মীৰাবাঈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মীৰাবাঈ

মীৰাবাঈৰ এখন চিত্ৰ
জন্ম ১৪৯৮ খ্ৰীষ্টাব্দ [1]
কুড়কী, পল্লী জিলা, ৰাজস্থান, ভাৰত
মৃত্যু ১৫৪৬ খ্ৰীষ্টাব্দ
দ্বাৰকা, গুজৰাট[1]
প্ৰকৃত নাম মীৰা
গুৰু সন্ত ৰবিদাস
দৰ্শন ভক্তি আন্দোলন
সাহিত্যিক কৰ্ম ভগৱান কৃষ্ণৰ ওপৰত কাব্য ৰচনা

মীৰাবাঈ (১৪৯৮-১৫৪৬ খ্ৰীষ্টাব্দ) আছিল কৃষ্ণ-ভক্তি কাব্যধাৰাৰ কবিসকলৰ মুখ্য কবি। ভগৱান কৃষ্ণৰ প্ৰতি তেঁওৰ ইমানেই ভক্তিভাৱ আছিল যে তেখেতে শৈশৱতে ভগৱান কৃষ্ণক নিজৰ আৰাধ্য দেৱতা তথা স্বামীৰূপে স্বীকাৰ কৰিছিল।

জীৱনী[সম্পাদনা কৰক]

মীৰাবাঈ আছিল এজনী ৰাজপুত ৰাজকুমাৰী। ১৪৯৮ খ্ৰীষ্টাব্দত ৰাজস্থানৰ পল্লী জিলাৰ কুড়কী নামে ঠাইত ৰাঠোড় ৰাজবংশত মীৰাবাঈৰ জন্ম হৈছিল। মীৰাবাঈৰ পিতৃৰ নাম আছিল ৰতনসিং ৰাঠোড়। মীৰাবাঈ নিজৰ মাতৃক বাল্যকালতেই হেৰুৱাইছিল।[1] সেয়েহে তেঁওৰ লালন-পালন ককাদেউতাকৰ তত্বাৱধানতেই হৈছিল। ১৫১৬ চনত মেৱাৰৰ কোঁৱৰ ভোজৰাজৰ লগত মীৰাবাঈৰ বিবাহ হৈছিল।[2][3]কিন্তু দুৰ্ভাগ্যবশতঃ বিয়াৰ সাত বছৰ পাছতেই তেঁওৰ স্বামীৰ মৃত্যু হৈছিল। ৰাজপুতসকলৰ প্ৰচলিত পৰম্পৰা অনুসৰি স্বামীৰ মৃত্যুৰ পাছত মীৰাবাঈ সতী হ'ব লাগিছিল যদিও তেঁও সেয়া গ্ৰহণ নকৰিলে। ইয়াৰ পৰিৱৰ্তে তেখেতে নিজৰ ঘৰ ত্যাগ কৰি নিজৰ আৰাধ্য ভগৱান শ্ৰীকৃষ্ণৰ সন্ধানত ওলাই গৈ দ্বাৰকাত বসতি স্থাপন কৰে আৰু সাধু-সন্তসকলৰ সৈতে শ্ৰীকৃষ্ণৰ ভজন-কীৰ্তন কৰিবলৈ আৰম্ভ কৰে। ১৫৪৬ খ্ৰীষ্টাব্দত দ্বাৰকাৰ এটা মন্দিৰত ভগৱান কৃষ্ণৰ ভজন-কীৰ্তন কৰি কৰিয়েই মীৰাবাঈয়ে ভগৱান কৃষ্ণৰ মূৰ্তিতেই চিৰদিনলৈ বিলীন হৈ গৈছিল।

কৃতিসমূহ[সম্পাদনা কৰক]

মীৰাবাঈয়ে চাৰিখন গ্ৰন্থৰ ৰচনা কৰিছিল -

  • নৰসী কা মায়ৰা
  • গীত গোবিন্দ টীকা
  • ৰাগ গোবিন্দ
  • ৰাগ চৌৰঠ কে পদ

ইয়াৰ উপৰিও মীৰাবাঈৰ গীতৰ সংকলন “মীৰাবাঈ কী পদাবলী” নামে গ্ৰন্থত প্ৰকাশিত হৈছে। মীৰাবাঈৰ কাব্যৰ মুখ্য ভাষা ৰাজস্থানী যদিও তেঁওৰ কাব্যত খড়ীবোলী, ব্ৰজ, পঞ্জাবী আৰু গুজৰাটী ভাষাৰ শব্দও পৰিলক্ষিত হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Usha Nilsson (1997), Mira bai, Sahitya Akademi, ISBN 978-8126004119, pages 1-15
  2. Usha Nilsson (1997), Mira bai, Sahitya Akademi, ISBN 978-8126004119, pages 12-13
  3. Nancy Martin-Kershaw (2014), Faces of the Feminine in Ancient, Medieval, and Modern India (Editor: Mandakranta Bose), Oxford University Press, ISBN 978-0195352771, page 165

বাহ্যিক সংযোগ[সম্পাদনা কৰক]