মুক্তি নাথ শৰ্মা বৰদলৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মুক্তিনাথ শৰ্মা বৰদলৈ (ইংৰাজী: Muktinath Sarmah Bordoloi), ১৯১০-১৯৭৭) অসমৰ এগৰাকী সংগীতজ্ঞ। অসমীয়া আধুনিক সংগীত জগতলৈ তেওঁ‌ অৱদান আগবঢ়াই গৈছে। তেওঁ সংগীতজ্ঞ কীৰ্তিনাথ শৰ্মা বৰদলৈৰ পুত্ৰ। এই পিতা-পুত্ৰৰ যুটিয়ে অসমীয়া সংগীতৰ ধাৰাটোক এক অন্য মাত্ৰা প্ৰদান কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ প্ৰথমখন নাটক শোণিত কুঁৱৰীৰ পাতনিত কীৰ্তিনাথ শৰ্মা বৰদলৈ আৰু মুক্তিনাথ শৰ্মা বৰদলৈৰ কথা উল্লেখ কৰিছে।

মুক্তিনাথ শৰ্মা বৰদলৈয়ে সৰুৰে পৰা দেউতাকৰ সান্নিধ্যত থাকি সাহিত্য - সংস্কৃতিৰ বাটত মনোনিৱেশ কৰিছিল। তেওঁ একাধাৰে গীতিকাৰ, সুৰকাৰ,গীতি-নাট্যকাৰ, শিশু সাহিত্যিক, কবি, শিক্ষাবিদ ৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়।

মুক্তিনাথ শৰ্মা বৰদলৈয়ে নিজাববীয়াকৈ প্ৰায় দুকুৰি গীত ৰচনা কৰাৰ লগতে ইয়াৰে প্ৰায়বিলাকতে সুৰো সংযোজনা কৰিছিল। আকাশবাণীৰ জৰিয়তে তেওঁৰ গীত প্ৰচাৰ হোৱাৰ লগতে সমসাময়িক কেইবাগৰাকীও জনপ্ৰিয় তথা প্ৰতিষ্ঠিত শিল্পীয়ে তেখেতৰ গান গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ কৰিছিল। তেখেতৰ গান যিসকল শিল্পীয়ে তেতিয়া বাণীবদ্ধ কৰিছিল অথবা আকাশবাণীৰ জৰিয়তে পৰিৱেশন কৰিছিল তাৰ ভিতৰত তলৰ তালিকাভুক্ত শিল্পীসকল উল্লেখনীয় -

 

  শিল্পী                  ৰচনাকাল              বাণীবদ্ধ/প্ৰচাৰকাল

বীৰেন্দ্ৰনাথ দত্ত      ১৯৫৫                      ১৯৬০

(বেলিমাৰ যায়

আই যশোমতী)

দীপালী বৰঠাকুৰ    ১৯৬০                    ১৯৬৪

(জোন-ধলে

জোনালীতে,সুৰকাৰ :

ৰুদ্ৰ বৰুৱা)

বীণা ভাগৱতী         ১৯৬৫                     ১৯৬৬

( কিয় বাৰু হাহোঁ

কিয় বাৰু কান্দো)

তেওঁ কোনো প্ৰসংগত কৈছিল যে, “.........গান যেতিয়া গাবা, প্ৰাণ দি গাবা। গীতৰো প্ৰাণ আছে। গীতেই প্ৰাণ, প্ৰাণেই গীত।”এই কথাষাৰৰ দ্বাৰাই বুজা যায় তেওঁ গীতৰ প্ৰতিটো ক্ষেত্ৰত কিমান সচেতন আছিল।

এই পিতা-পুত্ৰ যুটিয়ে একেলগে ৰচনা কৰা আৰু মঞ্চস্থ কৰা নৃত্য-নাটিকা হৈছে - ‛বাসন্তীৰ অভিষেক’, ‛লুইত কোঁৱৰ’,‛সুৰ বিজয়’ আদি।

মুক্তিনাথ শৰ্মা বৰদলৈৰ গীতৰ ভাষাত অসমীয়া ভাষাৰ মালিতা অতি সুন্দৰৰূপে ফুটি উঠিছিল। এইক্ষেত্ৰত তেওঁৰ ‛জোন - ধনে জোনালীতে’ গীতৰ কথা ক'ব পাৰি। গীতৰ কথা এনেধৰণৰ -

                তামোলী তৰাটি দেখি,জোন ল'লে বুকুত

                ঠুৰিওৱা তামোলখনি তুলি দিলে মুখত

                পোহৰৰে সেলেঙী অ' তৰা

                লাগি হ'লে ভেলেঙী

                জোন-ধনৰ বুকুৰ কাষত

                ল'লে আহি ঠাই॥

                হাতীপটি চিকিমিকি নাচি নাচি যায়।

            তেওঁৰ এই গীতসমূহ অসমীয়া আধুনিক গানৰ পৃথিৱীখনত চিৰযুগমীয়া হৈ থাকিব।

                                           


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

অসমীয়া আধুনিক সংগীতৰ ইতিহাস : লোকনাথ গোস্বামী