মূলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


মূলা (ইংৰাজী: reddish), (বৈজ্ঞানিক নাম: Raphanus Raphanistram) হৈছে দক্ষিণ এছিয়াৰ খাদ্যত বিশেষকৈ বাংলাদেশ, ভাৰত আৰু পাকিস্তানত জনপ্ৰিয় এবিধ সপুষ্পক শিপাজাতীয় উদ্ভিদ। ইয়াৰ গছ একবৰ্ষী। মূলা, ডাইকন, বগা মূলা আদি বিভিন্ন অঞ্চলত ইয়াক বিভিন্ন নামেৰে জনা যায়। এই উদ্ভিদবিধ ব্ৰাচিকেচিয়া পৰিয়ালৰ সদস্য, য’ত আন জনপ্ৰিয় শাক-পাচলি যেনে বন্ধাকবি, ব্ৰকলি, ফুলকবি আদিও অন্তৰ্ভুক্ত। অসমত দুই বৰণৰ বগা আৰু ৰঙা মূলাহে দেখিবলৈ পোৱা যায়। কিন্তু এই দুই ৰঙৰ বাহিৰে ক’লা ৰঙৰ মূলাও পোৱা যায়।[1]

ঔষধি গুণ[সম্পাদনা কৰক]

আমাৰ দেহক সততে লগা মুখ্য আৰু গৌণ উপাদানবোৰৰ বেছিভাগেই কম–বেছি পৰিমাণে মূলাত পোৱা যায়। মন কৰিবলগা যে মূলাৰ পাতত উচ্চ হাৰত ভিটামিন এ থকাৰ বতৰা পোৱা যায়। ফলত বিশেষকৈ বাঢ়ি অহা শিশু আৰু বৃদ্ধ–বৃদ্ধাৰ ঘাইকৈ দৃষ্টিশক্তি ঠিকে ৰখাৰ লগতে পেশীতন্ত্ৰৰ সবলীকৰণতো উপকাৰ পোৱা যায়।[2]

মূলাৰ পুষ্টি মূল্য যথেষ্ট। ইয়াৰ প্ৰতি ১০০ গ্ৰামত পানীয়েই প্ৰায় ৯৪৪ গ্ৰাম, বাকী উপাদানবোৰ হ’ল-প্ৰটোন ১৭ গ্ৰাম, ফেট ০১ গ্ৰাম, খনিজ দ্ৰব্য ০৬ গ্ৰাম, অঁহ ০৮ গ্ৰাম, কাৰ্ব’হাইড্ৰেট ৩৪ গ্ৰাম, কেলৰি ১৭, কেলচিয়াম ৫০ মিলিগ্ৰাম, অঞ্জোলিক এচিদ ৯ মি: গ্ৰা:, ফছফৰাছ ২ মি:গ্ৰা:, আয়ৰণ ০৪ মি:গ্ৰা:, ছডিয়াম ৩৩ মি: গ্ৰা:, পটাছিয়াম ১৩৮ মি: গ্ৰা:, ভিটামিন –এ ৫ আই ইউ থায়মিন ০০৬ মি: গ্ৰা:, ৰাইব’ফ্লেভিন ১১২ মি: গ্ৰা:, নিক’টিনিক এচিড ০৫ মি: গ্ৰা:, ভিটামিন চি ১৫ মি:গ্ৰা:।[3]

মূলাৰ ইমানবিলাক গুণ থকাৰ পাছতো কিন্তু মূলা শাক আৰু মূলা পাচলি ভালেখিনি উপেক্ষিত। তেনে হোৱাৰ কাৰণ এটাই – ই পেটত গেছৰ সৃষ্টি কৰে। অভিযোগটো অসত্য নহয়। প্ৰকৃততে মূলাত ৰেফিন’জ(Raffinose) নামৰ যি উপাদান থাকে, সেই উপাদান ক্ষুদ্ৰান্তত হজম হোৱাৰ সময়ত গেছৰ উৎপত্তি ঘটে। কিন্তু ই অপকাৰী নহয়। তথাপি মূলা ভালকৈ সিজাই আৰু চোবাই খালে সেই সমস্যা হ্ৰাস পায়।[4]

মূলাৰ ঔষধিয় গুণসমূহ তলত উল্লেখ কৰা হ'ল :[5]

  • মূলা খালে শৰীৰৰ তেজ পৰিষ্কাৰ হয়, তেজত লৌহ পদাৰ্থৰ পৰিমাণ বাঢ়ে। কাৰণ মূলাত লৌহ পদাৰ্থ যথেষ্ট পৰিমাণে থাকে।
  • মূলাৰ ৰস, আদা বা বন্ধাকবিৰ ৰস সমপৰিমাণে মিহলাই দিনে দুবাৰকৈ খালে শৰীৰৰ যিকোনো সন্ধিৰ বিষ ভাল হয়।
  • শৰীৰৰ ফুলা ৰোগ হ’লে মূলাৰ ৰস দুচামুচকৈ খাব লাগে। ভাল ফল পোৱা যায়।
  • পেটৰ বিষ, পেটত বায়ু জমা হ’লে মূলাৰ ৰসৰ লগত নেমুৰস মিহলাই আহাৰ খোৱাৰ পিছত খালে সুফল পোৱা যায়।
  • পানী লগা আৰু কাঁহ হ’লে মূলাৰ বীজৰ চূৰ্ণ(গুৰি) তিনি গ্ৰামকৈ দিনে তিনিবাৰ খালে ভাল হয়।
  • মূলাৰ ৰসৰ লগত চেনি মিহলাই পুৱা আৰু গধূলি খালে অম্লপিত্ত ৰোগ ভাল হয়।
  • অৰ্শ ৰোগ হ’লে মূলাৰ শুকান ফুলৰ গুড়িৰ লগত ছাগলী মাংস মিহলাই খালে এই ৰোগৰ পৰা উপশম পোৱা যায়।
  • মূলাত থকা ক্ষাৰকীয় গুণে শৰীৰৰ অতিৰিক্ত মেদ দূৰ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]