মেজাংকৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মেজাংকৰি (বৈজ্ঞানিক নাম: Litsea citrata) ল'ৰেচি (Lauraceae) পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ৷[1][2] এই গছজোপা ভাৰত, ভিয়েটনাম আৰু চীনৰ থলুৱা উদ্ভিদ৷[3]

বিৱৰণ[সম্পাদনা কৰক]

মেজাংকৰিৰ পাতৰ আকাৰ দীঘলীয়া, গুৰিৰ ফালে ঘুৰণীয়া আৰু আগৰফালে জোঙা হয়৷ পাতৰ মাজৰ সিৰৰ দুয়োকাষে অংশ দুটাৰ আকাৰ আৰু আকৃতি একে হয়৷ এই গছৰ বাকলিৰ ভিতৰভাগ হালধীয়া ৰঙৰ৷ খৰালি এই গছৰ পাত একেসময়তে সৰি গছডাল লঠঙা হৈ পৰে৷[1] এই গছৰ বৃদ্ধিৰ বাবে সেমেকা মাটি উপযোগী৷[4]

মেজাংকৰিৰ একেজোপা গছতে পুং আৰু স্ত্ৰীপুষ্প ওলায়৷[4]

বিস্তৃতি[সম্পাদনা কৰক]

মেজাংকৰি ভাৰত, ভিয়েটনাম আৰু চীনৰ থলুৱা উদ্ভিদ৷[3] অসমত, প্ৰধানকৈ উজনি অসমৰ বনাঞ্চলসমূহত এই গছ দেখা পোৱা যায়৷[1]

ব্যৱহাৰ[সম্পাদনা কৰক]

অসমত এইবিধ গছৰ পাতবোৰ মেজাংকৰি মুগাৰ পলুৱে ভক্ষণ কৰে৷[1] তাৰোপৰি এই গছৰ নানা ঔষধি গুণ আছে বুলিও জনা যায়৷[3]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
  2. https://pfaf.org/user/Plant.aspx?LatinName=Litsea+citrata
  3. 3.0 3.1 3.2 http://www.horsessentials.com/gb/essential-oils/88-litsea-citrata.html
  4. 4.0 4.1 https://pfaf.org/user/Plant.aspx?LatinName=Litsea+citrata