/?fn=sa1507093 আহৰণ কৰা হৈছে: 2021-05-03.