মৃদুস্মিতা ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৃদুস্মিতা ফুকন
জন্ম যোৰহাট, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা অসমীয়া সাহিত্য বিষয়ত স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ
বিষয় গল্প, অনুবাদ, প্ৰবন্ধ, শিশু সাহিত্য

মৃদুস্মিতা ফুকন একেধাৰে প্ৰবন্ধকাৰ, গল্পকাৰ, অনুবাদক, শিশু সাহিত্যিক৷ তেখেতে ১৯৭১ চনৰে বৰ্তমান সময়লৈকে ‘ অসম বাণী’, ‘দৈনিক জনমভূমি’,‘ আমাৰ অসম’,‘ দৈনিক অসম’, ‘ অসমীয়া প্ৰতিদিন’, ‘নতুন দৈনিক’, ‘ এদিন’ আদি দৈনিক বা সাপ্তাহিক কাকত; ‘সঁফুৰা’, ‘মৌচাক’, ‘হিয়াৰ ৰামধেনু’ আদি শিশু-আলোচনী; ‘প্ৰান্তিক’, ‘গৰীয়সী’ আদি সাহিত্য আলোচনীত ৬০০ৰো অধিক গল্প, প্ৰৱন্ধ, শিশু সাহিত্য, অনুবাদ গল্প, ৰস-ৰচনা আদি প্ৰকাশ কৰিছে। [1]

জন্ম[সম্পাদনা কৰক]

জন্ম হয় ১৬ ফেব্ৰুৱাৰী, ১৯৬১ চনত, যোৰহাট জিলাত। পিতৃৰ নাম তৰুণ চন্দ্ৰ বৰুৱা আৰু মাতৃৰ নাম বীণা বৰুৱা।স[2]

শিক্ষা[সম্পাদনা কৰক]

দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা সমাপ্ত কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা অসমীয়া সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু সেই বিদ্যালয়ৰে পৰা ‘অসমীয়া লোকগীতৰ কৃষ্ণ’ শীৰ্ষক গৱেষণাৰ বাবে পি এইচ ডি ডিগ্ৰী লাভ কৰে। [3]

চাকৰি জীৱন[সম্পাদনা কৰক]

  1. ৰঙাপাৰা মহাবিদ্যালয়ত অধ্যাপনা।
  2. গুৱাহাটী পাব্লিক কলেজত অধ্যাপনা।
  3. গহপুৰৰ জ্ঞান ভাৰতী পাব্লিক স্কুলৰ প্ৰতিষ্ঠাপক অধ্যক্ষা।

সাহিত্যৰাজি[সম্পাদনা কৰক]

গ্ৰন্থ[সম্পাদনা কৰক]

  1. বন -বিৰিখৰ আঁৰে আঁৰে, অসম প্ৰকাশন পৰিষদ, মাৰ্চ ১৯৮১
  2. সংৰক্ষণ, আসাম ভেলী ৱাইল্ড লাইফ চছাইটি, এপ্ৰিল ১৯৯৬
  3. লোকবন্ধু ডা: ভুৱনেশ্বৰ বৰুৱা, বালিমাহী প্ৰকাশন, নৱেম্বৰ ১৯৯৯
  4. সময় বালিত সোণোৱালী খোজ, বালিমাহী প্ৰকাশন, ডিচেম্বৰ ১৯৯৯
  5. গ্ৰহ-তৰাৰ দেশত, বালিমাহী প্ৰকাশন, জানুৱাৰী ২০০৩
  6. আখলৰ জুতি- দেশ,বিদেশৰ, জ্যোতি প্ৰকাশন, জানুৱাৰী ২০০৪
  7. ঋতু, ৰাজ আৰু আমি, আধাৰ, জুলাই ২০০৪
  8. তিব্বতৰ এমুঠি তৰা, বনলতা, নৱেম্বৰ ২০০৪
  9. অসমীয়া লোকগীতত কৃষ্ণ, পূৰ্বাঞ্চল প্ৰকাশন, জানুৱাৰী ২০০৯
  10. পৰিয়ালৰ প্ৰয়োজন, জ্যোতি প্ৰকাশন, ডিচেম্বৰ ২০০৯
  11. মহাভাৰতৰ নাৰী, ইউনিকা প্ৰকাশন, জানুৱাৰী ২০১০
  12. বন-বননিৰ আঁৰে আঁৰে, বনলতা, ছেপ্টেম্বৰ ২০১০
  13. ৰং-বিৰঙৰ এমুঠি সাধু, জ্যোতি প্ৰকাশন, এপ্ৰিল ২০১২
  14. নানা কথা জনা-নজনা, বনলতা, ডিচেম্বৰ ২০১২
  15. সন্তান সাৰথি, জ্যোতি প্ৰকাশন, জানুৱাৰী ২০১৫
  16. এজাক জোনাকীৰ জিলমিল পাব্লিকেশ্বন, জানুৱাৰী ২০১৬
  17. খাদ্যত স্বাস্থ্য, সৌন্দৰ্য আৰু সোৱাদ, জ্যোতি প্ৰকাশন, ডিচেম্বৰ ২০১৬

অনুবাদ[সম্পাদনা কৰক]

  1. গালিভাৰৰ ভ্ৰমণ কাহিনী, শৰাইঘাট প্ৰকাশন, ডিচেম্বৰ ২০০১
  2. ৰবিন হুড, শৰাইঘাট প্ৰকাশন, ডিচেম্বৰ ২০০২
  3. তিনি মাস্কেটিয়াৰ, শৰাইঘাট প্ৰকাশন, মে’ ২০০৭
  4. দীঘলা দেউতা, অৰুনোদয় প্ৰকাশন, মে’ ২০১৭
  5. মই তোমালোকৰ গান্ধীজী, অসম পাবলিছিং হাউছ, ডিচেম্বৰ ২০১৯

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  1. ১৯৭৮ চনত অসম লেখিকা সন্থাৰ সদৌ অসম ভিত্তিত শিশু-গ্ৰন্থ প্ৰতিযোগিতাত ‘ বন-বিৰিখৰ আঁৰে আঁৰে’ৰ পাণ্ডুলিপিৰ বাবে প্ৰথম পুৰস্কাৰ।
  2. ১৯৯৭ চনত অসম লেখিকা সমাৰোহ সমিতিৰ সদৌ অসম ভিত্তিত শিশু-গ্ৰন্থ প্ৰতিযোগিতাত ‘সময় বালিত সোণোৱালি খোজ’ৰ পাণ্ডুলিপিৰ বাবে প্ৰথম পুৰস্কাৰ।
  3. ২০০০ চনত অসম লেখিকা সমাৰোহ সমিতিৰ সদৌ অসম ভিত্তিত শিশু-গল্প প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ।
  4. ২০২১ চনত অসম চৰকাৰৰ ‘ লেখক-সম্বৰ্ধনা’ আঁচনিৰ অধীনত বিত্তীয় অনুদান লাভ। [4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. দৈনিক জনমভূমি, ২০১৪,, ১১ এপ্ৰিল, পৃষ্ঠা-৩
  2. মই তোমালোকৰ গান্ধীজী, অসম পাবলিছিং হাউছ, বেটুপাত ডিচেম্বৰ ২০১৯
  3. দৈনিক জনমভূমি, ২০১৪,, ১১ এপ্ৰিল, পৃষ্ঠা-৩
  4. অসম লেখক কোষ, অসম সাহিত্য সভা, পঞ্চম খণ্ড, পৃষ্ঠা-২৪৪