মেজবান
মেজবান (ইংৰাজী: Mezban; ফাৰ্চী: میزبان) বাংলাদেশৰ চট্টগ্ৰাম অঞ্চলৰ এক ঐতিহ্যবাহী জনপ্ৰিয় সামাজিক উৎসৱ। কুলখানি (মৃতকৰ সকাম), মৃত্যু বাৰ্ষিকী, আকিকা (নৱজাতকৰ উপজিলে পালন কৰা অনুষ্ঠান), জন্মদিন, ব্যক্তিগত সাফল্য, নতুন কোনো ব্যৱসায় আৰম্ভণি, গৃহ প্ৰবেশ, বিবাহ, খৎনা, ছোৱালীৰ কৰ্ণবেধন, ধৰ্মীয় নেতাৰ মৃত্যুবাৰ্ষিকী আদি বিভিন্ন উপলক্ষত মেজবানিৰ আয়োজন কৰা হয়। ইয়াৰ বাদে কোনো শুভ ঘটনা উপলক্ষেও মেজবানি কৰা হয়।[1] ঐতিহাসিকভাৱে মেজবানী হৈছে এক পৰম্পৰাগত আঞ্চলিক উৎসৱ য'ত অতিথিসকলক ভাত আৰু গৰুৰ মাংস খাবলৈ আমন্ত্ৰণ জনোৱা হয়।[2] মেজবানীৰ অনুষ্ঠানলৈ আমন্ত্ৰণ সাধাৰণতে প্ৰতিবেশী আৰু আশ-পাশৰ লোকৰ বাবে উন্মুক্ত থাকে। চহৰ অঞ্চলত নিমন্ত্ৰণী পত্ৰ ছপা কৰি অতিথিসকলক নিমন্ত্ৰণ জনোৱা হয়। পৰম্পৰাগতভাৱে মেজবানী অনুষ্ঠান ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে হয়, কিন্তু বৰ্তমান সময়ত সন্ধিয়াৰ পৰা নিশালৈকে ভোজ-ভাতৰ উৎসৱ চলা দেখা যায়।[1][3]
ব্যুৎপত্তি
[সম্পাদনা কৰক]চট্টগ্ৰামৰ স্থানীয় ভাষাত মেজবানক সাধাৰণতে মেজ্জান বুলি কোৱা হয়।[2] "মেজবান" শব্দটো শেষত পাৰ্চী মূলৰ আৰু ইয়াৰ অৰ্থ হ'ল গৃহস্থ। মেজবানীৰ অৰ্থ হৈছে অতিথিসকলৰ বাবে ভোজৰ আয়োজন কৰা। চুবুৰীয়া নোৱাখালি অঞ্চলত মেজবানীক জনপ্ৰিয় আৰু বহুলভাৱে জেফাত বুলি জনা যায়।[1]
খাদ্য
[সম্পাদনা কৰক]মেজবান মূলতঃ গো-মাংসৰ প্ৰাধান্য থকা ভোজন উৎসৱ।[2] ইয়াত ভাত, গৰুৰ মাংস, গৰুৰ ঠেঙৰ হাড়ৰ জোল (চট্টগ্ৰামৰ ভাষাত ‘নলা কাজি’)আৰু বুটৰ দাইল পৰিবেশন কৰা হয়। কিছু ক্ষেত্ৰত মাছ আৰু কুকুৰাৰ মাংসও পৰিবেশন কৰা দেখা যায়। গৰুৰ মাংসৰ সোৱাদৰ বাবেই মেজবানৰ খ্যাতি।[3] মেজবানত ৰন্ধাৰ এটা বিশিষ্ট শৈলী আছে। উদাহৰণ স্বৰূপে,[1]
১) জলকীয়া আৰু মচলাৰে জ্বলাকৈ ৰন্ধা গো মাংস।
২) গৰুৰ ঠেঙৰ মাংসৰে মচলাৰ সহযোগত কম জ্বলাকৈ ৰন্ধা চুৰহা বা ‘নিহাৰি কাঁজি’।
৩) মাটিমাহ ভাজি ঢেকি বা মেচিনত গুৰি কৰি এক ধৰণৰ দাইল ৰন্ধা হয়, যাক চট্টগ্ৰামৰ ভাষাত ‘ঘুনা বা ভূনা দাল’ বোলা হয়।
