মুহিবুৰ ৰহমান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মুহিবুৰ ৰহমান (ইংৰাজী: Muhibur Rahman) অসমৰ লখিমপুৰ জিলাৰ এগৰাকী জিকিৰ গায়ক।

মুহিবুৰ ৰহমান

জিকিৰ গায়ক হিচাপে তেওঁ সমগ্ৰ অসমতে পৰিচিত৷ শিল্পীগৰাকীয়ে লখিমপুৰ জিলাৰ এঙাৰখোৱাৰ সমীপৱৰ্তী বিলতীয়া গাঁৱত জন্মলাভ কৰিছিল৷ তেওঁৰ জিকিৰৰ সুৰত ভদীয়া নামৰ সুৰ শুনিবলৈ পোৱা যায় বাবে অঞ্চলটোত তেওঁ ভদীয়া কাই বা ভদীয়া নানা নামেৰে পৰিচিত৷[1]

জিকিৰ আৰু জাৰীৰ লগতে ভদীয়া কাইয়ে দিহানাম, টোকাৰী গীত, শলিতা লগোৱা নাম, ভকতীয়া বিহু নাম আদিৰ দৰে অন্যান্য লোকগীতৰ প্ৰচাৰৰ ক্ষেত্ৰতো যথেষ্ট অৱদান আগবঢ়াইছে। অনুষ্ঠানিক শিক্ষা নাই যদিও তেওঁ এশৰো অধিক জিকিৰ আৰু জাৰী সাৱলীলভাৱে গাব পাৰে।[2]

২০১২ চনত সদৌ অসম ছাত্ৰ সন্থাই ৯৫ বছৰীয়া ৰহমানক প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰে।[3] [4]

  1. https://assamtribune.com/pratima-pandey-award-for-muhibur-rahman
  2. https://assamtribune.com/pratima-pandey-award-for-muhibur-rahman
  3. https://assamtribune.com/pratima-pandey-award-for-muhibur-rahman
  4. https://www.telegraphindia.com/north-east/aasu-seeks-zikir-archive/cid/355666