৪) মাটিমাহৰ পৰিবৰ্তে বুটৰ দাইলৰ সৈতেও (উত্তৰ আৰু দক্ষিণ চট্টগ্ৰামত ‘হলব্ব’ নামে পৰিচিত) গৰুৰ হাঁড়, চৰ্বি আৰু মাংসৰ পালতীয়া জ্বলা খাদ্য এপদ তৈয়াৰ কৰা হয়।
হিন্দু ঐতিহ্য
[সম্পাদনা কৰক]অষ্টদশ শতিকাৰ মাজভাগত ফেনী জিলাৰ চট্টগ্ৰামৰ (তেতিয়া ইছলামবাদ নামেৰে জনাজাত) উত্তৰ অঞ্চল আৰু ত্ৰিপুৰা ছাকলা ৰোছনাবাদৰ জমিদাৰ ছমছেৰ গাজীয়ে মাক কয়াৰা বেগমৰ নামত এটা বৃহৎ পুখুৰী খন্দাইছিল। সেই উপলক্ষে ওচৰৰ চট্টগ্ৰামৰ নিজামপুৰ অঞ্চলৰ পুখুৰীৰ পৰা মাছ আনি ভোজৰ আয়োজন হিন্দু ধৰ্মত যিহেতু গো মাংস নিষিদ্ধ, সেয়েহে হিন্দু পৰম্পৰাৰ মেজবানত গো মাংসৰ সলনি মাছ ব্যৱহাৰ কৰা হৈছিল। চট্টগ্ৰামৰ হিন্দু সম্প্ৰদায়ে প্ৰতি বছৰে ‘চট্টগ্ৰাম পৰিষদ’ৰ বেনাৰত মাছ, পাচলি আৰু শুকান মাছেৰে মেজবানীৰ আয়োজন কৰা হয়।
উদযাপন
[সম্পাদনা কৰক]অধ্যাপক নুৰুল ইছলাম ঢাকাৰ ‘চিটাগং এছোচিয়েচনৰ’ সভাপতি হোৱাৰ পিছত ১৯৬০-ৰ দশকৰ শেষৰ ফালে ৰাজধানী চহৰ ঢাকাত মেজবানীৰ প্ৰথা আৰম্ভ হয়। অধ্যাপক ইছলাম ১৯৬৮ চনৰ পৰা ১৯৮৩ চনলৈকে এছোচিয়েচনৰ সভাপতি হৈ আছিল। বাংলাদেশৰ চিলেট, খুলনা আদি ঠাইতো ইয়াৰ সম্প্ৰসাৰণ ঘটিছে। তেনেকৈ ইউৰোপ, আমেৰিকা আৰু এছিয়াৰ বিভিন্ন দেশত প্ৰব্ৰজনকাৰী বাংলাদেশীৰ, বিশেষকৈ চট্টগ্ৰামিয়াসকলৰ দ্বাৰা মেজবানৰ আয়োজন কৰা হয়।[1]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 Ahmad Mamtaz (2012). "Mezban". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 10 November 2024.
- ↑ 2.0 2.1 2.2 Fayeka Zabeen Siddiqua (10 October 2013). "Majestic Mezban". The Daily Star. https://www.thedailystar.net/news/majestic-mezban.
- ↑ 3.0 3.1 আবুল কালাম বেলাল. "মেজবান". www.dainikazadi.org. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304134535/http://www.dainikazadi.org/details2.php?news_id=1857&table=june2013&date=2013-06-16&page_id=33। আহৰণ কৰা হৈছে: 10 February 2023.